অৰুণিমা সিনহা: এক সাহসী সত্তা – ৰাজশ্ৰী বৰ্মন

সেয়া ১৯৮৮ চনৰ কথা৷ উত্তৰ প্ৰদেশৰ এখন অখ্যাত গাঁৱত এজনী ছোৱালীৰ জন্ম হৈছিল৷ যাৰ নাম আমি বহুতেই শুনিছো৷ বা বহুতেই হয়তো নাই শুনা৷ এই লেখাটোৰ যোগেদি অৰুণিমা সিনহা নামৰ দুৰ্দান্ত সাহসী মহিলাগৰাকীৰ জীৱন সম্বন্ধে তেওঁৰ বিষয়ে কিছু কথা লিখাৰ প্ৰয়াস কৰিছোঁ৷

২০১১ চনলৈকে অৰুণিমা সিনহা আছিল এগৰাকী ৰাজ্যিক পৰ্যায়ৰ ভলীবল খেলুৱৈ৷ উত্তৰ প্ৰদেশক প্ৰতিনিধিত্ব কৰি তেওঁ বিভিন্ন ঠাইত ভলীবল খেলিবলৈ আমন্ত্ৰিত হৈছিল৷ তেনেদৰে এদিন লক্ষ্ণৌৰ পৰা নইডালৈ খেলিবলৈ আহি থাকোঁতে ডকাইতে তেওঁৰ ডিঙিত থকা সোণৰ চেইনডাল কাঢ়ি লবলৈ চেষ্টা কৰে৷ তেওঁ যিহেতু এগৰাকী খেলুৱৈ, গতিকে ডকাইতকেইটাৰ আগত হাৰ মানিবলৈ ইচ্ছা নগ’ল আৰু এযুঁজ দিয়াৰ কথা ভাবিলে৷ এই যুঁজখনত অৰুণিমাক হৰুৱাব নোৱাৰি সিহঁতে তেওঁক চলন্ত ৰেলখনৰ পৰা ঠেলা মাৰি বাহিৰলৈ উলিয়াই দিলে৷ এখন চলি থকা ৰেলগাড়ীৰ পৰা যদি মানুহ এজনক পেলাই দিয়া হয় কেনে অৱস্থা হব অনুমান কৰিলেও গাৰ নোম শিয়ৰি উঠে৷ গোটেই শৰীৰৰ বেছিভাগ অংগৰ হাড় ভাঙি গ’ল৷ ভৰি দুখন কটা গল আৰু দেহৰ বিভিন্ন অংগৰ হাড় ভাগিল৷ দুটা ৰেল লাইনৰ মাজত গোটেই ৰাতিটো প্ৰায় সাত ঘণ্টা সময় অৰুণিমা তাতেই পৰি থাকিল কিন্তু আচৰিত কথা, তেওঁৰ মনটো সেই সময়তো সক্ৰিয় হৈ আছিল৷ পিছত তেওঁ কোৱা মতে, সেই ৰাতি দুয়োফালে পঞ্চাশখন মান ৰেলগাড়ী চলাচল হৈছিল৷ তেওঁৰ কটা আৰু ছিগি যোৱা ছালবোৰত নিগনিয়ে কুটিবলৈ আৰম্ভ কৰিছিল৷ ইমানলৈকে তেওঁ সকলো গম পাই আছিল যদিও পিছলৈ অচেতন হৈ পৰিল৷

এনেতে ৰাতি পুৱাইছিল
……

বহুসময় অচেতন হৈ থকাৰ পাছত যেতিয়া সম্বিত ঘূৰি আহিল তেতিয়া তেওঁ নিজকে জিলা স্বাস্থ্য কেন্দ্ৰ এটাত পৰি থকা পালে৷ তাতে কেৱল মাত্ৰ এজন ডাক্তৰ আৰু এজন কম্পাউণ্ডাৰ উপস্থিত আছিল৷ তেওঁলোকে সিদ্ধান্ত ল’লে যে অৰুণিমাৰ ভৰিখন কাটি পেলাব লাগিব৷ কিন্তু যিহেতু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, এনাচথেছিয়া দিয়া ডাক্তৰ নাই বা থকাৰ প্ৰশ্নও নুঠে৷ অৰুণিমাৰ পৰিয়ালৰ লোক ইতিমধ্যে আহি পাইছিল৷ তেওঁলোকৰ আৰু অৰুণিমাৰ অনুমতি লৈ বিনা এনাচথেছিয়াৰেই সম্পন্ন কৰা হ’ল অস্ত্ৰোপচাৰ৷
এই অস্ত্ৰোপচাৰৰ সময়ত ডাক্তৰ আৰু কম্পাউণ্ডাৰ দুয়োৱে এক এক ইউনিটকৈ তেজ দিছিল৷

অৰুণিমা সিনহাৰ বিষয়ে ইমানখিনি লৈকে জানিয়েই মোৰ বুকু কঁপি উঠিছিল৷ মনত পৰিছিল আইতা ককাহতঁৰ মুখত শুনা সেই পুৰণি বাক্যশাৰী —ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে৷ অৰুণিমাৰ জীৱনৰ ঘাত প্ৰতিঘাত বোৰে তেওঁৰ জীৱনৰ চৰম বিপৰ্যয়ৰ দিনবোৰতো মনটোক নিৰাশ কৰিব নোৱাৰিলে৷ দুই ৰেললাইনৰ মাজত পৰি গোটেই ৰাতিটো গাত কেঁচা ঘা লৈ, কটা ভৰি লৈ পৰি থকা বা বিনা এনাচথেছিয়াৰে কৰা এই জটিল অস্ত্ৰোপছাৰ—-এটাকো কম বুলি কব নোৱাৰি৷ কিন্তু অৰুণিমা যে মানসিক ভাৱে ইমান শক্তিশালী আছিল যে এই কথাবোৰে তেওঁক কোনোপধ্যে বিচলিত কৰিব নোৱাৰিলে৷

প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতে অস্ত্ৰোপছাৰটো হোৱাৰ পাছত লক্ষ্ণৌৰ কিং জন মেডিকেল কলেজত কেইদিনমান আৰু তাৰ পিছত তেওঁক সৰ্বভাৰতীয় আয়ুৰ্বিদ্যা প্ৰতিষ্ঠান এইমছলৈ উন্নত চিকিৎসাৰ বাবে নিয়া হ’ল৷ তাতে তেওঁৰ পুনৰ চিকিৎসা আৰম্ভ হ’ল৷ এই সময়ত চিকিৎসালয়ত চলি থকা টিভিত তেওঁৰ বিষয়ে নানা সঁচা মিছা কথাৰ প্ৰচাৰ চলি থকা তেওঁ নিজ কাণেৰে শুনিবলৈ পালে৷ বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল যে অৰুণিমাই আচলতে বিনা টিকেটত ভ্ৰমণ কৰিছিল৷ এইবোৰ শুনি আৰু আচলতে সিদিনা ৰেলত কি হৈছিল এইবোৰ ভাবি তেওঁৰ মনতে প্ৰচণ্ড ক্ষোভ আৰু হতাশা আহিবলৈ ধৰিলে৷ কিছুমানে মিছা ভাষ্য দিলে এইবুলি যে অৰুণিমা সিনহা আচলতে এজনী বদমাচ ছোৱালী৷ তাই বদমাচি কৰি কাজিয়া লাগি ৰেলৰ পৰা নিজে জঁপিয়াইছে৷ এইবোৰ অপবাদ শুনি তেওঁৰ গাৰ তেজ উতলি আহিল৷ আৰু সেই চিকিৎসালয়ত থকা সময়খিনিতে সিদ্ধান্ত ল’লে যে তেওঁ মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰিব৷

মানুহ এজনক ধ্বংস কৰিব পাৰিলেও কিন্তু তেওঁক কেতিয়াও হৰুৱাব নোৱাৰি৷ অৰুণিমা সিনহাৰ এই সিদ্ধান্তটো শুনি আৰ্ণেষ্ট হেমিংৱেৰ এই কথাষাৰ মনত পৰি যায়৷ a man can be destroyed but he cannot be defeated. অৰুণিমাৰ এই সিদ্ধান্ত শুনি ঘৰৰ মানুহে দুৰ্ঘটনাৰ পাছৰ পৰা মগজুৰ গণ্ডগোল হ’ল বুলি ভাবি ল’লে আৰু নানা প্ৰকাৰে নিজে সান্ত্বনা ল’লে আৰু অৰুণিমাকো সান্ত্বনা দিলে৷ কিন্তু অৰুণিমা নিজৰ সিদ্ধান্তত অলৰ অচৰ হৈ থাকিল৷ এই উদ্দেশ্যৰে ভাৰতৰ প্ৰথম মহিলা এভাৰেষ্ট শৃংগ বিজয়ী বাচেন্দ্ৰী পালৰ ওচৰলৈ গ’ল আৰু নিজৰ ইচ্ছাৰ কথা জনালে৷ বাচেন্দ্ৰী পালে অৰুণিমাক ক’লে যে এই অৱস্থাৰে যে তুমি এভাৰেষ্ট শৃংগ বগোৱাৰ কথা ভাবিছা আচলতে তুমি ভবাৰ সময়তে ইয়াক জয় কৰিছা৷ মনেৰে প্ৰতিজ্ঞা কৰাৰ পাছত আচল সমস্যাসমূহ গা কৰি উঠিল৷ এক হ’ল তত্ত্বাৱধান আৰু আনটো ধনৰ প্ৰয়োজন৷ বাচেন্দ্ৰী পালে যিখিনি পাৰে সহায় কৰিবলৈ চেষ্টা কৰিলে আৰু sponsorship বিচাৰোতে ধনৰ যোগাৰ হ’ল৷ অৰুণিমা এভাৰেষ্ট বগাবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ হ’ল৷

যদিও আন পৰ্বতাৰোহী সকলৰ তুলনাত অৰুণিমা লাহে লাহে গৈছিল তথাপিও কিন্তু তেওঁৰ নিজৰ সংকল্প দৃঢ় আছিল৷ এই লক্ষ্যত উপনীত হ’বলৈ এক ধৰণৰ পাগলামিহে যেন কৰিছিল! খাওঁতে বহোতে, শোওতে বা সাৰে থকাৰ সময়ত এক মুহূৰ্তৰ বাবেও এনে হোৱা নাই যেতিয়া তেওঁ হিমালয় পৰ্বতখন দেখা নাই, মাউণ্ট এভাৰেষ্টখন দেখা নাই৷ মনেৰে সকলো সময়তে দেখি থকা পৰ্বতখন বগাবলৈ সম্বল বুলিবলৈ থকা এখন ভৰিত লোহাৰ ৰড এখন আধাৰ পৰা কটা! ওপৰলৈ গৈ থাকোঁতে কোনো এবাৰো ভবা নাছিল যে তেওঁ জীৱিত হৈ উভতি আহিব পাৰিব৷ আনকি অৰুণিমাই নিজেও ভবা নাছিল৷ সেইবাবে কেমেৰা আৰু আঠ দহটামান বেটেৰীও লৈ গৈছিল যাতে তেওঁৰ লগত যোৱা চেৰপাজনে তেওঁ এভাৰেষ্ট শৃংগত উঠা ফটো তুলিব পাৰে৷ অৱশেষত যাত্ৰাপথৰ নানা বিপদসঙ্কুলতাক নেওচি ২১ মে’ ২০১৩ চনত অৰুণিমাই এভাৰেষ্ট শৃংগ বিজয় কৰিলে৷ উভতি আহোতে আন সকলো পৰ্বতাৰোহীয়ে একেমুখে কৈ উঠিছিল- –তুমি জীৱন্তে উভতি আহিব পাৰিবা বুলি আমি কোনোৱেই ভবা নাছিলোঁ৷ এই আৰোহণেৰে অৰুণিমা সিনহাই নিজকে ভাৰতৰ প্ৰথম বিকলাংগ পৰ্বতাৰোহী হিচাপে নিজৰ নাম জিলিকাই তুলিলে৷ অৰুণিমাৰ এই সাফল্যৰ বাবে ২০১৫ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী আৰু টেনজিং নৰ্কে নেছনেল এডভেন্সাৰ বঁটা প্ৰদান কৰে৷

২০১৪ চনত তেওঁ নিজৰ আত্মজীৱনী লিখিছিল আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উন্মোচন কৰিছিল৷ তেওঁৰ আত্মজীৱনী খনৰ নাম “Born again on the mountains“

জীৱনৰ চৰম দুখ দুৰ্দশাৰ সময়ত পৰ্বতাৰোহী অৰুণিমাৰ জীৱনটো আমাৰ বাবে আশাবাদৰ আশীৰ্বাদস্বৰূপ হব পাৰে৷ এনে লাগে যেন অৰুণিমাই নিজৰ দুখ দুৰ্দশাখিনি হিমালয়ৰ উচ্চ শিখৰত গৈ নিজৰ পৰা আঁতৰাই থৈ আহিল৷ তেওঁ এই কথা প্ৰমাণ কৰিলে যে তেওঁৰ কৰ্মৰাজিয়ে তেওঁৰ পৰিচয়৷ দুখ দুৰ্দশাবোৰ নহয়৷ প্ৰকৃত মানৱক বাধা বিঘিনিয়ে জীৱনৰ প্ৰতি বিৰক্ত কৰিব নোৱাৰে বৰং অৰ্থ পূৰ্ণ আৰু আগতকৈ অধিক ভাললগাহে কৰে৷

অৰুণিমা সমগ্ৰ মানৱ জাতিৰ বাবে আশীৰ্বাদ স্বৰূপ আৰু প্ৰকৃত আদৰ্শ ব্যক্তি৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments