অৰুণোদয়ৰ বাট বিচাৰি, উত্তৰ-পূবৰ অন্তিম পূবলৈ (আব্দুছ ছাজিদ )

দিন আঠ ৷৷ দিনাংক ১৭.৪.২০১৫
২. ৰত্নাকৰৰ পৰা বাল্মিকী : জয়নাল আবেদিন

গা-পা ধুই, চাহ-তাহ খাই আমি সাজু হৈছোঁ৷ তেনেকুৱাতে আকৌ ঢাহি-মুহি আহক বতাহ-বৰষুণ এজাক৷ বনশ্ৰীত কাম কৰা গোপাল ৰজকক সুধি গম পালোঁ যে ৰিজ’ৰ্টখনৰ গৰাকী তথা পৰিচালকজন নিশা ঘূৰি আহি ঘৰ পালে৷ ব্যক্তিগত কামত তেওঁ কেনিবা গৈছিল বাবে কালি দেখা-সাক্ষাৎ হোৱা নাছিল৷ গতিকে পাৰিলে বৰষুণজাক কমিলে মাতি আনিবলৈ খাটিলোঁ৷ আমি লগ পাই যাব বিচাৰোঁ৷ গোপালে লগে লগেই ফোন কৰিলে৷ অলপ পিছত সাধাৰণ সাজেৰেই আহি পালে জয়নাল আবেদিন৷ বেনুদা বুলিয়ে সৰ্বত্ৰ পৰিচিত মানুহজন৷ এজন প্ৰাক্তন চিকাৰী৷ এতিয়া কিন্তু দুৰন্ত প্ৰকৃতিপ্ৰেমী৷ ১৬বছৰীয়া টুৰ অ’পাৰেটৰৰ অভিজ্ঞতাৰে পুষ্ট লোকজনে ইক’ টুৰিজিমৰ বিকাশকে ধৰি প্ৰকৃতি-সাপেক্ষ কাৰ্যকলাপতে নিজকে অহৰহ নিযুক্ত কৰি ৰাখিছে৷ ডিব্ৰু-ছৈখোৱা চাবলৈ অহাজনৰ বাবে তেওঁ নিপুণ গাইড, প্ৰকৃতি আৰু পক্ষী দৰ্শনকাৰীৰ বাবে এজন বিশেষজ্ঞ৷

‘মই ৰত্নাকৰৰ পৰা হোৱা বাল্মিকীহে৷’ এই বাক্যটোৰেই নিজৰ কথা আৰম্ভ কৰি তেওঁ গুচি গ’ল দূৰ অতীতলৈ৷ আৰম্ভণিতে তেওঁ এজন চিকাৰী আছিল৷ কেৱল চিকাৰী নুবুলি দুৰ্ধৰ্ষ চোৰাং চিকাৰী বুলি কোৱাই ভাল হ’ব৷ নিজৰ আনন্দৰ বাবে তেওঁ নিৰ্দ্বিধাই বন্যপ্ৰাণী হত্যা কৰি ফুৰিছিল৷ যিসকল লোকৰ সৈতে সততে সুসম্পৰ্ক ৰক্ষা কৰি চলিবলগীয়া হয়, সেইসকলৰ সন্তুষ্টিৰ বাবেও জন্তু-জানোৱাৰ মাৰিছিল৷ দুটা ঘটনাই তেওঁৰ জীৱনলৈ পৰিৱৰ্তন আনিলে৷ এবাৰ সামৰিক বাহিনীৰ জ্যেষ্ঠ বিষয়া এজনক বনৰীয়া ম’হৰ শিং যোগান ধৰিবলগীয়া হ’ল৷ পৰিস্থিতিটো উপেক্ষা কৰিব নোৱাৰি তেওঁ চিকাৰলৈ ওলাল৷ ম’হ এজনী গুলীয়াই মাৰিলে৷ পিছতহে গম পালে যে ম’হজনী সন্তানসম্ভৱা আছিল৷ কথাটোৱে আবেদিনক বৰ দুখ দিলে৷ তেতিয়াৰ পৰা তেওঁ চিকাৰ এৰি বন্যজন্তু আৰু বননিৰ সংৰক্ষণত ধৰিলে৷ দ্বিতীয়তে, উন্মত্ত বনৰীয়া হাতীয়ে ফৰেষ্ট অফিচাৰ এজনক মোহাৰি পিষ্ট কৰা ঘটনা এটায়ো তেওঁৰ মনত গভীৰভাৱে দাগ কাটিছিল৷Arunodaya_sunrise

কথা পাতি আছিলোঁ৷ তেনেতে গাড়ী লৈ অনিলদা আহি পালে৷ অকলে অকলে ভনীয়েকৰ ঘৰলৈ যোৱা বাবে আকৌ অলপমান ককৰ্থনা সহিবলগীয়া হ’ল৷ হিচাপতকৈ পলম হোৱাৰ বাবেও কৈফিয়ৎ তলব কৰা হ’ল৷ বতাহ-বৰষুণত পথ ৰুদ্ধ হোৱাৰ দোহাই দি অনিদাই প্ৰসংগ এৰাই চলাৰ ফন্দি পাতিলে যদিও সাৰিব নোৱাৰিলে৷ ইতিমধ্যে জয়নাল আবেদিনৰ নিৰ্দেশক্রমে ৰান্ধনি ল’ৰা এটাই আমাক চাহ দি গ’ল৷ ৰঙা চাহত চুমুক দি আমি বাহিৰৰ চালিৰ তলতে বহি লৈ আলোচনা আগুৱাই নিব ধৰিলোঁ৷

বন্দুকৰযে যাদুকৰী শক্তি আছে আবেদিনে সেয়া খুব কম বয়সতে বুজি উঠিছিল৷ তেওঁৰ দেউতাকৰ এটা চিকাৰী-বন্দুক আছিল৷ চিকাৰৰ বাবে ওলোৱাৰ সময়ত বন্দুকটো লাৰি-চাৰি চাবলৈ তেওঁ সুযোগ পাইছিল৷ বনাঞ্চলত কেইদিনমান থাকি চিকাৰ কৰিছিলগৈ দেউতাকে৷ তেনেকুৱা পৰিকল্পনাবোৰে তেওঁকো বাৰুকৈয়ে মুহি পেলাইছিল৷ পিতৃৰ পদাংক অনুসৰণ কৰি এদিন তেৱোঁ চিকাৰী হৈ উঠিল৷ একোটা হাঁহ বা অন্য চৰাই বধ কৰি হত্যাযজ্ঞ আৰম্ভ কৰি দিলে৷ জন্তু চিকাৰৰ এই খেলাটোত উত্তেজনা আৰু বিপদৰ গোন্ধ পদে পদে বিৰাজমান৷ গতিকে পুৰুষোচিত সাহসৰ খুবেই প্ৰয়োজন৷ চিকাৰ কৰাটো তেতিয়া নিজৰ হ’বী বুলিয়ে গণ্য কৰি আত্মপ্ৰসাদ লভিছিল আবেদিনে৷ ইফালে বনাঞ্চলৰ পৰিত্যক্ত প্ৰাণীবোৰে লাহে লাহে জিলাখনৰ প্ৰশাসক আৰু উচ্চপদস্থ বিষয়াবৰ্গকো আকৰ্ষণ কৰিব ধৰিলে৷ জন্তু চিকাৰ যেন এটা আনন্দদায়ক খেলা! তেনেকুৱা হৈ পৰিল৷ তাকে খেলিবলৈ আবেদিনে সেইচাম লোকক ডিগবৈ পৰ্যন্ত অৰণ্যত সংগ দিবলগীয়া হ’লগৈ৷ তেওঁ হৈ পৰিল পেছাদাৰী চিকাৰী৷

জয়পুৰ বৰ্ষাৰণ্যত এবাৰ তেওঁ চিকাৰ কৰিবলৈ গৈছিল৷ আবেলি বেলি পৰি আহিছিল যদিও শব্দ আৰু পোহৰ তেতিয়াও শেষ হৈ যোৱা নাছিল৷ তেওঁ আৰু তেওঁৰ বন্ধু ৰাম বালাকে কপৌ এটা মাৰিলে৷ তেনেকুৱাতে আচহুৱা গোন্ধ এটা নাকত লাগিলহি৷ গোন্ধটোৰ উৎস অনুসন্ধান কৰি গছ এজোপাৰ ওচৰত মৃতদেহ এটা পৰি থকা অৱস্থাত দেখা পোৱা গ’ল৷ ডেকা ল’ৰা এটাৰ মৃতদেহ৷ নাহৰফুটুকী বাঘে তাৰ অৰ্ধেক খাই পেলাইছে৷ খঙত অগ্নিশৰ্মা হৈ দুয়ো বাঘটোক সমুচিত শিক্ষা দিবলৈ মনস্থ কৰিলে৷ ঘণ্টাৰ পিছত ঘণ্টা ধৰি দুয়ো গছৰ ওপৰত উঠি খাপ পাতি থাকিল৷ অস্থিৰভাৱে ঘূৰি ফুৰা মাংসহাৰী জন্তুটো শেষত দৃশ্যপটলৈ আহিল৷ গছজোপাৰ চৌপাশে অলপপৰ ডেও দি নাচিব ধৰিলে৷ তাৰ পিছত মৃতদেহটোক লৈ খেলা আৰম্ভ হ’ল৷ কাণ্ডটোৱে ৰাম বালাকক অধিক ক্ষুণ্ণ কৰি তুলিলে৷ তেওঁ আবেদিনক বাঘটো নিধন কৰিবলৈ ক’লে৷ আবেদিনৰ হাতত তেতিয়া মাত্ৰ এটা গুলীয়ে বাছি আছিল৷ সেই দিনত বন্দুকৰ গুলী সুলভ নাছিল৷ তেওঁ বাঘটোলৈ নিচান লগাই গুলীয়ালে৷ গুলীটো বাঘটোৰ মূৰত নালাগি ৰাজহাড়ত লাগিলগৈ৷ দুয়ো ভাবিলে, বাঘটোক তেনেকৈ ইমান সহজে এৰি দিয়া উচিত নহয়৷ দুয়ো গছৰ পৰা নামি আহিল৷ লাঠী লৈ বাঘটোক মৰিয়াবলৈ লাগি গ’ল৷ বাঘৰো লিকটা প্ৰাণ৷ সোনকালে নমৰেহে নমৰে৷ দীৰ্ঘ সময়ৰ মূৰকত আঘাতৰ ওচৰত হাৰ মানিবলগীয়া হ’ল৷ দুয়ো চিকাৰীৰ ক্রোধৰ বহ্নি সিমানতে মাৰ নগ’ল৷ বেলেগ পৰিকল্পনা ৰচিলে৷ বাঘটোৰ মাংস ৰান্ধিলে আৰু দুয়ো খালে৷

সেইটো আছিল ১৯৮৮চনৰ ১২ফেব্ৰুৱাৰীৰ বিয়লি৷ তাৰ পিছৰে পৰাই এটা আমোদজনক ঘটনা ঘটিবলৈ ল’লে৷ দুয়ো মন কৰিলে যে কুকুৰ আৰু গৰু কোনোটোৱেই তেওঁলোকৰ কাষ নাচাপে! দৃষ্টিত পৰা মাত্ৰকে সিহঁত পলাই পত্ৰং দিয়ে! কাৰণ কি হ’ব পাৰে? দুয়ো এইটো ভাবি পালে যে দুয়ো যিহেতু বাঘৰ মাংস ভক্ষণ কৰিছে গতিকে তেওঁলোকৰ দেহৰ পৰা নিশ্চয় মাংসহাৰী বাঘটোৰ গোন্ধ বাহিৰ হৈছে৷ আৰু বাঘৰ গোন্ধ পাই ইহঁতে ভয়তে পলাইছে৷ সেই দিনত বন্দুকে যি জন্তুকেই নামাৰক লাগে, সকলো খোৱা হৈছিল৷

ডিব্ৰু-ছৈখোৱা সংৰক্ষিত এলেকা বুলি ঘোষণা কৰাৰ পিছত আবেদিনৰ চিকাৰ কৰিবলৈ বেয়া লগা হ’ল৷ সেই সময়তে ইণ্ডিয়ান আৰ্মীয়ে অসমত পিয়াপি দিব ধৰিলে৷ আলফাৰ বিৰুদ্ধে সামৰিক বাহিনী খড়গহস্ত হৈ পৰিল৷ ১৯৯০ত বজৰং অপাৰেচন আৰম্ভ হ’ল৷ ১৯৯১ত চলিল অপাৰেচন ৰাইনো৷ তেনেকুৱাতে তেওঁ ভাৰতীয় সেনা বাহিনীৰ জ্যেষ্ঠ বিষয়া এজনক লগ পালে৷ অফিচাৰজনে আবেদিনক ক’লে যে তেওঁক ম’হৰ শিং লাগে৷ আবেদিনে জনালে যে জংঘলত ম’হৰ জঁকা অনেক পোৱা যায়৷ তাৰ পৰাই শিংযোৰ লৈ ল’লেই হ’ল৷ তেতিয়া অফিচাৰে ক’লে যে তেনেকৈ নহয়, আবেদিনে চকুৰ সন্মুখত এটা বনৰীয়া ম’হ নিধন কৰাটো তেওঁ চাব বিচাৰে৷ আৰু সেই ম’হৰ শিংযোৰহে তেওঁক লাগে৷ ‘আমি ইমান মানুহক মাৰিব পাৰোঁ, তুমি এটা বনৰীয়া ম’হ বধিব নোৱাৰানে’ বুলি তেওঁ আবেদিনক উচতালে৷

সেই তেতিয়াই জীৱনত সবাতোকৈ ডাঙৰ ভুলটো কৰা হ’ল৷ পৰিস্থিতিয়ে বাধ্য কৰোৱাত বনৰীয়া ম’হৰ সন্ধানত তেওঁ বন্দুক লৈ হাবিলৈ ওলাল৷ গুলীয়াই বগৰালে বনৰীয়া ম’হ এজনী৷ দেখা গ’ল, নিৰীহ সেই ম’হজনী সন্তানসম্ভৱা আছিল৷ কথাটো জনাৰ পিছত তেওঁৰ মনত খুব দুখ লাগিল৷ অনুশোচনাও মনলৈ আহিল৷ সিদিনাই তেওঁ সিদ্ধান্ত ল’লে যে জীৱনৰ পৰৱৰ্তী সময়ত বন্দুকৰ পৰা তেওঁ আঁতৰি থাকিব৷

সেইখিনি সময়তে আবেদিনে এনে কিছু মানুহৰ সংস্পৰ্শ লাভ কৰিলে যিসকলে তেওঁৰ জীৱনৰ গতিয়ে সলনি কৰি পেলালে৷ বন্যপ্ৰাণী সংৰক্ষণ আৰু প্ৰতিৰোধৰ হকে নিৰ্ভয়ে কাম কৰি যোৱা ডিব্ৰু-ছৈখোৱাৰ বন সংমণ্ডল বিষয়া নাৰায়ণ চি. শৰ্মাক ১৯৯২চনত তেওঁ লগ পালে৷ বনাঞ্চলত বাস কৰা বিভিন্ন জাতৰ প্ৰাণী আৰু আমাৰ পৰিৱেশটোৰ সন্তুলন সুকলমে বৰ্তাই ৰখাৰ ক্ষেত্ৰত সিহঁতৰ প্ৰয়োজন সম্বন্ধে আবেদিনে তেতিয়াই ভালকৈ বুজি উঠিল৷ তেওঁ চিকাৰ এৰিলে৷ পৰিৱেশ সংৰক্ষণৰ প্ৰতি ধ্যান দিবলৈ আৰম্ভ কৰিলে৷ জংঘলৰ প্ৰচুৰ অভিজ্ঞতা এই ক্ষেত্ৰত যোগাত্মক ৰূপত কাৰ্যকৰী হৈ উঠিল৷ গাঁৱত সোমাই তাণ্ডৱৰ সৃষ্টি কৰা উন্মত্ত হাতীক ট্ৰেংকুইলাইজাৰেৰে শান্ত কৰা কাৰ্যত আত্মনিয়োগ কৰিব ধৰিলে তেওঁ৷

১৯৯৮চনৰ এটা ভয়ংকৰ বিয়লি৷ টুৰিষ্ট কিছুমান আহিব বাবে নাৰায়ণ শৰ্মাই তেওঁক ফৰেষ্ট কেম্পতে থাকিবলৈ ক’লে৷ বন্যহস্তীক অচেতন কৰা কামটো নিজেই কৰিবলৈ ধৰিলে৷ তাকে কৰিবলৈ যাওঁতে উদণ্ড হাতীয়ে অফিচাৰজনক গছকি নিধন কৰি পেলালে৷ সেই দিনটো আছিল আবেদিনৰ জীৱনৰ এটা ক’লা দিন৷ তেতিয়াৰ পৰা তেওঁ বন আৰু প্ৰাণীৰ সংৰক্ষণত পূৰ্বতকৈ কেইবাগুণো উৎসাহেৰে ব্ৰতী হৈ পৰিল৷

চিকাৰ এৰাৰ পিছৰে পৰা আবেদিনে ইক’ টুৰিজিম কেম্পত মনোনিৱেশ কৰিছে৷ বন সংৰক্ষণৰ অৰ্থে নানান কাৰ্যসূচী গ্ৰহণ কৰি আহিছে৷ বনাঞ্চলৰ ভিতৰত আন কোনোবাই চিকাৰ কৰাটো বন্ধ কৰাত লাগিছে৷ প্ৰকৃতি সংৰক্ষণৰ প্ৰতি মানুহক উদ্বুদ্ধ কৰি গৈছে৷ নিজৰ চিকাৰী জীৱনৰ দিনবোৰলৈ উভতি চাই মাজে মাজে তেওঁ এতিয়াও ভাবে, ‘সেইজন সঁচাকৈ ময়েই আছিলোঁনে?’ সেই মুৰ্খালিৰে ভৰা, ভয়-ভীতহীন, নিৰ্বিচাৰ গুলীবৰ্ষণৰ দিনবোৰ তেওঁৰ বাবে জীৱনৰ ক’লা অধ্যায়৷

প্ৰশ্নোত্তৰ কালত ডিব্ৰু-ছৈখোৱাকলৈ প্ৰকাশ কৰা কিতাপ এখন তেওঁ আমাক চাবলৈ দিলে৷ স্তন্যপায়ী জন্তু, চৰাই, সৰীসৃপ, ফুল, গছ-গছনি আদিক সামৰি সুন্দৰকৈ উলিওৱা গ্ৰন্থখন ডিব্ৰু-ছৈখোৱাৰ বাইবেল বুলিলেও অত্যুক্তি কৰা নহ’ব৷ আমি প্ৰত্যেকেই এপাত এপাতকৈ কিতাপখন মেলি চালোঁ আৰু অভিভূত নহৈ নোৱাৰিলোঁ৷ উদ্ভিদ আৰু জীৱকুলৰ বিষয়ে তেখেতৰ অপাৰ জ্ঞান থকাটোও কথা প্ৰসংগত উপলব্ধি কৰিলোঁ৷ চৰাই দৰ্শনৰ বিষয়ে সুধিলত ধুনীয়াকৈ বুজালে৷ নিজৰ ম’বাইলত ৰেকৰ্ড কৰি ৰখা বাৰ্ড কলিং বজাই শুনালে৷ বনৰীয়া চৰাইক তেনেদৰে মতাটো আইনমতে দণ্ডনীয় বুলিও নোকোৱাকৈ নাথাকিল৷ প্ৰকৃতি সংৰক্ষণকাৰীৰ ৰূপত অৱতীৰ্ণ হোৱা আবেদিনে তেওঁৰ জীৱনক লৈ তথ্যচিত্ৰ এখনো কৰা হৈছে বুলি কথা প্ৰসংগত জনালে৷

 

পৰৱৰ্তী লেখা :  ৩. গুঁইজানৰ পৰা ভটিয়াই ডিব্ৰুগড় থানাত এখন্তেক

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments