অৰ্ঘ্য – পৰিস্মিতা বৰদলৈ

লখিমীয়ে আগলি কলপাতখন দীঘলীয়াকৈ পাৰি লৈ তাৰ ওপৰতে মৈদাখন ৰাখিলে৷ আজি পদুমনি বিলত উজান উঠিছিল৷ তাৰেপৰাই ভদীয়াৰ পুতেক বলোৰামে সৰুৱে-ডাঙৰে মিলাই তিনিসাজমানৰ জোখাৰে মাছ দি গৈছিলহি৷ এতিয়া তাকে তাই বাছিবলৈ লৈছে৷ পীৰাখন পাৰি লৈ বহি সোঁভৰিৰ বুঢ়া আৰু তৰ্জনী আঙুলিৰে মৈদাখন হেঁচা এটা দি ধৰি লৈ তাই এটা এটাকৈ মাছবোৰ মৈদাখনত ৰেপি গৈছে৷ সোঁহাতৰ বুঢ়া, তৰ্জনী আৰু মধ্যমাৰ সহায়ত পটুতাৰে পেটুকণ চেপি উলিয়াই মাছটো দুইহাতেৰে ধৰি নেজৰপৰা মূৰলৈকে পুনৰ মৈদাখনত চুঁচি লৈ অৱশিষ্ট বাকলি খিনিও এৰুৱাই ঢৌমণি বগা হেনকৈ বাছি একাষৰীয়া কৰি গৈছে৷ এই মাছ বছা কামটো তাইৰ বৰ প্ৰিয়৷ সৰুতেই আয়েকক হেৰুৱা মাউৰী ছোৱালীজনীক বুঢ়ীমাকে সকলো বনতে পাকৈত কৰি তুলিছিল৷ একেদৰে তাইৰ মনটোও একেবাৰে কুন্দত কটা৷ স্ফটিকৰ দৰেই নিৰ্মল৷

মাছখিনি বাছি থকাৰ মাজে মাজে তাইৰ মনলৈ পাৰ হৈ যোৱা এজাক ধুমুহাৰ কথাই বাৰে বাৰে আহি আছে, যিজাক ধুমুহাই ক্ষন্তেকতে তচনচ কৰি পেলোৱাৰ যোজা চলাইছিল তাইৰ সোণৰ সংসাৰখন৷ বুকুৰ মঙহ কণ যেন হাততে হেৰাই যাব এনে লাগিছিল তাইৰ৷ হোজা মানুহটোৰ চকুহালিলৈ যেন মূৰ তুলি চাব পৰা নাছিল তাই৷ অনবৰতে লুণীয়া সাগৰ দুখনৰ ভাৰ চকুত কঢ়িয়াই কঢ়িয়াই ভাগৰি পৰিছিল মানুহহাল৷ এই মুহূৰ্ততো লখিমীৰ পুতেকৰ কথাকে বাৰে বাৰে মনলৈ আহি আছে৷ সেই ডেৰমাহৰো ওপৰ টান নৰীয়াত পৰি একেবাৰে লেবেজান হৈ পৰা তাইৰ নবছৰীয়া পুতেকটোৱে আজি অতদিনৰ মূৰত স্কুললৈ গৈছে৷ হওক তেও, সি স্কুলৰপৰা আহিয়েই ভাতমাছ অকণ মুখত দিবহি পাৰিব৷ ইয়াকে ভাৱি তাইৰ মনটো অকণমান ফৰকালো লাগিছে৷ অকল সিয়েইনে? ঘৰখনৰ তিনিওটি প্ৰাণীৰ এটায়ো যোৱা ডেৰমাহে মাছ-মঙহ নালাগে সুদা ভাতমুঠিকে ডিঙিৰ পৰা পাছলৈ ঠেলিব পৰা নাছিল৷ একেটিয়েই সন্তান৷ তাকো বিয়াৰ অতবছৰৰ মূৰত মুখ দেখিছে৷ তাৰেই নৰীয়াত পৰা অৱস্থাত মাক-বাপেক হালেনো কোন স’তে অন্নমুঠি ধৰিব পাৰে? এতিয়া সেই দিনকেইটাৰ কথা মনত পৰিলেও লখিমীৰ বুকুখন চিৰিংকৈ মাৰে৷

বিয়াৰ বাৰবছৰৰ পাছত বহু ডাক্তৰ, কবিৰাজক দেখুৱায়ো একো ফল নোপোৱাত লখিমী আৰু তাইৰ মানুহজন একেবাৰেই নিৰাশ হৈ পৰিছিল৷ সেইবাৰেই সিহঁতক টাউনত পঢ়া সিহঁতৰ গাঁৱৰে হৰেণ ঠিকাদাৰৰ পুতেক সাগৰে এবাৰ টাউনৰ চিকিৎসালয়ত দেখুৱাই অহাৰ কথা কৈছিল৷ সন্তান এটিৰ মুখ দেখাৰ আশাৰ ৰেঙণি বুকুত বান্ধি দুয়ো সাঁচতীয়া টকা আটাইকেইটা গোটাইপিটাই নগৰমুৱা হৈছিল৷ লখিমীৰ মানুহটো আকৌ অতি ঈশ্বৰবিশ্বাসী, সেইগুণে যাওঁতে ভগৱতীৰ থানত ধূপ-দ্বীপ লগাই সাষ্টাংগে প্ৰণিপাত জনাই গৈছিল৷ সেইবেলি টাউনৰ ডাক্তৰক দেখুৱাই অহাৰ পাছতে লখিমীৰ গাত লেঠা হৈছিল৷ সম্ভাব্য বাপেকী হোৱাৰ আনন্দত লখিমীৰ মানুহটোৱে কথাটো জানিয়েই ঢাপলি মেলিছিল ভগৱতী আইৰ থানলৈ৷ চকুপানীৰে তিয়াই দিছিল আইথানৰ আলতীয়া মাটি৷

লখিমীৰ কোলা শুৱনি কৰিছিল সাক্ষাৎ গোঁসাই হেন ল’ৰাপোৱালিটিয়ে৷ মানুহহালৰ আনন্দৰ সীমা সংখ্যা নোহোৱা হৈছিল৷ লাহে লাহে দিনবোৰ আগবাঢ়িছিল৷ “মাটিত থ’লে পৰুৱাই খাব, মূৰত থ’লে ওকণিয়ে পাব” এনেকৈ আতোলতোলকৈ তাক ডাঙৰ দীঘল কৰিছিল৷ চকুৰ পচাৰতে নটা বসন্ত পাৰ হৈছিল৷ ঠিক তেনেতেই গাঁওখনত মহামাৰীয়ে দেখা দিছিল আৰু তাৰ চিকাৰ হৈছিল সিহঁতৰ একমাত্ৰ পুত্ৰ পুতুকণ৷ মাক-বাপেকহাল যেন অথাই সাগৰত পৰিছিল৷ ভগৱানক খাটিছিল কণমান ল’ৰাটোৰ সলনি সিহঁতকে কষ্ট দিবলৈ৷ নগৰলৈ তাঁত-বাতি কৰিছিল তাক লৈ৷ প্ৰায় এমাহমানৰ পাছত যেনিবা ল’ৰাটো অলপ ভাললৈ আহিছিল৷ কিন্তু হৈ পৰিছিল অতি কমজোৰী৷ একেঠাইতে থিয় হৈ থকাৰ শক্তিটো বাদেই বেছিসময় বহি থাকিবও নোৱাৰা অৱস্থা৷ অনবৰতে বিচনাখনতে লেটি লৈ থকা ল’ৰাটোক দেখি মাক-বাপেকৰ চকুলো বৈছিল ধাৰাসাৰে৷ ঈশ্বৰবিশ্বাসী বাপেকটোৱে ভিৰাই লৰ দিছিল পুনৰ সেই ভগৱতী আইৰ থানলৈ৷ হোজা মানুহটোৰ বিশ্বাস আছিল যে আনে যিয়েই নক’লেও সিহঁতৰ পুতেক সেই আই ভগৱতীৰেই দান৷ এতিয়া অৱস্থা কাহিল হৈ পৰা পুতেকক ভগৱতীয়ে বচালেহে বচোৱা৷ তাৰ বাদে আৰু গত্যন্তৰ নাই৷ ইয়াকে ভাৱি আই ভগৱতীৰ আগত বিহ্বলভাৱে প্ৰাৰ্থনা জনাইছিল ল’ৰাকণক আগৰ অৱস্থালৈ ঘূৰাই আনিবলৈ৷ তদুপৰি ল’ৰাটো সুস্থ হোৱাৰ পাছত আইৰ চৰণত এপাহি সোণৰ ফুল আগবঢ়াব বুলিও অংগীকাৰ কৰিছিল৷

মানুহজন ভগৱতী আইৰ থানত থকাৰ পৰতেই লখিমীয়ে ল’ৰাকণক গাখীৰ অকণ কটিয়াবলৈ খোজোঁতেই আহি ওলাইছিলহি ফুলৰি বাই! যাক গাঁৱৰ সকলোৱে দৈৱজ্ঞনী বুঢ়ী বুলিও মাতে৷ লখিমীয়ে তেওঁক দেখি হাততে সৰগ ঢুকি পোৱাদিহে যেন পালে৷ লৰালৰিকৈ ল’ৰাটোক বিচনাতে শুৱাই দি আথেবেথে নি ফুলৰি বাইক বহিবলৈ দিলে৷ ৰ’দত ঘামিজামি অহা ফুলৰি বাইৰ পিনে ঠাণ্ডা পানী এক জগৰ সৈতে গিলাচটো আগবঢ়াই দি নিজৰ দুখৰ কথা ক’বলৈ লাগিল৷ ফুলৰি বায়ে কথাখিনি মন দি শুনি কৈছিল,-

“ৰহ! ল’ৰাটো বেমাৰৰ পৰা উঠিছে গুণে দুৰ্বল হৈ আছে৷ তাক জোৰকৈ বনশাকৰ জোল ৰান্ধি খুৱালে বুৱালে টনকিয়াল হৈ উঠিব৷ তই চিন্তা নকৰিবি৷ মই বিচাৰি খোঁচাৰি আনি দিম দে যি পাৰোঁ৷ তহঁতৰ তৰাং বাৰীখনত যি দেখিছোঁ একোডালেই নাই৷ বজাৰৰ বস্তুত ভেজাল আজিকালি৷ নুখুৱাবি তাক৷ হিতে গৈ বিপৰীতহে হ’ব৷ মই এতিয়া যাওঁ৷ আকৌ কাইলৈ আহিম দে শাকপাত যি পাওঁ গোটাচেৰেক হাতত লৈ৷ তই চিন্তা নকৰিবি আই৷”-

সিদিনালৈ ফুলৰি বাই ঘৰমুৱা হ’ল৷ কিন্তু পিছদিনাখনৰ পৰা প্ৰায় এসপ্তাহমানলৈকে নিতে ভেদাইলতা, মানিমুনিকে আদি কৰি নৰসিংহলৈকে যিমান যি পায় ফুলৰি বায়ে আনি দি থাকিল৷ অকল আনি দিয়াইনে কিবা! পটাত মিহিকৈ পিহি ৰস উলিয়াই প্ৰায়ে আঞ্জা পৰ্যন্ত ৰান্ধি দিলে৷ মুঠতে এনেকৈ এসপ্তাহৰ ভিতৰতে বিচনাৰ পৰা উঠিব নোৱাৰা ল’ৰাটো একেবাৰে খোজকাঢ়ি দৌৰি ফুৰিব পৰা হ’ল৷ মুখৰ অৰুচিভাৱ গুচাবলৈ দোৰোণবনৰ খাৰ যিহে সোৱাদ লগাকৈ ৰান্ধি খুৱালে ফুলৰি বায়ে৷ সেইকথা সি বহুদিনলৈ টকালি পাৰি পাৰি শলাগ লৈয়ে থাকিল৷ এনেকৈয়ে ফুলৰি বাইৰ যহতে ল’ৰাটো আগৰ অৱস্থালৈ ঘূৰি আহিল৷

ইফালে ফুলৰি বাইৰ একমাত্ৰ ছোৱালীজনীকো উলিয়াই দিব লাগে এঘৰলৈ। বিয়াৰ দিন চমু চাপি অহা দেখি তায়ো আহিবলৈ প্ৰায় এৰাৰ দৰে হ’ল৷ বিয়ানো আৰু কি?  দৰাটোৰ পৰিয়াল আহি সেন্দূৰ পিন্ধাই ছোৱালীজনী লৈ যাবহি লগত৷ ইফালে একেজনীয়েই ছোৱালী, কিবা এটাতো দিবও লাগিব আৰ্শীবাদ হিচাপেই৷ সেয়েহে ফুলৰি বাই আগতকৈও ব্যস্ত হ’বলগীয়া হ’ল৷ আৰ তাৰ পৰা কামৰ বাবত পাবলৈ থকা টকা-পইচা যত যি পাৰে ফুলৰী বায়ে গোটাই যাবলৈ ধৰিলে৷

আনফালে লখিমীৰ ঈশ্বৰভক্ত মানুহটোৱেও ল’ৰাটো সুস্থ হৈ অহা দেখি আই ভগৱতীৰ ওচৰত কৃতজ্ঞতাত গদগদ হৈ পৰিল৷ তদুপৰি ভগৱতী আইৰ ওচৰত কৰা অংগীকাৰ অনুসৰিয়েই সোণৰ ফুলপাহ যোগাৰ কৰিবলৈও হাড়ক মাটি, তেজক পানী কৰি টকাৰ যোগাৰ কৰাত লাগিল৷ খাটিখোৱা মানুহ সি৷ মৌজাদাৰৰ পথাৰত হালকোৰ বোৱাৰ নামত যি দুপইচা পায় তাৰেই চলি থাকে তাৰ তিনিজনীয়া সংসাৰ৷ আকালো নাই, ভঁৰালো নাই৷ ঘৈণীয়েক লখিমীও সাইলাখ লক্ষী৷ কোনো এটা বস্তুকেই লাগে বুলি আজিলৈকে আবদাৰ জুৰি পোৱা নাই৷ কিন্তু এই যে ভগৱতীলৈ আগবঢ়াম বুলি সি অংগীকাৰ কৰি থৈছে! সেয়াতো সি পূৰাবই লাগিব৷ অন্যথা আই গোঁসানীয়ে সংহাৰিণী ৰূপ লৈ যদি সকলো ছাৰখাৰ কৰি দিয়ে কি হ’ব?  ইমান আশাৰে সজোৱা সোণৰ সংসাৰখন যদি দেৱীৰ কোপত থানবান হৈ যায়! সৰল সহজ মানুহটোৱে তাতকৈ বেছি আৰু ভাবিব নোৱাৰে৷ সেয়েহে দিনে ৰাতিয়ে মৌজাদাৰৰ ঘৰে বাৰীয়ে গেবাৰি খাটে৷ তেনেকৈয়ে সোণৰ ফুলপাহৰ বাবে কষ্ট কৰি টকা সাঁচে৷ এদিন সাঁচতীয়া ধনৰ টোপোলাটো লৈ টাউনৰ সোণাৰী দোকানলৈ যায়৷ সোণাৰী দোকানতে লগ পায় ফুলৰি বাইক যি তাইৰ জীয়েকৰ বাবে কাণৰ দোল এযোৰ গঢ়াবলৈ দিবলৈ বুলি আহে৷ বহুপৰ দৰদামৰ অন্তত সেমেকা চকুলোৰে ফুলৰি বাই ঘৰলৈ উভতি যায়৷ হোজা মানুহটোৱে একেথৰে চাই থাকে৷

গধূলিলৈ সোণৰ ফুলপাহি লৈ সি ঘৰ সোমায়৷ মানুহজনীৰ হাতত সোণৰ ফুলপাহ গতাই দি ভাল দিনবাৰ চাই এদিন ল’ৰাটোকো লৈ তাইক ভগৱতীৰ চৰণত ফুলপাহ দি আহিবলৈ কয়৷ হোজা মানুহটোৱে লগতে সোণাৰী দোকানত দেখা পোৱা ফুলৰি বাইৰ লগত ঘটা ঘটনাটোৰ কথাও লখিমীক কয়। কথাবোৰে লখিমীৰ মনত পাকঘূৰণি লগায়৷

হঠাৎ জীয়া শিঙি মাছ এটাই বিন্ধাত লখিমীয়ে অতপৰে ভাবিগুণি থকা কথাবোৰৰ মাজৰ পৰা উভতি আহে৷ শিঙি মাছটোৱে বিন্ধা জেগাটুকুৰা আনখন আঙুলিৰে চেপি বিষপানীকণ উলিয়াই দিয়ে৷ বাছি হোৱা মাছখিনি ধুই লৈ দুপৰীয়াৰ সাজত ভাজিবৰ জোখাৰে মাছ এখিনি লৈ নিমখ হালধি সানিবলৈ ধৰে৷ শিঙিয়ে বিন্ধা জেগাডোখৰত নিমখ লগাত চেকচেকাই উঠে৷ হাতখন তিয়াই ইতিমধ্যে পাতি থোৱা কেৰাহীখনৰ তেলখিনি গৰম হোৱাত মাছখিনি ভাজিবলৈ ধৰে৷ তেনেতে তাই চিনাকি মাত এষাৰ শুনি টলকা মাৰি ৰয়৷ মাতষাৰ যেন ক্ৰমান্বয়ে ওচৰ চাপি আহে৷ তাই জালি হেতাখনেৰে মাছখিনি লৰাই লৰাই কাণ উনাই থাকে৷ এপাকত মাতষাৰ আহি তাইৰ নিচেই ওচৰ পাইহি৷

“বোলো অথনিৰে পৰা ইমানকৈ মাতিছোঁ৷ শুনা নাইনে ঐ পুতুকণৰ মাক?”

“অঃ ফুলৰি বাই দেখোন! মাছ ভাজি থকাৰ বাবে চৰ্চৰাই আছে যে তুমি মতা ভালকৈ ধৰিবই পৰা নাই অ৷ আহাঁ বহাহি!”-

“জীয়েৰাক ভালে ভালে উলিয়াই দিলা! বিয়াৰ দিনাখনো বৰ খৰখেদাকৈ গুচি আহিবলগীয়া হ’ল৷ এৱোঁ কামৰ পৰা সেইকেইদিন আহি পোৱা দেৰি হয় যে?”

“বুজিছোঁ দে আই৷ পাছে লগত কোন আহিছে চা আকৌ৷”

লখিমীয়ে তেতিয়াহে মন কৰে ন-কইনাৰ মাহ-হালধিৰ সুবাসেৰে আমোলমোল হৈ সেইজনী ফুলৰি বাইৰ জীয়েক৷

“তাই আঠমঙলা খাই যোৱাৰ পাছতে মোৰ গাটো বেয়া কৰাত জোঁৱায়ে মোৰ সুবিধা হওক বুলি থৈ গ’লহি৷ এতিয়া ময়ো গাটো টঙাইছো৷ কাইলৈ তাইক নিবলৈ আহিবই জোঁৱাই! সেয়েহে বোলো আজি তোমাৰ ওচৰলৈকে এপাক মাৰোঁ তাইক লগত লৈ৷ তোমালোক দুয়ো মোক যি সহায় কৰি থৈছা সেই ধাৰনো কেনেকৈ শুজিম মই?”

“এঃ কি কোৱা কি কোৱা ফুলৰি বাই৷ তুমি আমাৰ হাততে হেৰাই যাব খোজা ল’ৰাটিক জীয়াই তুলি যি উপকাৰ সাধি থৈছা তাৰ তুলনাত আমি একোৱেই কৰা নাই৷”

লখিমীৰ মনত পৰে সেই ৰাতিটোৰ কথা৷ যিদিনা তাইৰ মানুহজনে সোণৰ ফুলপাহি তাইৰ হাতত দিছিলহি আই ভগৱতীৰ চৰণত অৰ্পণ কৰিবলৈ, সেই নিশাৰে কথা৷ সিদিনা পুতুকণ শোৱাৰ পাছত বহু পৰলৈকে দুয়ো কথা পাতিছিল৷ মাজতে ওলাইছিল ফুলৰি বাইৰ কথাও৷ দুয়ো যেন সিদিনা এক সিদ্ধান্তত উপনীত হৈছিল৷

তাৰ দুদিনমান পাছতে ফুলৰি বাইৰ জীয়েকৰ বিয়া৷ লখিমীয়ে মানুহজনক কামলৈ পঠিয়াই পুতুকণক লগত লৈ ফুলৰি বাইৰ ঘৰ ওলাইছিলগৈ৷ চাদৰৰ আঁচলৰ আঁৰত লুকুৱাই নিছিল সোণৰ ফুলপাহি৷ ঘূৰি আহিবৰ পৰত “দোল এযোৰৰ জোখাৰে আঁতিবগৈ ছাগে নহয় বাই” বুলি কৈ অহা আজিও মনত পৰে লখিমীৰ৷ সেইদিনা গধূলিলৈ মানুহজনে ফুলপাহি দিয়া হ’লনে বুলি সোধাত তাই উত্তৰ দিছিল “জীৱনদায়িনী ভগৱতীলৈ আগবঢ়াই থৈ আহিলো আজি পুতুকণক লগত লৈ৷”

কথাখিনি আজি এইমুহূৰ্তত লখিমীৰ জলজলপটপটকৈ মনত পৰি গৈছে৷ ঠিক তেনেতেই ঘপহকৈ তাইৰ চকুযুৰি ফুলৰি বাইৰ জীয়েকৰ কাণত জিকমিকাই থকা দোলযোৰৰ ওপৰত পৰে, যি নেকি সেই মুহূৰ্তত মাকৰ ঘৰৰ সম্পত্তিৰ অহংকাৰেৰে গৰ্বিত হৈ উঠিছিল৷

০০০০০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments