অৰ্পিতাৰ অনন্য অধ্যায় : জীৱনৰ এখন গৱেষণা-পত্ৰ (টুনুজ্যোতি গগৈ)

 

অসমীয়া উপন্যাসৰ পৰিক্ৰমাই ঊনবিংশ শতিকাৰ শেষ দশকৰ পৰা সাম্প্ৰতিক সময়লৈকে এক শতাব্দীকাল সামৰি ল’লেও আদি পৰ্বৰ উপন্যাসসমূহত তদানীন্তন সময়ৰ নাৰীমনৰ সঠিক আৰু বিতং খবৰ তেনেকৈ প্ৰতিফলিত হোৱা নাছিল। পদ্মনাথ গোহাঞিবৰুৱা, ৰজনীকান্ত বৰদলৈ আদি ঔপন্যাসিকসকলে অসমৰ বুৰঞ্জী প্ৰসিদ্ধ চৰিত্ৰকলৈহে উপন্যাস ৰচনা কৰিছিল। যাৰ বাবে তেওঁলোকৰ উপন্যাসত আধুনিক নাৰীমন উপেক্ষিত হ’বলগীয়া হৈছিল।অৱশ্যে স্নেহলতা ভট্টাচাৰ্যৰ ‘বীণা’, চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ‘পিতৃভিঠা’ৰ দৰে উপন্যাসত নাৰীমনৰ খবৰ নথকা নহয়। কিন্তু সেয়া আছিল সংস্কাৰৰ শিকলি ছিঙিব নোৱাৰা পৰম্পৰাবাদী নাৰীৰ মনৰ খবৰহে। হিন্দুধৰ্মীয় অনুশাসন, মহাকাব্যিক আদৰ্শ আদিৰ সংমিশ্ৰণত আৰু অসমীয়া সামাজিক-সাংস্কৃতিক পৰিৱেশৰ সংস্পৰ্শত গঢ় লৈ উঠা পৰম্পৰাগত আদৰ্শসমূহে অসমীয়া নাৰীক অতীজৰে পৰা বাট দেখুৱাই অহা বাবে বহুদিনলৈকে আধুনিক শিক্ষিতা নাৰীও পৰম্পৰাবাদী দৃষ্টিভংগীৰ পৰা বিচ্ছিন্ন হ’বপৰা নাছিল। ঊনবিংশ শতিকাৰ শেষৰ ফালে ইংৰাজৰ উদ্যোগত স্ত্ৰী শিক্ষাৰ প্ৰসাৰ, স্বাধীনতা আন্দোলনত অসমীয়া নাৰীৰ যোগদান, নাৰীমুক্তিৰ ধাৰণাৰ প্ৰচাৰ-প্ৰসাৰ, যৌথ পৰিয়ালৰ ভাঙোন, নাৰীৰ অৰ্থোপাৰ্জন আদিয়ে নাৰীকন্ঠত দিলে এক প্ৰতিবাদী সুৰ। সেই প্ৰতিবাদী সুৰৰ অনুৰণন বা আধুনিক নাৰীৰ মনস্তত্বৰ প্ৰতিফলন যুদ্ধোত্তৰ যুগৰ চৈয়দ আব্দুল মালিক, হোমেন বৰগোহাঞি, পদ্ম বৰকটকী আদি ঔপন্যাসিকৰ সৃষ্টিত উপলব্ধ হয়। অৱশ্যে তেওঁলোকৰ দৃষ্টিভংগীতো সীমাবদ্ধতা নথকা নহয়।

নক’লেও হয় যে মানুহৰ অন্তৰ্জীৱন উন্মোচনৰ ক্ষেত্ৰত পুৰুষ চৰিত্ৰতকৈ নাৰী চৰিত্ৰৰ জটিলতা বেছি। মানুহৰ আৱেগ-অনুভূতি সাৰ্বজনীন হ’লেও পুৰুষ আৰু নাৰীৰ মাজত দৈহিক গঠনৰ পাৰ্থক্য আছে। এই দৈহিক গঠনৰ পাৰ্থক্যৰ বাবেই নাৰী আৰু পুৰুষৰ মনোদৈহিক গঠন আৰু বিকাশো সুকীয়া হ’বলৈ বাধ্য। এনে পাৰ্থক্যৰ বাবেই নাৰীৰ প্ৰতি সামাজিক দৃষ্টিভংগীও বহুগুণে পৃথক। নাৰীৰ মনোদৈহিক গঠন আৰু নাৰীৰ প্ৰতি ভিন্ন সামাজিক দৃষ্টিভংগী—এই দুটা কাৰণতে পুৰুষতকৈ নাৰীয়ে বেছি কথা গোপন কৰে। এই আপাহতে নাৰী চৰিত্ৰৰ মাজেৰে নাৰী মনস্তত্বৰ সনাতন প্ৰকাশ কাৰ্যতঃ কঠিন। সাম্প্ৰতিক কালছোৱাত মামণি ৰয়ছম গোস্বামী, নিৰুপমা বৰগোহাঞি, পূৰৱী বৰমুদৈ, অৰূপা পটংগীয়া কলিতা, ৰত্না দত্ত আদি ঔপন্যাসিকসকলে কলম তুলি লোৱাৰ লগে লগে অৰ্থাৎ নাৰীক নিজৰ দৃষ্টিভংগীৰে চাবলৈ লোৱাৰ লগে লগে পুৰুষ ঔপন্যাসিকৰ ৰচনাত যিবোৰ দিশ প্ৰতিফলিত হোৱা নাছিল, অসমীয়া সাহিত্যত সেই অৱহেলিত, অনুচ্চাৰিত দিশসমূহৰো প্ৰতিফলন ঘটিবলৈ ধৰিলে। শেহতীয়াকৈ অসমীয়া উপন্যাস-সাহিত্য জগতত সবল খোজ পেলাইছে এগৰাকী নবীন ঔপন্যাসিকে। প্ৰথমখন উপন্যাসতেই বিপুল সম্ভাৱনাৰ পৰিচয় বহন কৰা সেইগৰাকী ঔপন্যাসিকৰ নাম হৈছে দীপামণি কোচ ভৰালী।
জীৱনৰ এখন গৱেষণা-পত্ৰঃ কোচ ভৰালীৰ ‘অৰ্পিতাৰ অনন্য অধ্যায়’ পঠনৰ অন্তত উপন্যাসখনক জীৱনৰ এখন গৱেষণা-পত্ৰ বুলি নিৰ্দ্বিধাই ক’ব পাৰি। হয়তো হয়, এগৰাকী নাৰীয়ে এৰি অহা জীৱনক পুংখানুপুংখভাৱে ফহিয়াই চাবলৈ চেষ্টা কৰিছে বৰ্তমান আৰু ভবিষ্যতৰ জীৱনক সাহসেৰে গ্ৰহণ কৰাৰ স্বাৰ্থতে। ‘আগত অনন্ত, পাছত অনন্ত, মাজত এবেগেত দীঘল জীৱনৰ ভেটি’— ডিম্বেশ্বৰ নেওগে কোৱাৰ দৰে এই এবেগেত জীৱনতে সুখ থাকে, দুখ থাকে, প্ৰাপ্তি থাকে, অপ্ৰাপ্তিও থাকে। আমৃত্যু জীয়াই থাকিবই লাগিব যেতিয়া কৈশোৰতে মাতৃহাৰা হোৱা উপন্যাসৰ নায়িকাৰ দেউতাকে দূৰ সম্পকীয় মাহীয়েকৰ সৈতে অবৈধ সম্পৰ্ক গঢ়ি তোলা প্ৰত্যক্ষ কৰি অনামী অভিমানত লুকাই লুকাই কান্দিলেও, যৌৱন প্ৰাপ্তিৰ পাছত মনৰ চাৰিওফালে এখন দুৰ্ভেদ্য প্ৰাচীৰ গঢ়ি তুলিলেও, প্ৰথম প্ৰেমাস্পদক অপ্ৰত্যাশিতভাৱে হেৰুৱাই আত্মহননৰ পথ ল’ব বিচাৰিলেও, পৈণত বয়সত জীৱনটোক সুখী আৰু উপভোগ্য কৰি তোলাৰ স্বাৰ্থত সকলো প্ৰতিবন্ধক আৰু সংস্কাৰৰ বিৰুদ্ধে নীৰৱ বিদ্ৰোহিনীৰ ভূমিকাত অৱতীৰ্ণ হৈছে। নিজকে নিঃসংগ সাম্ৰাজ্যৰ একচ্ছত্ৰী সম্ৰাজ্ঞী বুলি ভবা নায়িকাৰ মানসিক অৱস্থাৰ এনে ক্ৰমোত্তৰণৰ ইংগিত উপন্যাসিকে পাঠকক আগতেই দিছিল— ‘মই হয়তো অচিৰেই নিঃসংগতাৰ বেদনাক অতিক্ৰম কৰি যাব পাৰিম।’

উপন্যাসৰ পাতে পাতে আমি কোনো মুহূৰ্তত শুনো পোহৰ পিয়াসী এক আত্মাৰ নিকৰুণ ক্ৰন্দন, আকৌ কোনো মুহূৰ্তত শুনো এখন হৃদয় চপৰা-চপৰাকৈ খহাৰ শব্দ। একেবাৰে শেষত শুনিবলৈ পালোঁ জীৱনৰ সুৰীয়া বাঁহীৰ সুৰ। এগৰাকী নাৰীৰ মানসিক ক্ৰিয়া-প্ৰতিক্ৰিয়া ইয়াত বৰ্ণিত হোৱা নাই, বৰ্ণিত হৈছে যন্ত্ৰ-সভ্যতাই সৃষ্টি কৰা মানুহৰ সুগভীৰ আত্মকেন্দ্ৰিকতা, বিজ্ঞানৰ চমকপ্ৰদ জয়যাত্ৰাৰ সময়তো তথাকথিত উচ্চশ্ৰেণীৰ মাজৰ পৰা হেৰাই নোযোৱা বৰ্ণবাদী মানসিকতা ইত্যাদি। সামাজিক সচেতনতাৰ বাবে তেওঁ নাৰীৰ জীৱনৰ ঘাত-প্ৰতিঘাতৰ অন্তৰালত থকা সামাজিক কাৰণসমূহকো নিৰ্মোহভাৱে বিশ্লেষণ কৰিছে।

জীৱনৰ বাটত বাট বোলোতে মানুহে লাভ কৰে বহু সহযাত্ৰী, কিছুমানক ক্ষণিকৰ বাবে, কিছুমানক দীৰ্ঘসময়ৰ বাবে। আকাশীয়েও লগ পাইছিল বহুজনক। সেইসকলৰ সান্নিধ্যৰে ধন্য হৈও আন মানুহৰ দৰেই তেওঁ অহৰহ সন্ধান কৰিছিল এজন স্বপ্নৰ মহানায়কৰ। মানুহৰ জীৱনৰ চৰম ‘ট্ৰেজেদী’ এয়ে যে তেওঁলোকে সেই মহানায়ক বা মহানায়িকাৰ সন্ধান কোনোদিন লাভ নকৰে। অৱশ্যে কোনো এক কেঁকুৰিত মানুহে কেতিয়াবা এজন নায়ক বা নায়িকাক লাভ কৰে। যৌৱনৰ স্বপ্নময় দিনবোৰত আৰু বিবাহোত্তৰ জীৱনত আকাশীয়েও লগ পাইছিল দুজনকৈ নায়কক। প্ৰথমজন নায়ক সপোনক তেওঁ কেছিল—’দুখবোৰ থ’বলৈ কেতিয়াবা আধাৰ লাগে সপোন। আহিবা আকৌ কেতিয়াবা, যেতিয়াই তোমাৰ জিৰাবৰ মন যাব, মোৰ কাষলৈ আহিবাই। যিকোনো মুহূৰ্ততে মই তোমাৰ বাবে বাট চাম… যিকোনো মুহূৰ্ততে…।’ দ্বিতীয়জন নায়কৰ সংস্পৰ্শত ১৫ বছৰ ধৰি পলুৰ দৰে সংসাৰ নামৰ লেটাটোত আবদ্ধ হৈ পৰা আকাশী সাহসী হৈ উঠিছে—’প্ৰথম দিনৰ চিনাকিতে দুয়োখন হৃদয়ে বুজি উঠিছিল হাহাকাৰৰ একেসুৰীয়া উচুপনিৰ অৰ্থ। এতিয়া পাৰিবনে তাই তাক দুখৰ সাগৰত অকলে এৰি উপকুল বিচাৰিব! অম্লানৰ ওচৰত তাই স্বাৰ্থপৰতাৰ প্ৰতীক হ’ব নোখোজে। সি তাইৰ দুখৰ দিনৰ অনুপম সুহৃদ। আটাইতকৈ ডাঙৰ কথা—কোনো পাপবোধৰ ডাৱৰেৰে আনকি এই মুহূৰ্ততো তাইৰ মনৰ আকাশ গোমা হোৱা নাই।’
দ্বিতীয় নায়কজনৰ সান্নিধ্যলৈ অহাৰ মুহূৰ্তত আকাশীৰ জৰায়ুত বাহ বান্ধিছে দুৰাৰোগ্য ৰোগৰ কীটাণুৱে, তেওঁৰ অজ্ঞাতেই মৃত্যু কাষ চাপি আহিছে নিশব্দে আৰু নীৰৱে। সেয়ে নায়কে ভাবিছে—’হাঁহিবলৈ পাহৰি যোৱা আকাশীয়ে হাঁহক…তাইৰ চাৰিওফালৰ বতাহে হাঁহক… আকাশেও হাঁহক… আৰু মাত্ৰ কেইটামান দিনৰ হাঁহিৰে অম্লানে নিজেও পোহৰাই লওক অনাগত দিনৰ অন্ধকাৰ। এৰা… আৰু মাত্ৰ কেইটামান দিনৰ পাছত তেওঁৰ নিজৰে শোকদ* সময়বোৰ উদভ্ৰান্ত হৈ পৰিব অনুভৱৰ গোপন কুঠৰীত, আকাশীৰ স্মৃতি বিচাৰি।’
সেইদৰে যৌৱনকালত দত্তৰ স্পৰ্শধন্যা হৈ জীৱনৰ এক ঐশ্চৰ্যময় পথৰ সন্ধান লাভ কৰা আকাশীয়ে সহ্য কৰিব পৰা নাছিল চিকিৎসকৰ কামনাকাতৰ স্পৰ্শ। দত্তৰ মানৱীয় স্পৰ্শৰ স্মৃতি আকাশীয়ে ৰোমন্থন কৰিছিল দূৰ অতীততে শ্ৰৱণ কৰা এটি প্ৰিয় গীতৰ কলিৰ দৰেই। দুখন হৃদয়ৰ মিলন নোহোৱাকৈ বিপৰীত লিংগৰ মাজত কেতিয়াও সুষম দেহজ সম্পৰ্ক স্থাপন হ’ব নোৱাৰে বাবেই কেবল দেহজ তাড়নাৰে পৰিচালিত হ’ব খোজা গৌৰাংককো আকাশীয়ে আঁকোৱালি ল’ব পৰা নাছিল। মানুহৰ সম্পৰ্কৰ এই জটিলতাৰ ব্যাখ্যা উপন্যাসিকে এনেদৰে দিছে—’কিছুমান মানুহৰ সৈতে সম্পৰ্কৰ সংৰচনা অজানিতভাৱেই তৈয়াৰ হৈ যায়। ইয়াৰ বাবে পৰিৱেশে কোনো পৰিকল্পনা দাবী নকৰে, নকৰে কোনো প্ৰয়োজনীয়তা অথবা সেই সম্পৰ্কই দীৰ্ঘদিনীয়া স্থায়িত্বৰ দাবীও নকৰে। নিবিচাৰে কোনো বৈধ অথৱা অবৈধ পৰিতৃপ্তি।’
কোচ ভৰালীৰ স্পন্দিত আৰু সংযত আৱেগময় গদ্যশৈলীয়ে পাঠকক পঠন সুখ দিবলৈ সক্ষম হ’ব। যথা, ‘সগৌৰৱে ইপাৰ-সিপাৰ স্পৰ্শ কৰি ৰৈ আছে এয়া মৌন শৰাইঘাট। আন এক ৰক্তক্ষয়ী ইতিহাসৰ পুনৰাবৃত্তিৰে তাইৰ হেঁপাহৰ আবেলিৰ ছবিবোৰৰ চিত্ৰকৰ এয়া শৰাইঘাট। তলৰ পৰা চালে আকাশো দ্বি-খণ্ডিত কৰা যেন লগা সুদৃশ্য দলংখনলৈ তাই চৰম অৱজ্ঞাৰে মূৰ তুলি এপলকলৈ চাই ৰ’ল।’ আকৌ ‘হৃদয়খন কুৰুকি কুৰুকি শেষ কৰিবলৈ এৰি নিদিবা দুখৰ হাতত। যন্ত্ৰণাক হাঁহিৰ সাগৰত নিক্ষেপ কৰিব পৰাকৈ সাহসী হ’বলৈ চেষ্টা কৰা। আচলতে মানুহ নিজেইহে নিজৰ জীৱনৰ কাৰিকৰ। এটা সুন্দৰ জীৱনৰ নিৰ্মাণৰ বাবে মানুহে নিজৰ ভিতৰৰ পৰাই প্ৰথম প্ৰচেষ্টা চলাব লাগিব।’
উপন্যাসখনিত বহু চৰিত্ৰৰ সমাৱেশ পৰিলক্ষিত হয়। ইয়াৰ কিছুমান চৰিত্ৰক বাদ দিয়া হ’লেও উপন্যাসৰ কাহিনী সাৱলীলভাৱেই আগুৱাই গ’লেহঁতেন। তথাপি পাঠকৰ ৰসভংগ ঘটাৰ শংকা নাই। উপন্যাসখন পঠনৰ অন্তত প্ৰতিজন পাঠকেই হয়তো উপলব্ধি কৰিব—’প্ৰেম আৰু সহানুভূতিৰ ৰথেৰে আহি কোনোবাই কাৰোবাৰ জীৱনৰ হেৰোৱা ছন্দ এধানিমানো যদি ওভতাই আনিব পাৰে, গীতৰ কাকলিৰে মুখৰ কৰি তুলিব পাৰে যদি পুনৰ কাৰোবাৰ মৌন ওঁঠ অথবা কবিতাৰ চোতাল, তেন্তে সেই প্ৰেমত বৈধতা নাথাকিলেও হয়তো আক্ষেপৰ কালিমাই বৰ্ণহীন কৰিব নোৱাৰে মন। অৰ্থহীন হৈ আহে তেতিয়া পাপ-পুণ্যৰ পৃথকীকৰণ।’

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক