অৱবাহিকাৰ কথাৰে…(সুস্মিতা দাস)

ডায়েৰীখন মেলি ল’লে তাই। যোৱাবছৰৰ ডায়েৰী, কিযে এক মোহ আছে এইখন ডায়েৰীত তাই নিজেও নাজানে। বাৰে বাৰে মেলি চায়। বাগৰি যোৱা বছৰত তাই মাথোঁ এইখনেই লিৰিকি বিদাৰি থাকিল। অদ্ভুত মায়া এইখনলৈ তাইৰ। হয়তো জীয়াই থকাৰ প্ৰেৰণা, হয়তো সঞ্জীৱনী। ইয়াতেইটো লিপিবদ্ধ আছে তাইৰ “ভালপোৱা”।

(১)
কেনেকৈ আৰু কিয় যে তেওঁ আহিছিল আজিও সাঁথৰ অৱবাহিকাৰ বাবে। মাথোঁ তাই জানে তেওঁ আহিছিল, প্ৰেম হৈ, ভালপোৱা হৈ…..সেয়ে তাই নাম দিছিল তেওঁক “ভালপোৱা”। যেতিয়া তাইৰ লগৰ ছোৱালীবোৰে ক্লাছ মেটবোৰৰ লগত জব্বৰ প্ৰেম কৰিছিল, চকুৰপানী-নাকৰপানী একাকাৰ কৰি সৰু-সুৰা লুইত অথবা সুৰমা নদীৰ সৃষ্টি কৰিছিল তেতিয়া তাই ব্যস্ত আছিল চি.এচ.আৰ. অথবা প্ৰতিয়োগিতা দৰ্পণৰ পাতত “হাউ টু গেট চাক্কেচ ইন কম্পিটিটিভ এক্সামিনেচন”ৰ প্ৰবন্ধ বিচাৰি। হয়তো তাৰেই পৰিণতিত আজি তাই সফল। দেশৰ আগশাৰীৰ প্ৰতিষ্ঠানৰ পৰা এমবিএ টপাৰ হোৱা অৱবাহিকাৰ বাবে জীৱনটো বৰ মসৃণ আছিল। শিক্ষক পিতৃ-মাতৃৰ একমাত্ৰ কন্যা সন্তান হিচাপে তেওঁলোকৰ প্ৰতিটো আশাই তাই পূৰ্ণ কৰিছিল। ভায়েকে কেতিয়াবা তাইক কয়,” ঐ, তই কিবা পঢ়িবলৈহে জন্ম লৈছিলি নেকি অ’? তোৰ বাবেই মোৰো লাইফত শান্তি নোহোৱা হৈছে। ইমান চিবলিং প্ৰেছাৰত ডাঙৰ হ’ব নোৱাৰি দেই। ঐ মৰতী, বাঘেখাইতী, কিমান জ্বলাবি আৰু মোক, ল’ৰা এটা পটাই মেলি যা সোনকালে, আৰু শুন মোৰ কথা, বোলো ছোৱালী যিমানেই এমএ. এম.ফিল. নহওঁক কিয় হেতা-কৰচ ধৰিবই লাগিব। গিৰিয়েৰে তোৰ সেই টপাৰ চাৰ্টিফিকেট নাচায়। উফ, ঈশ্বৰ এইজনী মোৰ ভাগতনো কিয় দিছিলা? গোটেই জগতখনত ইমানগাল আণ্ডাৰ মেট্ৰিক পাছ ছোৱালী আছে, আৰে এজনীক মোৰ বায়েৰ কৰি দিব নোৱাৰিলা, কোন জনমৰ পাপৰ ফল যে ভোগ কৰি আছো তুমিহে জানা আৰু পৰভু।” মাৰ পিট লাগি যায় দুইটাৰ। সিও কম নহয়, তায়ো সুদাই এৰা ভকত নহয়। বগৰাই বগৰাই মাৰে তাইক সি। মস্ত ওখ, ২৩ বছৰীয়া, ঘীয়ে মৌয়ে খাই খাই থকা ভায়েকৰ লগত তাই যেতিয়া বলে নোৱাৰে, থুৱাই দিয়ে তাৰ গাত। তাকো অলপ চলপ নহয় একেবাৰে “খেক থুই” বুলি এগাল পেলাই দিয়ে তাৰ গাত। দেউতাক নাহিলে সেই কুৰুক্ষেত্ৰ ৰণ সহজে শেষ নহয়।” কবিচোন, অহা-কালিৰপৰা অফিচত থৈ আহিবলৈ, যাওঁ যদি মোৰ নামত কুকুৰ পুহিবি, আৰু যদি নেক্সট তই কিবা ডিগ্ৰী-ডিপ্লোমা কৰো বুলি কৱ জানি থ’বি তই চেটেপ, দাদায়ো বচাব নোৱাৰিব তোক।” খঙতে ভোৰভোৰায় ভাইটিয়ে।

সঁচাকৈয়ে বৰ সৰল আছিল জীৱন। ঈৰ্ষা কৰিবলগীয়া কেৰিয়াৰ, মা-দেউতাই ঠিক কৰি দিয়া ল’ৰাৰ লগত বিয়া, এয়াই যেন নিয়তি আছিল তাইৰ বাবে। আউল যে কেতিয়া আৰু কেনেকৈ লাগিল আচৰিত হৈ যায় তাই। কিন্তু এটা কথা ঠিক যে এদিন অজানিতে তাই ঈশ্বৰক প্ৰাৰ্থনা কৰিছিল তায়ো যেন গভীৰভাৱে প্ৰেমত পৰে, অনুভৱ কৰিব পাৰে প্ৰতীক্ষাৰ আৰু অপেক্ষাৰ আৰু উত্তাপ। তাইয়ো যেন ধন্য হয় সাহচৰ্য্য আৰু সহমৰ্মিতাৰ উত্তাপত। কোনে জানিছিল তাইৰ আশা যে ইমান সোনকালে পূৰ্ণ হ’ব?

(২)

হয়, তেওঁ কৈছিল, ভাল পাওঁ বুলি। সমস্ত সৰলতাৰে বিশ্বাস কৰিছিল তাই। প্ৰেমৰ বতাহে কোবাই গৈছিল তাইকো। অনুভৱ কৰিবলৈ লৈছিল তাই, অহংকাৰ কৰিব নাপায়, প্ৰেমে যেতিয়াই তেতিয়াই যিকোনো বয়সতে ৰাজহাড় ভাঙি যোৱাকৈ কোবাই থৈ যাব পাৰে। পুৰণি কথা কিছুমান মনত পৰে অৱবাহিকাৰ। এম.বি.এ. কৰি থকা দিনৰে কথা। লগৰে ৰূপালীম আকণ্ঠ ডুবি আছিল চিনিয়ৰ প্ৰাচুৰ্য্যৰ প্ৰেমত। ক্লাছত বহিব নোৱাৰি ৰূপালীমৰ কথাৰ কোবত। অনবৰতে কেৱল প্ৰাচুৰ্য্যৰ কথা। বেষ্ট চায়েঞ্চ গ্ৰেজুৱেট হৈ এম.বি.এ কৰিবলৈ অহা ৰূপালীমৰ লগত পাঁচ মিনিট কথা পাতিলে চাৰে চাৰি মিনিট অকল বয়ফ্ৰেণ্ডৰ কথাই শুনায়। বিৰক্ত হয় সিহঁত। এদিন অৱবাহিকাই খঙতে ঠিকছে বকিলে তাইক। আজিও মনত আছে তাইৰ, ৰূপালীমে কিন্তু তাইক অলপো খং নকৰিলে, মাথোঁ চকুত কৌতুক সানি কৈছিল, ” অহংকাৰ নকৰিবি, কেতিয়াও প্ৰেমত নপৰোঁ বুলি, প্ৰেমে ডাঙৰ ডাঙৰ ঋষি মনীষীকো এৰা নাই, তইনো কোন, ক’ৰ কূটা? তই আজিহে কৈছ প্ৰেমত পৰাৰ বয়স থাকে, টিন এজাৰকহে এইবোৰ শুৱায়, তই নিজে যিদিনা কাৰোবাক বহুত ভাল পাবি সেইদিনা মনত পেলাবি মোৰ কথা, প্ৰেমত পৰিলে মনটো বাৰ বছৰীয়া ছোৱালী দৰে চঞ্চলা হৈ পৰে। মনৰ কথাবোৰ কাকনো কওঁ কাকনো কওঁ লাগি থাকে, ভাল নলগা ৰংবোৰো অপৰূপ হৈ পৰে।” হাঁহি উঠি যায় অৱবাহিকাৰ পুৰণি কথাবোৰ মনত পৰিলে। ডায়েৰীৰ পাতবোৰ লুটিয়াই গ’ল তাই এখনৰ পিছত এখনকৈ……….

৩/১/১২

আজি তেওঁ কৈছিল, “ইয়াত বৰ ঠাণ্ডা জানা, ভাবিব নোৱাৰা, ঘৰলৈ বৰকৈ মনত পৰি আছে”………… মনটো কিবা লাগি গ’ল। অনামী দুখে আৱৰি ধৰিলে মনটো |

৫/১/১২
বিহুত তেওঁ ঘৰলৈ নাহোঁ বুলি কৈছে, ইমান দিনে তেওঁক এবাৰ চোৱাৰ হেঁপাহটোৰ কথা কিয় তেওঁ এবাৰলৈ নুবুজিলে?

১০/২/১২
আজি বহু সময় কথা পাতিলোঁ। জীৱনৰ কথা, মানৱতাৰ কথা, মানৱতাৰ জয়গানৰ কথা, তাত নাছিল তেওঁৰ কথা, মোৰ কথা, তথাপিও কিয় জানো ইমান ভাল পাওঁ তেওঁক…. হয়তো নিজতকৈ বেছি।

৪/৩/১২
বৰ্ণিলে বিবাহৰ প্ৰস্তাৱ দিছে, চাব গ’লে ইয়াত বিচিত্ৰ একো নাই, মোৰ দৰে সাধাৰণ ছোৱালীৰ বাবে এয়া এক আশীৰ্বাদ স্বৰূপ।বৰ্ণিলক সৰুৰে পৰা জানো, একেলগে উমলি-জামলি ডাঙৰ হ’লো, তাৰ দৰে ল’ৰাক জীৱনসংগী হিচাপে পোৱাটো যিকোনো ছোৱালীৰ বাবে ভাগ্য স্বৰূপ।কিন্তু মই? ওঁহো নোৱাৰোঁ, কেতিয়াও নোৱাৰোঁ…. মৰি যাম, কাৰণ মই যে তেওঁক ভাল পাওঁ, তেওঁ আহিব, তেওঁ কথা দিছে, মই হৃদয়ৰে বিশ্বাস কৰো তেওঁ আহিব……………………. বিশ্বাস আৰু সংশয় কেতিয়াও সহযাত্ৰী নহয়…….. মই খামোচি ধৰি থাকিম বিশ্বাসৰ বাট….. অন্তত তেওঁ নহালৈকে……

২০/৪/১২
চকুপানীখিনিতো তেওঁৰ বাবেহে আলফুলকৈ সাঁচি ৰাখিছিলোঁ, বৰ্ণিলৰ আগত যে কেনেকৈ ওলাই গ’ল। আজি বহুত কান্দিলোঁ…. বহুত…. বুকুখন পাতল হৈ গ’ল ……. বৰ্ণিলে মাথোঁ শুনি গ’ল মোৰ কথা…. মা-দেউতাইতো কেতিয়াও জনা নাছিল আজি ৫ মাহে মই অপাৰ প্ৰতীক্ষা কৰিছোঁ তেওঁৰ বাবে। বৰ্ণিল গুছি গ’ল.. দি গ’ল বহু বন্ধুত্বৰ প্ৰতিশ্ৰুতি… আজীৱন কৃতজ্ঞ থাকিম বৰ্ণিলৰ ওচৰত।

২/৫/১২
দেউতাই সুধিছিল তেওঁৰ কথা…… মইতো নাজানোঁ তেওঁৰ চহৰৰ ঠিকনা, দেউতাক কেনেকৈ কওঁ? ভালপোৱা জনে হেনো ভালপোৱা জনৰ ঠিকনা নিবিচাৰে… ময়ো কেৱল তেওঁৰ হৃদয়ৰ ঠিকনা জানিছিলোঁ………….. দেউতাই কৈছিল….. তেওঁ যদি নাহে তই বৰ দুখ পাবি, চম্ভালিব নোৱাৰিম তোক মই দুহাতেৰে ধৰি………তোৰ বিশ্বাস যেন হাৰি নাযায় নিৰ্মম বাস্তৱৰ হাতত…………

১৬/৮/১২

মৰমৰ ভালপোৱা,
এইখন চিঠি তুমি পাবা নে নাই মই নাজানোঁ বা মইয়েই তোমাক পঠিয়াম নে নাই নাজানোঁ…. কিন্তু কি জানা আজি লিখিবলৈ মন গ’ল বহু কথা, মোৰ কথা জানাইতো মোৰ ক’বলগীয়াখিনি তোমাক নক’লে কাক কম….. কিমান সৰল আছিল মোৰ জীৱন তুমি অহাৰ আগলৈকে…….. কেতিয়াযে মই তুমিময় হৈ গৰবিনী হ’লো গমেই নাপালোঁ…. দুটা মাহৰ ভিতৰতেই তুমি মোৰ জীৱন লৈ গ’লা, তুমিতো গম নোপোৱা…মা-দেউতাই আজিকালি মোৰ খুব কেয়াৰ লয়। কিয়বা? মইতো ঠিকে আছো… দাদায়ো জানা, আজিকালি ঘনাই ফোন কৰে…. কি যে ধুনীয়া ধুনীয়া কৌতুক কয় !!! মই ফোন ৰাখ বুলি কলেও নুশুনে সি…. ভাইটিয়েও জানা আজিকালি কাজিয়া নকৰা হ’ল…. বেয়া লাগে কেতিয়াবা….. তুমি আহিলে চাবা চৱ ঠিক হৈ যাব, জানানে ৰূপালীমৰ বিয়া ঠিক হ’ল… ইমান যে ভাল লাগিছে গম পাই….. তুমি আহিলে তোমাৰ লগতো চিনাকি কৰি দিম তাইক।

তোমাক চাবলৈ মোৰ ইমান মন যায়।কল্পনা কৰো সদায়ে তুমি বাৰু কেনেকুৱা দেখিবলৈ? আজি আৰু নোসোধোঁ দিয়া কেতিয়া আহিবা বুলি…. তোমাৰ সুবিধামতে আহিবা, মই ৰৈ থাকিম মাথোঁ তোমাৰেই বাবে…

২০/১১/১২

কেতিয়াবা জানো কিয় ভাৱ হয় মা-দেউতাই মোক গালি কিয় নাপাৰে? সৰু কালত নেওতা নোৱাৰিলে পিটাৰ দৰে দেউতাই মোক বাৰু কিয় পকাত বগৰাই নিপিটে? সহজ হয়তো হ’ল হয় জীৱনটো…. নতুবা কিয় মাত-বোল বন্ধ নকৰিলে ভাইটি আৰু দাদাই বৰ্ণিলক প্ৰত্যাখ্যান কৰাৰ পিছত … কিয়?

ডায়েৰীখন সামৰি থলে অৱবাহিকাই।

(৩)

আপ্ৰাণ চেষ্টা কৰিছে তাই মনটোক বুজাবলৈ, সিচঁৰিত হৈ পৰি ৰোৱা মনটোক বুটলিবলৈ, হয়তো সময় লাগিব, কিমান সময় তাই নাজানে, পাৰিবনে নে নাই তাকো নাজানে তাই, কিন্তু এটা কথা ঠিক যে চেষ্টা কৰিব তাই তাইৰ দুখবোৰ যেন আনলৈ বিয়পি নাযায়। আজিকালি বহুত সময় তাই অফিচৰ কামতে কটায়, ফাইলবোৰ ঘৰলৈকে লৈ আনে, নতুন নতুন এচাইনমেণ্টবোৰ উপযাচিয়েই গা পাতি লয়, পাকঘৰত মাকক সহায় কৰে আৰু আজৰি সময়ত ৰবীন্দ্ৰনাথ ঠাকুৰৰ “দিন -প্ৰতিদিন” পঢ়ে… বহুবাৰ পঢ়ে… ক’ৰবাত যেন সাদৃশ্য বিচাৰি পায় নিজৰ লগত… সহমৰ্মিতা অনুভৱ কৰে “দিন প্ৰতিদিন”ৰ নায়িকাৰ লগত। কেতিয়াবা নিজকে প্ৰশ্ন কৰে, ভুল কৰিছিল নেকি বাৰু তাই? কেতিয়াও নেদেখা এজনৰ প্ৰতি ইমান অনুৰাগ, পাপ নেকি বাৰু? মগজুৰ কীটবোৰে কেতিয়াবা ইমান বেয়াকৈ কামোৰে যে নিজকে পাপীবোধ কৰে। নাই প্ৰেম পাপ নহয়…. প্ৰেম মাথোঁ প্ৰেমেই হয় … বৰণহীন। তাইৰ অন্যতম প্ৰিয় কবি তুলিকা নিৰ্মলীয়াৰ কবিতাৰ এটা শাৰী তাইৰ বৰ প্ৰিয়,” প্ৰেম জীৱনৰ নিৰ্ভুল উত্তৰ”। কিয় জানো সাহ পায় তাই শাৰীটো আওৰালে। হয়, প্ৰেমত ভুল নাথাকে, শুদ্ধা-শুদ্ধ নাথাকে। কেতিয়াবা ভাৱ হয় এদিন তুলিকাকে সুধিব,” সঁচাকৈনে তুলিকা প্ৰেম জীৱনৰ নিৰ্ভুল উত্তৰ”?

তেওঁৰ কথাই ভাৱে অৱবাহিকাই। সদায় ভাৱে… দিনটোৰ আৰম্ভণি কৰে এই আশাতেই যেন আজিৰ দিনটোৱেই বতৰা কঢ়িয়াই আনিব তেওঁৰ অহাৰ বতৰা আৰু নিশা কামনা কৰে এক উজ্জ্বল প্ৰভাতৰ যিয়ে তাইক জীৱনী শক্তি দিয়ে। হাঁহি উঠে তাইৰ…. চিন্ড্ৰেলা অথৱা ৰাপুনজেল হোৱাৰ বাসনা চাগৈ প্ৰতিজনী ছোৱালীয়ে দেখে, তাইৰ নাম লাগিলে ৰঙিলী বা সোণতৰা অথৱা ৰীতা বা টিনা যিয়েই নহওঁক কিয়….. জন্মতেই লৈ আহে প্ৰতিজনী ছোৱালীয়ে এখন ঘৰৰ সপোন, আপোনজনৰ সাহচৰ্য্যৰ সপোন; যিদৰে লতাই আশা কৰে হেদালি এখনৰ, হেঁপাহ পলুৱাই বগাবলৈ…. তেওঁ নাহে জানে অৱবাহিকাই, কেতিয়াও নাহে, পিছে তেওঁৰ খন্তেকীয়া আগমনে তাইক দি থৈ গ’ল পৰিপূৰ্ণতা, কৰি গ’ল তাইৰ মনটো চিপচিপিয়া ভৰা কলহৰ দৰে পৰিপূৰ্ণ । তাত এই জীৱন কালত আৰু কোনোৱে সোমাব পৰাৰ সুৰুঙা নাই। তেওঁৰ চিঠিবোৰ, মাতটো, কথাৰ গভীৰতাখিনি যথেষ্ট তাইৰ জীৱনটো কটাবলৈ, ঈশ্বৰৰ প্ৰতি সদায় প্ৰাৰ্থনা কৰে তাই, য’তেই নাথাকক কিয়, তেওঁ যেন কুশলে থাকে আৰু হেঁপাহ কৰে তেওঁ যেন এদিনলৈ ভাৱে, তেওঁৰ বাবে কোনোবাই পৰম আকুলতাৰে বাট চাই আছে…………

“ঐ এফ. এম টো লগাচোন?” আপোনমনে গাড়ী চলাই গৈ থকা ভাইটিয়ে ক’লে তাইক।” নাজানো অ’ ক’ত বা টিপিব লাগে, তইয়ে লগাচোন?” “কি কৰিব জান? প্ৰেম কৰিব? চিঠি লিখিব?” সি আশা কৰিলে আগৰ দিনবোৰৰ দৰেই তাই তাক গালি পাৰিব, চিঞৰি দিব জোৰকৈ, নাইবা গাড়ী ৰখাই নামি যাব খোজ কাঢ়ি । ঘৰলৈ গৈ নিমখ-জলকীয়া দি গোটেই ঘটনাটো বৰ্ণনা কৰিব মা-দেউতাৰ আগত। নাই তেনে একোৱেই নকৰিলে তাই। তাৰ পিঠিত মিহি ঢকা এটা দি মিচিকিয়াই হাঁহিলে মাথোঁ। বহুত কৰুণ কিন্তু বৰ নিষ্পাপ হাঁহি। “ভালপোৱা” ই তো কেতিয়াও নাজানিব তেওঁ জীৱনত কি পাবলগীয়া আছিল আৰু তেওঁ কি হেৰুৱালে!!মনতে ভাবিলে ভাইটিয়ে।

( তুলিকা নিৰ্মলীয়া লৈ কৃতজ্ঞতা থাকিল)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments