অৱশেষত বৰষুণজাক আহিল -মৃদুল কুমাৰ শৰ্মা

বহুদিন বৰষুণ দিয়া নাছিল

আৰু
সেইবাবেই মই শোৱা নাছিলো৷
শুকান হালধিয়া পাতবোৰ গছত ওলমি ৰৈছিল
মৃত আছিল সিহঁত৷
ফাগুনৰ পছোৱায়ো আনকি
সিহঁতক
কাবু কৰিব পৰা নাছিল৷ বীৰহাস্য সিহঁতৰ বেছিহে হৈছিল৷
সেইবাবেই মই শুব পৰা নাছিলো৷
পিণ্ড নিদিলে জানো আত্মাই
মুক্তি পাব
পাতবোৰৰ মোক্ষ প্ৰাপ্তিৰ চিন্তাত মোৰ টোপনি অহা নাছিল৷
এনেদৰে দিন গৈ আছিল৷
আৰু এদিন হঠাতে
সৌ পাহাৰখনৰ চূড়াত
কাজলবৰণীয়া মেঘ এথুঁপি
উপস্থিত হৈছিলহি৷
পাহাৰখনৰ পিতৃ
ব্ৰহ্মদৈত্যজনাই আনন্দতে
দুন্দুভি বজাইছিল
দুধুম দাদাম
দুধুম দাদাম৷
বতাহজাকেও হোঁহোৱনি বঢ়াই দিছিল এটা
সম্ভাৱনীয়তাৰ প্ৰস্তাৱনাত৷
গাজনি এটায়ো নিজৰ
অৱস্থিতি ঘোষণা কৰিলে ইতিমধ্যে৷
আৰু মোৰো মনটো
লাহে লাহে ভাল লাগি
আহিব ধৰিলে৷ আজি শুব পাৰিম চাগে৷
দুন্দুভিৰ শব্দৰ দলিচাৰে
আগুৱাই
মেঘ চপৰাই হৃদয় উজাৰি দিলে৷
চৌপাশে বিয়পি পৰিল
আকুল ভিজা মাটিৰ এক
অস্থিৰ নিৰ্য্যাস৷
পীতবৰণীয়া পাতবোৰে
দীঘলকৈ উশাহ এটা টানিলে
বুকু ভৰাই৷
আৰু আশ্ৰিত হ’ল বসুমতীৰ চেনেহী কোলাত৷
বৃষ্টিস্নাতা পাতবোৰে প্ৰথমবাৰৰ বাবে
সেইদিনা
গালে মুকুতিৰ গান৷
আৰু মোৰ অপেক্ষাৰ অন্ত পৰিল৷
হেঁপাহ এটা বুকুত লৈ জীয়াই
আছিলো৷
সেই হেঁপাহত আজি মই
জাহ যাম৷
আজি মই শান্তিৰে শুম৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments