অ’ ক’লী যৌবনদৈ — কৌশিক ৰঞ্জন বৰা

জন্ম হোৱাৰ দিনা দেউতাকে কোলাত লৈয়ে তাইৰ নাম থৈছিল ক’লী। হওতে তাইৰ ৰংটো একেবাৰে ক’লাও নাছিল। তথাপি গোঁসানী হেন চেহেৰাৰ মাকজনীৰ ছোৱালী হিচাপে তাইৰ বৰণটো আৰু অলপ পোহৰ হ’ব লাগিছিল।
দুটাকৈ ৰঙা-বগা চেহেৰাৰ ককায়েকৰ পাছত জন্ম হোৱা তাইৰ বৰণটোক লৈ মাক চিন্তাত পৰিলেও বাপেকে ঢেকঢেকাই হাঁহি কৈছিল,
“খেতিয়কৰ ছোৱালী। বগী হৈ কি কৰিব।”
সেইটো বাপেকেই আকৌ বগী ঢকঢকী ভনীয়েক জন্ম হোৱাৰ দিনা দুখ কৰিছিল ডাঙৰজনী ছোৱালীৰহে ৰংটো পোহৰ নহ’ল বুলি।
ৰংটোক লৈ বিশেষ চিন্তা কৰিবলগীয়া তাইৰ হোৱা নাছিল। এনেয়ো খেতিয়কৰ ছোৱালী। ৰ’দে-বৰষুণেই ডাঙৰ হৈছিল তাই…..
কিন্তু গাৰ ছালছটাৰ বৰণটোক লৈ তাই প্ৰথম হীনমন্যতাত ভুগিছিল সিদিনা, যিদিনা লগৰ তৰু, চম্পাহঁতৰ লগত হুচৰি গাবলৈ যাওতে গাঁৱৰে মহেশ্বৰ দাইটিয়ে তাইক শুনাকৈ কৈছিল “বগলী কেইজনীৰ মাজত কাউৰীজনী কেনেকে সোমালহিনো?”
ব’হাগৰ মাহটো জুৰি তাইৰ কাণত এটা কথাই বাজি থাকিল ‘কাউৰী’…..
দেউতাকে বুজাইছিল “একে ক’লা ৰঙৰ হ’লেও কুলি চৰাইটোক মানুহে আদৰ কৰে। গতিকে ৰূপেৰে কি কৰিব তোৰ গুণবোৰেহে সংসাৰে জিনিব। বুঢ়ী হ’লেও দহে শলাগিব।”
তায়ো মূৰ দুপিয়াইছিল বুজা-নুবুজাৰ দোমোজাত। কুলি চৰাইৰ দৰে মিঠা মাত এটা ভগবানে তাইক নিদিলে। কিন্তু তাইৰ দৰে ব’হাগৰ বিহুত কঁকাল ভাঙিব পৰা নাচনী অঞ্চলটোতে নাছিল।
“ঐ ক’লী। কেৰাচিন নাই দেই! আনি থ’বিচোন!”
মাকৰ মাততহে তাইৰ তন্দ্ৰা ভাগিল।
স্মৃতিৰ পকনীয়াত কিমান পৰ ককবকাই আছিল তাই নিজেই গম নাপালে।
ভৰি-হাতকেইটা ধুই চুলি কেইডাল আঁচুৰিবলৈ বুলি মান্ধাতাযুগীয়া মাকে যৌতুকত অনা আইনাখনৰ আঁৰত থিয় দিলেগৈ। আঁচ আঁচ পৰি থকা আইনাখনে যেন তাইলৈ লাজ কৰিয়ে বেছি অপৰিস্কাৰ হৈ দিলে।
মুখখনত অ’ত ত’ত ছালখন কোঁচ খাবলৈ ধৰিছে। তথাপি তাই নিজকে সজালে। চকুত অকণমান কাজল ল’লে। কাজল লগাবলৈ লৈ তাই সদায় অলপ পৰ তভক মাৰি ৰয়।
প্ৰতাপে কৈছিল “তই কাজল ল’লে চকুকেইটাই বিজুলী মৰা যেন লাগে অ’।”
ঢোলৰ চেৱত নাচনীৰ মন বলিয়া কৰা প্ৰতাপৰ দৰে ঢুলীয়া এটা অঞ্চলটোতে নাছিল। প্ৰতাপৰ ঢোলৰ লহৰত যেন বছৰৰ গোটেইকেইটা মাহেই ব’হাগ হৈ আছিল গাঁওখনত।
পেটৰ তাড়নাত গাঁও এৰি যোৱাৰ পাছতো তাই মাজে মাজে গধুলি কাণ উনায়। কিজানি ভাঁহি আহে প্ৰতাপৰ সেই নাচনী বলিয়া কৰা চাপৰকেইটা।
নাই! ঢোলৰ চাপৰৰ সলনি ভাঁহি আহে ৰঙীণ পানীয়ৰ নিচাত অভিধান বৰ্জিত শব্দ দুটামান।
লাহে লাহে তাই মচি পেলায় বহুদিনে দেখি থকা সপোনটি। আকৌ ব’হাগ আহে। ঢোলো বাজে গাঁৱৰ অলিয়ে-গলিয়ে। তথাপি সেই বিশেষ চাপৰকেইটাৰ অনুপস্থিতিত তাই মানুহজনী ভিতৰি ভিতৰি অস্থিৰ হৈ পৰে।
ঘৰৰ পৰা ওলায়ে চাদৰখন তাই গায়ে-মূৰে মেৰিয়াই ল’লে। ফিৰফিৰিয়া বতাহজাকে গাত বিন্ধিবলৈ আৰম্ভ কৰিছে। কিছুপৰৰ পাছতে আন্ধাৰ হ’ব। পোহৰতকৈ অন্ততঃ আন্ধাৰেই ভাল। আন্ধাৰত সকলো সমান। সকলো বৰ্ণহীন। সকলো ক’লা। আন্ধাৰত তাই ছালছটাৰ বাবে হীনমন্যতাত ভুগিব লগা নহয়। মাজে মাজে তাই ভাবে সদায় আন্ধাৰেই হৈ থাকিব লাগে।
কথাবোৰ ভাবি ভাবি কেতিয়ানো পকী ৰাস্তাটোত খোজ দিলেহি তাই ধৰিবই নোৱাৰিলে। প্ৰকাণ্ড ক’লা গোম সাপ এটাৰ দৰে লাগিল ৰাস্তাটো।
খৰখেদাকৈ কেৰাচিনকণ লৈ ঘৰলৈ আহি থাকোতে তাই সদায় চোৱাৰ দৰে আকৌ সেই বিশেষ পদূলিটোলৈ ভুমুকিয়াই চালে। কিজানি ঘৰৰ ভিতৰৰ ভাঁহি আহে সেই হিয়া শাত পেলোৱা ঢোলৰ চাপৰকেইটা। আশা কৰা ভুল বুলি জানিও তাই কিয় জানো যেতিয়াই সেইফালেৰে পাৰ হৈ যায় তেতিয়াই কাণখন উনায়!
আয়তিৰ উৰুলিৰে গোত্ৰ ছিঙি ঘৰৰ পৰা ওলাই যোৱাৰ দিনাও সেই পদূলিটোৰ ফালে তাইৰ চকু গৈছিল। আকৌ শহুৰৰ ঘৰখনৰ পৰা একেবাৰে টালি-টোপোলা বান্ধি গুচি অহাৰ দিনাও তাই ভুমুকিয়াই চাইছিল সেই বিশেষ পদূলিটোলৈ। পিছে সেই দিনাও ভাঁহি অহা নাছিল তাই আশা কৰা শব্দটো। পাহৰণিৰ এলান্ধু পৰি ক্ৰমশঃ ক’লা পৰি যাবলৈ লৈছিল তাইৰ কলিজাটি।
বিয়া হোৱাৰ দুমাহৰ পাছত তাই যেতিয়া ঘৰলৈ আহিছিল, তাইৰ বাউসীত চেৰাপাতি থকা হালোৱা এচাৰিৰ দাগবোৰ দেখি মাকে কৈছিল যদি চম্পাৰ গাত এই সাঁচকেইটা বহিলহেঁতেন! তথাপি তাই শুনি আছিল কথাকেইটা। এটা প্ৰাগ-ঐতিহাসিক সাধু!
শহুৰৰ ঘৰখন এৰি একেবাৰেই গুচি অহাৰ দিনাও তাই ভুমুকিয়াই চাইছিল সেই বিশেষ পদূলিটোলৈ। আমন-জিমন কৈ চোতালখনক সামৰি বগাই আছিল জাতিলাও এজোপা। আখলৰ পৰা ওলাই থকা জান নাজান ধোৱাখিনি দেখি তাইৰ বুকুখন ঢককৈ উঠিছিল। ‘কিজানি প্ৰতাপে লখিমী আদৰিলে’ বুলি!
বাওসীৰ চেৰাপতা দাগবোৰ শুকাবলৈ ধৰিছিল লাহে লাহে…. দেউতাকে টাউনৰ ডাক্তৰৰ পৰা দামী মলম এবিধ আনি দিছিল। পুৱা-গধুলি মাকে ঢকঢকীয়া বগা হাতখনেৰে সানিদিছিল তাইৰ ক’লা বাউসীটোত। তাই জুপি জুপি মলমটোৰ নাম পঢ়িবলৈ চেষ্টা কৰিছিল। দুবাৰমান জোটাই জোটাই নামটো পঢ়িব নোৱাৰি তাই বাদ দিছিল। বাউসীৰ দাগবোৰ শুকাই গৈছিল কিন্তু মনৰ ঘাঁটুকুৰা যেন বেছিকৈ বিষাব ধৰিছিল তাইৰ। তেতিয়ালৈতো বন্ধ হৈ গৈছিল প্ৰতাপৰ লখিমী হোৱাৰ সপোনটি। এটা গৈ গৈ শেষ নোহোৱা অন্ধকাৰ বাটটোত তাই বহি দিছিল।
অকলে কুশলে থকাৰ আখৰা কৰা আৰম্ভ কৰি দিছিল তাই। ছাগলীৰ জাকটো, হাঁহকেইটা আৰু তাঁতৰ শালখনলৈ ব্যস্ত হৈ পৰিছিল তাই। তথাপি সেই বিশেষ সময়খিনিত কাণখন উনাই বাট চাইছিল তাইৰ অন্তৰৰ ঘাঁকণ শুকুৱাই দিব পৰা মলমটোলৈ। কিন্তু বাজি উঠা নাছিল সেই বিশেষজনৰ ঢোলৰ চাপৰ…..
কাহিনীবোৰ বুকুতে সামৰি তাইৰ বুকুৱেদি পাৰ হৈ গৈছিল ব’হাগৰ মাহটো। তথাপি ভাঁহি অহা নাছিল প্ৰতাপৰ ঢোলৰ চাপৰকেইটা। কংক্ৰীটৰ অৰণ্যত থাকি প্ৰতাপেও চাগৈ পাহৰি পেলাইছিল সেই অনাখৰী মালিতাবোৰ…
সময়বোৰ দৌৰিছিল ক্ৰমশঃ। ছাগলী জাকটো ডাঙৰ হৈ গৈ আছিল, হাঁহৰ জাকটো পাছফালৰ পুখূৰীটোত চৰিবলৈ ঠাই নোহোৱা হৈছিল। তাৰ মাজতে আয়তীৰ উৰুলি, মাক-দেউতাকৰ চকুলোৰ মাজৰে ঘৰ এৰি গুচি গৈছিল ভনীয়েক চম্পা। অকলশৰীয়া হৈ পৰিছিল তাই ঘৰখনত। তায়ো বাদ দিছিল অপেক্ষা কৰিবলৈ …..
খৰ খোজেৰে দোকানলৈ গৈ থাকোতে নিজম পৰি থকা সন্ধিয়াটো ব্যস্ত কৰি ক’ৰ পৰানো জানো আজি ভাঁহি আহিল সেই চিনাকী ঢোলৰ মাত! প্ৰতাপৰ নাচনীৰ কঁকাল ভঙা সেই ঢোলৰ চাপৰকেইটা…
চ’তমহীয়া বতাহজাকে কোবাই যোৱা গাটো বচাবলৈ তাই আঁটি আঁটি চাদৰখন বান্ধি ল’লে। ৰৈ ৰৈ বাজি আছে সেই ঢোলৰ চাপৰ। তাইৰ খোজবোৰ খৰ হ’ল। দোকানতে তাই হৰিশৰ মুখত শুনিলে প্ৰতাপ উভতি অহাৰ কথা। বাকচ ভৰাই নতুন বস্তু লৈ অহাৰ কথা। বাহিৰত থাকি আগতকৈ চিকুণ হৈ উঠা প্ৰতাপৰ কথা…
“যি সোপাহে বস্তু আনিছে! বহুত ধন গোটালে যেন পাও! হওক তেও! মাকজনীৰ দুখৰ দিনৰ অন্ত পৰিল আৰু! এতিয়া বোৱাৰী এজনী গোটাই ল’লেই বৌদেৱে সুখেৰে চকু মুদিব পাৰিব। বৌদেওৰ বোলে ব’হাগতে বোৱাৰী আদৰাৰ মন!”
বীৰেণ দাইটিয়ে উৎসাহৰে কৈ থকা কথাখিনি তাইৰ কাণত পৰিল।
প্ৰতাপে বিয়া পাতিব! উস্ তাইৰ প্ৰতাপ আনৰ হৈ যাব। কিন্তু আচৰিতো নহয়। তায়ো চোন গুচি গৈছিল প্ৰতাপৰ হৃদয়ৰ ৰক্তজৱা ছিঙি! কিন্তু….কাহানিও উত্তৰ নোলায় বুলি জনা অংক এটাত ওলমি থাকি কেতিয়ানো ঘৰৰ পদূলি গছকিলেহি তাই ক’বই নোৱাৰিলে।
তেতিয়াও ঢোলত ৰগৰ তুলি বাজি অছিল প্ৰতাপৰ যাদুকৰী হাতৰ বোল..
বজাৰৰ বস্তু কেইপদ সামৰি তাই ততাতৈয়াকৈ কামকেইটা কৰি আজৰি হৈ ল’লে। জুপি জুপি কেলেণ্ডাৰখন চালে। বিহুলৈ আৰু মুঠেই বিশটা দিন! তাৰ মানে ব’হাগতে প্ৰতাপে লখিমী আদৰিব। ব’হাগে লৈ অহা মৰমবোৰ তাইৰ পৰা ব’হাগেই কাঢ়ি লৈ যাব! তাইৰ আৰু ভাবিবলৈ মন নগ’ল। ভোক নাই বুলি কৈয়ে বিছনাখনত পৰি কাণ উনাই শুনিলে ঢোলৰ মাতটো। ৰৈ ৰৈ বাজি আছে চাপৰকেইটা। তাইৰ কলিজাতো খুন্দিয়ালেগৈ চাপৰকেইটাই।
“ধেই তা খিতি তাই ধেই তাতা খিতি তাও ধেই তাতা ধেই ধেই….”
এখন পঢ়ি ভাল লগা উপন্যাস আধাতে জপাই থৈ তাই ব্যস্ত হ’ল সময়ক লৈ। বিহু বুলিলেই দেধাৰ প্ৰস্তুতি। তাতে মাকে আজিকালি অকলে চম্ভালিব নোৱাৰে। ছাগলীকেইজনীক দানা খুৱাই থাকোতে তাই আঙুলিৰ মূৰত গণি চালে বিহুলৈ আৰু আঠটা দিনহে আছে। কেইদিনমানৰ পৰা গধূলি গধূলি প্ৰতাপৰ ঢোলৰ শব্দও শুনা নাই তাই। হয়তো ঘৰত নাই সি। পৰহি জুনুকা পেহীৰ ঘৰলৈ যাওতে তাই সেই বিশেষ পদূলিটোলৈ ডিঙি মেলি চাইছিল। কিন্তু দেখা নাপালে তাক। ‘এবাৰ চাবলৈ পোৱা হ’লে’- মনতে ভাবিছিল তাই।
সিদিনা দিপালীয়ে কৈছিল, গোৱাল গাঁওৰ ফালে ছোৱালী চাবলৈ যোৱাৰ কথা। এৰা আৰু কেইটানো দিন তাৰ পাছত প্ৰতাপ আনৰ হৈ যাব…..
হঠাৎ চেঁচা চেঁচা কিবা এটাৰ পৰশ পৰাতহে তাইৰ হুছ আহিল। অলপ অলপ বৰষুণ পৰিবলৈ আৰম্ভ কৰিছে। লৰালৰিকৈ কাপোৰখিনি তাই সুমুৱাবলৈ ব্যস্ত হৈ পৰিল।
অসময়ত বৰষুণ জাক আহিল। গধুলিলৈকে অলপ অলপকৈ দি থাকিল। তাৰ মাজতে বৰষুণৰ শব্দক তল পেলাই হঠাৎ বাজি উঠিল প্ৰতাপৰ ঢোলৰ ছেও… কলিজাৰ ঘাঁটুকুৰা আকৌ বিষাবলৈ ল’লে। ক’ৰবাৰ পৰা কপৌফুলৰ গোন্ধ এটা ভাঁহি আহি তাইৰ নাকত লাগিলহি। তাই ৰুমৰ পৰা ওলাই আহি বাৰান্দাত বহিলহি। কপৌ আৰু তগৰৰ গোন্ধৰ লগতে বৰষুণৰ কবিতাৰ যুগলবন্দীটো উপভোগ কৰি থাকিল।
হঠাৎ কোনোবা এজন সিহঁতৰ পদূলিৰে সোমাই অহা যেন পালে তাই। প্ৰতাপ! এৰা প্ৰতাপেই হয়। তাই ছাঁ-পোহৰৰ মাজতে মুখখন চিনাত ভুল নকৰিলে। তাই বহি থকাৰ পৰা উঠি গৈ ভিতৰ পালেগৈ। ইতিমধ্যে প্ৰতাপ আহি চ’ৰাঘৰত বহিছিল। দেউতাকৰ লগত কিবা কথা পতা শুনি তাই কান উনালে। নিশ্চয় তাৰ বিয়া ঠিক হোৱাৰ খবৰ দিবলৈ আহিছে। কিন্তু একোচোন শুনা নাপালে তাই….
চাহ খাই প্ৰতাপ যাবলৈ উঠিল। তেনেতে মাকে তাইক মাত দিলে “ঐ প্ৰতাপ যায়গৈ। মাত এষাৰ দে হি আকৌ!” মাকৰ মাতত কিবা এক উলাহৰ ভাব।
তাই থেৰোগেৰো কৰি ৰুমৰ পৰা ওলাই আহিল। প্ৰতাপৰ সন্মুখত নিজকে থিয় কৰাবলৈ তাই যেন অপ্ৰস্তুত! তথাপি তাই থিয় হ’ল তাৰ মুখৰ আগত। আঁৰ চকুৰে তাৰ মুখলৈ চালে। আগতকৈ বহুত চিকুণ হ’ল সি। মুখত অলপ দাড়িও ৰাখিছে ..
“ভালে আছ?”
কি প্ৰশ্ন সুধিছে প্ৰতাপে! ভালে থকাৰ আখৰা কৰি থকা মানুহজনীক এইটো প্ৰশ্ন কিয় কৰিব লাগে সি। অনামী বিষাদে তাইৰ বুকুত খুন্দিয়াই গ’ল। তথাপি নিজক চম্ভালি তাই কৈ উঠিল,
“আছোঁ আৰু! আপুনি বহুত দিনৰ মূৰত আহিছে!”
“এৰা, চাৰে চাৰি বছৰেই হ’ল। তই একেই আছ। কথা এটা আছিল তোৰ লগত। দাইটিক কৈছোৱেই বাৰু। তথাপি তোৰ পৰাও জানি ল’ব বিছাৰিছোঁ।”
“কথা?” তাহানি হাইস্কুলত শইকীয়া ছাৰৰ ইংৰাজী গ্ৰামাৰৰ প্ৰশ্নৰ উত্তৰ দিবলৈ লোৱাৰ আগমুহূৰ্তত নাৰ্ভাছ হোৱাৰ দৰে আজিও নাৰ্ভাছ হ’ল তাই। ওঁঠখন দাঁতকেইটাৰে কামুৰি তাই ভাবিবলৈ ধৰিলে কি কথা থাকিব পাৰে প্ৰতাপৰ তাইৰ লগত!
তাইৰ ভাবৰ যতি পেলাই হঠাত মাকে মাত লগালে,
“মামন, প্ৰতাপে তোক বিয়া কৰাব খোজে হেনো!”
শেষৰ ফালে মাকৰ মাঁতটো কঁপিছিল। হয়তো ওলাও ওলাও কৈ থকা কান্দোনটো বন্ধ কৰিবলৈ কৰা চেষ্টাৰে ফল এইটো।
কি কৈছে মাকে এয়া। প্ৰতাপে তাইক বিয়া কৰাব! কথাষাৰ শুনি দৰক লাগিল তাই। মাথোঁ মূৰ জোকাৰি মাটিত বহি পৰিল।
“তোক ভাবিবলৈ সময় দিছোঁ। মই বাট চাম।” কথাষাৰ কৈ প্ৰতাপ অহা বাটেৰে গুচি গ’ল।
অলপ সময়ৰ পাছত আকৌ নিশাৰ নিৰ্জনতা ভেদি বাজি উঠিল প্ৰতাপৰ ঢোল। ঢোলৰ চাপৰবোৰে যেন খহাই পেলাইছে অতদিনে গোটমাৰি শিল হৈ থকা তাইৰ কলিজা। বৰষুণজাক তেতিয়ালৈ এৰিছিল। কপৌ ফুলৰ গোন্ধটো আকৌ তাইৰ নাকত লাগিল। তাই বাহিৰলৈ ওলাই আহি বেন্সখনত বহি পৰিল।লাহে লাহে তাইৰ কলিজাৰ ঘাঁকণ যেন শুকাবলৈ ধৰিছে…
তেনেত ঢোলৰ শব্দৰ লগতে ভাঁহি আহিল বিহু নাম এফাঁকি
“অ’ ক’লী যৌবনদৈ
মাৰক ক’বিগৈ
বাটতনো লগে পালে
জোৱাই বুলিবলৈ”


Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক