অ.ক.বৰ বনভোজ আৰু সাহিত্যৰ আড্ডা

(সম্পাদকৰ টোকাঃ ১৮ ডিচেম্বৰ, ২০১১ তাৰিখে অ.ক.ব. গোটৰ কেইজনমান সদস্যই মিলি এসাজ মিলিজুলি খাবলৈ ব্ৰহ্মপুত্ৰৰ বালিচৰলৈ যায়। তেওঁলোকৰ অনুভৱ ব্যক্ত কৰা লিখনীকেইটা একেলগে গোটাই আগবঢ়াই দিলো।)

 

ম‍ই,সাহিত্যৰ আদ্দা,খোজনীয়া মানুহ,প্ৰীতিভোজ,ৰীতা বাউদেউ ইত্যাদি ইত্যাদি…..

(প্ৰদ্যুৎজ্যোতি শইকীয়া)

কোনটো তাৰিখত আছিল? পাহৰিলো| পঙ্কজদাৰ লগত হোৱা ব্যক্তিগত বাৰ্তালাপত উলাইছিল “সাহিত্যৰ আদ্দা আৰু প্ৰীতিভোজৰ কথা”| মানে গেট-টুগেদাৰ টাইপ|মোক ক’লে তইয়েই আৰম্ভণী কৰি দেছোন|কিমান সঁহাৰি আহে চাঁও| কথা মতেই কাম| অ কে বছ বুলি দিলো এটা আপদেট মাৰি| ৰাইজৰো চেগা চোৰোকাকৈ সঁহাৰি আহিবলৈ ধৰিলে| তাৰ পাচত ধ্ৰুবদা,জ্যোতিদা, দেবব্ৰত্দা আৰু হৃষীৰাজদাই মিলি জঁকাটো তৈয়াৰ কৰি পেলালে| মানে ১৮ তাৰিখ ফাইনেল হ’ল| প্ৰথমেটো ২০ জনৰ ওপৰত মানুহে লাইক বুটামটো টিপিলে| পাচতহে গম পালো | মানে প্ৰমাণেই পালো| কিছুমানে সেইটো চখতহে টিপে| শেষত টানি আঁজুৰি ১৩ জন ওলাল| তাকো শেষ মূহুৰ্তলৈকে অনিশ্চয়তা| কোন  যাব কোন নাযাব| পিছে সকলো কথা বাদ দি যদি ভোজ নহয় তেন্তে দেবব্ৰত ককাইদেউৰ ঘৰতে দবনি পিটি এসাঁজ খাম বুলি ১৫ তাৰিখৰ সন্ধিয়া ৭.৩০ৰ বাছ এখনত খিৰীকিৰ ফালে টিকট এটা কাটি পেলালো ৩৪০ টকা গাঁঠিৰ ধন ভাঙি| ৰাইজ গাঁঠিৰ ধন বুজিটো পাইছেই মইটো গাঁৱলীয়া ডাক্তৰ|

গাড়ীলৈ বুলি ওলাই আহিলো ৬.০০ বজাতেই| আগতীয়া উদ্দেশ্য শ্ৰীমা হোটেলত ভালকৈ চাহ একাপ খোৱা| স্থান বদৰপুৰ বাছষ্টেণ্ড| চাহৰ হোটেলত সোমাবলৈ লওঁতেই মুখৰ আগত নিশকতীয়া ক’লা হাত দুখন আগবাঢ়ি আহিল| উদ্দেশ্য ভিক্ষা| কাঠেৰে সজা এখন গাড়ীত বহি থকা মানুহটোৰ তললৈ চাঁওতেহে গম পালো তেখেতৰ ভৰি দুইখন আঁঠুৰ পৰা তললৈ নাই| সুধিবৰ সাহস নহ’ল| কাৰণ তেনেকুৱা মানুহ দেখিলেই মইে বৰ অস্বস্তিত পৰো| টকা দহোটা হাতত গুজি দি সুধিলো “কি কৰিবা এই টকাৰে?” চাউলৰ দোকানখনৰ ফালে আঙুলিয়াই ক’লে “চাউল ল’ম ছাৰ”| “ঘৰত পোনাটি অকলে আছে” তিনিবছৰ হৈছেহে তাৰ, ছাৰ”| ছাৰ শব্দটোৱে মোৰ কাণত ডবা কোবাই থৈ গ’ল| মানে সি মোক চিনি পায়| মোৰ পকেটত তেতিয়া চাৰিখন সদ্য এ.টি.এমৰ পৰা উলিয়াই অনা ৫০০ টকীয়া নোট আছিল| কিন্তু মই দিব নোৱাৰিলো তাক| কাৰণ মই যে আধুনিক সমাজৰ এটা স্বাৰ্থপৰ মানুহ| সি বল বিয়েৰিং বিহীন গাড়ীখন ঠেলি ঠেলি গ’লগৈ| ৰাস্তাৰ স’তে হোৱা গাড়ীখনৰ চকাৰ ঘৰ্ষণৰ ফলত উত্‍পন্ন হোৱা ঘৰ্‌ ঘৰ্‌ শব্দটো মোৰ বুকুত বহুত সময় বাজি থাকিল| দীঘলীয়া হুমুনিয়াহ এটা ওলাল|চাহ খোৱা ন্হ’ল| গ’ল্ড ফ্লেক চিগাৰেট এটাকে জ্বলাই দিলো| যাওঁক জ্বলে যদি বুকুখনকে জ্বলক| সেইটো ভাৱত|

অৱশেষত গাড়ী আহিল| জগন্নাথ ট্ৰেভেলছৰ গাড়ী| অলপ সময় যোৱাৰ পাছতেই যাত্ৰীক ভাত খাবলৈ সময় দি গাড়ীখন ৰ’ল| কালাইনত| সুধি গ’ম পালো আজিকালি হেনো মেঘালয়ত গাড়ী নাৰাখে| খাই বৈ উঠি আকৌ এটা চিগাৰেট জ্বলিল| অকস্মাতে আহি ওলাল আমাৰ হস্পিতাল থকা পঞ্চায়তৰ প্ৰেচিডেণ্ট মহোদয়| চিগাৰেট লুকুৱাৰ সময়কে নাপালো| জ্বলিয়েই থাকিল| তেওঁ প্ৰায় চিত্‍কাৰ কৰি উঠিল| “কি কৰছে আপনি শইকীয়া বাবু? অত চোট বয়সে চিগাৰেট| খাইন না জানি আৰ।” এইবাৰ ভঙা ভঙা অসমীয়াত “এনেকে খালেতো আপোনাৰ খাৰাপ হ’ব| আজিকালি বাছতো বেছ মানুহে খায়| দলিয়াই দিলো চিগাৰেটটো| লাজেই পালো মই | পিছে ক’ত যায় সোধাত ফাঁকি মাৰিলো “ঘৰত আজকে গেছ ছেছ| ভাত খাৱাৰ লাগি আইছিলাম।” আৰু দুই তিনি মিনিট কথা পাতি তেখেত হোটেলৰ ভিতৰলৈ গ’ল| সেই চেগতে গাড়ীত উঠি ১৮ নম্বৰ চিটত লগত অনা পাতল ক্পাহী কাপোৰখনেৰে গা মূৰ ঢাকি পেলালো| ভাত ঘুমটিয়ে হেঁচি ধৰিলে| পিছে মাইকী মানুহৰ কাঁহৰ শব্দ এটাত সাৰ পালো| নাকত চিগাৰেটৰ গোন্ধ লাগিল| খাঁওতাজনক দেখি চকু কপালত উঠিল| প্ৰেচিডেণ্ট মহোদয়| মই এনেও ৰাজহুৱা ঠাইত ধুমপান কৰাৰ পৰিপন্থী| পিছে বৰাক ভেলীলৈ অহা গাড়ীত বৰাক ভেলীত সোমোৱাৰ পাছত বাছৰ ভিতৰত চিগাৰেট জ্বলি উঠা কথাটো কোনো ডাঙৰ কথা নহয়| কাৰণ ইয়াত প্ৰায় ৮-৯ বছৰ বয়সৰ পৰা বিড়ি খোৱা আৰম্ভ কৰে| আওকান কৰিলো সেই কাৰণে| অলপ দেৰি ফেচবুকাই শুই পৰিলো গাড়ীৰ চিটতেই|

সাৰ পালো ছিলঙত জাম লাগোতে| চৰকাৰে খুব ফটা ঢোল বজাইছে| ৪ লেন হাইৱে ৪ লেন হাইৱে! পিছে তাৰ বহুত বছৰ আগতে কাম আৰম্ভ কৰা লামডিং আগৰতলা ব্ৰডগজ ৰেলপথটোকে দেখোন ঠিক কৰিব পৰা নাই| ছিলঙত ফঁচিলো চাৰি ঘণ্টা| মুঠতে সকলোবোৰ মিলাই ১২ ঘণ্টাৰ ঠাইত লাগিল ১৭ ঘণ্টামান| মানে ১১.৩০ বজাত পালোগৈ গুৱাহাটী| গৈয়েই ঢলি পৰি দিলো বিচনাত| লগত সাৰথি ফেচবুক| পিছে ভবা কথা নহয় সিদ্ধি বাটত আছে কনা বিধি| সেইটোৱেই হ’ল| আই মাতৃ ককাইদেউ সহিতে বাহৰ পাতি আছেহি গুৱাহাটীত| স্বাস্থ্যজনিত কাৰণত| ইফালে “সাহিত্যৰ আদ্দা আৰু প্ৰীতিভোজ”ৰ আলোচনাৰ বাবেও যাব লাগে| মাতৃক আগস্থান দি কামবোৰ শেষ কৰি বিদায়ৰ সেৱা এটি দি দেৱব্ৰত দালৈ ফোন কৰোঁতে প্ৰায় ৮ টাই বাজিল| মানে মিটিং শেষ| বিষাদ মনেৰে গণেশগুৰিৰ আত্মীয় ককাইদেউৰ ঘৰতে ৰাতিটো থকাৰ দিহা কৰিলোঁ| মানে কটালো ৰাতিটো| ৰাতি ফোন আহিল পঙ্কজদাৰ পৰা| কালিলৈ  ওলাবি অংকুৰদাৰ ফ্ৰেণ্ডচৰ উন্মোচনী অনুষ্ঠানলৈ যাম| কথা মতেই কাম| পুৱা গা পা ধুই পঙ্কজদাৰ ব্যক্তিগত গাড়ীত বি.বৰুৱা কলেজ অভিমুখে ৰাওনা  হলো| তাতেই লগ পালো অংকুৰদাক| আমেৰিকাৰ মাইক্ৰছফটত কাম কৰিও আমাৰ অসমৰ কথা ভবা ঈশ্বৰ সদৄশ অংকুৰদাক| লগতে পালো ৰিয়েল লাইফ হিৰ’ কেইজনমানক| প্ৰথমেই নাম লব লাগিব উত্তম টেৰনৰ| পাৰিজাত একাডেমিৰ উত্তম টেৰন| কনমানি শিশুৰ ভৱিষ্যতৰ কাৰণে কাম কৰা উত্তম টেৰন সঁচাই এজন হিৰ’| মুম্বাইত আই বি এন ১৮য়ে দিয়া ৰিয়েল হিৰ’ এৱাৰ্ডটো যেন সৰু হৈছে তেওঁৰ কামৰ আগত| তাৰ পাছত আছে শাৰীৰিক আৰু মানসিক ভাৱে বাধাগ্ৰস্ত শিশুৰ হকে কাম কৰা লানু এ. আইমল| আৰু বহু কেইজন আছিল| প্ৰত্যেকেই একো একো জন বাস্তৱৰ হিৰ’| তাতে লগ পালো নাট’ৰ অৱসৰ প্ৰাপ্ত বিষয়া ডক্টৰ. আথিকুল এইচ লস্কৰ ডাঙৰীয়াক| তেওঁৰ গুৰু গম্ভীৰ ভাষণে মোক প্ৰায় মুহিয়েই পেলালে| ৪০ বছৰ ধৰি আমেৰিকাতে থকা লস্কৰ ডাঙৰীয়াই অসমৰ কাৰণে যে এতিয়াও ভাবে| নিজৰ জন্মভূমিখনৰ কাৰণে| নিজৰ ভাষাটোৰ বাবে| মিটিঙৰ সামৰণী পৰিল পঙ্কজদাৰ ভাষণেৰে| খুব ধুনীয়াকৈ পঙ্কজদাই যুৱ প্ৰজন্ম আৰু দায়বদ্ধতাৰ বিষয়ে ক’লে| আমি সমাজৰ বাবে কি কৰিব পাৰোঁ| নিজৰ আয়ত্বৰ ভিতৰত থকাৰ পৰাই| তাৰ পাছত আমাৰ ৱেৱছাইট সাহিত্য.অৰ্গৰো শ্লাইদ প্ৰদৰ্শন কৰা হ’ল| লগতে অ.ক.বৰো| সাহিত্য আৰু টেকনল’জীৰ সংমিশ্ৰণ| লগতে এটা খুব জৰুৰী কথা ক’লে পঙ্কজদাই ইন্টাৰনেটৰ সাহিত্যবোৰৰ যদি প্ৰিণ্টিং মিডিয়াৰ সতে জড়িত নহয়, তেন্তে ইয়াৰ সফলতা কমি যায়| এইদৰে সামৰণি পৰিল মিটিঙৰ| তাৰ পাছত আমি লগ ধৰিলো আমাৰ বনভোজৰ কোষাধক্ষ্য জ্যোতিদাক| থুতুৰিত চুটিকৈ দাড়িৰে মানুহজন বেছ ৰসাল| ৬ টা বজাত প্ৰীতিভোজৰ বজাৰ কৰাৰ প্ৰতিশ্ৰুতি দি আগদিনাৰ দিহা মতেই এৰাএৰি হ’লো| মই পালোগৈ চিকিত্‍সা শিক্ষা বিভাগৰ সঞ্চালকৰ অফিচ| দুই ঘণ্টা মাথা মাৰিও কাকো লগ কৰিব নোৱাৰি ওলাই আহিলো| তেনেতে এটা ফ’ন| জাগৰণ থিয়েটাৰৰ পৰি দেৱীৰ| “নাটক চাই যদি আহক, হাতীগাঁৱলৈ”| ঘড়ী চাই দেখোঁ ৫.৪৫| মানে প্ৰীতিভোজৰ বজাৰ শেষ চাগৈ(পাছত ল’গ পালে পিটন নিদিব দেই, প্ৰীতিভোজৰ ৰাইজসকল, ক্ষমাহে| সাত পাঁচ গনিবলৈ বাদ দি জপিয়াই উঠিলো ট্ৰেকাৰ এখনত হাতীগাঁৱলৈ বুলি| তাতেই ল’গ পালো ফেচবুকত স’ততে লগ পাই থকা ময়ূৰী বাইদেউক| পোনচাটেই “ঘৰ-সংসাৰ”ৰ কথা| লগতে “কামোৰ” দিবলৈ নেপাহৰিলে “তুমি বহুত পোৱালি দেই”| নাটক চালো| হেমন্ত দত্তৰ “লাজ”| ভাল লাগিল (সেইখনৰ বিষয়ে পিছত লিখিম)| পৰি দেৱী আছিল নিগেটিভ চৰিত্ৰত| সুন্দৰ অভিনয় সকলোৰে| ১০ টা বজাত আহি গনেশগুৰি পালো| তাতে ঘটিল কাণ্ড এটা| প্ৰায় সকলো দিশে ভাল (মানে হাত মূৰ আৰু বাকী অংগৰ কথা কৈছো) বোকাৰে লুতুৰি পুতুৰি ডেকা মানুহ এটাই হাত পাতিলেহি| মই  তেতিয়া গনেশগুৰিৰ ৱাইন শ্বপ এখনৰ বাহিৰত| পাঁচটকা দিলো| পিছে সি সেই পাঁচ টকা মিলাই পকেটৰ পৰা আৰু অলপ টকা উলিয়ালেহে| মই  অবাক| কি কৰে ই? তাৰ পাছত ৱাইন শ্বপৰ পৰা কিনি আনিলে এটা ৰামচন্দ্ৰ (ৰাম)| চানাৱালাৰ পৰা চানা এমুঠি খুজি গলিয়াই গলিয়াই মোক আচৰিত কৰি ৰামচন্দ্ৰটোৰ আধা গলাত ঢালি আধা পকেটত সোমোৱাই ঢেলেং পেলেং খোজেৰে আঁতৰি গ’ল সি| বেঙেমুতা গৰুৰ দৰে মই চাই থাকিলো| চানাৱালাটোৱে ক’লে “ভাইচাব ৱ ল’গ এইচাহি হেই| মেই ইন ল’গ’ ক’ ৰ’জ দেখতা হু”| ময়ো বদৰপুৰত লগ পোৱা দুই ভৰিবিহীন মগনীয়া আৰু ৰামচন্দ্ৰ খোৱা মগনীয়াৰ ক্থা ভাবি ভাবি ককাইদেউৰ ৰুমলৈ গুচি অহিলো| শুই থাকোতেহে মনত পৰিল গ্ৰন্থমেলা যোৱাই নহ’ল আজি| ইফালে দেৱব্ৰতদাক ফ’ন কৰিলো| বজাৰ কৰি শেষ| মানুহবোৰ আশংকাত ভুগিছে| আহিবনে সকলো? আমাৰ(?) পৰম আকাংক্ষিত “সাহিত্যৰ আদ্দা আৰু প্ৰীতিভোজলৈ”?

পিছদিনা ৰাতিপুৱা ৮.০১ত শুই উঠি বাথৰুমলৈ যাওঁতেই জ্যোতিদাৰ ফ’ন| গাড়ী আহিল| সোনকালে ওলোৱা| জ্যোতিদাৰ লাইন কাটিছোহে| ধ্ৰুৱদাৰ ফ’ন| ময়ো আহি ৰৈ আছোঁ| জীৱনত কিজানি সেইদিনাই দুই মিনিটতে মোৰ গা ধোৱা হ’ল| লৰালৰিকৈ আহি ধ্ৰুৱদাক লগ কৰিলো| পুৰী তিনিখন ফটাফট মুখত গুজি দিলো| কিবা এটা খাই ল’লে ভাল| সেই সময়তে আহি পালে পঙ্কজ নেওগদা, অয়নদা, দীপাংকৰদা আৰু কৌশিক| কৌশিকক আকৌ ভাইটী বুলি মাতি বৰ ভাল লাগে| কাৰণ গোটেইসোপাৰ মাজত একমাত্ৰ সিহে মোতকৈ সৰু! তাৰ পৰা সকলো উঠি যাত্ৰা আৰম্ভ কৰিলো জু তিনি আলি| দেৱব্ৰতদা আৰু বৌক লবলৈ| বৌহঁত নিজৰ গাড়ীতেই যাব| আমি মাত্ৰ স্ক্ৰীণ আৰু বাঁহৰ খুঁটা ললো| তাৰ পাচত আৰু ৰবলৈ সময় নাই| তেতিয়াহে অকনমান মুখলৈ পানী আহিল| মানে ভোজটো হ’ব| আদ্দাও হ’ব| তথাপি আৰু এটা আশংকা থাকি গ’ল, ৰীতাবাইদেউ আহে বা নাহে? সেই বিলাক চিন্তা ভাৱনা বাদ দি বাটত বিকাশদা, মিল্ট্নদা আৰু ধনজী‍তদাক উঠাই ল’লো| লগত ল’লো দৈ| মানে জ্যোতিদাই ল’লে| তাৰ পাচত আমাৰ গন্তব্যস্থান হাতীশিলা অভিমুখে গাড়ী দৌৰিল| মাজতে আকৌ খৰি ল’লো| লগতে ফ্ৰেছ হ’বৰ বাবে একাপ চাহ| চাহৰ দোকানতে চিনাকি হ’ল চিলেটৰ পৰা বাংলাদেশ স্বাধীন হ’বৰ সময়ত ভাৰতলৈ গুচি অহা মণ্ডল উপাধিৰ বয়স্ক মানুহ এজনৰ লগত| অলপ চিলেটী পাগুলি ল’লো মণ্ডল কাইৰ লগত| ধেমালি কৰিবৰ মনেৰেই মোৰ ছদ্মনাম ক’লো “আফতাব আলি”| বাকী আমাৰ লগত থকা দুই এজনৰ মুখটিপা হাঁহি| চাহ খাই আকৌ যাত্ৰা| ১০ মিনিট পাছত পালোগৈ হাতীশিলা| আমাৰ বনভোজৰ ঠাই|

গাড়ীৰ পৰা নামিয়েই ঠাই বিছৰাত লাগিলো| লগত ধ্ৰুৱদা আৰু নেওগদা| ঠাই বিচাৰি হোৱাত স্ক্ৰীণ ফিটিং আৰু পৰিষ্কাৰত লাগি গ’ল আমাৰ কৰ্মদ’ল বাহিনী| প্ৰথমে ওপৰত ছামিয়ানা দিয়াৰ কথা ভৱা হৈছিল| পিছে যিহে বতাহ, ছামিয়ানা উৰুৱাই ক’ৰবাত পেলালেগৈহেঁতেন| তাৰ পাছত তিনিদিশ বেৰা দি প্ৰথমে কণী সিদ্ধ কৰা হ’ল| তাৰ পাছত টেকেলি পিঠা আৰু কণীৰ সৈতে চাহ| জ্যোতিদাই ছটামান খালে| বকাসুৰ! তাৰ পাচত পাচলি কটা পৰ্ব| তাৰ মাজতে মিতালীবাৰ ফ’ন| সকলোৰে খবৰ ল’লে| বেচেৰী মিতালী বাইদেৱে যে বাৰুকৈ মিছ কৰিলে গম পালো আমি| ধ্ৰুৱদা আৰু মই ব্যস্ত হ’লো অলপ ল’ৰালিকাললৈ উভতি যোৱাৰ প্ৰচেষ্টাত| মানে লুইতৰ বালিচৰত বালি ঘৰ সাজি| তেতিয়ালৈকে আকৌ আমাৰ পঙ্কজ বৰা ডাঙৰীয়াৰ দেখাদেখি নাই| বুকুখন এনেই বিষাই গ’ল| কালি যাবৰ পৰত কৈ গৈছিল পঙ্কজদাই “মোৰ অলপ ঘৰুৱা প্ৰব্লেম আছে।” গৈয়েই ঘুৰি আহিম। এতিয়া দেখোন ঘূৰি যাবলৈও দেখা দেখি নাই। কৃষ্ণ ১২ জনেই প্ৰীতিভোজ খাম নেকি? পিছে খানা পিনা তৈয়াৰ কৰাৰ মাজতে পঙ্কজদাৰ ফ’ন “ৰীতাবাইদেউক লৈ আহি আছো| তই অলপ আগবাঢ়ি আহ।” তেতিয়াহে মুখলৈ পানী আহিল| ৰীতা বাইদেউ আহিছে যেতিয়া সাহিত্যৰ আদ্দা নিশ্চয় হ’ব| ধ্ৰুৱদা আৰু মই ৰীতা বাইদেউক আগবঢ়াই আনিবলৈ গ’লো| আনিবলৈ যাঁওতে আমাক আচৰিত কৰিলে ৰীতা বাইদেউৰ লগৰ দুজন অতিথিয়ে| দিলীপদা আৰু নতুন প্ৰজন্মৰ লেখিকা মনালিছা শইাকীয়া| সেই সময়ত মোৰ কেনে লাগিছিল তাক আৰু কলমৰ ভাষাৰে বুজাবলৈ মোৰ অলপ অসুবিধা| সাহিত্যৰ আদ্দা বাৰুকৈয়েই জমিব তাৰ মানে আজি| অতিথি আপ্যায়নত আগভাগ ল’লে জ্যোতিদাই| অতিথি আপ্যায়নৰ পাছত আৰম্ভ হ’ল আমাৰ আদ্দা| আদ্দা মানে অন্তৰংগ আলাপ| ৰীতা বাইদেউক উদ্দেশ্যি উত্‍সাহী অ.ক.বৰ সদস্যৰ প্ৰশ্ন| যেন তৰাটিকে ঢুকি পালো আজি| জনপ্ৰিয় লেখক বা আন কোনো ক্ষেত্ৰৰ জনপ্ৰিয় মানুহ ওচৰত থাকিলে তেনেকুৱাই হয় চাগে| ৰীতা বাইদেউৱে ক’লে, “মানুহৰ মাজত এটা পোহৰ থাকে| সেই পোহৰটো লৈয়েই মানুহ জীয়াই থাকে| যদি তুমি তাক ভাল কামত লগোৱা তেন্তে ই ভাল ফলেই দিব| আৰু যদি বেয়াত লগোৱা তেন্তে বেয়া হ’ব| সমাজত আৰু কিছুমান মানুহ আছে যিবিলাকে তোমাৰ এই পোহৰটো শুহি ল’ব বিছাৰিব| নাযাবা তেনেকুৱা মানুহৰ ওচৰলৈ| তেনেকুৱা মানুহেৰে ভৰি আছে এই সমাজ।” ৰীতা বাইদেউৰ এই শাৰী কথাই চুই গৈছিল মোক| ৰীতা বাইদেউৱে উপন্যাস সন্দৰ্ভত ক’লে, “উপন্যাস এখন লিখোঁতে সকলো মন কৰিব লগা হয়| সমাজ ব্যৱস্থা, চৰকাৰ, অৰ্থনীতি আৰু আন আন আনুসাংগিক উপন্যাসখনৰ লগত জড়িত বস্তু| কিন্তু তোমাৰ যিটো অন্তঃ দৄষ্টি, সেইটো তুমি উপন্যাসখনত সঠিক ভাৱে পেলাব পাৰিব লাগিব| তুমি নায়ক বা নায়িকাক যি ৰূপতেই উপস্থাপন নকৰা কিয়| তাৰ সপক্ষে তোমাৰ হাতত (উপন্যাসৰ মাজতেই) যুক্তি থাকিব লাগিব| তেতিয়াহে উপন্যাসখনে পূৰ্ণতা পাব| তেতিয়াও তুমি সফলতা আহিব বুলি ক’ব নোৱাৰা| সেইয়া পাঠকে নিৰ্ধাৰণ কৰিব।” এইদৰে বহুত ভাল ভাল কথাই কৈ গৈছিল ৰীতা বাইদেৱে| বহুত ধন্যবাদ ৰীতা বাইদেউক| বহুত নজনা কথা শিকিলোঁ| আন এগৰাকী প্ৰখ্যাত লেখিকা মনালিছা শকীয়াইও বালিচৰত বহি বহি সাহিত্য সম্বন্ধে বহুত কথাই ক’লে| দিলীপদাইও অন্তৰংগ আলাপত থাকি শোভা বঢ়ালে| তাৰ পাছতেই আহিল  আমাৰ ভোজন পৰ্ব| ৰান্ধনি গণেশৰ মাছ আৰু মাংস তৰকাৰীৰ সোৱাদ এতিয়াও জিভাত লাগি আছে| শেষত শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানৰ সামৰণি পৰে| আমিও ৱিংগাৰত উঠি নিজ নিজ বাসস্থানলৈ উভতি আহোঁ এসোপামান অভিজ্ঞতা আৰু স্মৃতি লগত লৈ| ধন্যবাদ “অসমীয়াত কথা বতৰা”|

 

 

দেৱব্ৰত গগৈঃ

‎18 ডিচেম্বৰ 2011চন দেওঁবাৰে গুৱাহাটীৰ হাতীশিলাত অ.ক.বৰ সক্ৰিয় সদস্যসকলৰ উদ্যোগত অনুষ্ঠিত হোৱা বনভোজ আৰু সাহিত্যৰ আড্ডাত বহুকেইটা বিষয়ৰ থুলমুলকৈ আলোচনা হয় । বিষয়বোৰ তলত চমুকৈ ঊল্লেখ কৰিলো । আড্ডাত উপস্থিত থকা কোনো সদস্যই বা আন উপস্থিত নথকা সদস্যইও বিষয়বোৰৰ ওপৰত আলোকপাত কৰিব পাৰে ।

1. উপন্যাস আৰু গল্প কেনেকৈ লিখে তাৰ ওপৰত চমু আলোচনা হয় ।

2. অসমৰ খাদ্য সুৰক্ষাৰ ওপৰত আলোচনা হয় ।

3. ৰীতা চৌধুৰী বাইদেউৰ উদ্যোগত আৰম্ভ কৰা “আধাৰশিলাৰ” অহা 2012 চনৰ জানুৱাৰী মাহৰ প্ৰথমভাগতে স্থায়ী গৃহৰ পৰা কাম কাজ আৰম্ভ হব । আড্ডাত “আধাৰশিলাৰ” আন আন দিশৰ ওপৰতো আলোচনা হয় ।

4. অ.ক.ব আৰু সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা গল্প , কবিতা , প্ৰৱন্ধ আৰু আন আন লেখা সমুহৰ অসমৰ বিভিন্ন কাকত আলোচনীত প্ৰকাশ হোৱাৰ বিষয়ে আলোচনা ।

5. এজন ব্যক্তি সাহিত্যিক হোৱাৰ প্ৰাথমিক চৰ্ত সমুহৰ ওপৰত আলোচনা ।

6. প্ৰবীণ প্ৰতিস্থিত লেখকৰ নতুন চাম লেখকৰ প্ৰতি সহাঁৰি দিয়া-নিদিয়াক লৈ আলোচনা ।

 

সাহিত্যৰ আড্ডা, প্ৰীতিভোজ আৰু মোৰ অনুভব (জ্যোতি প্ৰকাশ নাথ)

বহুতো জল্পনা-কল্পনা আৰু অনিশ্চয়তাৰ মাজত অৱশেষত আমি সুকলমে সকলোখিনি সমাধা কৰিলো, প্ৰীতিভোজ হৈ গ’ল লগতে সাহিত্যৰ আড্ডাও । আয়োজক সমিটীৰ প্ৰথম সভাখন আহ্বান কৰি নিৰ্দিষ্ট সময়তকৈ যেতিয়া অলপ দেৰিকৈ উপস্থিত হৈ দেখিলো মাত্ৰ চাৰিজন সদস্য (মোৰে সৈতে পাঁচজন) মনটো একেবাৰে মৰি গৈছিল, তথাপিও মনৰ ভাৱৰ বহি:প্ৰকাশ নকৰি আন সকলৰ লগতে সমানে আলোচনাত ভাগ লৈছিলো । সাহিত্যৰ বিষযত মই কেঁচা, লিখা মেলা বুলিবলৈ নাই বুলিয়ে ক’ব পাৰি, অকবৰ প্ৰেৰণাতে কলম হাতত ললো । খুব ভাল লাগিছিল যেতিয়া দেখিছিলো অকবৰ উদ্যোগত এনেকুৱা কিবা এটা হ্’বলৈ গৈছে, সাহিত্যৰ ক্ষেত্ৰত একো কৰিব নোৱাৰিলেও মোৰ একমাত্ৰ উদ্দেশ্য আছিল আপোনালোকৰ লগত চিনাকি হোৱাৰ আৰু ওচৰৰপৰা লগ পোৱাৰ । প্ৰথমৰে পৰা মই এটা কথাতে বেছি গুৰুত্ব দিছিলো যে ভোজৰ সকলো খোৱা বোৱা একেবাৰে অসমীয়া ঠাচত হ’ব লাগিব আৰু তাৰ বাবই প্ৰস্তাৱ দিছিলো নৰসিংহ ভেদাইলতাৰে মাছৰ আঞ্জা, সম্পূৰ্ণ অসমীয়া ঠাচত ৰন্ধা ছাগলীৰ মাংস, বেঙেনা পোৰা আৰু খাৰ খোৱাৰ । বহু কিবাকিবিৰ কথা ভবা হৈছিল যদিও সদস্যৰ সংখ্যা দুখ লগাকৈ কম হোৱাৰ বাবে আমি আড্ডা বাতিল কৰিম বুলিও ভাবিছিলো । কিন্তু ধ্ৰুৱজ্যোতি শৰ্মা আৰু ঋষীৰাজ শৰ্মাৰ সৈতে এদিন সন্ধিয়া গণেশগুৰিত মিলিত হৈ দৃঢ় সিদ্ধান্ত লৈছিলো যেনেকৈ নহওঁক আমি ভোজ পাতিমেই লাগিলে সদস্য সংখ্যা পাঁচজনেই নহওঁক কিয় । দেৱদা, ধ্ৰুৱদা, ঋষী, কৌশিক আপোনালোকৰ উদ্যোগত সুকলমে আগুৱাই গৈছিল আমাৰ কাম । অলপ দেৰিকৈ হ’লেও আমাৰ লগত সহযোগ কৰিছিল অয়ন উত্তমদা, পংকজ নেওগদা আৰু দিপাংকৰ দায়ে । ধনজিত কলিতাই সুদূৰ পুণাৰ পৰা আহি আমাক যথেষ্ট উত্সাহ যোগালে । প্ৰদ্যুত শইকীয়াৰ কথা আৰু কি ক’ম, তেওঁ নহলে যেন একো নহলেই হয়, কৰিমগঞ্জৰ পৰা আমাক উত্সাহ যোগোৱাৰ বাবে ধন্যবাদ । বৰঙনিৰ সংগ্ৰহৰ কাম মুঠেও সহজ নহয় তাতে যদি আকৌ কাকো আগতীয়াকৈ চিনি পোৱা নেযায়, দেৱব্ৰত গগৈ দা আৰু ধ্ৰুৱজ্যোতি শৰ্মা দা আপোনালোকৰ সহায়ৰ অবিহনে এই গুৰু দায়িত্ব মই যে কেনেকে পালন কৰিলোহেঁতেন ভাবি নাপাও । লগতে ধন্যবাদ যাঁচিছো মিলটন ৰ’য়, বিকাশ ভূঞা, ভনিতা নাথ, ডলিতা কলিতা, বিভা বৌ আপোনালোকক । পংকজ বৰা দায়ে নৰৱেৰ পৰা আহি আমাৰ ভোজত অংশগ্ৰহণ কৰাৰ বাবে অশেষ ধন্যবাদ যাঁচিলো । ৰীতা চৌধুৰী, দিলীপ দা, মনালিচা শইকীয়া আহি সাহিত্যৰ আড্ডাত জেউতি চৰালে । তেওঁলোকৰ অতি মূল্যবান উপদেশ আৰু দিহা-পৰামৰ্শ আৰু প্ৰতিশ্ৰুতিয়ে অকব গোটক ভৱিষ্যতে জাউতিযুগীয়া কৰি তুলিব বুলি আশা কৰিলো । জুতিলগা “ডালি বটা” খুওৱাৰ বাবে বিভাবৌক অশেষ ধন্যবাদ যাঁচিলো । আৰু ৰান্ধনি বৈশ্যদাক ও এই চেগতে ধন্যবাদ দিলো আমাক অতি উপাদেয় অসমীয়া খাদ্যসম্ভাৰ ৰান্ধি দিয়াৰ কাৰণে যদিও তেখেতে মোৰ লিখাখিনি পঢ়িব নোৱাৰিব । সদৌশেষত সাহিত্য আড্ডাক সাফল্যমণ্ডিত কৰি তোলাত উত্সাহ জগোৱা সকলো শুভাকাংষীকে মই অন্তৰৰ পৰা ধন্যবাদ যাঁচিলো । ভনিতা নাথ অনিবাৰ্য্য কাৰণবশতঃ উপস্থিত থাকিব নোৱাৰাৰ বাবে অত্যন্ত দুখ লাগিল । সক্ৰিয়ভাৱে আয়োজনত জড়িত হৈও ঋষী অৱশেষত উপস্থিত থাকিব নোৱাৰিলে, তোমাক বহুত “মিচ” কৰিলো ঋষী। আশা কৰিছো অহাবাৰ যেনেকৈ নহওঁক তুমি আহিবা ।

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments