অ’ ঘৰখন কাকলিয়ে গঢ়িলে (ধীৰাজ কলিতা)

“তিৰিয়েই গিৰি
তিৰিৰ কাৰনে ঘৰ
যায় হতচিৰি”

“পেট নষ্ট কৰে মুৰি
ঘৰ নষ্ট কৰে তিৰি ”

কাকলি মুছাহাৰীয়ে এই সংলাপবোৰ মাজে মাজে শুনিছিল প্ৰেমিক জয়ন্তৰ মুখত  । জয়ন্তৰ লগত ফোনত কথা পাতিব আৰম্ভ হোৱাৰ পিছতহে সলসলীয়াকৈ অসমীয়া ক’বলৈ শিকা কাকলিয়ে এই কথাবোৰৰ আ-ভু একো নুবুজাকৈ হাঁহি এটা মাৰি বেলেগ কথাহে আৰম্ভ কৰিছিল  । “নাৰী ছলনাময়ী”,”সাপক বিশ্বাস কৰিবা কিন্তু নাৰীক নহয়” কথা প্ৰসংগত এদিন জয়ন্তই কোৱা এই ডাইলগ দুটাৰ অৰ্থ কাকলিয়ে বুজিব পাৰি আধা ঘন্টা কাজিয়া দুয়োজনৰ মাজত  । অৱশেষত কাকলিৰ যুক্তিয়ে থকা-সৰকা কৰা জয়ন্তৰ হাতত একো স্পষ্ট যুক্তি নাছিল  । পঢ়া-শুনাত অত্যন্ত চোকা কাকলিয়ে ৫ম মান শ্ৰেণীৰ পৰা দেউতাকৰ কৰ্মস্থলী দিল্লীতে পঢ়া শুনা কৰে  । মনোবিজ্ঞানৰ স্নাতকোত্তৰ কাকলিয়ে চীন দেশতো ২ বছৰ চাকৰি কৰিছে  । ভাৰত নৃত্যত বিশাৰদ ডিগ্ৰী আছে তাইৰ  । পূজাৰ,বিহুৰ বন্ধত ঘৰলৈ আহিলে ঘুৰি যাব প্ৰায়ে মন নকৰে  । অসমীয়া খাদ্য,পোছাক সততে খাব/পিন্ধিব নোপোৱা দুখ এটা তাইৰ মনত থাকি গল বুলি জয়ন্তক ফোনত কয় মাজে মাজে  ।
সময় গল  । বিয়াৰ কথা ওলাল  । জয়ন্তই বিয়া পাতিবলৈ অমান্তি, কাৰণ এটাই-জয়ন্তৰ ঘৰ খনৰ লগত কাকলি মিলিব নোৱাৰিব, তাই কষ্ট পাব  । অইন দহজনী মাকৰ দৰে জয়ন্তৰ মাকেও পুতেকে পছন্দ কৰা ছোৱালীজনীক মানি ল’ব পৰা নাই  । জয়ন্তৰ লগত ঘৰখনৰ বাকী সদস্য দুজনৰ তিলটোৰ মানো মিল নাই  । মাকে অকল বংশ বংশ কৈ থাকে আৰু ভায়েক জন ডলাৰ বগৰী  । ঘৰত  কুটা এগজ কামটো নকৰেই ঘৰৰ বাঁহ,তামোল,নাৰিকল বেচি ৰাতি এপৰলৈ সেই সোপা গিলি আহি মাকে সাজি থোৱা ভাত সোৱাদ নাই হোৱা বুলি মজিয়ালৈ কাঁহী দলিয়ায়  । জয়ন্তই কেইদিনমান আগতে জুনিয়ৰ কলেজ এখনত সোমাইছে আৰু ভালে কেইটা টিউচন ও আছে  । গতিকে তিনিজনীয়া পৰিয়ালটো আকাল-ভঁৰাল নোহোৱাকৈ চলি থাকে  । পিছে এইটো চিন্তাইহে জয়ন্তক কুঁজা কৰি পেলাইছে  । কাকলিৰ দৰে শিক্ষিত,ধনী,চহৰৰ ছোৱালী এজনীয়ে গাঁৱত মাক-ভায়েকৰ লগত মিলি থাকিব পাৰিব নে চহৰত ঘৰ ভাৰা কৰি তাইক ৰাখিবলৈ সি সমৰ্থ (?)
মাকৰ কথা হল,”সেইবোৰ মঞ্চই মঞ্চই নাচি বাগি ফুৰা ছোৱালী  । মাক-বাপেক থাকে ক’ত,ছোৱালী ক’ত থাকে ঠিকনা নাই  । বিদেশত গৈ ক’ত কি চুৱা কৰিছে কোনে জানে ?আজি বাপেৰে থকাহেঁতেন তই এই সাহস কৰিব নোৱাৰিলিহেঁতেন  । তইয়েই এটা আশা আছিলি  । শেষত তইও গৈ সেই মদ খোৱা জাতৰ ছোৱালী এজনীহে পালি  । যা যতে মৰা মৰ  । ঘৰ বুলি নাহিবি আৰু  । চহৰত ঘৰ ভাৰা লৈ ক্লাব সাজি ল ”
জয়ন্তৰ মুৰত সৰগ ভাঙি পৰিল  । কোমল সুৰত মাকক কলে,”মা,কাকলি তেনেকুৱা ছোৱালী নহয়  । বিদেশত থাকিলেই,লংপেন্ট পিন্ধিলেই তাই ব্যভিচাৰী নহয় নহয় ”
-“সেইবোৰ ঘৰ ভঙা ছোৱালী  । যি মূলা বাঢ়ে তাৰ দুপাততে চিন  । বজৰূৱা ছোৱালীয়ে ঘৰ ৰাখিব নোৱাৰে”
-“মা,তই কাকলিৰ বিষয়ে একো নজনাকে এইবোৰ কথা কিয় কৈছা ?তাই শুনিলে কিমান দুখ পাব  । তাই শিক্ষিতা,মান-সন্মান থকা ছোৱালী”
-“পিন্ধন উৰণ দেখিলেই লাগে কিমান মান সন্মান থকা ছোৱালী  । মাক-বাপেক ঠিক হ’লেহে জীয়েক ঠিক হব  । লাজ-কাজ বোলা বস্তুটো নাইয়েই ”
মুঠতে মাকে কোনোপধ্যেই জয়ন্তৰ প্ৰস্তাৱ নামানে  । জয়ন্তই বাৰম্বাৰ বুজাইছে
-“মা,তাই সৰুৰে পৰা চৌখিন  । পিন্ধন উৰণত তাইৰ খুব চখ  । তই দেখা ফটো কেইখন কলেজৰ দিনৰে ফটো  । আমাৰ একে গাঁৱৰে মৌজাদাৰৰ বোৱাৰীকে এতিয়াও পিন্ধে দেখোন আৰু তহঁতেই দেখোন দিনে ৰাতি মৌজাদাৰৰ পৰিয়ালৰ গুণত পঞ্চমুখ  ।  তেতিয়াহ’লে আমি আকৌ কলেজৰ দিনত লংপেন্ট পিন্ধা ছোৱালী বিয়া পাতিলেহে প্ৰায়চিত্ত হব লাগেনে ?আৰু মাক-দেউতাক দুয়োজন চাকৰি কৰে কাৰণেহে বেলেগ বেলেগ কৈ থাকিব লগা হৈছে  । মন গলেই টো বদলি হব নোৱাৰে  । তাই নিৰ্লজ্জ ছোৱালী নহয় মা  । ২০ বছৰীয়া মোৰ ভাইটিয়ে পদূলিৰ দূবৰি কেইডালো চাফা নকৰা কথাটোত তাই লাজ পায় ।তোৰ মুখত ৰাজনহঁতৰ তোলনী বিয়াত চাহৰ লগত দিয়া নিমকিবোৰ সৰু বুলি শুনিলে তাই লাজ পাব………….”
জয়ন্তই নামানে,কাকলিয়ে নেৰে  । ঘৰৰ সকলো খিনি কথা খুলি কোৱাৰ পিছতো কাকলি মান্তি নহয়  । তাইৰ স্পষ্ট কথা,”বিয়া মই তোমাৰ লগত হ’ম  । মা বা ভাইটিৰ লগত নহয়  । আৰু জয়ন্ত তুমি এইখিনি বিশ্বাস কৰা,ঘৰ এখন গঢ়িব নোৱাৰিলেও সজীৱ ঘৰ এখন ভঙাৰ মানসিকতা মোৰ নাই  । কানত কানফুলি মই সৰুৰ পৰাই নিপিন্ধোঁ  । ওঁঠ আৰু চেলাউৰিত ৰিং পিন্ধা কাৰণেই মই চৰিত্ৰহীনা নেকি ? কাকলিয়ে সোঁহাতৰ তৰ্জনীটোৰে চকুৰ কোণৰ পৰা চকুলো এটোপাল মচি লৈ জয়ন্তৰ চকুৰ ফালে চাই কলে ,”জয়ন্ত,বিয়াৰ পিছত আমাৰ ঘৰখনেই মোৰ নতুন প্ৰজেক্ট হব  । চীন ৰ সেই ভিতৰুৱা অঞ্চলত কথা বতৰা বুজি নোপোৱা সেই পাগল সোপাৰ লগত কোনো সমস্যা নোহোৱাকৈয়ে দুবছৰ কটালো আৰু বিশ্বাস কৰিবা অহাৰ সময়ত আশ্ৰম খনৰ প্ৰতিজনে ৰাউচি জুৰি কান্দিছিল মোক সাৱটি ধৰি  । মোৰ বিশ্বাস,মই তোমাৰ পৰিয়ালকো মৰম দিব পাৰিম,মোৰ হাতত বহুত সময় আছে ”
মাকৰ অনিচ্ছা স্বত্বেও কাকলি-জয়ন্ত বিবাহ পাশত আৱদ্ধ হল  । জয়ন্তৰ ঘৰখন পাই কাকলিৰ খুব আনন্দ  । ইমান ধুনীয়া গাও,নামঘৰ,পথাৰ,নদী ,মানুহে মানুহৰ খবৰ লয়,উত্‍সৱ-পাৰ্বণে হিল-দোল ভাঙি মানুহ আহে ইত্যাদি  । সমাজত শাহুৱেক আৰু বোৱাৰী ৰ এটা সুকীয়া সম্পৰ্ক থাকে  । এই কথা কাকলিয়ো জানিছিল আৰু সেই বিশেষ সুকীয়া সম্পৰ্কত অলপ সলনি আনিবৰ খুব ইচ্ছা আছিলে তাইৰ  । তাই একপ্ৰকাৰ প্ৰতিজ্ঞাই কৰি পেলাইছিল, অতি কম সময়ৰ ভিতৰত তাই ঘৰখনত,গাঁও খনত এটা সলনি আনিব  ।
জয়ন্ত শনিবাৰে ঘৰলৈ আহে সোমবাৰে ৰাতিপুৱাই কলেজ পোৱাকৈ যায়  । কাকলি অহাৰ দিনৰ পৰাই শাহুৱেকৰ চকুৰ কুটা যেন হল  । শাহুৱেকে যিমানেই গুৱাল গালি পাৰি নাথাকক কিয় তাই হাঁহি মুখে শুনি যায়  । “নাজানি কৈছে,ভুলতে কৈছে,পুৰণি দিনৰ মানুহ,পুতেকৰ পছন্দৰ ছোৱালী এইখিনিটো ক’বই…….” ইত্যাদি কথাৰে নিজকে সান্ত্বনা দি তাই আনন্দহে পায়  । বৌয়েকৰ মাত-কথা,কাম-কাজ দেখি ইমান দিনে বৌয়েকৰ বিষয়ে ভাৱি থকা ধাৰণা  সলনি কৰি দেওৰেক দিগন্তৰো সলনি হ’বলৈ ধৰিলে  । ধলং-ধপংকৈ অহা দিগন্তক মাজ ৰাতি পাকঘৰৰ দৰ্জা খুলি দি আঞ্জা গৰম কৰি দিয়ে  । দিগন্তই লাজতে মুৰ তল কৰি খৰ ধৰকৈ কিবা অকণমান খাই নিজৰ কোঠাত সোমায়গৈ  । এদিন,দুদিন নহয় সদায় বৌয়েকে বহু সময়লৈ টি.ভি চাই,আলোচনী পঢ়ি,ছবি আঁকি বাট চায় থাকে তালৈ  । কাকলিৰ কথা হল,”হোষ্টেলত লগৰ ছোৱালীয়ে মদ খাই বমি কৰাৰ পিছতো তাই মজিয়া চফা কৰিছিল ,কাৰোবাৰ জ্বৰ হলে গোটেই ৰাতি উজাগৰে থাকিছিল…………”সিহঁততো অচিনাকি ছোৱালী আছিল  । দেওৰেকৰ কাৰনে অলপ কষ্ট কৰোঁতে কি যায় তাইৰ,দেওৰেকটো সম্পৰ্কৰ লোক  ।
এদিন ৰাতিপুৱা দিগন্ত বজাৰলৈ যাব ওলাওঁতে মাত দি কলে,”দিগন্ত, মই গাই তিনিজনী কিনিব খুজিছোঁ , তুমি অলপ সহায় কৰি দিবানে  ? মই গাখীৰ খীৰাব নাজানো  । চৰকাৰৰ লগত যোগাযোগ কৰা,ডাক্তৰ-দৰৱ সকলো মোৰ দায়িত্ব  । মই ব্যস্ত হৈ থাকিলে মনটোও ভাল লাগিব  । “বৌয়েকৰ প্ৰস্তাৱ একেআষাৰে মানি পিচদিনাই সি গোহালি পৰিষ্কাৰ কৰাত লাগিল  ।
ঘৰে ঘৰে বস্তু বিকিব অহা “চেলছ মেন” বোৰৰ দৰে শাহুৱেকে যিমান বেয়াকৈ কলেও সুন্দৰ ভাৱেই উত্তৰ দিয়ে কাকলিয়ে  । হাজাৰ হলেও নাৰীৰ অন্তৰ  । কাকলিয়ে কেইদিনমানৰ পৰা লক্ষ্য কৰিছে তাইৰ লগত শাহুৱেকে আগৰ দৰে খাৰং খাচকৈ কথা নাপাতে  । এদিন দেখোন শাহুৱেকে নিজেই তাইৰ ওচৰত ৰাতিপুৱা উঠি কৰা দুটা মান ব্যায়াম শিকায় দিব কলে  ।
কাকলিৰ নিজকে যাদুকৰ যেন লাগিল  । সঁচাই প্ৰায় ১বছৰ মানৰ ভিতৰত ওচৰ চুবুৰীয়াৰ হিংসা লগাকৈ জয়ন্তহতৰ ঘৰ খন সলনি হল  । দিগন্ত আৰু সেই আগৰ দিগন্ত নাই  । পৰিয়ালৰ সদস্যৰ আত্মীয়তা,একতা আত্মীয়স্বজনৰ মুৰ কামোৰণি হৈ পৰিল  । কাকলি এতিয়া গাঁওখনৰ পুৰণি বোৱাৰী  । তাইৰ নেতৃত্বতে গাঁওখনত প্ৰথম বাৰৰ বাবে চুলাই মদ বন্ধৰ বাবে স্থানীয় আৰক্ষী বিষয়াক জনোৱা হৈছে  । নতুন চাম গাঁওবাসী তাইৰ ব্যৱহাৰত  পঞ্চমুখ । নামে গুণে প্ৰায়ে ওলায়,”আমাৰ অমুকানী কিন্তু কপাল ধিয়াই বোৱাৰী পাইছে দেই ”
শাহুৱেকে যেন নিজৰ ভুল ব্যৱহাৰৰ প্ৰায়চিত্ত কৰিব সুবিধা পোৱা নাই  । এদিন কাষৰ কোঠালীত টোপনিতে শাহুৱেকে জয়ন্তৰ দেউতাকৰ লগত কথা পাতিছে । মাজতে এবাৰ চিঞৰি উঠিলে,” অ’ ঘৰখন কাকলিয়ে গঢ়িলে”
ছবি আঁকি থকাৰ পৰা উঠি আহি মাজৰ দৰ্জা খন খুলি কাকলিয়ে “মা” বুলি মাত দিয়াত দুগালে চকুলো নিগৰিলে তেওঁৰ  ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক