অ মাই টাৰজান (হেমন্ত কুমাৰ শৰ্মা)

অসমীয়া প্ৰাথমিক বিদ্যালয় বোৰত ABCD চতুৰ্থ শ্ৰেণীৰ পৰাহে শিকোৱা হয়! আমি যেতিয়া ABCD শিকা আৰম্ভ কৰিছিলো, আমাৰ লগৰ ইংৰাজী মাধ্যমত পঢ়াবোৰে Enid Blyton জাতীয় কিতাপ পঢ়িছিল! ! মোক মায়ে কিন্তুু প্ৰথম মানতে ABCD ৰ কিতাপ পঢ়িবলৈ দিছিল আৰু ইংৰাজী Comics আনি দিছিল৷
তেতিয়াৰ comics বোৰৰ ভিতৰত Phantom, Mandrake, Tarzan aru Gold key Comics বোৰ মোৰ খুব প্ৰিয় আছিল৷ টাৰজানৰ নিচিনা হবলৈ মোৰ অতি ইচ্ছা গৈছিল৷
আমাৰ স্কুলৰ (মৰিয়নিৰ মহাদেৱ আগৰৱালা হাইস্কুল ) উত্তৰ ফালে তিনিদাল মধুৰীআমৰ গছ আছিল৷ আমাৰ চতুৰ্থ শ্ৰেণীৰ ক্লাছ ছোৱালীৰ স্কুলত বহিছিল! ! কোনোবাই কত পঢ়া বুলি সুধিলে ছোৱালী স্কুলত বুলি কবলৈ বেছ লজ্জিত হৈছিলো! ভাগ্যে পঞ্চম মানৰ পৰা আমাক লৰাৰ স্কুললৈ স্থানান্তৰ কৰিলে৷
ক্লাছ ফাইভৰ ঘটনা৷ মই টাৰজান style ত এদাল মধুৰীগছৰ পৰা আন এদাললৈ জাপ মাৰিব প্ৰেকটিছ কৰি আছিলো! মোক দেখি আৰু লগৰ দুজনমানেও পৰা হৈছিল৷
গৰম বন্ধৰ কিছুদিন আগৰ কথা৷ স্কুল আৰম্ভ হোৱাৰ আগে আগে আমি আমাৰ নিয়মীয়া gymnastics কৰি আছিলো মধুৰীগছত৷ আগনিশা বৰষুণ দিয়া কাৰণে অলপ পিছল হৈ আছিল যিটো মন কৰাৰ বুদ্ধি আমাৰ নাছিল৷ প্ৰথমটো জাপ মই ঠিকেই মাৰিছিলো এদাল গছৰ পৰা আনদাললৈ৷ দ্বিতীয় জাপটো মাৰোতে পিছলি চিধাই মাটিত পৰিলোহি! ভাৰসাম্য ৰক্ষা কৰিবলৈ সোহাতখনেৰে চেষ্টা কৰিলোঁ৷ দেখো যে হাতখন কিবা ধেনুৰ নিচিনা হৈ গল৷ লগৰ বোৰে চিঞৰি উঠিছিল “হেমন্তৰ হাত ভাঙিছে…“
চিঞৰ বাখৰ শুনি ছাৰহঁত দৌৰি আহিল আৰু গোটেইবোৰক গালি দিয়া আৰম্ভ কৰিলে! মোৰ ক্লাছ নাইনত পঢ়ি থকা দাদাও দৌৰি আহিল৷ অৱশেষত দশম মানৰ ছাত্ৰ এজনৰ চাইকেলত আগত বহাই ঘৰলৈ পঠাই দিলে! মায়ে মোক দেখিয়েই হুৱাদুৱা লগাই দিলে৷ তেতিয়ালৈকে মোৰ বিষ উঠাই নাছিল আৰু মই সেই কাৰণে nervous হাহি মাৰি আছিলো! অলপমান পাছতেই দেঊতা আহি ওলাল আৰু মোক যোৰহাটৰ চিভিল হস্পিটেল লৈ গল৷ X-ray কৰাত ধৰা পৰিল যে এদাল(radius) ভাগিছে আৰু এদাল(ulna) ফাটিছে৷ সুকলমেই operation টো হৈ গল৷ অগ্ঞান কৰোঁতে কপাহত বিকট গোন্ধৰ কিবা এটা দিছিল আৰু মোৰ চকু মেল খায়ে আছিল৷ গতিকে মোক যেতিয়া OT ৰ পৰা উলিয়াই আনিছিল তেতিয়া হেনো মই দেখাত ভয়ানক হৈ আছিলো! ডাক্তৰে আশ্বাস দিয়া কাৰণে ঘৰৰ সকলোৱে উৎকণ্ঠাৰে বাট চাই আছিল মোৰ sense কেতিয়া আহে৷
মই চকু মেলিয়েই দেখো মোক অপাৰেশ্যন কৰা ডাক্তৰজন আৰু মাহঁতে মোক ঘেৰি আছে৷ মই ডাক্তৰৰ ফালে চনত সুধিলো, “ Am I in the Hospital? ! “
সকলো হতবাক৷ কাৰণ, কোনোদিন জিন্দেগীত মই ইংৰাজীত কথা কোৱা নাছিলো! ! মায়ে হুকহুককৈ কন্দা আৰম্ভ কৰিলে৷ মই পুনৰাই sense পোৱা কাৰণে নহয় বোলে; ভাবিছিলে এইটো চেৰাবলিয়া হল বুলি! ! ঠাট্টাৰ কথা নহয়, এয়া আমাৰ typical অসমীয়া মাধ্যমৰ মানসিকতা৷ জীৱনত ইংৰাজী নোকোৱা লৰা এটাই যেতিয়া কোৱা আৰম্ভ কৰিলে, আচৰিত হোৱাৰে কথা৷
পাছত বুজি পাইছিলো যে sub conscious মনত মই ইংৰাজী কবলৈ বিচাৰি আছিলো আৰু সেইদিনা anaesthesia ৰ প্ৰভাৱত ওলাই গল৷
যি কি নহওক, প্লাষ্টাৰ কৰাৰ পাছতো বহুত দৌৰাদৰি কৰিছিলো যাৰ কাৰণে প্ৰয়োজনতকৈ বেছি দিন লাগিছিল হাড় কেইদাল যোৰা লাগোতে৷ এতিয়াও এদাল হাড় অলপ বেকাহৈ থাকিল আৰু মোৰ সোহাতখনৰ জোৰ কিছু কম৷
তেতিয়াৰ পৰা টাৰজান বা বান্দৰ জাতীয় লম্ফজম্ফ আজিলৈকে কৰা নাই আৰু

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments