অ’ শালিকা (সমুদ্ৰ কাজল শইকীয়া)

কেনেবাকৈ বুজি পালোঁ, তয়েই আছিলি সেই শালিকা
তয়ে জানিছিল দিখৌ নৈৰ পাৰৰ শিমলুজোপা কিয় দেওলগা
তয়ে গাইছিলি মানুহৰ মুখৰ মালিতা
বুজি মানুহৰ বুকুৰ বেথা
শিকি মানুহৰ ভাষাৰ কালিকা
তয়ে গাইছিলি গান মানুহৰ দুখৰ বেলিকা
তয়ে আছিলি সেই দুষ্ট শালিকা
ছিঙিছিলি বাৰে বাৰে
তাঁতশালৰ সূতা
সেই যে দীননাথ বৰা, একেলগে স্কুলত পঢ়া
তয়ে পাইছিলি চিনি, শুনে মস্কো ৰেডিঅ’
কঙ্গো কি? লুমুম্বা কোন? জানিছিলি তই জানিছিলি এৰা
সোণজীৰা মাহীয়ে ভূ নাপাইছিল যদিও
দেখি পাহাৰৰ ওখ টিং
শুনিছিলি তই
ৰিঙা ৰিঙা এটা ৰিং
তই জানিছিলি যেতিয়া আহে বাৰিষাৰ ঢল
তই বুজিছিলি কিয় লাগে ৰাইজৰ মনৰ বল
বানৰ ঢলতো
মনৰ বলতো
নদীৰ পলতো
অ’ শালিকা
কোনোবাখিনিত কিবা এটা উকা উকা
কোনোবাখিনিত কিবা এটা ৰিঙা ৰিঙা
কিবা এটা
কোনোবাখিনিত
উকা উকা
ৰিঙা
ৰিঙা
বাজি ৰ’ল
ডিঙা তেনেকৈয়ে ভাঁহি গ’ল
ডিঙা তেনেকৈয়ে ভাঁহি গ’ল
ধানৰ বতৰত কুঁৱলি কিয় হয়, বাৰুকৈয়ে জানিছিলি চোন
কিয় ক’ব খোজা কিছুমান কথা সেউতীক নোকোৱাকৈয়ে ৰয়
কিয় ঢাক খায় বাৰে বাৰে ঘামেৰে গজোৱা সোণ
কিয় নদী কালৈকো নৰয়, মাথোঁ বয়, মাথোঁ বয়, মাথোঁ বয়
আঘোণৰ আকাশৰ ৰাগীও ৰিঙা
ঢৌৱে ঢৌৱে পতা নৈৰ কথাও ৰিঙা
অ’ শালিকা
মাথোঁ হেঁপাহ?
অ’ শালিকা। মাথোঁ হেঁপাহ? হেঁপাহেই কাৰণ?
হেঁপাহে জানো উদং কৰে ভৰা আঘোণৰ স্বর্ণালী উৎসৱ?
কিহৰ হেঁপাহ এয়া, অনৱতপ্ত হ্রদ,
মানস সৰোবৰত এবাৰ গা ধুই চোৱাৰ হেঁপাহ?
অ’ শালিকা, কি দৰে বুজাওঁ, অ’ শালিকা
মোৰো যে কিমান হেঁপাহ
শিমলু ফুলিছে যমুনাৰ পাৰত
কাম সামৰি ঘৰলৈ উভটিছোঁ,
ওৰেটো বাট
মানুহৰ ঘাম গোন্ধাইছে
বিচাৰি ফুৰিছোঁ এটা
সাধুকথাৰ শালিকা
যাৰ মূৰত
এক যাদুকৰী শলখা
অ’ শালিকা
আহক এবেলি বান
বানকো নেওচি ঢাপলি মেলক
মানুহৰ গান
ধানৰ গান
ঘামৰ গান
মানুহৰ
গান

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক