অ-সমভূজ (প্ৰিয়ংকা দাস)

O-somobhuj

একেই ৰাস্তা৷ একেই ফুটপাথ৷ ফুটপাথটোৰ ওপৰেৰে লাহে লাহে আলস্যভাৱত চেণ্ডেলযোৰ চোঁচৰাই এইমাত্ৰ- অলপ আগতে চানাৱালাৰ হাতৰ পৰা লোৱা তিনিকোণীয়াকৈ বন্ধা কাগজৰ টোপোলাটোৰ ওপৰৰ বহল অংশটোৰ জাপ খুলি তিনিটা কি চাৰিটা বাদাম হাতত লৈ মুখলৈ গালিয়াই দিলে– তাৰে দুটা বাদাম মুখৰ ভিতৰলৈ আৰু দুটাই ওঁঠে-থুঁতুৰিয়ে খুন্দিয়াই চাৰ্টৰ ওপৰেৰে চুঁচৰি ফুটপাথৰ পৰা বাগৰি ৰাস্তাত বাগৰি পৰিল– পৰা বাদাম দুটাই কিমানখিনিলৈ আগুৱাব পাৰে,কিছুসময় তাৰে তাৰে আলেখলেখ চালে– আৰু ঠিক তেতিয়াই বাদাম দুটা আধাচোবোৱা অৱস্থাতে চক্ খাই তেওঁ সোঁকাষে ঘূৰিল৷ মানে ঘূৰিব লগা হ’ল৷ কোনোবা দুজনে খুব জোৰে জোৰে কথা পাতি তেওঁৰ সোঁকাষেৰে পাৰ হৈ গ’ল৷ নাই- কথাখিনিত তেওঁৰ আগ্ৰহ কোনোপধ্যেই নাই৷ কিছুমান লোক আছে- অইন লোকৰ কথা-বতৰা,কূৎসা,ৰটনা,গধূৰ সামাজিক বক্তব্য,ব্যক্তিগত সুবিধা-অসুবিধা-ভাগ্য-দুৰ্ভাগ্য ইত্যাদিৰ উমান লৈ অলপ মনোৰঞ্জন-বিনোদনৰ সোৱাদ লোৱাত খুব এটা দোষবোধ অনুভৱ নকৰে বা একঅৰ্থত এক অনন্য “ফীল গুড” টাইপৰ অনুভৱ কৰে৷ হয়তো সেই কথাখিনিকেই লোকজনে কাইলৈ বা পৰহিলৈ– বা আহিবলগীয়া যিকোনো এটা দিনতেই অইন এজনৰ লগত পাগুলিব পাৰিব৷ ঠিক যেন গৰুটোৱে ঘাঁহ খিনি কম সময়তেই উদৰস্থ কৰিলে৷ পিছত সময় উলিয়াই পাগুলিলে৷ মানুহে যেনিবা ভগাই মেলি পাগুলে– দুই চাৰিজনৰ লগত৷ নাই, এওঁৰ ‘এই’ পাগুলা অভ্যাসটো নাই৷ নাই মানে সঁচাকৈয়ে নাই৷ “হৌৰা ডেকা… শুন্‌ছৱানে…য’কালি আমাৰ কইল্‌তাৰ আপাই…” বুলি চকীখন টানি আনি অফিছত মেল আৰম্ভ কৰা বৈশ্যকো পাৰ্য্যমানে এওঁ এৰাই চলে৷ খুব বেছি এৰাই চলিব নোৱাৰা অৱস্থাতো তেওঁ সদায় শ্ৰোতা- তাকো ইখনেৰে শুনি সিখনেৰে উলিয়াই দিয়া বিধৰ৷ মাজে মাজে ‘হুঁ’,’হুম’,”অ’…” ধৰণৰ শব্দ একোটাৰে তেওঁ যে কথাটো শুনি আছে, বৈশ্যক তাৰে উমান দিয়ে৷ কিন্তু হঠাতে যদি বৈশ্য ৰৈ যায়, “মই কি কৈ আছিলো” বুলি সুধি দিয়ে- উহু, তেওঁ মুঠেও নোৱাৰে ক’ব খন্তেক আগতে বৈশ্যই কোন-ক’ত-কি-কিয় বিখ্যাতৰ কথা কৈ আছিল৷ গতিকে মানুহদুজনৰ কথাত তেওঁ ঘুৰি চোৱাৰ কাৰণ অন্য– মানুজদুজনৰ কোনোবা এজনৰ (কোনজনে কথা কৈ আছিল সেয়া গম লোৱাটো তেওঁৰ পক্ষে গুৰুত্বহীন) মুখৰ পৰা ওলোৱা শব্দ এটা– পৰ্দা৷

টুকুৰা টুকুৰ কথাৰ মাজতে তেওঁৰ কাণত পৰা ‘পৰ্দা’ শব্দটোৱে চাত্‌কৰে তেওঁৰ ১০টকীয়া ‘বাদামবিলাস’ত যতি লগাই মনটোক যমুনাৰ দোকানলৈ টানি লৈ গ’ল৷ মনতে হিচাপ এটা কৰি ল’লে, মিটাৰত এশটকীয়া পৰ্দা কিনিলে খুব বেছি আঠশ- নশ টকা খৰচ হ’ব৷ কিন্তু এই এশটকীয়া পৰ্দাই নীৰাৰ অসন্টুষ্টি কমাব নোৱাৰে৷ বহুদিন হ’ল, নীৰাৰ মুখেৰে অহৰহ্ পৰ্দাকেইখনৰ বদনাম শুনি থকা৷ পৰ্দা’কেইখন’ বুলিলে আচলতে ভুল হ’ব৷ পঢ়াকোঠাৰ খিৰিকিত ওলমি থকা পৰ্দাখনহে আচলতে য’ত চব কূটৰ ঘাই৷ বাকীকেইখন অন্ততঃ একান্তবাধ্য ন’হলেওঁ একেবাৰে অবাধ্যও নহয়৷ কিন্তু এইখন যেন স্কুলৰ আটাইতকৈ তীখৰটো… উত্তৰ-দক্ষিণা বতাহজাকে এই তীখৰক অতি বেছি তীখৰ কৰি তোলে৷ চেষ্টা তেওঁও কৰি নোচোৱা নহয়৷ কিন্তু নাই৷ কোনোপধ্যেই পৰ্দাখন য’ত থাকিব লাগে তাত নাথাকে৷ প্ৰায়ভাগ সময় খিৰিকিৰ গ্ৰীলৰ লগত লিপিট খাই থাকে৷ লিপিট খাই থকা বুলি ক’লে আচলতে ভুল হ’ব, গ্ৰীলৰ ফাঁকে ফাঁকে সোমাই পৰ্দাখনে বাহিৰলৈ ওলাই যোৱাৰ কচৰৎয়েই কৰে একপ্ৰকাৰ৷ কেতিয়াবা চাট্ মাৰি ঘৰৰ ভিতৰফালে উৰা মাৰে৷ এইবোৰ নীৰাৰ কথা৷ খিৰিকিৰ কাষত থিয় দিলে কেতিয়াবা নীৰাৰ গালে মুখে পলিয়েষ্টাৰৰ লগত কটন মিহলি পৰ্দাখনৰ খৰ্‌মৰ্‌ কাপোৰখিনিয়ে কোবাই যায়৷ লগে লগে তাইৰ মুখেৰে সদায় ওলাই থকা কথাখিনিয়েই একেই সুৰ-তাল-লয়ত ঘৰখনৰ বাকীবোৰৰ কাণত পৰে৷ এই ঘটনাতো প্ৰায় সদায় হোৱাৰ দৰে৷ প্ৰায় সদায় মানে যিদিনাই নীৰাৰ মুড অফ থাকে, সিদিনাই যেন এই কথাটোৱে যেন বেছিকৈ উতলি উঠে আৰু নীৰাৰ “ভাল মুড” কোনদিনা হয়গৈ, সেয়া কিজানি তাই নিজেও নাজানে৷ পাৰি, ক্লীপ এটাৰে অবাধ্য পৰ্দাক বাধ্য কৰিব পাৰি৷ কিন্তু ৰাতিপুৱাই প্ৰতিখন পৰ্দাত ক্লীপ মৰা আৰু গধূলি হ’লে ক্লীপ গুচোৱা কামটোৰ সমান্তৰালকৈ নীৰাৰ ভোৰভোৰনি গুমগুমনিও যে শুনিব লাগিব সেয়া তেওঁৰ বাবে ভাতৰ লগত পানীখোৱা ধৰণৰ উজু ধাৰণা৷ গতিকে পৰ্দা সলনি কৰাৰ বাহিৰে বেলেগ ভাল উপায় তেওঁৰ বাবে সহজলভ্য নহয়৷ সলনি বুলি কওঁতে মাত্ৰ এখন সলনি কৰিলে হেনো ঘৰটোৰ ৰূপ ৰঙত এলান্ধু পৰিব, অগ্যতাই ঘৰটোৰ সমূহ পৰ্দাকেই অৱসৰ দিব লগীয়া হ’ব৷ অৱশ্যেই পৰ্দাসমূহৰ অৱসৰ গ্ৰহণৰ দিনো নচপা নহয়, হ’ল বুলি ভালেকেইমাহ… মাহ নহয়, বছৰেই হ’লগৈ৷ এইবাৰ এশটকীয়া পৰ্দাইও এন্ট্ৰী নাপাব ঘৰত– পৰ্দাখন গধুৰ হ’ব লাগিব৷ নীৰাই সোঁৱৰাই দিবলৈ পাহৰা নাই, বাৰে বাৰে৷ গধুৰ পৰ্দাৰ অন্তৰালত অন্য কাহিনী আছে নেকি বাৰু? মনটোৱে পুনৰাই সোঁৱৰাই দিলে তেওঁক৷

এইখিনিতে ফুটপাথটো শেষ হৈছে, ইয়াতে তেওঁৰ বাদামবিলাসো শেষ হ’ব৷ ইয়াৰ পৰা যমুনাৰ দোকান, তাৰপৰা পৰ্দা কিনি ঘৰ… খুব বেছি এঘন্টা৷ এই এঘন্টাত তেওঁ ফুটপাথৰ উদ্দেশ্যহীন, আলস্যপ্ৰিয় ৰূপটো এৰি আন এটা ৰূপত সোমাব; সেই ৰূপত তেওঁ অহাকালিৰ এই সময়খিনিলৈ থাকিব লাগিব৷ ২৪ ঘন্টা পাছত অফিচৰ পিছৰ সময়খিনিত এই একেই ভাৱত, একেই ৰূপত,একেই ঠাইত তেওঁ বাদামবিলাস কৰিব৷ চাট্‌কৈ আকৌ কিবা এটা মনত পৰিব, কাৰোবাৰ কথা-ভংগী-পৰিৱেশ-আনুষংগিক স্থান-কাল-পাত্ৰ আদিৰ জৰিয়তে বা এনেই, কোনো কাৰণ নোহোৱাকৈ কেতিয়াবা স্মৃতিশক্তিৰ মেহেৰবানীতেই হওঁক- মনত পৰিব৷ লগে লগেই একেই কোবাকোবিকৈ দিয়া খোজ৷ হয়তো যমুনাৰ দোকান, নহয়তো যাদৱৰ পাচলিৰ ঠেলাখন বা অমৃতৰ স্টেচনাৰীৰ দোকান৷

বাদাম বন্ধা কাগজখন বতাহতে এৰি দি তেওঁ মাতিলে-
“ৰিক্সা… ”

ৰিক্সাখনৰ আগেৰে চাৰিজনমান কিন্নৰ পাৰ হৈ গ’ল৷ খিলখিলীয়া হাঁহি এজাকে বতাহখিনি অলপ গৰম কৰি তুলিলে৷ আশে পাশে থকা চকুবোৰ অলপ কৌতুকময় হৈ পৰিল৷

কাগজখনক কিছুসময় বতাহে নচুৱালে৷ তেওঁৰ চাই থাকিবৰ মন আছিল কাগজ আৰু বতাহৰ যুদ্ধ– কিছুসময়৷ নাচালে৷ বা নোৱাৰিলে৷

°°°°°°°°°°°°°°

: ই ঘুমাল?
: ঘুমাল কিজানি৷ লাইট অফ্ কৰা আছে৷
: ভাত?
: বাঢ়ি থ’ৱা আছে৷
: জোৰ কৰ্‌ছিলানে তুমি?
: এসাঁজ নাখ্‌লি মানুহ মৰি নাযায়তো৷ তজবজীয়া ডেকা চলি একোটা……ই… ই… নম্‌ৰে ক্যা!

নীৰাৰ মাতটো শেহলৈ খং আৰু উচুপনি মিহলি হৈ ওলাল৷

কাঁহীখনত তেওঁৰ আঙুলি কেইটা ঠাইতে ৰ’ল৷ সৰুতে সি প্ৰায়েই ভাত নোখোৱাকৈ শুই গৈছিল৷ সৰু ল’ৰা, দিনটো খেলা ধূলা দৌৰা দৌৰিত ভাগৰুৱা হৈ সোনকালে লালকাল দিয়ে৷ তেওঁ নামাতে৷ ভোক লাগিলে নিজেই উঠি খাব বা কেঁচা টোপনি ভাঙিব নালাগে আদি অজুহাতত তেওঁ ল’ৰাটোক নামাতে৷ আচলতে তেওঁৰো বিছনাৰ পৰা উঠি গৈ বা আধাঅঁকা ছৱিখন এৰি গৈ ল’ৰাটোক মাতিব সত্ নাযায়৷ নীৰাই তেওঁৰ এই অভ্যাস ভালকৈ জানে৷ ”চলিৰ বাপে’ক নামটোতহে হৈছি” বুলি খপ্‌জপ্‌কৈ পাকঘৰৰ পৰা ওলাই তাক বিছনাৰ পৰা উঠাই সাধু শুনাই, তৰা দেখুৱাই, কোঁৱৰ-কুঁৱৰীৰ কাহিনী শুনাই যেনেতেনে ভাত দুগৰাহ মুখত সুমুৱাই দিহে তত্ পাব৷ লাগিলে সি চকুমুদিয়েই নাথাকক কিয়! তাৰ খোৱা নোখোৱা লৈ মাকৰ কি যে আয়োজন৷ ল’ৰাটোৱে শিঙি-মাগুৰ-শ’ল; এই প্ৰজাতিৰ কোনোটো মাছেই নাখায়৷ বাঢ়ন ল’ৰা, জোৰ পাব কেনেকৈ? গতিকে ঠিক হ’ল, সপ্তাহত দুদিন নৈপৰীয়া এজনে সৰু মাছ দি যাবহি৷ পুঠি-খলিহনা-মোৱা আদিৰ আদাপাতেৰে চৰ্চৰিখন বা মচ্‌মচীয়াকৈ ভজা হ’লে সি খায়৷ খায় মানেনো কি– মুখত দিয়ে নামমাত্ৰ৷ সৰু সৰু মাছবোৰ তলমুৱা হৈ বাচি-কুটি যোগাৰ কৰাটো অন্য এক জ্বালা৷ নীৰাৰ বাত বিষ৷ তথাপি মাছ বাচে- তলমুৱা হৈ৷ ল’ৰাটোৱে খাওঁক৷ এটাই ল’ৰা৷ কাজে-সকামে-বিয়াই-সবাহে ল’ৰাটোক হাতত ধৰি থাকে৷ হাত এৰা দিব পৰা হোৱা বয়সতো৷

“হ’ নীৰা মাই… তোৰ আপা নিকিয়ে? মুগ’ৰ গাজী হেন চলি জন্মো দিছা দে মাই…”
নীৰাৰ চকু মুখত অহং মিহলি ভাৱ এটাই ফুটি উঠো উঠো কৰে৷ তাই জোৰকৈ লুকুৱাই ৰাখে ভাৱটো৷ গৰ্বিত মাতৃত্ব ভাৱেৰে সবাহৰ শুৱনি হৈ নীৰা বহি থাকে৷

সেই নীৰাই আজি অৰুণে ভাত নোখোৱাকৈ শুই যাওঁতে নমৰে বুলি ক’ব পাৰিছে৷ মাতৃত্বতো স্বাৰ্থ থাকে নেকি বাৰু? আঙুলিকেইটা বেছি জোৰকৈ স্থানু হৈ ৰৈ গৈছিল চাগে কাঁহীখনত৷ মাছৰ কাঁইট এডাল খোঁচ খাই গ’ল, অনামিকাটোৰ ওপৰফালে৷ আস্… কৰি তেওঁ জিভাৰে আঙুলিটো চুহি দিলে৷ ভাত খোৱাৰ ইচ্ছা ইমানতে সমাপ্ত হ’ল৷

কথাটো ঘুনুক ঘানাককৈ কেইবছৰমান আগতেই নীৰাৰ চকুত বাজিছিল৷ হোৱাবোৰ নোহোৱা কৰিবলৈ তাই যৎপোনাস্তি চেষ্টা কৰিছিল৷ মৰমেৰে, দাবি ধমকিৰে বা কেতিয়াবা শাৰিৰীক নিগ্ৰহেৰে৷ ফল একো নধৰিল৷

: তোমাৰ কাৰাণেই সি এনে হ’ল৷
:  ক্যা কলা?
: আৰু অাকাগে’ কাপোৰ কানি নিপিন্ধা তিৰিসোপাৰ ছৱি৷ তাকো শিক’ৱা৷
: তুমি বেজাৰ’ত অকথ্য বইক্‌ছা৷
: অ’ বক্‌ছু দ্যা৷
: সি অপৰাধ কৰা নাই হা একো…
: তাৰমানে? তুমি তাক সমৰ্থন ক’ৰছা? পাৰ্‌বানে তুমি বেণী গুঠি, ওঁঠদুটাত লিপস্টিক ঘঁহি, কাজলেদি চকু আঁকি ল’ৱা তোমাৰ ডেকা ‘আপা’টোৰ লগ’ত সমাজ’ত খোজ দিবা?

পাৰিবনে তেওঁ? নিজেও নিৰুত্তৰ৷ এনেকুৱা ‘মানুহ’ তেওঁ দেখিছে৷ কোনোদিন ভাবিৱলগীয়া কথা বুলি বোধ হোৱা নাই৷ তেওঁৰ চকুৰ সন্মুখতে বহুতে তাচ্ছিল্যৰে বা কেতিয়াবা সুহুৰি এটাৰে– বা– চকু টিপিয়াই– কেতিয়াবা আনে নুশুনাকৈ বা কেতিয়াবা সকলোৱে শুনাকৈয়েই বহুতেই এইসকলক কৰা অভদ্ৰ ব্যৱহাৰ দেখিছে৷ শুনিছে৷ আৰু পাৰ হৈ আহিছে কাষেৰে– নিৰুদ্বেগভাৱে৷ নাই– তেওঁ কোনোদিনেই নাই ভবা এই কথাবোৰ৷ অমূলক কথা৷ এই অমূলক কথাবোৰেই এতিয়া তেওঁক খেদি আহিছে… কোনোবাটোই ওপৰলৈ থেলিছে, আন কোনোবাটোই তললৈ, বাওঁফাল-সোঁফাল কৰি তেওঁ চিন্তাৰ সাগৰত হাবুডুবু খাইছে– ভাৱি ভাৱি ৰাতিপুৱাৰ কুকুৰাই দিয়া ডাক শুনিছে– বা কেতিয়াবা ভাৱৰ মাজতে চকু মুদ খাই গৈছে– টোপনিৰ মাজতে আকৌ সাৰ পাই উঠিছে– কিন্তু ভাৱি তেওঁ পাৰ পোৱা নাই৷ ফলাফল শূন্য৷ পাৰিবনে তেওঁ? নীৰাই কোৱাৰ দৰে? নোৱাৰে নেকি? নোৱাৰাৰ পাল্লাখন বেছিকৈ হালি যাই নেকি ভাৱৰ বুৰবুৰণিত?

নীৰা আৰু তেওঁৰ বিছনাখন নীৰাৰ বিয়াতেই দিয়া৷ আজিলৈ বিছনাখন সলনি কৰিবলগীয়া নাইহোৱা৷ অৱশ্যেই কিছু ঠেক৷ দুজন শুলে গাত গা লাগি থাকে৷ নীৰাৰ চিধা হৈ শোৱাৰ অভ্যাস৷ এখন ভৰি আঁঠুটোত ভাঁজ হৈ তেওঁৰ ওপৰত উঠি থাকে৷ আজিকালি নীৰাই কাটি হৈ শোৱে৷ দুয়োজনৰ মাজত আধাফুটমানৰ খালী ঠাইটুকুৰা ঠাণ্ডা হৈ থাকে!

°°°°°°°°°°°°°

চ’চাইটিৰ বছৰেকীয়া গেট টুগেদাৰ৷ খোৱাই খাইছে, চোৱাই চাইছে, নচাই নাচিছে, মেল পকোৱাই মেল পকাইছে৷ আটাইতকৈ বেছি প্ৰিয় কাম- show off. এইটোৰ ৰেংকিং আটাইতকৈ বেছি৷ কোনোবাই কাপোৰৰ, কোনোবাই গহণাৰ, কোনোবাই গাড়ীৰ বা কোনোবাই ল’ৰা ছোৱালীৰ শেহতীয়া ‘কৃতিত্ব’ৰ বেলুন ফুলাইছে৷ কাৰোবাৰ হাঁহিয়ে গিলাচৰ ৱাইনত ঢৌ তুলিছে, ৱাইনৰ নিচাই কাৰোবাক গুলপীয়া কৰি তুলিছে৷ ইখন সিখনকৈ কেছেটৰ ৰীল ঘূৰি আছে, এটা গান শেষ হৈছে– আন এটা আৰম্ভ হৈছে৷ বৰুৱাই আৰু এটা হুইস্কিৰ বটল খুলিছে- অলপ ঘৰ্মাক্ত দেহাৰে বৰা সেইফালে লৰি ঢাপৰি গৈছে- (তেওঁ অনা বটলকেইটাৰ চাগে আয়ুস শেষ!)- তালুকদাৰে একোণত থিয় হৈ মোচত হাত দি দি গৰ্বিত হাঁহি এটাৰে কেইজনমানৰ আগত কাহিনী শুনাই আছে- খুব সম্ভৱ তেওঁৰ পুলিচী জীৱনৰ টুকুৰা ঘটনা কিছুমানৰ বীৰত্বৰ কাহিনী, আচলতে কল্পকাহিনী– মাজে মাজে বৰুৱাহঁতলৈ আঁৰ চকুৰে চাইছে- চাৱনিটো- চেহ্ ভাগ অলপ মইও পোৱা হ’লে! ল’ৰা ছোৱালীৰ ভাগটো বাওঁকাষে হৈ হাল্লাত ব্যস্ত৷ তেওঁ তাৰপৰা অলপ আঁতৰত৷ মানুহৰ ৰেহ ৰূপ চাই ভাললাগে, নাটকৰ প্লট এটাৰ দৰেই ভাৱ ভংগীমা আগুৱাই যাই- চৰিত্ৰবোৰে ভাও দি ফুৰে৷ তেওঁ চৰিত্ৰবোৰক ধৰি ৰাখিব খোজে, ইজেলৰ মাজেৰে৷ অফিচৰ সময়খিনিৰ এৰি বাকীসময়খিনিত তেওঁৰ প্ৰিয় কাম, এই চৰিত্ৰবোৰ নিৰীক্ষণ কৰা৷ প্ৰায়েই নীৰাৰ গালি শুনিব লগা হয়, বজাৰলৈ গৈছে- কাপোৰ চাইছে- মাজতে এঠাইত স্থানু হৈ আকাশ পাতাল ভাবি ৰৈ আছে- নীৰাই “অমুকটো চ’ৱাহিচোন, তোমাৰ গাত বৰ ধুনীয়া লাগ্‌ব’ ” বুলি টানি নিনিয়ালৈ তেওঁ ৰৈ যাব- চকু দুটাই ৰেহ ৰূপ চাব চৌপাশৰ৷ ঘৰ আহি সদায় নীৰাৰ অভিযোগ, তথাপি সলনি নহ’ল তেওঁৰ এই অভ্যাস৷ এতিয়াও তেওঁ একেটা কামকেই কৰি আছে, নীৰাই হয়তো আঁৰ চকুৰে দেখিছে৷

সৌটো বৰুৱাৰ পুতেকটো- লগৰ দুজনমানক বাপেকৰ নতুন মোবাইলটোত কিবা দেখুৱাইছে৷ কিমান বয়স হ’লগৈ বাৰু ইয়াৰ? ১৫? নাহ্… ১৭ চাগে… অৰুণতকৈ দুবছৰহে সৰু সি৷ অলপ আতঁৰত তালুকদাৰৰ ছোৱালীজনী৷ ফুটফুটীয়া দীঘল ফ্ৰকটোৰে বিৰাট মৰম লাগিছে৷ কিবা এটা সন্তোষৰ হাঁহিৰে ডেকাৰ বুকুখন ভৰি পৰিল- ভাৱিলে, এই ল’ৰা ছোৱালীবোৰেইতো কাইলৈৰ চৰিত্ৰ৷ তেওঁলোকৰ ভাওঁ শেষ হোৱাৰ পিছত, ইহঁতেই ভাওঁ দিব– ভাৱি ভাৱি তেওঁ বাওঁকাষে ঘূৰিল, হঠাতে পাতল হালধীয়া চোলা এটা অস্পষ্ট হৈ তেওঁৰ ফালে আহি থকা যেন লাগিল- চোলাটো ক্ৰমে স্পষ্ট হ’বলৈ ধৰিলে- সৰিয়হফুলীয়া কুৰ্তা এটাৰে সৌটো অৰুণ, চুলিখিনি ডিঙিলৈ বৈ পৰা; চকুত পাতলকৈ কাজল অলপ৷ ডেকাৰ বুকুখন চিৰিংকৈ গ’ল, হাঁহিটো বিলুপ্তিৰ ফালে গমন কৰিলে, অৰুণক নীৰাই বাধা দি আহিছিল বাহিৰ ওলাবলৈ- সি আগবাঢ়ি আহি থাকিল– আহি আহি সি ল’ৰা ছোৱালীৰ জাকটোৰ ওচৰত থিয় দিলে- তেওঁ সাম্ভাব্য পৰিস্থিতিৰ কথা ভাৱি সচকিত হৈ পৰিল৷ এঘন্টামান পাছত ঘৰত হ’বলগীয়া যুদ্ধখনৰ কাৰণে অলপ সাহস গোটাই ল’লে, অথচ তেওঁ ভালকৈ জানে, যুদ্ধ আৰম্ভ আৰু সমাপ্তিৰ সিদ্ধান্ত মিচেছ নীৰা চৌধুৰীৰ- আৰু- পৰাজিত সৈনিক সদায় মিঃ সনাতন ডেকা৷ অৰুণে তালুকদাৰৰ ছোৱালীৰ ফ্ৰকটো লিৰিকি বিদাৰি চাইছে, তাইও আগ্ৰহেৰে দেখুৱাইছে৷

: এইটোত এইখিনি এনেকৈ পাক মাৰি পিন্ধিব লাগে৷
: অনলাইন পামনে?
: পাবা পাবা৷
: চাম ৰ’বা তেন্তে৷
: বৰমায়ে গালি দিব নহয়, কি কৰিবা?
: এনেই কিনিম, নিপিন্ধো নহয়৷

দূৰৰ পৰাই তেওঁ অৰুণক নিৰীক্ষণ কৰি থাকিল৷ নীৰাৰ চকুত নপৰাকৈ এই সন্ধিয়াটো পাৰ হৈ যাওঁক- চকুদুটা মুদি নিজকে কোৱাদি ক’লে তেওঁ৷ উহু, কথাবোৰ ভৱাৰ দৰে প্ৰায়েই নহয়, সিদিনাও নহ’ল৷ অৰুণে লাহেকৈ ডাইনিং হলৰ ফালে আগবাঢ়িল, কিট্টী পাৰ্টিৰ জাকটো পাৰ হৈ খোজ দিছে মাত্ৰ, গগৈনীয়ে মাতিলে, “সৌটো অৰুণ নহয়নে? আহা আহা-  ল’ৰাটোক নেদেখাই হ’লো- কিনো ঘৰতে সোমাই থকা- নতুন ছৱি আঁকিছানে আৰু- অ’ তোমাৰ চুলিখিনি খুব ধুনীয়া হৈছে দেই, আয়ৌ দেহি- চোৱাচোন ইম্মান ধুনীয়াকৈ কাজলখিনি আঁকিবলৈ ক’ত শিকিলা বাৰু- চাওঁ চাওঁ কুৰ্তাটো ক’ত কিনিছা দেহি- মোৰ লগত ওলাবাচোন এদিন বজাৰলৈ- ইম্মা—–ন ধুনীয়া চইচ তোমাৰ- এনেকুৱা কোল্‌হাপুৰী চেণ্ডেল এযোৰ মোকো লাগে অ’- কেৰাহিকৈ বেলেগকেইজনীলৈ চাই আৰু নীৰালৈ অৰ্থপূৰ্ণ হাঁহি এটা এৰি দি বৰুৱানীয়ে last but not the least শৰপাত এৰিলে,

: “হেৰি নহয়, অৰুণ; তুমি কাণ ফুটুৱা যদি মোৰ লগত ওলাবা দেই৷ মোৰ লগৰ এজনীৰ পাৰ্লাৰলৈ লৈ যাম, গমেই নাপাবা জানা৷ আমাৰ বাবাইও এখন ফুটালে সিদিনা– তুমিতো দুয়োখন ফুটাবা, নহয় জানো- খৰচটো কমাই দিব পাৰিম মই-”
: নাই নাই আমাৰ ই ক’তনো ফুটাব– মন নাই ইয়াৰ–
: মন নাই তোমাৰ অৰুণ?

নীৰাৰ কথাটোৰ প্ৰত্যুত্তৰ গগৈনীয়ে অৰুণৰ পৰা বিচাৰিলে৷

অৰুণৰ কাণ দুখন প্ৰথমে ৰঙা হ’ল, তাৰপৰা মূৰৰ ফালে গৰমটো বেছিকৈ অনুভৱ হ’ল৷ অৰুণে নীৰাৰ ৰঙা পৰা চকু দুটা দেখিছিল- মিছা হাঁহি এটাৰে৷ ডাইনিং হলত নোসোমোৱাকৈ সি ৰূমলৈ উভটিল৷

কিবা এটা অশোভনীয় নহওঁক– ভাৱি ভাৱি ঘৰ্মাক্ত দেহাৰে লৰি ঢপৰি ডেকা চিৰি বগাই বগাই ৰূমত সোমাল৷ দৰ্জা খিৰিকীবোৰৰ খিলি লগোৱা হোৱা নাই৷ নীৰাই এফালৰ পৰা খিলি লগালে৷ অইনদিনাতকৈ খিৰিকি কেইখনে বেছিকৈ শব্দ কৰিলে৷ ডেকাই বিচনাখন ঠিক কৰিলে৷ নীৰাৰ ভাললগা বিচনা চাদৰখন পাৰিলে৷ নীৰাক অলপ বুজোৱাটো জৰুৰী, বুজাটোও জৰুৰী৷ ইয়াৰ বাবে বিচনাতকৈ উত্তম স্থান কিবা হ’ব যেন তেওঁৰ মনে নধৰিলে৷ অৰুণৰ কোঠাৰ লাইট জ্বলি আছে, তেতিয়ালৈ নীৰা নাহে৷ তাই কৰা কামকেই, হোৱা কামকেই দুবাৰ কৰিব- তাৰ টোপনি নালাগিলেও সি লাইটটো অফ্ কৰি দিব, মাকৰ স্বভাৱ সিও জানে- তাৰপাছত- তাৰপাছত কিছুসময় নীৰা টিভিৰ আগত বহিব- বিচনাত আহিবলৈ আৰু কমেও আধাঘন্টা তাৰমানে৷ মিনিটৰ কাঁটাডাল ১১ ৰ পৰা ৬ৰ ঘৰত সোমাল, নীৰা টিভিৰ আগৰ পৰা উঠিল৷ তেওঁ এবাৰ মনতে জুকিয়াই  ল’লে, নীৰাৰ সন্তুষ্ট কৰিব পৰা ধৰণৰ দুই চাৰিটা বাক্য৷ নীৰা আহিল, বিচনাৰ কাষত থিয় হ’ল– গাৰুটো হাতত ল’লে আৰু ড্ৰয়িং ৰূমৰ ফালে গুচি গ’ল৷ ডেকাৰ ডিঙিটোতে এসোপা কিবাই হেঁচা মাৰি ধৰা যেন লাগিল, এতিয়াই যেন গৈ অৰুণক মৰিয়াই মাৰিব- নাই নাই, নিজকে যেন ঠাচ্‌কৈ চৰিয়াই দিব- বা- নীৰাক গৈ এতিয়াই ধৰি মেলি জোৰকৈ ৰূমলৈ লৈ আহিব- তেনেকুৱা বাসনা এটা কিলবিলাই উঠিল৷ দৰাচলতে তেনেকুৱা একো নহ’ল, দিনটোৰ ভাগৰত কিছুসময় পিছত তেওঁও শুই থাকিল৷

নীৰাই ভোৰভোৰাই থাকিল… ই… ই… নম্‌ৰে ক্যা … গুচি নাযায় ক্যা …  মাধৱ, কোনটো পাপ’ৰ ফল ভোগ ক’ৰছু গ’হায়…! নীৰাৰ ভোৰভোৰনিবোৰ ক্ৰমান্বয়ে কমি কমি উশাহ নিশাহৰ শব্দবোৰ স্পষ্ট হৈ পৰিল৷

অৰুণৰ কোঠাৰ লাইট আকৌ জ্বলিল৷

°°°°°°°°°°°°°°°°

চাৰি কি পাঁচদিন পাছৰ কথা৷ ডেকাৰ মাহীয়েক আৰু মাহীয়েকৰ ছোৱালীৰ ল’ৰাটো দুদিন থকাকৈ আহি ওলাল৷ ডেকাৰ মাক কেতিয়াবাই ঢুকাইছে৷ মাহীয়েক এতিয়া মাকৰ স্থানত৷ অগ্যতা ডেকাৰ ঘৰত আয়োজন চলিল- মাছে মঙহে কাপোৰে কানিয়ে দৈয়ে মিঠাইয়ে মাহী শাহুক সন্তুষ্ট কৰাৰ ক্ৰুটি নীৰাই এৰা নাই৷ স্বাৰ্থ এটা নথকা নহয়- মাহীয়েকক ডেকাৰ মাকে শহুৰবাড়ীৰ উত্তৰা-পশ্চিমাকৈ থকা খালী মাটিখিনি দানসূত্ৰে দি গৈছিল৷ মাহীয়েকে কথাই কথাই মাটিখিনি ডেকাৰ নামতেই হেণ্ডঅভাৰ কৰাৰ কথা কয়৷ অৱশ্যে নিশ্চিতি কিমান সেয়া অস্পষ্ট৷ যাহওঁক, মাটি বাৰীৰ কথা উহ্য ৰাখিলেও ডেকালৈ মাহীয়েকৰ মৰম পুতেকৰ দৰেই, মানে পুতেক বা বোৱাৰীয়েক যেতিয়াই মাকৰ কথামতে নচলে, অভাৰ গেষ্ট্ৰিকত ভোগা মাকক ঘৰতে নিমখ তেল ৰান্ধি দি বিয়া খাবলৈ যায়, বা চাকৰিলৈ যোৱা সময়ত যেতিয়া বোৱাৰীয়েকে বেচিনটোতে কাঁহী দুখন দমাই থৈ যায়– তেতিয়াই বুঢ়ীয়ে ডেকা আৰু নীৰাৰ কথা কৈ কৈ দুখ কৰে বুলি খোদ বুঢ়ীৰ বোৱাৰীয়েই নীৰাৰ আগত কয়৷ ঘৰখন ভৰি পৰিল৷

গধূলিৰ কথা৷
নীৰা আৰু মাহীয়েকে কথা পাতিছে৷ ঘৰৰ কথা, পৰৰ কথা৷

অমুক মামাৰ বোলে অমুক বেমাৰ- তমুক মামাৰ মামীৰ অমুকৰ লগ’ত ভাল- ভহুক পেহীৰ আপিটোৰ দৰাটো আমেৰিকাত থাকে- অ’ অ’, তাৰ লগ’ৰটো আমাৰ হেমোৰ আপা বকুলৰ লগ’ৰ- শইকীয়াথেৰ তিনি আপিৰ বিয়া হৈ গেল- হয়না?- সেই একধানমেনি হৈ থাকাতেই দেখা- হয় হয়, দিনগিলা বৰ বেগেদি পাৰ হৈ গেইছি- লাহেকে মইও যাম- নাই নাই মাহী তেন্‌কে ক্যা কয়- যাবা পাৰ্‌লিয়ে ভাল মাই- কুলদীপ’ৰ মাকো গেল-

অৰুণে ডাইনিং ৰূমৰ পৰা চাৰ্জত থকা মোবাইলটো ল’লে, clash of clansটো অন কৰিলে, আৰম্ভণিৰ মিউজিকটো ঢেং ঢেঙকৈ বাজি উঠিল৷ হঠাৎ এনে লাগিল- দুটা চকুৱে তাক নিৰীক্ষণ কৰিছে- সি পাছফালে ঘূৰি দিলে- মাইনা পেহীৰ ল’ৰাটো- বুবু দেখোন- ইম্মান মৰমলগা হৈছে-

: তুমি জান’নে খেল্‌বা?
: নাজানো৷
: য়ে…হয়না? মই শিকে দিম আহা৷
: ব’লা৷

বুবুই অৰুণৰ বাওঁহাতৰ তৰ্জনী আঙুলিত তাৰ সোঁহাতৰ কণমানি পাঁচোটা আঙুলিৰে মেৰিয়াই ধৰিলে, অৰুণৰ কোঠাতো ড্ৰয়িং ৰূমৰ বাওঁহাতে- দুয়ো সেইফালে আগবাঢ়িল৷

ডেকাৰ মাহীয়েকে বুবুৰ বাওঁহাতত থাপ্‌কৈ টান মাৰি ধৰিলে৷ অৰুণৰ হাতৰ পৰা তাৰ হাতখন এৰ্ খাই গ’ল-

: আমাৰ বুবুই মোবাইল’ত গেম নেখ্‌লে দ্যা ন? তাক অলপ মই বাৰাণ্ডাৰ দেখি উলে নেওঁ…

বুঢ়ীয়ে নাতিয়েকৰ লগত বাৰাণ্ডাৰ ফালে ওলাই গ’ল৷ অৰুণ ঠাইতে থাকিল৷ নীৰাই কাপ প্লেটবোৰ সামৰিব ধৰিলে৷ অৰুণৰ ভাগৰ মিঠাইটো তাই চুৱা বস্তুৰ দমত পেলাই দিলে৷ বেচিনটোত টাং টুঙকৈ বাচনবোৰে শব্দ কৰিলে৷ সাধাৰণতকৈ অলপ বেছি জোৰে৷

অৰুণ আকৌ ৰূমত সোমাল৷ তাৰ ৰূমৰ পৰ্দাখন কোঁচাই থোৱা আছিল, নীৰাই খপ্‌জপ্‌কৈ আহি পৰ্দাখন টানি দিলে৷ পৰ্দাৰ কাষটো আৰু দৰ্জাৰ ফ্ৰেমৰ মাজত কিছুখিনি ঠাই খালী আছিল, তাই আকৌ টানি টুনি পৰ্দাখন ফিট্ কৰি দিলে৷
অলপ আগুৱাই গৈ পৰ্দাখন দূৰৰ পৰা চালে, ঠিকেই আছে৷

এইটো ৰূমৰ পৰা আৰু দেখা পোৱা নাযায় অৰুণৰ এটা ৰূমৰ পৃথিৱী৷

তেওঁ– মানে- ডেকাই ৰেহ ৰূপ চাই চাই চিগাৰেট এটা জ্বলালে৷

এসপ্তাহ থাকি বুঢ়ী আৰু নাতিয়েক যাবলৈ ওলাল৷ যোৱাৰ আগদিনা ৰাতি, নীৰাই বুঢ়ীলৈ টোপোলা বান্ধিলে৷ পাটৰ বগা চাদৰ এখন, চেণ্ডেল এযোৰ, নৱৰত্ন তেল এটা আৰু ঘীৰ বটল এটা মাহীয়েকলৈ বেলেগে বান্ধি বুবুলৈ টোপোলা এটা বেলেগে বান্ধিলে৷

: এইখিনি লৈ যাব’ মাহী৷
: এ… মাই… ক্যা বান্ধবা লাগে এইসোপা…
: নাহেই আপ্‌নি…
: কিনো আহিম মাই, বৈয়াই লাগে…  এটা কথা মাই-
: কি মাহী
: তোমালোক’ৰ মাইৰেথেৰ ফালে কোন্‌বা আছে নেকি হা অলপ এনে ধৰণ’ৰ… বাবাটো ক্যা এনে…

নীৰাই কামখিনি যিমান পাৰি সিমান খৰকৈ শেষ কৰিলে, মোলান পৰা হাঁহি এটাৰে সোঁৱে-বাওঁৱে মূৰ জোকাৰিলে- নাই নাই- মাহী হেৰি নহয়, প্ৰণৱ খুৰাথেৰ বিয়াখানো আহিল- আমাৰ লগ’তে যাবা পাৰ‌্‌বো- বুঢ়ীয়ে জানিলে নীৰাই কথা সলাইছে- বুঢ়ীয়েও অ’ অ’ কৰি শুবলৈ যা যোগাৰ কৰিলে৷

ইটো ৰূমৰ পৰা ডেকাই কথাখিনি শুনিলে৷ নীৰা ৰূমলৈ আহিল, গাৰুটো ল’লে আৰু ড্ৰয়িং ৰূমলৈ গ’ল৷

আধাৰাতি তেওঁ সৰু সৰুকৈ নীৰাৰ সেই একেই  ভোৰভোৰনি শুনিলে… ই… ই… নম্‌ৰে ক্যা … গুচি নাযায় ক্যা …  মাধৱ, কোনটো পাপ’ৰ ফল ভোগ ক’ৰ্‌ছু গ’হায়…!!!

মাহীয়েকক আগবঢ়াই থ’বলৈ পাছদিনা পুৱা ডেকা গাড়ী লৈ ওলাল৷ অৰুণে আইতাকক মাত দিবলৈ ওলাই আহিল, আইতাকে বুবুক হাতত ধৰি ধৰধৰকৈ গাড়ীৰ দৰ্জাখন বন্ধ কৰি দিলে৷ ডেকাই গাড়ীৰ গ্লাচত দেখিলে, নীৰাই বাৰাণ্ডাৰ পৰা অৰুণক ভিতৰলৈ টানি নিছে৷ তেওঁ চকুদুটা সামান্য জপাই দিলে কেইমাইক্ৰ’চেকেণ্ডমান৷ অৰুণৰ ছৱিবোৰে তেওঁৰ মনত অগা ডেৱা কৰিব ধৰিলে৷

°°°°°°°°°°°

: আজিকালি কি কাৰবাৰ… মই এই- এনেকৈ পইচাটো সোমোৱাই দিলো মেচিনটোত- এই- এনেকৈ- থাপ্ কৰে গাখীৰৰ পেকেটটো সৰি পৰিল৷
: কিমানদিন থাকি আহিল?
: এসপ্তাহৰ বেছিয়ে হ’ল, তাৰপৰা বিশাখাপট্টনম গ’লো- এওঁৰ ভায়েকটো তাতেই এতিয়া৷ এই, এইখন কোনে অঁকা?

অৰুণে অঁকা ছৱি এখন ড্ৰয়িং ৰূমতেই আছিল আধা ৰং কৰা অৱস্থাত, সেইখনলৈ দেখুৱাই ডেকাৰ কলিগজনে সুধিলে৷ জীয়েকৰ বিয়াত মাতিবলৈ আহি মানুহটোৱে ভ্ৰমণ কাহিনী শুনাইছে৷

: ল’ৰাটোৱে আঁকিছে৷
ডেকাই তপৰাই উত্তৰ দিলে৷
: আপুনিয়ে শিকোৱা নহয় জানো তাক?
: অ’ অ’‍…
: ক’ত সি?
: জানোবা ক’লৈ ওলাই গ’ল!

শেষৰ উত্তৰটো নীৰাই দিলে৷ তেওঁ জানে, নীৰাই গোকাট মিছা মাতিছে৷ পৰ্দাখনৰ সিটো পাৰে অৰুণে কিজানি তন্ময় হৈ ছৱি আঁকিছে বা গান শুনিছে– বা– মোবাইলটোতে কিবাকিবি খুঁচৰিছে৷ আত্মগ্লানি আৰু পৰাজয়ৰ ভাৱ এসোপা তেওঁ ঢোক মাৰি গিলি থ’লে৷ চাহ পৰ্ব চলিল, কথা বতৰা শেষ হ’ল– মানুহজন যাবলৈ থিয় হ’ল– আবেলিৰ পাতলীয়া বতাহ অলপে অৰুণৰ ৰূমৰ পৰ্দাখন অলপ ঠেলি দিলে– দৰ্জাখন ফাক হৈ আছিল অলপ–  তিনিযোৰ চকু ক’ব নোৱাৰাকৈয়ে সেইফালে গ’ল– খিৰিকিৰে সৰকি অহা পোহৰৰ ৰেখাবোৰে আইনাখনত অৰুণৰ প্ৰতিবিম্ব ফুটাই তুলিলে– অৰুণে আপোনপাহৰা হৈ কুৰ্তাটোৰ ওপৰতে ব্ৰেচিয়াৰ এটা পিন্ধি লৈ হুককেইটা লগাবলৈ চেষ্টা কৰিছে৷

তেওঁ চকুদুটা লগে লগে ঘূৰাই তলফালে– পকীত কিবা যেন বিচাৰিছে তেনেকুৱা ভংগীমাৰে থিয় দি ৰ’ল৷ আঁৰ চকুৰে তেওঁ মানুহজন আৰু নীৰাক লক্ষ্য কৰিলে, নীৰা লাজ-সংশয় নে কিহৰ ভৰতেই কুঁজা হৈ ৰৈছে, মানুহজনে দেখিও নেদেখা ভাৱেৰে একো হোৱা নাই যেন ভাও এটা লৈ “আহিলোঁ দেই” বুলি মাতষাৰ দিছে, অথচ তেওঁ ভালকৈয়ে জানে– মানুহজনে অভিনয় কৰিব পৰা নাই ভালকৈ– সলনি হোৱা মুখৰ ৰঙে বহু কথাই কয়– হয়তো নীৰাইও জানিছে৷

সেইদিনাই আবেলি নীৰাই কাম কৰা বাই এজনী মতাই আনিলে৷ ঘৰটোৰ ষ্টোৰ ৰূম হিচাপে ব্যৱহাৰ হোৱা কোঠাটো চাফা কৰালে, টেবুল পাতিবোৰ ঠিক কৰালে, বেৰৰ মকৰাজাল গুচালে, পকীখন পানী মাৰি চিকচিকিয়া কৰালে, বহুদিন নেমেলা খিৰিকি কেইখন মেলি দি বতাহ-বা সোমাব দিলে, আৰু অৰুণৰ বিচনাখন দুয়োজনীয়ে ধৰি মেলি সেইটো ৰূমলৈ নিলে৷ তেওঁ মূক হৈ চাই থাকিল, অৰুণে সেমেকা চকুৰে তেওঁলৈ চালে, তেওঁ মুখখন ঘূৰাই দিলে৷ কেন্‌ভাছবোৰ নীৰাই বস্তাত বান্ধি লৈ বস্তাটো টানি টানি বাইজনীৰ হতুৱাই সিটো ৰূমলৈ নিয়ালে৷

“মা… ” বুলি বহুদিনৰ মূৰত অৰুণে কিবা এষাৰ ক’ব খুজিলে, নীৰাই নুশুনা ভাৱেৰে কাম কৰি থাকিল৷ অৰুণে ইফালৰ পৰা সিফালে গোটেই ঘৰটোত ঘূৰি ফুৰিল– এবাৰ ৰৈ টিভি চাই থকা বাপেকলৈ আকৌ চালে– তেওঁ অৰুণৰ চাৱনিটো সহ্য কৰিব নোৱাৰিলে– চুইছটো অফ্ কৰি টিভিৰ আগৰ পৰা উঠি গ’ল৷

সেইদিনা ৰাতি নীৰাই গাৰুটো লৈ ড্ৰয়িং ৰূমলৈ নগ’ল৷ বিচনাতে শুলে৷ চিধা হৈ৷

: অফিচ’ৰ পাৰা আহাওতে পদ্দা কেইমিটাৰমান কিনি আন্‌বা৷ ভাল, ওজান থাকা, গধূৰ পদ্দা৷ ক’ত’দিন আগ’তেই ক’লো নতুন পদ্দা আনাৰ কথা৷ গাতেই নাল্‌গে৷

নীৰাই বহুদিনৰ মূৰত তেওঁক কিবা ক’লে৷
তেওঁ কাটি হৈ শুই পৰিল, নীৰাৰ ফালে পিঠি দি৷

°°°°°°°°°°°°

দিনটোত দুবাৰকৈ ফোন কৰি নীৰাই তেওঁক মনত কৰি দিছে৷ পৰ্দাকেইখন নিব লাগিব৷ ৰিক্সাখনত বহিলৈ তেওঁ ঘূৰি চালে পাছফালে, কিন্নৰ কেইজনে বাদাম কিনিছে, সুঁহুৰি মৰাটোক হাততালিৰে থেকেচি দিছে৷

যমুনাৰ দোকানৰ সন্মুখত তেওঁ ৰিক্সাৰ পৰা নামিল৷ পৰ্দাৰ কাপোৰ চালে৷
: দাদা, কেনাই কাপোৰ দেখাম?
: অলপ গধূৰ… ভাল কাপোৰ৷

কথাখিনি তেওঁৰ ডিঙিত লাগি ধৰা যেন লাগিল৷

: কেইমিটাৰ?
ডেকাই মনতে হিচাপ এটা কৰিলে, কিবা এটা ভাবিলে– মিটাৰৰ জোখটো ক’লে৷

তেওঁৰ কাষেৰেই আন এজনে সৰু ছোৱালীজনীলৈ কাপোৰ কিনিছে৷ তেওঁ অলপ মন দি চালে, ছোৱালীজনীৰ মুখেৰে লেলাৱতি বৈছে, কাপোৰ এখনেৰে মাকে মচি দি আছে, দেউতাকে এবাৰ কোঁচত লৈ লেলাৱতিৰে তিতি থকা গালত মুখখন লগাই দি চুমা দিছে৷ ছোৱালীজনীয়ে ডিঙিটো পোন কৰিব পৰা নাই- নোৱাৰে চাগে- মাকে এখন হাত মূৰত দি আলফুলে মূৰটো হালি নোযোৱাকৈ ৰাখিছে৷ মৰমলগা সৰু সৰু ফ্ৰকবোৰ এবাৰ মাকে চাইছে, এবাৰ দেউতাকে৷

কাপোৰখিনি লৈ তেওঁ দোকানৰ পৰা ওলাই আহিল৷

দোকানখনৰ আগত খন্তেক ৰ’ল, আকৌ পশ্চিমমুৱাকৈ ঘূৰিল– ইয়াৰ মিঠাইৰ দোকানকেইখন খুব ভাল৷ তেওঁ পাঁচটা চানাৰ মিঠাই বান্ধি ল’লে, সিদিনা– নীৰাই পেলাই দিয়া মিঠাইটো– থাকক, আৰু নাভাৱিলে তেওঁ৷

তেওঁ ঘৰ পোৱাৰ লগে লগে নীৰা ব্যস্ত হৈ পৰিল, পৰ্দাকেইখন কাটি-চিলাই চিজিল লগাব লাগিব৷ ভাত ৰান্ধিব আছেই–

: পছন্দ হৈছিনা তোমাৰ কাপোৰখিনি?
: হৈছি… ভাল কাপোৰখিনি৷
: ভাতখিনি মইয়েই ৰান্ধিম দ্যা– তুমি পদ্দা ল’গ’ৱা৷
: বাপ্‌ৰে… কি সত্ গেল আজি ভাত ৰান্ধ্‌বা!
: এনেই…৷

কুকাৰটো গেছত তুলি দিয়াৰ আগেয়ে তেওঁ চচপেনটো বহাই দিলে, একাপ পানী আৰু দুইকাপ গাখীৰ জুখি চচপেনটোত ঢালি দিলে৷ মিঠাই কেইটা ফ্ৰীজৰ পৰা উলিয়ালে৷ চাহপাত কেইটা গাখীৰত উতলিব দি জুইটো কমাই তেওঁ চাহখিনি ডাঠ হোৱালৈ ৰখিলে৷ নীৰা আৰু তেওঁৰ কাৰণে চেনী নিদিয়াকৈ দুটা কাপত চাহ বাকি ল’লে৷ এটা কাপ তেওঁ মেচিন চলাই থকা নীৰাৰ কাষত থৈ আহিল৷ মিঠাইটোৰে সৈতে৷ বাকী ৰোৱা চাহখিনি চেনী সৰহকৈ দি ইলাচি দুটা পেলাই দি আকৌ উতলিব দিলে৷ চেনী বেছিকৈ দি ইলাচি পেলাই দি উতলোৱা গাখীৰৰ ডাঠ চাহ অৰুণৰ প্ৰিয়– পাকঘৰৰ পৰা তেওঁ চিঞৰি মাতিলে–

“বাবা…”

বহুদিনৰ মূৰত এই শব্দটোৱে ঘৰটোৰ বেৰকেইখনত খুন্দিয়ালে৷ নীৰাৰ মেচিনৰ শব্দ অলপপৰ ৰৈ গ’ল, আকৌ চলিল৷ এইবাৰ ঘনকৈ৷ কৰ্কশ শব্দ কৰি৷

প্লেটত দুটা মিঠাইৰে চাহকাপ তেওঁ অৰুণৰ কোঠালৈ লৈ গ’ল৷ বিচনাখনৰ এটা কোণত পৃথিৱীৰ সমস্ত দুখ-বেজাৰ-মান-অপমান-তাচ্ছিল্য পাহৰি সি শুইছে৷

তাক তেওঁ হেচুকি জগালে৷ চাহকাপ সি তৃপ্তিৰে খালে৷ শেষৰ শোহাটোলৈ৷

: আহ্, উঠচুন…  কিমেন ঘুমে থাকা আৰু… পাগঘৰ’ত আহ৷

বাপেৰক পিছে পিছে সি পাকঘৰলৈ খোজ দিলে৷ ভাজি থোৱা সৰু মাছৰ বাতিটো উলিয়াই তেওঁ সুধিলে-

: চৰ্চৰি বনাবা জান্‌বিনে?
: জানো, মাই ব’নাৱা দেখছু৷

তেওঁ জলকীয়া ফালি দিলে, আদাৰ পাত থেতেলি দিলে– গোটা মগুৰ ডাইল বনাবলৈ মগুকেইটা কুকাৰত দিলে৷ অৰুণে আদাৰ ৰসেৰে সৰুমাছকেইটা ৰান্ধিলে৷

: দেতা, খাই চ’ৱাচোন অলপ৷

মুখত দি তেওঁ টকালি পাৰি উঠিল, নীৰাৰ চৰ্চৰিখনৰ দৰেই– মাছখিনিয়ে আদাৰ ৰস শুহি লৈছে– নিমখ-আদা-জ্বলাৰ মিহি জ্বালনটোৱে তেওঁক সন্তোষ দিলে৷ পাকঘৰটো বিৰাট ধোঁৱাইছে- ধোঁৱাবোৰে চকুত ধৰিছে- তেওঁৰ চকুদুটা অলপ চপ্‌চপীয়া হৈ উঠিল– “উফ্ এই ধোঁৱাসোপা” বুলি তেওঁ চকুদুটা মচি ল’লে– অৰুণে ডাইলত ফোৰণ দিলে৷

নীৰাৰ মেচিনে বেছি খৰ্‌খৰকৈ শব্দ কৰিব ধৰিলে৷ হিচাপ কৰি কৰি তাই দেখিলে, পৰ্দাৰ কাপোৰ হিচাপতকৈ দুই মিটাৰ কম৷ অৰুণৰ ৰূমত দিবলৈ পৰ্দা নোজোৰে৷

মেচিনৰ শব্দ অসহ্যকৰভাৱে কৰ্কশ হৈ ওলাল৷
ডেকাই শুনিলে, অৰুণে তেওঁলৈ চালে৷ তেওঁ যেন শব্দটো শুনা নাই, বা মন দিয়া নাই– ঠিক তেনে বেপেৰোৱা ভাৱ এটাৰে অৰুণক ভাত বাঢ়িবলৈ ক’লে৷

°°°°°°°°°°°°°

লাইন নথকাত লেম্পৰ পোহৰত তিনিটা ছায়ামূৰ্তি ডাইনিং টেবুলত চক্ৰাকাৰে বহিছে৷ এটাই চুৰুপ চুৰুপকৈ আদাৰ ৰসেৰে চপচপীয়া সৰু মাছ চুপিছে, আনটোৱে ডাইলৰ পানী বাতিত লৈ খাইছে৷ এটাই “খাব লাগে,খাইছো” ভাৱত নিৰ্বিকাৰ হৈ ভাত চোবাইছে৷ এই ছায়ামূৰ্তিটোৱেই বাচনবোৰ থেকেচি থেকেচি শব্দকৰি ধুলে৷

ৰাতি নীৰাই ভালেখিনি সময় ৰখিলে তেওঁলৈ৷ এপাকত উঠি গৈ চালে, ড্ৰয়িং ৰূমত বাপেক-পুতেক কেন্‌ভাছ লৈ বহিছে৷ নীৰাই দৰ্জাখন জোৰেৰে শব্দকৰি জপালে৷ নাই; ৰঙৰ পৃথিৱীত মগ্ন প্ৰাণীদুটাই হাঁহি মাতি ৰং বোলাই থাকিল, আগৰদৰেই৷

নীৰাই বিচনাত ইলুটি সিলুটিকৈ বাগৰ সলাই কিছু সময় পাৰ কৰিলে…গৰম গৰম ফোঁচফোঁচনি কেইটামানে তাইক আৰু গৰম কৰি তুলিলে৷ লাহে লাহে ভোৰ্‌ভোৰনিবোৰ অস্পষ্টৰ পৰা স্পষ্ট হৈ আকৌ উশাহ নিশাহৰ শব্দত তল পৰি আহিব ধৰিলে- “মাধৱ পিতে… কোনটো পাপ’ৰ ফল ভোগ ক’ৰ্‌ছু প্ৰভু……এই বাপে’ক পুতে’ক…!!!!!”

°°°°°°°°°°°°°°°°

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments