অ-সুৰাসেৱী !

জ্যোতিৰূপম  দত্ত

কেইবছৰমান আগৰ কথা৷ ‘হোটেল ব্ৰহ্মপুত্ৰ অশোক’ত অনুষ্ঠিত হ’বলগীয়া এটা কৰ্প’ৰেট পাৰ্টিলৈ বুলি নিমন্ত্ৰণ আহিল৷ অফিচিয়েল নিমন্ত্ৰণ৷ অফিচৰ ‘বছ’ সেইসময়ত অসমৰ বাহিৰত আছিল৷ কাজেই মোৰ ওপৰতেই পৰিল পাৰ্টি এটেণ্ড কৰাৰ ভাৰ৷ পাৰ্টিৰ দিনা অফিচৰে এজনক লৈ বাহিৰে বাহিৰে পাৰ্টিলৈ গ’লোঁ৷ মোৰ সংগীজন আছিল মোৰ জুনিয়ৰ৷ তাৰ ঘৰ কৰিমগঞ্জৰ বদৰপুৰত৷ ভাড়াঘৰত থাকে৷ বেচেৰাকো লগতে ল’লোঁ, বোলে একেলগে খাই-বৈ আহোঁ৷ কথা-বতৰা পাতিবলৈকে লগ এটা হ’ব৷ পাৰ্টি আৰম্ভ হৈছিলহে মাথোন! ‘ব্ৰহ্মপুত্ৰ অশোক’ৰ পিছফালৰ ল’নখনতেই পাৰ্টিৰ আয়োজন কৰা হৈছিল৷ পাৰ্টিৰ ‘থীম’ আছিল ‘মেক্সিকান কাওবয়’৷ প্ৰৱেশদ্বাৰৰ কাষতে আচল ঘোঁৰাকেইটামানো খেৰৰ চালৰ আস্তাবলৰ ‘ৰিপ্লিকা’ এটাত থৈ দিয়া আছিল৷ সন্মুখত প্ৰকাণ্ড ষ্টেজ এখন৷ গৈ দেখিলোঁ যে পাৰ্টিৰ উদ্যোক্তাসকলৰ বেছি ভাগেই ‘কাওবয়’ টুপী পিন্ধি অভ্যাগতসকলক আদৰাত ব্যস্ত৷

ঠেটুঁৱৈ ধৰা জানুৱাৰী মাহৰ ঠাণ্ডা৷ তাতে আকৌ ব্ৰহ্মপুত্ৰৰ পাৰ৷ বহা আসনৰ কাষে কাষে জুই ধৰাৰ ব্যৱস্থা কৰা হৈছিল৷ চিনাকী দুজন এজনক মাত লগাই আৰামকৈ জুই একুৰাৰ কাষত বহিলোঁ৷ ইতিমধ্যে ষ্টেজত গান-বাজনা আৰম্ভ হৈ গৈছিল৷ সিদিনাৰ মুখ্য আকৰ্ষণ প্ৰিয়ংকা ভৰালীও ইতিমধ্যে আহি উপস্থিত হোৱাৰ ঘোষণা কৰা হৈ আছিল৷
ৰঙীণ পানীয়ৰ পৰিবেশন ইতিমধ্যে আৰম্ভ হৈ গৈছিল৷ বিধে বিধে ‘এশনলীয়া’, ‘উনসত্তৰ’ একেবাৰে উভৈনদী৷ লগতে বিভিন্ন ধৰণৰ ভজা-পোৰা মাংস তথা অন্যান্য উপকৰণৰো পৰিবেশন আৰম্ভ হৈ গৈছিল৷ ‘তণ্ডুৰ বাৰ’ বুলি এডোখৰ ঠাইত ভজা-পোৰা কুকুৰা মঙহ, পনীৰ, জুইত সেকা বিভিন্ন পাচলিৰ সৈতে গোটে গোটে এটা ছাগলী জুইত সেকি ওলমাই থৈ দিয়া হৈছিল৷ ‘তণ্ডুৰী মুৰ্গা’ নহয় সাইলাখ পুৰণি দিল্লীৰ বিখ্যাত ‘কৰিম’ হোটেলৰ ‘তণ্ডুৰী বকৰা’ৰ দৰে!

এইবোৰ দেখি-শুনি মোৰ ‘জুনিয়ৰ’ৰ জিভাৰ পানী পৰোঁ পৰোঁ অৱস্থা! মই তাক এপাকত ক’লোঁ, “মন কৰিছা যদি কিবা এটা লোৱা!” ক’বলৈহে পালোঁ, সি একেবাৰে গিৰিসাই উঠিল৷ চিধাই গৈ সোণোৱালী পিয়লা এটি আনিলেই! “আপুনি?” সি মোক উদ্দেশ্যি ক’লে৷ মই ক’লোঁ, “তুমি এনজয় কৰা৷ মই আছোঁ বাৰু৷ এইবোৰ ধৰিবলৈ নাই৷ কিবাকৈ মালিকক মাত এষাৰ লগাই ডিনাৰ চাৰ্ভ হ’লেই খাই-বৈ যামগৈ৷ ইমান দূৰ যাবলৈ আছে এই ৰাতিখন৷”
‘কাওবয়’ টুপী পিন্ধা বেহেৰাবোৰে ইটো-সিটো যোগান ধৰি গ’ল৷ এনেবোৰ অনুষ্ঠানত সমুখত গিলাছ এটা নাথাকিলে হেনো মহাভাৰতখন অশুদ্ধ হয়! যিয়েই পালে সিয়েই মোক কথাটো আকাৰে-প্ৰকাৰে বা চিধাকৈয়ে যেন বুজোৱাত লাগিল! “ইয়ে, আপুনি লোৱাই নাই দেখোন! লওক কিবা এটা! আনি দিম নেকি!”, কতজনৰ কিমান যে কাকুতি! উপায়ন্তৰ হৈ ক’কাকোলা এগিলাছ হাতত লোৱাতহে মৰমৰ ‘আব্দাৰ’বোৰ বন্ধ হ’ল যেনিবা৷ জুইৰ সেক লৈ দুই এজনৰ লগত ভাল আড্ডা জমি উঠিল৷ পৰে পৰে বেহেৰাবোৰে সকলোকে আগ্ৰহেৰে ভজা-পোৰা ‘স্নেকছ’ পৰিবেশন কৰিও গ’ল৷ ইতিমধ্যে প্ৰিয়ংকা ভৰালীৰ গীতৰ শৰাই আৰম্ভ হৈছিল৷

‘জুনিয়ৰে’ বিনামূলীয়া পানীয়ৰ বিতৰণ দেখি এগিলাছৰ পাছত এগিলাছ গলাধঃকৰণ কৰি যোৱাত লাগিল৷ মই এপাকত সতৰ্ক কৰি দিলোঁ যে ‘স্কটছ’ লাহে লাহে খোৱা বস্তু, গতিকে বেছি খালে হিতে বিপৰীত হ’ব৷ সিকলে, “ছাৰ! মই খিলাড়ী আছোঁ! একো চিন্তা নকৰিব! আপুনিও লওক!” মই ক’লোঁ, “মই নাখাওঁ বাৰু৷ মেইন কৰ্ছ মানে ভাত-ৰুটী পৰিবেশন কৰিলেই খাই-বৈ সোনকালে ওলাম ইয়াৰ পৰা৷”
ইতিমধ্যে পাৰ্টিৰ প্ৰধান উদ্যোক্তা আহি সকলোকে মাত লগাই কৰমৰ্দন কৰি গ’ল৷ মই ভাবিলোঁ যে কাম শেষ৷ ‘এটেনডেন্স’ দিয়া হৈ গ’ল যেতিয়া খাই-বৈ যাব লাগে সোনকালে৷ ‘বুফে’ৰ ঠাইখিনিত শাৰী শাৰীকৈ খালী বাচনকেইটাহে সজাই থোৱা আছিল তেতিয়া৷ খালী বাচনকেইটিৰ তলৰ ‘স্পিৰিট লেম্প’কেইটাৰ শীতল শলিতাকেইডালে যেন জুইৰ অপেক্ষা কৰিহে আছিল! ইফালে ‘বাৰ’কেইখনত সকলোৰে দলদোপ হেন্দোলদোপ!
আমাৰ ওচৰতে ধুনীয়া যুৱতীকেইগৰাকীমানে হাঁহি-মাতি ৰসাল আড্ডা জমাই আছিল৷ তাৰে দুগৰাকীমানে কাষেৰে যাওঁতে মোক মাত লগাই যোৱা দেখি জুনিয়ৰৰ চকু সেইফালে একেবাৰে থৰ হ’ল৷ সি সোধোঁতে মই ক’লোঁ যে দুগৰাকীমানক মই চিনি পাওঁ, মডেলিং আৰু অভিনয় কৰে৷ সি অলপ চিধাকৈ বহি ক’লে, “ছাৰ! বলক! মোক চিনাকি কৰি দিব! সকলোৱে দেখোন নতুন নতুন মানুহৰ লগত ‘চিনাকি’ হৈ আছে!” মোৰ জুনিয়ৰৰ তেতিয়া লাহে লাহে জিভা দোৰোল খাবলৈ আৰম্ভ কৰিলেই৷ মই কিবাকৈহে তাক টানি-টুনি ৰখালোঁ সেইবাৰলৈ৷ মই ক’লোঁ, “সেইবোৰ বাদ দিয়া৷ গান শুনা৷ সিফালে ডিনাৰ চাৰ্ভ হ’লেই খাই-বৈ ওলামদেই!”
প্ৰিয়ংকা ভৰালীয়ে হালি-জালি গান গাই আছিল৷ ঠাণ্ডা নে আন কিহবাৰ বাবেই জানো সুৰ-তাল-মান-মাতবোৰ কিবা অসজা যেন অনুভৱ হৈছিল সিদিনা৷ জুনিয়ৰে এপাকত আকৌ ক’লে, “ছাৰ! এইতকৈ মই ভালকৈ গাব জানো! বদৰপুৰৰ লোকেল ফাংচনত মই নহ’লেই নহয়৷ মই যাওঁ নেকি! পুৰ-ৰা ফালি দিম ছাৰ!” সি থিয় হ’লেই! থিয় হোৱা মানে সি ‘আগলি কলপাত লৰে কি চৰে’ৰ লেখিয়াকৈ হালি-জালি থকা দেখি মই তাক ধৰি আকৌ বহাই দিলোঁ৷ গম পালোঁ যে এনেকৈ নহ’ব৷ সি কিবা এটা গণ্ডগোল কৰিলে মইটো বাদেই আমাৰ অফিছৰে বদনাম হ’ব৷ তাক ক’লোঁ, “ব’লা, টয়লেটৰ পৰা আহোঁ৷” ইফালে বিনামূলীয়া স্কটছৰ নিচাত ‘জুনিয়ৰ’ একেবাৰে টুং! তাক কিবাকৈ চকীৰ পৰা উঠাই কঁকালত হাত এখনেৰে টানকৈ ধৰি বাহিৰৰ ফালে খোজ দিলোঁ৷ তাৰ খোজবোৰ সেই ‘আন্ধাৰ ৰাতি, কোন বাৰু তই…’ৰ সাইলাখ নকল৷ ভগৱানক খাতিলোঁ যে সি হামখুৰি খাই যাতে নপৰে আৰু বাহিৰলৈ আহোঁতে চিনাকি কাকো যেন লগ নাপাওঁ৷ আনবোৰ নহ’লেও সেইখিনি সময়ত সকলো নিজৰ মাজতেই ব্যস্ত আছিল বাবে মোৰ ভাগ্য সুপ্ৰসন্ন আছিল৷ টয়লেটলৈ নিনি তাক একেবাৰে বাহিৰলৈ লৈ আনিলোঁ৷ তাৰ পাছত চিধাই পাৰ্কিঙলৈ আনি গাড়ীত বহাই দি এটা দীঘলকৈ উশাহ ল’লোঁ৷

সি বিৰবিৰোৱাত লাগিল, “ভাত আৰু মাছ খাই যাব পাৰিলে ভাল হ’লহেঁতেন!” মই উঠি অহা খংটো কিবাকৈ দমাই চিধাই গাড়ী ষ্টাৰ্ট দিলোঁ৷ দুপৰীয়াৰ পৰা পেটত একো পৰা নাছিল৷ ইয়াতো কেৱল এগিলাছ ক’কাকোলা আৰু দুটুকুৰা ভজা কুকুৰা মঙহৰ বাদে তেতিয়ালৈ একো খোৱা নাছিলোঁ!

নুনমাটিৰ ভাড়াঘৰৰ আগত তাক নমাই দিলোঁ৷ গাড়ীৰ পৰা সি নানামেহে নানামে! এনেকুৱা ‘পাৰ্টি’ত অলপ ‘এনজয়’ কৰিব লাগে বোলে৷ সি আজি বোলে বৰ ‘খুছ’ … আৰু কিমান যে কি বেবেৰিবাং কথা তাৰ৷ অৱশেষত তাৰ ৰূমমেটজনক মাতিহে তাক গাড়ীৰ পৰা নমালোঁ৷ ঘৰ পায়েই পৰিবাৰক সুধিলোঁ, “কিবা খাবলৈ আছে নেকি?” তাৰকা হোটেলৰ ডিনাৰ পাৰ্টিৰ পৰা আহি ঘৰত আকৌ খাবলৈ বিচৰা কথাটোত সকলো আচৰিত হ’ল৷ ইতিমধ্যে ঘৰৰ সকলোৰে খোৱা-বোৱা শেষেই হৈছিল৷

“ভাতকেইটামান আছে!”, পৰিবাৰে ক’লে৷ তাকেই খালোঁ সিদিনা!

জুনিয়ৰে পিছদিনা একেবাৰে গপচ হৈ আছিল৷ ময়ো কথাটো কাকো নক’লোঁ৷ ক’লে জানোচা সি লাজেই পায়৷ ‘ৰাত গয়ী বাত গয়ী’৷ বিশেষ গণ্ডগোল নোহোৱাকৈ যে সন্ধিয়াটো পাৰ হ’ল সেয়াই যথেষ্ট বুলি মনতে গুণি কথাটো কিবাকৈ থাপিথুপি থ’লোঁ আৰু!

পিছে অলপ পাছতেই অফিছৰ আন এজনে আহি কলে, “যোৱাকালি কিছু ‘এনজয়’ কৰিলা বোলে! অলপ বেছিকেই ধৰা হ’ল নেকি? একেবাৰে ধৰি ধৰি নিব লগাহে হ’ল বোলে! আমাৰ চন্দনো গৈছিল নহয় পাৰ্টিলৈ৷ সিয়েই মনে মনে ফ’টোও তুলি আনিছে! সি মোলৈ যোৱা ৰাতিয়েই ফ’টো পঠাইছিল! বঢ়িয়া ফ’টো হৈছেদেই! এয়া চোৱা!”

ম’বাইলটোৰ স্ক্ৰীণত হাতত ক’লা জুলীয়া দ্ৰব্য থকা গিলাছ এটা ধৰি থকা মোৰ ফটো এখন!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments