আঁক-বাঁক (১) (মনোজ মন কলিতা)

আঁক-বাঁক (১) 

মনোজ মন কলিতা

(এবাৰ যদি ক’লাহেঁতেন !!)

সৌ সিদিনাৰ কথা | ঘৰমুৱা হৈছিলোঁ যেতিয়া এবুকু মৰম মোনাত সুমুৱাই, মোক আচৰিত কৰি তুমি সুধিছিলা
— “কি আছে মোনাত তোমাৰ !?”

— “তুমি, তুমি ভাৱ কিছুমান কঢ়িয়াই নিবলৈ ওলাইছোঁ অ’ “, ম‍ই ক’লোঁ
— “চুৰ কৰিছা মোৰ পৰা মোক ?”, তুমি সুধিলা
— “না, তুমিয়েইচোন দিলা এখোজ আগৰ সেই চাৰিআলিটোতেই , নীলা খাম এটা যে চুমাৰে উপচাই চকুৰ টিপত মোৰ কামিহাড়ৰ ফাঁকত গুজি দিছিলা ! এখোজ দিওঁতেই পাহৰি পেলালা !!”, ম‍ই ক’লোঁ
— “কিন্তু মোনাত যে সামৰি ল’লা !”, তুমি আকৌ সুধিলা
— “মোৰ বুকুত কেইটা চিলাই আছে তুমিচোন জানাই !! মৰমবোৰ কামিহাড়ৰ ফাঁকেৰে ওলাই পৰিব লোৱা বাবেহে মোনাখনত সামৰি ল’লোঁ |” , ম‍ই ক’লো
— “সঁচা নে এয়া ?”, তোমাৰ প্ৰশ্ন
— “একদম সঁচা, ঘড়ীৰ কাঁটাত ওলমি পৰা সময়ৰ শপত |”, মোৰ উত্তৰ
— “সময় ?”, তুমি নুবুজি সুধিলা
— “ওঁ |”, মোৰ একমাত্ৰ উত্তৰ
— “কিয় ?”, তুমি যেন অবুজ বহু যুগৰ
— “তুমি দিয়া মৰমবোৰৰ গোপন-সাক্ষী এই সময়বোৰ |”, ম‍ই ক’লোঁ
— “জানো ! মোৰ দেখোন একোৱেই মনত নাই ! যাওঁ, যাওঁ, যাওঁ ; সন্ধিয়াৰ পাছত ইয়াত হৃদয়ৰ বেচা-কিনা নিষিদ্ধ |”, তুমি ক’লা আৰু মোৰ মনত সোণাৰু এপাহ ফুলাই উৰি গুছি গ’লা পখিলা এজাকৰ সৈতে |
— “এবাৰ যদি ক’লাহেঁতেন ! তোমাৰ বাবে, জোন-তৰাৰ কথা বাদেই দিয়া, পশ্চিমৰ বেলিটো‍ও বৰশী বাই তুলি আনিলোঁহেঁতেন জাঁজী নৈৰ বুকুৰ পৰা |”, তুমি যোৱা বাটে চাই ম‍ই ভাবিলোঁ |
——————————–
(মন যোৱালৈকে লিখিম……..)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments