আঁখাঁ ৱাৰীচ শ্বাহ নু— মূল ৰচনাঃ অমৃতা প্ৰীতম অনুবাদঃ গীতিকা শইকীয়া

“আজি মই তোমাক মাতিছোঁ ৱাৰীচ শ্বাহ,

তোমাৰ কবৰৰ ভিতৰৰ পৰা মাত দিয়া৷

আৰু চোৱা, সেই প্ৰেমৰ কিতাপখনৰ কৰণাময়তাৰে ভৰা শেষৰ পৃষ্ঠাটো পুনৰ চোৱা

এসময়ত, পঞ্জাৱৰ এজনী ছোৱালীয়ে কান্দিছিল;

তুমি হাঁহাকাৰ কৰি সেই কাহিনী লিখিছিলা৷

আজি, লাখ লাখ ছোৱালীয়ে কান্দি আছে তোমালৈ চাই ৱাৰীচ শ্বাহ

উঠা! হে দুখৰ, যন্ত্ৰণাৰ কাহিনীকাৰ, উঠা! তোমাৰ পঞ্জাৱক চোৱা,

শস্যৰ পথাৰবোৰত মানুহৰ শৱদেহেৰে শাৰী পাতি আছে,

আৰু চেনাৱ নদীৰ পানী তেজেৰে ভৰি গৈছে

কোনোবাই সেই পাঁচোখন নদীৰ পানীৰ সোঁতত বিহ মিহলাই দিছে৷

সেই বিষাক্ত পানীয়ে আমাৰ শস্যৰ পথাৰবোৰ সম্পূৰ্ণকৈ দূষিত কৰি তুলিছে৷ “

ভাৰতীয় ভাষা-সাহিত্যৰ ভোটাতৰা অমৃতা প্ৰীতমে ৰচনা কৰা এই কবিতাটি ভাৰত-পাকিস্তান দুয়ো দেশতে বৰ্তমানেও অত্যন্ত জনপ্ৰিয় কবিতাৰূপে পৰিচিতি লাভ কৰি আহিছে৷ কবিতাটিত উল্লেখ কৰা ৱাৰীচ শ্বাহ পঞ্জাৱী সাহিত্যৰ অমৰ প্ৰেম গাঁথা “হীৰ-ৰঞ্জা”ৰ ৰচক আছিল৷ হীৰ নামৰ যুৱতী গৰাকীৰ দুখত ব্যথিত হৈ ৱাৰীচ শ্বাহে লিখা সেই অমৰ প্ৰেম কাহিনীৰ ইংগিতধৰ্মী উল্লেখেৰে অমৃতা প্ৰীতমে ভাৰত-পাকিস্তানৰ বিভাজনৰো বহু আগতেই ইহলীলা সম্বৰণ কৰা ৱাৰীচ শ্বাহ (১৭২২-১৭৯৮)ক সম্বোধন কৰি দেশ বিভাজনৰ ফলত জীয়াতু ভোগা নাৰীসকলৰ দুখৰ বৰ্ণনা কৰিছে এই কবিতাটিত৷ পাকিস্তানৰ নিজ জন্মস্থান গুৰজনৱালাৰ পৰা পলাই আহি শেষত ডেৰাদুনৰ পৰা দিল্লী আহি থকা অৱস্থাত সন্মুখীন হোৱা অৱৰ্ণনীয় কষ্টৰ সময়তে অমৃতা প্ৰীতমে এই কবিতাটি লিখিছিল বুলি জনা যায়৷ প্ৰকৃততে ৱাৰীচ শ্বাহ আৰু অমৃতা প্ৰীতমৰ জন্মস্থান একেখনেই আছিল, পাকিস্তান অধিকৃত গুৰজনৱালা৷ ৰচনাকালঃ ১৯৪৭ চন

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক