আঁচোৰ – অশোক কুমাৰ নাথ

পাঁচ বছৰ বয়স সম্পূৰ্ণ হোৱালৈকে মোৰ নাম আছিল পদুমী৷ ছবছৰত সোমোৱাৰ লগে লগে মায়ে আইতাৰ অনুমতি লৈ স্কুলত মোৰ নামটো লিখালে পদ্মা৷ অৱশ্যে গাঁৱত মোক সকলোৱে পদুমী বুলিয়েই মাতিছিল৷

মোৰ চকু দুটা হেনো পদুমৰ পাহিৰ দৰে৷ সেইবাবেই হেনো আইতাই মোৰ নাম পদুমী ৰাখিছিল৷ আইতা-ককা আজি ইহসংসাৰত নাই৷ মা-দেউতা আৰু আমি তিনিজনী ছোৱালী৷ মই ঘৰৰ ডাঙৰ ছোৱালী৷ পৈতৃক সম্পত্তি হিচাপে পোৱা খেতি-মাটি দুবিঘাৰে আমাৰ গোটেই বছৰৰ ভাত নুজুৰিছিল৷ দেউতাই লোকৰ আধি-মাটিও কৰিছিল৷ শেষলৈ বাৰীৰ পাণ-তামোল, কল-কচু বেচি চাউলৰ যোগাৰ কৰিবলগীয়া হৈছিল৷

সেইবাৰ মই মেট্ৰিক দিম৷ আমাৰ ঘৰত তেতিয়া তিনিজনীমান ছাগলী আছিল৷ তাৰে বগী ছাগলীজনীয়ে আমাৰ গাঁৱৰেই জিতেন খুৰাহঁতৰ পথাৰৰ ধান খোৱাৰ বাবে তেখেতে এনেদৰে মাৰিছিল যে ছাগলীজনী আধামৰা হ’ল৷ আচলতে খুঁটি উভালি গৈ ছাগলীজনীয়ে পথাৰৰ পকিবলৈ ধৰা ধান খাইছিল৷ আমি খবৰটো পাই গৈ দেখোঁ ছাগলীজনী তাতেই উঠিব নোৱৰা হৈ পৰি আছে৷ ছাগলীজনীক দেউতাই ডাঙি ঘৰলৈ লৈ আহিল৷ মই আৰু মায়ে জিতেন খুৰাৰ ঘৰলৈ গৈ সোধাত তেওঁ আৰু তেওঁৰ পত্নী ৰম্ভা খুৰীয়ে আমাক এনেদৰে কথাৰে আক্ৰমণ কৰিলে যে আমি হতবাক হ’লোঁ৷

মই ক’লো, “খুৰী, ছাগলীজনীয়ে যদি ধান খাইছিল আপোনালোকে বান্ধি নথ’লে কিয়? আমিতো ক্ষতিপূৰণ দিলোহেঁতেন৷ কিয় এনেদৰে মৰাকৈ মাৰিলে ছাগলীজনী? খুৰা, আপোনাৰ অকণো বেয়া নালাগিলনে?”

ক’ব নোৱাৰাকৈয়ে মোৰ খুব খং উঠিছিল সিদিনা৷ নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছিল মোৰ৷

ৰম্ভা খুৰীয়ে মোৰ ফালে খেদি অহাৰ দৰে আহিল, “ঐ! তইচোন ডাঙৰৰ লগত সমানে সমানে কাজিয়া কৰিবলৈ আহিছ? তোৰ মুখখনচোন বৰ চোকা! ৰহ তোক আজি–”

হঠাৎ মই চিঞৰি উঠিলো– “আৰু এক খোজো আগবাঢ়ি নাহিব খুৰী! মুখখনেই নহয়, মোৰ দাঁতবোৰো বহুত চোকা৷ এখোজো আগবাঢ়ি নাহিব বুলিছোঁ!”

মোৰ উগ্ৰমূৰ্তি দেখি ৰম্ভা খুৰীৰ লগতে উপস্থিত সকলোৱে থতমত খালে৷ সিদিনা সেই মুহূৰ্তত মই যেন এজনী বলিয়া মানুহ হৈ পৰিছিলো৷ যিয়ে মোক আক্ৰমণ কৰিবলৈ আহে, তাকে মই মোৰ চোকা দাঁতেৰে কামুৰিম!

তিনি দিন থকাৰ পাছতে বগী ছাগলীজনী মৰিল৷ এসপ্তাহমান আমাৰ ঘৰৰ কোনেও ভাত-পানী খাব পৰা নাছিলোঁ৷ অনবৰতে কিবা অজান শোক এটাই সকলোৰে ঠিক যেন বুকুতে খুন্দা মাৰি ধৰি আছিল৷ আস! কি যে নিৰ্দয় আঁচোৰ!

দেউতা সহজ-সৰল বাবেই কিছুমান বেয়া মানুহে দেউতাক খুব সাহ পাইছিল আৰু ঠগিছিল৷ কেতিয়াবা ভাবোঁ– আমাৰ যদি এজন দাদা থাকিলহেঁতেন, তেতিয়া অন্ততঃ পাষণ্ডবোৰে অকণমান সমীহ কৰি চলিলেহেঁতেন৷ আমি দুখীয়া বাবেই আৰু দেউতাৰ অত্যন্ত সৰল ৰূপটোৰ বাবেই সেই সৰুৰে পৰাই কিমান যে আঁচোৰ খাইছোঁ তাৰ কোনো সীমা সংখ্যা নাই!

তিনিওজনী ছোৱালীৰ পঢ়াৰ খৰচ-পাতি, ভাতৰ চিন্তা- এই আটাইবোৰে বাৰুকৈয়ে দেউতা-মাক ভাগৰুৱা কৰি তুলিছিল৷ মই ডিষ্টিংশ্বন্ পাই মেট্ৰিক পাছ কৰিছিলোঁ৷ ৰিজাল্ট্ ওলোৱাৰ দিনা মা-দেউতাৰ আনন্দৰ সীমা নাছিল৷ গুণমুগ্ধ আৰু শুভাকাংক্ষীৰে আমাৰ দুখীয়া পঁজাটি মানুহেৰে নধৰা হৈ পৰিছিল৷

মেট্ৰিক পাছ কৰাৰ পিছৰে পৰা মই টিউছন কৰি মোৰ পঢ়া খৰচ নিজে উলিয়াবলৈ চেষ্টা কৰিছিলো৷ চতুৰ্থ শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ ল’ৰা-ছোৱালীক মই পঢ়াইছিলো৷ সঁচাকৈয়ে, কিছু দিনৰ পাছত, মই মোৰ পঢ়াৰ গোটেই খৰচ টিউছন কৰিয়েই উলিয়াব পৰা হৈছিলো৷ দেউতাৰ হাততো কেতিয়াবা এশ টকা-দুশ টকা গুঁজি দিব পৰা হৈছিলো৷

ডাঙৰ ভণ্টি মোতকৈ চাৰি বছৰমানেই সৰু আছিল৷ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মই ষ্টাৰ মাৰ্ক পাই পাছ কৰিছিলো৷ তাৰ পিছত চহৰৰ কলেজত নামভৰ্তি কৰিছিলো৷ শিক্ষা (Education) বিষয়ক গুৰু বিষয় হিচাপে লৈ মই স্নাতক পাঠ্যক্ৰম আৰম্ভ কৰিছিলো৷ ঘৰতেই পুৱা উঠিয়েই এটা টিউছন কৰোঁ, কলেজৰ পৰা আহি দুটা; ৰাতিহে নিজৰ পাঠ পঢ়িবলৈ সময় পাইছিলো৷ মুঠতে অত্যন্ত ব্যস্ত এটা জীৱন৷ উভতি চাবলৈ সময় নাই, থমকি ৰ’বলৈ সময় নাই৷ চহৰৰ কলেজখন আমাৰ গাঁৱৰ পৰা ২০ কিলোমিটাৰমান দূৰত৷ মই বাছেৰে অহা-যোৱা কৰিছিলো কলেজলৈ৷ বাছত বহিবলৈ প্ৰায়ে আসন পোৱা নাছিলো; থিয় হৈয়ে যাব লগা হৈছিল৷ সেই থিয় হৈ যাওঁতেও কত যে আঁচোৰ! ঠেলা-হেঁচাৰ অজুহাত লৈ কিছুমান লম্পট পুৰুষে জানি-শুনিয়েই দিয়ে সেই আঁচোৰবোৰ৷ কেতিয়াবা অসহ্য হ’লে চিঞৰি দিওঁ, “আপুনি অলপ সিফালে যাব নোৱাৰেনে?” ভদ্ৰ(! ) মানুহজনে এনেদৰে চায় যেন মইহে কিবা ভুল কৰিলোঁ৷ সেই চাৱনিৰ অৰ্থ স্পষ্ট — এইখন পুৰুষৰ পৃথিৱীহে!

 স্নাতক পাঠ্যক্ৰমৰ ফলাফল আশা কৰা ধৰণেই হ’ল৷ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে মহানগৰীত থকা বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিলোঁ৷ মোৰ লক্ষ্য বা নীতিয়েই আছিল ’আগলৈ’ -পিছলৈ উভতি চোৱা নহয়৷ এমাহমান ক্লাছ কৰাৰ পিছত আমাৰ ডিপাৰ্টমেণ্টৰ এগৰাকী অধ্যাপিকা বাইদেউক মই মোৰ আৰ্থিক অৱস্থাটোৰ কথা ক’লোঁ আৰু বিনয়েৰে তেখেতক জনালোঁ যে টিউছন দুটামান যোগাৰ কৰিব পাৰিলেহে মোৰ এম.এ. কৰা সম্ভৱ হ’ব৷ বাইদেৱে তেখেতৰ অষ্টম শ্ৰেণীত পঢ়ি থকা ছোৱালীজনীকেই বিজ্ঞান-অংকৰ বাহিৰে বাকী বিষয়কেইটা চাবলৈ দিলে৷ মোৰ বুজোৱাৰ পদ্ধতি-শৈলী আদিবোৰ ভাল পাই আমাৰ ডিপাৰ্টমেণ্টৰে আন এগৰাকী বাইদেৱে তেখেতৰ পঞ্চম আৰু সপ্তম শ্ৰেণীত পঢ়ি থকা ল’ৰা-ছোৱালীকেইটাক পঢ়াবলৈ দিলে৷ এনেদৰে বাঢ়ি বাঢ়ি প্ৰফেছৰ কলনিত মোৰ দহটামান টিউছন যোগাৰ হ’ল৷ হোষ্টেলত থকা-খোৱা আৰু মোৰ পঢ়াৰ গোটেই খৰচ মই নিজেই উলিয়াব পৰা হ’লোঁ৷ আনকি কেতিয়াবা ঘৰলৈও কেইটকামান পঠাব পৰা হ’লো৷ মোৰ বাসনাই আছিল জয়ী হোৱা, পৰাস্ত হোৱা মোৰ লক্ষ্য নাছিল৷ মা-দেউতা-ভণ্টিহঁতৰ শান্ত-কৰুণ মুখবোৰে মোক মোৰ লক্ষ্যত অচল-অটল কৰি ৰাখিছিল৷

 সি যি কি নহওক, কলেজৰ দৰে বিশ্ববিদ্যালয়তো কিছুমান ‘সময়নাশ’কে মোক দিগদাৰ দিছিল৷ মোৰ ৰূপটোৱেই মোৰ বাবে কাল হৈছিল৷ বহু ল’ৰাই মোক প্ৰেমৰ প্ৰস্তাৱ দিছিল৷ মই একে আষাৰে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিলোঁ৷ তাৰ ভিতৰত কিছুমান আছিল মোৰ সহপাঠী আৰু কিছুমান জ্যেষ্ঠ ছাত্ৰ৷

 হে মোৰ শ্ৰদ্ধাৰ সহপাঠী আৰু দাদাসকল! মোক প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ আগতে এবাৰো ভাবি চাবলৈ আহৰি আছেনে? মোৰ ঘৰৰ চৰুৰ তলত জুই জ্বলিছে নে নাই? পৃথিৱীলৈ কিয় আহিছিল? কেৱল এই ’সস্তীয়া’ প্ৰেম কৰিবলৈকে?

 প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে দুজনমান বলিয়াইটো মোক ফোনতে মৃত্যুৰো ভাবুকি দিছিল৷ আস্! কিমান সহ্য কৰিম আৰু এই আঁচোৰবোৰ! ভাগৰি যাওঁ কেতিয়াবা৷ ঘৃণা ওপজে পৃথিৱীৰ ওপৰত৷ গালি পাৰোঁ ঈশ্বৰক৷

 ঈশ্বৰ! কামত ফাঁকি দিছা তুমি! দুষ্টক দমন কৰিবলৈ তোমাৰ কি আহৰি নাই নে শক্তি নাই? গোটেই পৃথিৱীখন অসুৰে ছাটি ধৰিছে৷ হত্যা-হিংসা-ধৰ্ষণ-লুণ্ঠনেৰে সিহঁতে যজ্ঞ কৰিছে আৰু তুমি বহি আছা ৰং চাই! তুমিয়েই কি ঈশ্বৰ?

 এম.এ.ৰ ৰিজাল্ট ওলাল৷ মই ফাৰ্ষ্ট ক্লাচ্ ছেকেণ্ড হ’লো৷ হেলেন কেলাৰৰ কথা ধাৰ কৰি ক’ব খোজোঁ ’জীৱন যদি এটা দুঃসাহসিক অভিযান নহয়, তেন্তে সি আন একোৱেই নহয়৷ ’ মোৰ দৰে দুখীয়া ঘৰৰ এজনী দুখীয়া ছোৱালীয়ে পি এইছ ডিৰ কথা ভাবিলোঁ- দুঃসাহসিক অভিযান!

 পি এইছ ডি কৰাৰ সুযোগ পালোঁ আৰু বহুত আঁচোৰ, ঘাট-প্ৰতিঘাট, উত্থান-পতন, বাধা-বিঘিণিৰ মাজেৰে প্ৰায় চাৰি বছৰত মই মোৰ গৱেষণাৰ কাম শেষ কৰিলোঁ৷

এইখিনিতে মনলৈ অহা কথাটো হ’ল, মহানগৰীৰ চিটি-বাছত আমি নাৰীসকলে খোৱা আঁচোৰবোৰৰ কথা কোনো বুদ্ধিজীৱীয়ে কাকতে-পত্ৰই লিখা চকুত নপৰে৷ অৱশ্যে তেখেতসকল এই বিষয়ে অজ্ঞাত হ’ব পাৰে! কাৰণ তেখেতসকলেতো ব্যক্তিগত গাড়ীতহে অহা-যোৱা কৰে নহয় জানো! চিটি-বাছতো আঁচোৰ দিয়া এই মানৱ-প্ৰদূষকবোৰ যে কেতিয়া পৃথিৱীৰ পৰা নাইকিয়া হ’ব!

 সি যি কি নহওক, নিজকে নিজে মনৰ ভিতৰতে ক’লো, ’এতিয়া মই ড° পদ্মা! ’; হৃদয়খন আনন্দেৰে ওপচি পৰিল! ইতিমধ্যে মই NETও ’ক্লিয়েৰ’ কৰিছিলো৷ নিশ্চিত হৈছিলো যে চাকৰি এটা নিশ্চয় যোগাৰ কৰিব পাৰিম৷ নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে আবেদন কৰি, পৰীক্ষা দি প্ৰায় এবছৰৰ পাছত বিশ্ববিদ্যালয়তেই সহকাৰী অধ্যাপিকা হিচাপে মই মোৰ চাকৰি জীৱন আৰম্ভ কৰিলোঁ৷

 ঘৰত মা-দেউতা-ভণ্টিহঁতৰ আনন্দৰ সীমা নাই৷ চাকৰি হোৱাৰ খবৰটো পোৱাৰ পিছত আনন্দতে আকাশলৈ থৰ লাগি চাই ৰৈছিলো৷ চকুপানীবোৰ বাগৰি আহিছিল দুগালেৰে আৰু টপ্ টপ্ কৈ পৰিছিল মোৰ চেনেহৰ বসুন্ধৰাত৷ চকুপানীবোৰ ওলোৱা কেনেকৈ বন্ধ হয়- মই নাজানো৷

 যিখন বিশ্ববিদ্যালয়ত পঢ়িছিলোঁ তাতেই এতিয়া মই ছাত্ৰ-ছাত্ৰীক পঢ়াওঁ, কথাটো ভাবি কোনোবা সময়ত মোৰ কিবা অকণমান ভয় ভয় লাগে; আনন্দও লাগে! ডিপাৰ্টমেণ্টৰ অধ্যাপক-অধ্যাপিকা বহা কোঠালীত ছাৰ-বাইদেউসকলৰ লগত একেলগে বহিবলৈ কিবা সংকোচ সংকোচ লাগে; কেনেবা কেনেবা লাগে৷ প্ৰথম দিনা সকলো ছাৰ-বাইদেউক সেৱা কৰিছিলোঁ৷ শিক্ষাগুৰুসকলৰ অনুমতি পোৱাৰ পিছতহে মই মোৰ চকীত বহিছিলো৷ পৰম নিষ্ঠাৰে ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰিছিলোঁ৷ প্ৰথম দিনা শ্ৰেণীকোঠাত সোমাওঁতে মোৰ বুকুখন চিৰিংকৰে মাৰিছিল৷ মই অলপ ’নাৰ্ভাচ’ হৈছিলোঁ৷ এদিন যিটো শ্ৰেণীকোঠাত মই ছাত্ৰী হৈ বেঞ্চত বহি আছিলোঁ, সেই শ্ৰেণীকোঠাটোলৈকে এদিন মই পঢ়াবলৈ যাম-কথাটো জানো কেতিয়াবা ভাবিছিলো!

 সি যি কি নহওক, প্ৰথম মাহৰ দৰমহা পাই বন্ধৰ দিনত ঘৰলৈ আহিছিলোঁ৷ মিতিৰ-কুটুম্ব-শুভাকাংক্ষীৰে ঘৰ নধৰা হৈছিল৷ চাহ-জলপান-মিঠাইৰে সকলোকে আপ্যায়ন কৰিছিলোঁ৷ অৱশ্যে ছাগলীমৰা সেই জিতেন খুৰাহঁতৰ কোনো অহা নাছিল৷ মই তেওঁলোকৰ ঘৰলৈকে গৈ মিঠাইৰ টোপোলা এটা দি জিতেন খুৰা আৰু ৰম্ভা খুৰী দুয়োকে ভৰি চুই সেৱা কৰি আহিছিলোঁ৷ ৰম্ভা খুৰীয়ে মোক দেখি অলপ সেমেনা-সেমেনি কৰিছিল৷

 যা হওক, দেউতাৰ হাতত আধা দৰমহা গুঁজি দি বিভিন্ন কামৰ দিহা দিছিলোঁ৷ টকাখিনি লওঁতে দেউতাৰ হাতখন থৰথৰকৈ কঁপিছিল৷ ইতিমধ্যে ডাঙৰ ভণ্টিয়েও বি.এ. আৰু সৰু ভণ্টিয়ে এইছ এছ পাছ কৰিছিল৷ দুৰাতি থাকি মই পুনৰ মোৰ কৰ্মস্থলী পালোঁগৈ৷ বিশ্ববিদ্যালয়ত গৱেষণাৰত এগৰাকী বান্ধৱীও মোৰ স’তে মই থকা অধ্যাপক- নিৱাসত আছিল৷

 সিদিনা দেওবাৰ৷ আমাৰ ডিপাৰ্টমেণ্টৰে এগৰাকী ছাৰৰ ছোৱালীৰ বিয়া খাবলৈ মই আৰু বান্ধৱী আবেলি চাৰিমান বজাত ওলাই গৈছিলো৷ বিয়া খাই ঘূৰি আহোতে গধূলি চাৰে সাতমান বাজিছিল৷ চিটিবাছৰ পৰা নামি কেইখোজমান দিছোঁহে মাত্ৰ, হঠাতে এখন চাৰিচকীয়া সৰু গাড়ী আহি আমাৰ ঠিক কাষতে ৰ’ল আৰু গাড়ীৰ পৰা নামি অহা তিনিটা পাষণ্ডই জবৰদস্তি মোক গাড়ীত উঠাই সিহঁত উধাও হ’ল৷ মই প্ৰাণটাকি চিঞৰিবলৈ ধৰিলোঁ৷ এক মুহূৰ্তৰ বাবে মই মোৰ বান্ধৱীৰো চিঞৰ-বাখৰ শুনিছিলো৷ গাড়ীত উঠায়েই সিহঁতে মোৰ মুখ আৰু চকু কাপোৰেৰে বান্ধি পেলালে৷ ডেৰ ঘণ্টামান যোৱাৰ পিছত গাড়ী ৰ’ল৷ টনা-আঁজোৰা কৰি সিহঁতে মোক গাড়ীৰ পৰা নমাই নিলে৷ তিনি-চাৰি মিনিট খোজকঢ়াৰ পিছত সিহঁতে মোক ঘৰ এটাৰ দুৱাৰ খুলি চোঁচৰাই লৈ যোৱাদি লৈ গৈ চকী এখনত বহুৱাই দিলে৷ লগে লগে চকীখনত সিহঁতে মোৰ হাত-ভৰি বান্ধি পেলালে৷ মুখৰ বান্ধটো খুলি মুহূৰ্তৰ ভিতৰতে সিহঁতে মোৰ মুখৰ ভিতৰত দুখন ৰুমাল জাতীয় সৰু কাপোৰ হেঁচি হেঁচি ভৰালে৷ তাৰপিছত মুখখন আকৌ বান্ধি দিলে৷ মুখত কাপোৰ ভৰাই মুখখন বান্ধি দিওঁতে মই সাংঘাতিক যন্ত্ৰণা অনুভৱ কৰিছিলোঁ৷ দহ মিনিটমানৰ পিছতেই সিহঁতে মোৰ চকুৰ বান্ধটো খুলি দিলে৷ মই পাষণ্ড তিনিটাক দেখি হতভম্ব! তিনিওটাই আছিল স্নাতকোত্তৰ পাঠ্যক্ৰমৰ মোৰ সহপাঠী — হাফিজ, মুন্না আৰু ৰাকেশ৷ মোক সিহঁতে টনা-আঁজোৰা কৰি গাড়ীত উঠাওঁতে মুখবোৰ ক’লা কাপোৰেৰে বান্ধি ৰাখিছিল বাবে তেতিয়া সিহঁতক মই কোনোপধ্যেই চিনি পোৱা নাছিলো৷ পঢ়া-শুনাৰ প্ৰতি একেবাৰে মনোযোগ নিদিয়া তিনিওটাই আছিল উদণ্ড আৰু গুণ্ডা প্ৰকৃতিৰ ল’ৰা৷ সিহঁতে বিভিন্ন সময়ত মোক প্ৰেম নিবেদন কৰিছিল, কিন্তু মই প্ৰত্যাখ্যান কৰিছিলোঁ৷ ইয়াৰে এই মুন্না বোলাটোৱে ফোনত মোক মৃত্যুৰো ভাবুকি দিছিল৷

 মদৰ বটল উলিয়াই তিনিওটাই মদ খোৱাৰ ব্যৱস্থা কৰিলে৷ অতীতত মোক লৈ সিহঁতৰ কিমান সপোন বৰ্বাদ হ’ল, কিমান সময় বৰ্বাদ হ’ল! কিয় মই সিহঁতৰ প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰিছিলোঁ? কিয় মই ইমান ধুনীয়া? — এনেধৰণৰ কথা কৈ কৈ সিহঁতে লাহে লাহে মোৰ দেহটোৰ ওপৰত ৰাজত্ব চলাবলৈ ধৰিলে৷ আৰু মই কান্দি কান্দি নীৰৱে বিদ্ৰোহ কৰি গ’লোঁ— যি বিদ্ৰোহ আছিল অৰ্থহীন৷ তিনিওটাই পূৰ্বৰ প্ৰেম নিবেদনৰ কথা কৈ কৈ খঙতে মোক চৰ মাৰিছে, বিকৃত হাঁহি মাৰিছে, মোৰ দেহটো টনা-আঁজোৰা কৰিছে আৰু মই কান্দিছোঁ৷ এগৰাকী অসহায় নাৰীৰ বুকুত যিমান কান্দোন থাকিব পাৰে সিমান কান্দোনেৰে মই কান্দিছিলোঁ আৰু ঈশ্বৰক বাৰে বাৰে প্ৰশ্ন কৰিছিলো- প্ৰভু, এনেকুৱা এটা দিন কোৱা, যিটো দিনত তোমাক মই মনত ৰখা নাই, স্মৰণ কৰা নাই৷ আৰু আজি তাৰ ফল তুমি মোক কি এয়াই দিলা? যি মা-দেউতাই গোঁসাই-সেৱা নকৰাকৈ পানী এটুপিও মুখত নিদিয়ে, সেই মা-দেউতাৰ বাবে তুমি কি এইটো পুৰস্কাৰেই সাঁচি ৰাখিছিলা? বাঃ ঈশ্বৰ বাঃ! তিনিটা নৰপিশাচে এগৰাকী অসহায় নাৰীৰ সতীত্ব তিল তিলকৈ হৰণ কৰিছে আৰু তুমি নীৰৱ-নিৰাকাৰ-নিৰুদ্দেশ! তোমাৰ নামেই কি ঈশ্বৰ? কেনেকৈ তুমি ত্ৰাণকৰ্তা? কি অৰ্থত তুমি জগতপতি প্ৰভু?

 যি ঈশ্বৰ থাকিও নথকাৰ নিচিনা, সেই ঈশ্বৰৰ প্ৰয়োজনেই বা কি? উলিয়াই দিলোঁঁ ঈশ্বৰক মই মোৰ ভিতৰৰ পৰা৷

 নৰপিশাচ তিনিটাই গোটেই ৰাতি মোৰ দেহটোৰ ওপৰত ৰাজত্ব চলাইছিল৷ পিছদিনা বাতৰিকাকতত বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ অপহৰণৰ চাঞ্চল্যকৰ বাতৰি সিহঁতে মোক পঢ়ি শুনাইছিল৷ মোৰ চকুৰ আগতে টি.ভি. অন্ কৰি সিহঁতে নিজেই কৰা অপহৰণ-বাতৰিৰ আমেজ লৈছিল৷

 স্থানীয় নিউজ চেনেলৰ ’ব্ৰেকিং নিউজ’ৰ প্ৰতিযোগিতাৰ তালে তালে নৰপিশাচ তিনিটাই কৰিছিল অট্টহাস্য৷ সিহঁতৰ সমান যেন সুখী এই পৃথিৱীত আন কোনো নাই৷

 আৰু মই! কান্দি কান্দি মোৰ চকুত যেন ক্ৰমে শেষ হৈ আহিছিল চকুপানী!

 সাৱধান! হে নাৰীসকল, সাৱধান! এইখন পুৰুষৰ পৃথিৱী৷ পুৰুষৰ পৃথিৱীত সাৱধান! ইতিহাসৰ পাত লুটিয়াই চাওক এটা এটাকৈ- বুজিব পাৰিব, এনেকুৱা এটা দিন নাই, যিটো দিনত আমি নাৰী নিৰ্যাতিত হোৱা নাই৷ ভগৱান পুৰুষ ৰামচন্দ্ৰৰ ওচৰতো সতী পত্নী সীতাই দিবলগা হৈছিল অগ্নি-পৰীক্ষা৷ এই পৃথিৱীৰ ৰাজসভাতেই এই পুৰুষেই শত-সহস্ৰ দ্ৰৌপদীক নাঙঠ কৰিছে৷ মনত ৰাখিব- জয়মতীৰ ওপৰত অবৰ্ণনীয় অত্যাচাৰ চলোৱাকেইজনো পুৰুষেই আছিল৷ পুৰুষৰ পৃথিৱীত আজি আমি কেঁচামাল, পণ্য সামগ্ৰী! আস্ হে পৃথিৱী! নাৰী হোৱা কি যে যন্ত্ৰণা!

 তিনি দিন ধৰি নৰপিশাচ তিনিটাই মোৰ দেহটোৰ ওপৰত অত্যাচাৰ চলালে৷ সেই তিনি দিন মোৰ পেটত পানী এটুপিও পৰা নাছিল৷ চতুৰ্থ দিনা ৰাতি একমান বজাত, সিহঁতে মোৰ হাত দুখন পিছফালে বান্ধি চকুতো কাপোৰ মেৰিয়াই পুনৰ গাড়ীত উঠাই ল’লে৷ সিহঁতৰ কথা-বতৰাৰ পৰা মই নিশ্চিতভাৱে বুজি পাইছিলো— সেয়া মোৰ মৃত্যু-যাত্ৰা৷ ইতিমধ্যে মোৰ গাতো শক্তি নোহোৱা হৈ আহিছিল৷ প্ৰায় এঘণ্টামানৰ ৰাস্তা অতিক্ৰম কৰাৰ পাছত এঠাইত গাড়ী ৰ’ল৷ গাড়ীতেই সিহঁতে মোৰ চকুৰ বান্ধ খুলি দিলে৷ ঠাইখিনি আছিল ঘিটমিটীয়া এন্ধাৰ৷ অনুমান কৰিলোঁ, পথটোৰ দুয়োফালে সেয়া বহল পথাৰ৷ এইবাৰ গাড়ীখন ঘাইপথৰ পৰা নামি পথাৰলৈ সোমাই যোৱা সৰু ৰাস্তা এটাৰে আগুৱাই গ’ল৷ ৫০মিটাৰমান গৈ গাড়ীখন ৰ’ল৷ গাড়ীৰ পৰা নমাই সিহঁতে মোক চোঁচৰাই নিয়াদি পথাৰলৈ টানি নিলে৷ খোজটো দিবলৈকো মোৰ গাত শক্তি নাছিল৷ এঘণ্টামান ধৰি সিহঁতে মোৰ দেহটোৰ ওপৰত পুনৰ অত্যাচাৰ চলালে৷ হাফিজে ভুনভুনাই কৈ উঠিল, “ঐ হ’ব আৰু, এইক মাৰ এতিয়া৷” হাফিজ আৰু ৰাকেশে মোক হত্যাৰ প্ৰস্তুতি আৰম্ভ কৰিবলৈ বিচাৰিলে৷ মুন্নাই কৈ উঠিল, “ৰ না, আৰু অলপ দৌস্ত! তহঁত দুটা গৈ অকণমান গাড়ীতে বহচোন৷” হাফিজ আৰু ৰাকেশ ইতিমধ্যে অৱশ হৈ পৰিছিল৷ মুন্নাৰ অনুৰোধত সিহঁত দুটা গাড়ীৰ ফালে খোজ ল’লে৷ চাৰি-পাঁচ মিনিটমানৰ পাছতেই মুন্নাই মোৰ মুখৰ বান্ধটো খুলি মুখৰ ভিতৰৰ পৰা কাপোৰ দুখন উলিয়াই পেলালে৷ এইবাৰ সি আগবাঢ়িল তাৰ শেষ ইচ্ছাটো পূৰ কৰিবলৈ৷ সি তাৰ যৌনাংগটো মোৰ মুখৰ ভিতৰত ভৰাই দিলে৷ বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে এই মুন্নাই আছিল আটাইতকৈ বেছি জঘন্য ল’ৰাটো, যিয়ে মোক প্ৰায়েই অতিষ্ঠ কৰি তুলিছিল৷ কেইবাবাৰো ফোনত সি মোক মৃত্যুৰো ভাবুকি দিছিল৷

 যা হওক, মোৰ দুইহাত তেতিয়াও পিছফালে বন্ধা আছিল৷ চকু দুটা মেলি ৰাখিবলৈও যেন মোৰ গাত শক্তি নাছিল৷ মৃত্যুয়েও যেন লাহে লাহে মোৰ স’তে লুকাভাকু খেলিবলৈ আৰম্ভ কৰি দিছিল৷ যি কোনো মুহূৰ্তত সিহঁতে মোক ডিঙি চেপি নাইবা গাড়ীত লৈ অনা লোহাৰ ৰ’ডেৰে মোৰ মূৰত কোবাই মোক হত্যা কৰিব পাৰে৷ তেনেতে মই মন কৰিলোঁ, ঘাইপথত গাড়ীৰ লাইটৰ পোহৰ৷ সেইখন আছিল বৰযাত্ৰী কঢ়িয়াই অনা এখন বাছ৷ পথাৰলৈ সোমাই অহা সৰু ৰাস্তাটোৰ ওচৰতে গাড়ীখন ৰৈছিলহি৷ সম্ভৱতঃ বাছত অহা কোনো যাত্ৰীয়ে পেচাব কৰিবৰ বাবেই বাছখন সেই ঠাইত ৰখোৱা হৈছিল৷ কিন্তু বাছখন ৰখা স্থানৰ পৰা মুন্নাহঁত নিৰাপদ দূৰত্বত থকাৰ বাবে সিহঁতে নিজৰ নিজৰ স্থানৰ পৰা অকণো লৰচৰ নকৰিলে৷ তথাপি মুন্নাৰ দৃষ্টি যে বাছখনৰ ফালে আছিল সেই কথা মই ধৰিব পাৰিছিলোঁঁ৷ হাফিজ আৰু ৰাকেশেও নিশ্চয় বাছৰ পৰা নামি অহা যাত্ৰীসকলৰ গতি-বিধি লক্ষ্য ৰাখিছিল৷ হঠাৎ মুন্নাই চিঞৰিবলৈ ধৰিলে৷ হাফিজ আৰু ৰাকেশৰ কোনোবা এটাই চেপা মাতেৰে মুন্নাক উদ্দেশ্যি কোৱা শুনিলোঁ, “ঐ, চিঞৰিছ কিয়? ” সিহঁত দুটাই ভাবিছিল, মুন্নাই চাগে’ যৌন উত্তেজনাত তেনেকৈ চিঞৰিছে৷ সেয়েহে সিহঁতে মুন্নাৰ ওচৰলৈ অহাৰ অকণো প্ৰয়োজনবোধ নকৰিলে৷ মুন্নাই এইবাৰ আৰ্তনাদ কৰিবলৈ ধৰিলে৷ তাৰ চিঞৰ শুনি বৰযাত্ৰীৰ লগত অহা পাঁচ-ছটামান ডেকা ল’ৰা চিঞৰটোৰ উৎস বিচাৰি ল’ৰি আহিল৷ এক মুহূৰ্তও পলম নকৰি হাফিজ আৰু ৰাকেশ পলাল৷ সিহঁত দুটাই ’ঐ পলা’ বুলি মুন্নাক হাত এখনত ধৰি টানিছিল যদিও মুন্না পলাবলৈ সক্ষম নহ’ল৷ কেৱল সি টেঁটু ফালি ফালি চিঞৰিবলৈ ধৰিলে৷

 সেই যে মই সৰুতে আমাৰ ছাগলী এজনী জিতেন খুৰাই কোবাই আধামৰা কৰিছিল৷ কিয়নো এনেকৈ মৰাকৈ মাৰিলে সুধিবলৈ যাওঁতে যে তেওঁৰ পত্নী ৰম্ভা খুৰীয়ে মোক খেদি আহিছিল; আৰু মই যে চিঞৰি উঠিছিলোঁঁ, “আৰু এক খোজো আগবাঢ়ি নাহিব খুৰী! মুখখনেই নহয়, মোৰ দাঁতবোৰো বহুত চোকা! ”..মনত পৰিছেনে?

 এই পৃথিৱীখনত নাৰীয়ে দাঁত-নখবোৰ চোকা কৰি ৰখাটো খুবেই দৰকাৰী, এই কথাটো মই অকণমান জনা হোৱাৰ পৰাই উপলব্ধি কৰিছিলোঁ৷ কোন সময়ত অসুৰে আগভেটি ধৰে তাৰ কোনো ঠিকনা নাই!

 মুন্নাই কিয় চিঞৰিছিল সেই কথাটো মই আৰু মুন্নাই ভালদৰেই বুজিছিলো৷ আচলতে মই মোৰ চোকা দাঁতেৰে মুন্নাৰ যৌনাংগটো খুব জোৰেৰে কামুৰি ধৰিছিলোঁ৷ যন্ত্ৰণাৰ পৰা উপশম পাবলৈ আৰু পলাই সাৰিবলৈ সি মোৰ দুয়ো গাল আৰু মূৰত পোন্ধৰ-বিশটা প্ৰচণ্ড ঘোচা সোধাইছিল৷ মোৰ চুলিকোছাত ধৰি সি মোক প্ৰায় তিনি-চাৰি মিটাৰ চোঁচৰাই লৈ গৈছিল৷ কিন্তু মই মোৰ উদ্দেশ্যত অচল-অটল হৈ ৰৈছিলো৷ যৌনাংগ কামুৰি চিঙি নেপেলোৱালৈকে মই তাক এৰি নিদিওঁ৷ মুন্নাই জনা নাছিল, মোৰ দাঁতবোৰ যে বাঘৰ দাঁতৰ চোকা আছিল! বৰযাত্ৰী ডেকাকেইজন আমাৰ ওচৰ পাই একো উৱাদিহ পোৱা নাছিল৷ মুন্না থিয় হৈ থাকিব পৰা নাছিল; ইতিমধ্যে সি মাটিত বাগৰি পৰিছিল৷ তেতিয়াও সি প্ৰাণপণে চেষ্টা কৰি আছিল মোক পৰাজিত কৰিবলৈ, কিন্তু সেয়া আছিল তাৰ ব্যৰ্থ চেষ্টা৷ মুন্নাৰ কাতৰ চিঞৰবোৰে মোক কিবা এক আনন্দত মতলীয়া কৰি তুলিছিল৷ বৰযাত্ৰী ডেকাকেইজনে মুন্নাক ধৰি উঠাওঁতেই মই কামুৰি চিঙি দিছিলোঁ তাৰ যৌনাংগটো৷

ডেকাকেইজনে তাক থিয় কৰাবলৈ চেষ্টা কৰিছিল যদিও সি থিয় হৈ থাকিব পৰা নাছিল; মাটিত বাগৰি পৰিছিল সি৷ ময়ো উবুৰি খাই পৰি আছিলোঁ৷ আঁঠুকাঢ়ি বহিবলৈও মোৰ গাত শক্তি নাছিল৷ দেহৰ শেষ বিন্দু শক্তিকণো যেন মই শেষ কৰি পেলাইছিলো মুন্নাৰ সৈতে কৰা শেষ যুদ্ধখনত৷ দুজন ডেকাই কিছুসময় চেষ্টা কৰি মোৰ হাতৰ বান্ধটো খুলি মোক পৰি থকাৰ পৰা উঠিবলৈ সহায় কৰিছিল৷ মই কোনোমতে আঁঠুকাঢ়ি বহিছিলোঁ৷ কিন্তু কি আচৰিত! মই তেতিয়াও মুন্নাৰ যৌনাংগটো দাঁতেৰে কামুৰি মুখতেই লৈ আছিলোঁ৷ মই চাগে’ তেতিয়া এজনী বলিয়া মানুহ হৈ পৰিছিলোঁ৷ মুখত চিকাৰ লৈ মই যেন এজনী উন্মাদ বাঘিণী!

 ম’বাইলত থকা টৰ্চৰ পোহৰত মোৰ মুখখন দেখি হঠাতে এজন বৰযাত্ৰী ডেকাই চিঞৰ-বাখৰ লগালে, “এয়াচোন আমাৰ পদ্মা মেম্! মেম্, মই অমিয়, আপোনাৰ ষ্টুডেণ্ট্ —– খুৰীদেউ, মামী—– কাপোৰ! ” পাগলৰ দৰে দৌৰিল সি বাছখনৰ ফালে৷ গোটেই বৰযাত্ৰী মানুহ দৌৰি আহিল পথাৰলৈ৷ কেইগৰাকীমান মহিলাই নিমিষতে মোৰ উদং দেহটো কাপোৰেৰে মেৰিয়াই পেলালে৷ এঘণ্টামানৰ ভিতৰতে তিনি-চাৰিখন পুলিচৰ গাড়ী আহি পালেহি৷ মোক আৰু অচেতন হৈ পৰি থকা মুন্নাক আৰক্ষীয়ে ততাতৈয়াকৈ লৈ গৈ দুখন বেলেগ বেলেগ হাস্পতালত ভৰ্তি কৰালে৷

 হাস্পতালত নিছিদ্ৰ পহৰাৰ মাজত মোক ৰখা হ’ল৷ পিছদিনা খবৰ পাই মা-দেউতা-ভণ্টিহঁত ঢপলিয়াই আহিল মোৰ ওচৰলৈ৷ আহিয়েই মা-দেউতা-ভণ্টিহঁত মোৰ ওপৰত উবুৰি খাই পৰিলহি৷ সিহঁতে কান্দিছে৷ ডাক্তৰ-নাৰ্চে বাধা দিও সিহঁতৰ কান্দোন বন্ধ কৰিব পৰা নাই৷ কিন্তু মোৰ কান্দোন নাই, চকুপানী নাই৷ মই অন্যমনস্ক৷ মোৰ মা-দেউতাহঁতৰ এতিয়া কি হ’ব? কি হ’ব মোৰ চাকৰিটো? থাকিবনে? চাকৰিটো থাকিলেও কেনেকৈ যাম মই ক্লাছ ল’বলৈ? ছাত্ৰ-ছাত্ৰীসকলে মোক জানো আগৰ দৰে গ্ৰহণ কৰিব? জিতেন খুৰা আৰু ৰম্ভা খুৰীয়ে বা মোৰ কথা কি পাতিছে? নে মৃত্যুৱেই মোৰ বাবে শ্ৰেয় হ’ব? প্ৰতিটো প্ৰশ্নই মোক ক্ৰমান্বয়ে নিথৰ কৰি পেলাইছিল৷ নৰপিশাচ তিনিটাই মোৰ সৰ্বশৰীৰত এনেদৰে আঁচোৰ বহুৱাইছিল যে গাটো ইকাতি-সিকাতি কৰিবলৈও মোৰ ভীষণ কষ্ট হৈছিল; কথা ক’ব নোৱাৰাকৈ মোৰ জিভাখন গধুৰ হৈ পৰিছিল৷ কেৱল ভাগৰ লাগি থাকে মোৰ— ভাগৰ৷ লক্ষ্য-উদ্দেশ্য-নীতিৰে পৰিপূৰ্ণ এটা জীৱন নিমিষতে উদ্দেশ্যহীন, লক্ষ্যভ্ৰষ্ট!

 হঠাতে উচপ খাই উঠিলো, কোনোবাই কান্দিছে! মোৰ কাণৰ কাষতে ফেঁকুৰি ফেঁকুৰি কোনে কান্দিছে? “দেউতা! ” অস্ফুট শব্দটো ক’ব নোৱাৰাকৈয়ে মোৰ ভিতৰৰ পৰা ওলাই আহিল৷ মা-ভণ্টিহঁত মোৰ কাষলৈ দৌৰি আহিল৷ সিহঁতৰ প্ৰত্যেকৰে চকুত চকুপানী৷ হাস্পতালত থকাৰ চাৰিদিনৰ পাছত এই প্ৰথমবাৰৰ বাবে মোৰ মুখৰ পৰা এটা মাত্ৰ শব্দ ওলাই আহিল ’দেউতা’!

 মোৰ হাত এখনতে ধৰি ফেঁকুৰি ফেঁকুৰি দেউতাই যেন মোক মিনতি কৰিছে “আজি চাৰি-পাঁচদিন তোৰ পেটত একো এটাই পৰা নাই; কিবা এটা খাচোন ডাঙআই! ”

 পৃথিৱীৰ সকলো যন্ত্ৰণাই হেলাৰঙে সহ্য কৰিব পাৰোঁ, কিন্তু দেউতাৰ চকুৰ চকুপানী-অসহ্যকৰ এই যন্ত্ৰণা! মোৰ দুগালেৰে ধাৰাসাৰে চকুপানী বৈ আহিল৷

 ফেঁকুৰি-ফেঁকুৰি দেউতাই এইবাৰ মোৰ হাতখন টানকৈ ধৰিলে আৰু ক’লে, “তই মৰাৰ কথা একেবাৰে নেভাবিবি ডাঙআই; আমাৰ মুখলৈকে চাই তই জীয়াই থাকিব লাগিব৷ ভনীয়েৰ দুজনীৰ মুখলৈকে চাই তই জীয়াই থাকিব লাগিব৷ তই মৰিলে আমিও বাচি নাথাকিম ডাঙআই! আমি আকৌ যুঁজিম… যুঁজিবলৈকে আহিছোঁ পৃথিৱীলৈ৷ ভগৱানে আমাক পৰীক্ষা লৈয়ে আছে; পৰীক্ষাই দি থাকোঁচোন দে ডাঙআই! ”

 আগতে কেতিয়াও নেদেখা দেউতাৰ মুখৰ এই নতুন ৰূপটো দেখি মই চঁক্ খাই উঠিলোঁঁ৷ মৰুভূমিত পিয়াহত আতুৰ কোনো তৃষ্ণাতুৰৰ ব্যাকুলতাৰ দৰে দেউতায়েও যেন মোক মৃত্যুৰ দুৱাৰডলিৰ পৰা ওভতাই আনিবলৈ ব্যাকুল হৈ পৰিছিল৷ ক’ৰপৰা জানো আহিল গাটোলৈ অকণমান শক্তি, সেই শক্তিৰেই ময়ো দেউতাৰ হাত এখন যিমান পাৰোঁ টানকৈ খামোচ মাৰি ধৰিলোঁ৷

 হাৰে! এয়া কি! মইচোন মোৰ গাটো ইকাতি-সিকাতি কৰিব পৰা হৈছোঁ৷ হঠাৎ মোৰ মুখৰ পৰা স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল, “মা, কিবা এটা খাবলৈ দেচোন মোক…” ■ ■

বি. দ্ৰ.: সাম্প্ৰতিক সময়ত সমগ্ৰ পৃথিৱীতে নাৰী-নিৰ্জাতনৰ ঘটনাই এক মহামাৰীৰ ৰূপ ধাৰণ কৰিছে৷ একবিংশ শতিকাৰ এই জ্ঞান-প্ৰজ্ঞাৰে আলোকিত সময়তো কিছুমান নীচ মনোবৃত্তিৰ পুৰুষে নাৰীক কামনাৰ চিকাৰ কৰি লৈছে৷ সৃষ্টি হৈছে হত্যা-ধৰ্ষণৰ দৰে অনেক জঘন্য কাণ্ড৷ এই দানৱবোৰক প্ৰতিহত কৰিবলৈ বহু প্ৰচেষ্টা চৰকাৰ তথা ন্যায়ালয়ে হাতত লৈছে যদিও তাক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ এতিয়াও সক্ষম হোৱাগৈ নাই৷ এই গল্পটোৰ মাজেৰে এনে এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰা হৈছে যে নাৰীয়ে কোনো কোনো পৰিস্থিতিত নিজেই নিজক ৰক্ষা কৰিবলৈ সক্ষম হ’ব লাগিব৷ এছ্ বাটলাৰে কৈছিল– ’আত্মসংৰক্ষণেই প্ৰকৃতিৰ প্ৰথম নিয়ম৷ ’ অম্বিকাগিৰী ৰায়চৌধুৰীয়েও কৈছিল– ’আত্মশক্তিৰে আত্মৰক্ষা নকৰিলে আন কোনেও আপোনাক ৰক্ষা নকৰে৷ ’ পৰিস্থিতিয়ে দাবী কৰিলে কোনো জটিল মুহূৰ্তত অসুৰক প্ৰতিহত কৰিবলৈ নাৰীয়ে নিজৰ চোকা নখ আৰু দাঁতবোৰ ব্যৱহাৰ কৰিবলৈ সাজু থাকিব লাগিব৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক