আঁঠুযুৰিক সুস্থ কৰি ৰাখক৷ বিষ হোৱালৈ নৰ’ব – অনুপ বৈশ্য

চোৰ গ’লে বুধি আৰু বৰষুণ গ’লে জাপি আৰু বুলি অসমীয়াত এষাৰ কথা আছে৷ কথাফাকি মোৰ প্ৰায়েই মনত পৰে যেতিয়া কেতবোৰ ৰোগী অসহায় অৱস্থাত আহে আমাৰ ওচৰলৈ৷ এনে ৰোগী সকলৰ ভিতৰত আঁঠুৰ বিষৰ ৰোগী অসংখ্য৷ মই যেতিয়া প্ৰাতঃ ভ্ৰমণ আৰম্ভ কৰিছিলো বাটে-ঘাটে লগ পোৱা বেছিভাগ চিনাকি মানুহে সুধিছিল “ছাৰ প্ৰেচাৰ চুগাৰ কিবা হৈছে নেকি? মই বোলো কিয়? নহয় ছাৰ, বেমাৰ হোৱা মানুহেহে ইমান ৰাতিপুৱাই বিছনা ত্যাগ কৰিব লগা হয়৷ এনেকুৱা ধৰণৰ প্ৰশ্নৰ নিশ্চয় আপুনিও সন্মুখীন হয় নতুবা আপুনিও হয়তো ব্যায়াম বা খোজ কঢ়া আৰম্ভ কৰিছে কোনো ৰোগত ভোগাৰ বাবে৷


আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ প্ৰতিটো অংগ সুদৃঢ় হোৱা প্ৰয়োজন৷ ঠিক তেনেকৈ গাঁঠিবোৰ সুস্থ হৈ থাকিবলৈ গাঁঠিটোৰ আশে পাশে থকা মাংসপেশী বোৰ সুদৃঢ় হোৱা প্ৰয়োজন৷ গাঁঠিবোৰৰ বেমাৰ হলে ব্যায়াম কৰিব নোৱাৰা হয় যাৰ ফলত গাঁঠিবোৰ বিকল হবলৈ ধৰে৷ বিশেষকৈ আঁঠুৰ বিষ যাক osteo arthritis বুলি কোৱা হয় তেনে অৱস্থাত ৰোগী সকলে খোজকঢ়া কমাই দিব লগা হয় আৰু এনে অৱস্থাত শৰীৰৰ ওজন বাঢ়িবলৈ ধৰে৷ শৰীৰৰ ওজন বঢ়িলে আঁঠুযুৰিৰ ওপৰত হেঁচা পৰে আৰু ক্ষয় হ’বলৈ ধৰে৷ যাৰ ফলত আঁঠুৰ বিষ বাঢ়ি যায়৷ মই আগতেও আমাৰ গোটত আঁঠুৰ বিষৰ ওপৰত লিখিছিলো৷ তাত সুন্দৰ ভাবে উল্লেখ কৰিছিলো আঁঠুৰ বিষৰ কাৰণসমূহৰ বিষয়ে৷ কেতবোৰ ব্যায়াম দিছিলো৷ সেইবোৰ কৰি থাকিলে আঁঠুযুৰি সুস্থ হৈ থাকে আৰু ভৱিষ্যতে আঁঠুৰ বিষৰ পৰা হাত সাৰি থাকিব পাৰি৷ আঁঠুৰ বিষৰ যন্ত্ৰণা ভুক্তভোগী সকলেহে অনুভৱ কৰিব পাৰে৷ আমি চিকিৎসকসকলে এনেবোৰ ৰোগীৰ কষ্ট দেখি দুখ অনুভৱ কৰো৷ কেতবোৰ ৰোগীক সুস্থ কৰি তোলাৰ কোনো পথ নাথাকে৷ ব্যায়ামকেইটা পুনৰবাৰ দিছোঁ৷ কৰি থাকিব বুলি আশা কৰিলো৷

ব্যায়াম নং ১

ভৰি দুখন মেলি থিয় হওক৷ দুখন ভৰিৰ মাজত ডেৰফুট মান ব্যৱধান ৰাখিব৷ হাত দুখন সন্মুখৰ পিনে বুকুৰ সমান্তৰাল কৈ মেলি ধৰক৷ এতিয়া উশাহ এৰি চকীত বহাৰ দৰে কৰক৷ দহৰ পৰা বিশ ছেকেণ্ড এনেদৰে থাকি উশাহ এৰি পুনৰ আগৰ অৱস্থালৈ আহক৷ এনেদৰে পাঁচৰ পৰা দহবাৰ মান নিয়মিত দিনত দুবাৰকৈ কৰক৷

ব্যায়াম নং ২

ওপৰমুৱাকৈ শুই লওক৷ এতিয়া হাত দুখনৰ সহায়ত এখন ভৰি কোঁচাই গাৰ পিনে টানক৷ কিছুসময় ৰাখি এইখন ভৰি চিধা কৰি আনখন ভৰি কৰক৷ এনেকৈ দহবাৰমান কৰক৷

ব্যায়াম নং ৩

ওপৰ মুৱাকৈ শুই লৈ আঁঠুযুৰিৰ তলত এটি গাৰু ৰাখক৷ এতিয়া আঁঠুযুৰিৰে গাৰুটোৰ ওপৰত জোৰ দিয়ক অৰ্থাৎ মজিয়াৰ পিনে জোৰ দিয়ক৷

ব্যায়াম নং ৪

চিধাকৈ শুই ভৰিদুখন এখন চকীৰ ওপৰত ৰাখক৷ এতিয়া কঁকালখন ওপৰৰ পিনে দাঙি ভৰি দুখন চিধা কৰক৷ পুনৰ আগৰ অৱস্থালৈ আহক৷ এনেদৰে দহ বাৰ কৰক৷

ব্যায়াম নং ৫

এতিয়া ওলোটাকৈ শুই লওক৷ হাত দুখন শৰীৰৰ দুয়োকাষে ৰাখি এখন ভৰি কোঁচাওক ৷ কিছুসময় ৰাখি পুনৰ আগৰ অৱস্থালৈ যাওক৷ এনেদৰে আনখন ভৰিও কৰক৷ এনেদৰেই দহবাৰ মান কৰক৷

ব্যায়াম নং ৬

এতিয়া থিয় হৈ লওক৷
এটি চিৰিত এখন ভৰিৰে থিয় হওক৷ কিছু সময় থাকি পুনৰ আগৰ অৱস্থালৈ আহক৷ এতিয়া আনখন ভৰিৰে কৰক৷ এনেদৰেও দহ বাৰ মান কৰক৷

ব্যায়াম নং ৭

থিয় হৈ এখন ভৰি বুকুলৈ কোঁচাওক৷ কিছু সময় ৰৈ পুনৰ আগৰ অৱস্থা লৈ আহক৷ এনেদৰেই আনখন ভৰিও কৰক৷ এনেদৰেও দহ বাৰ মান কৰক৷

ব্যায়াম নং ৮

এতিয়া বহি লওক৷ দুয়োখন ভৰিৰ মাজত গাৰু এটি ৰাখক (দুয়ো আঁঠুৰ মাজত)৷ এতিয়া গাৰুটোক আঁঠুদুটাৰে জোৰকৈ হেঁচক৷ দহ ছেকেণ্ডমান থাকি ঢিলা কৰি দিয়ক৷ কিছু সময় পিছত পুনৰ কৰক৷ এনেদৰেও পাঁচবাৰ মান কৰক৷

ব্যায়াম নং ৯

কাপোৰৰ দুই কিলোমান বালি ভৰ্তি সৰু গাৰু এটি সাজি লওক৷ এতিয়া এখন ওখ ঠাইত বহক যাতে ভৰি দুখন ওলমি থাকে৷ এতিয়া এই বালি ভৰ্তি গাৰুটো এখন ভৰিৰ পতাত ৰাখক৷ এতিয়া ভৰিখন চিধাকৈ মেলি দিয়ক৷ কিছু সময় চিধাকৈ ৰাখি পুনৰ আগৰ অৱস্থালৈ আহক৷ এনেদৰে এখন ভৰিৰে দহবাৰ মান কৰি আনখন ভৰিৰেও দহ বাৰমান কৰক৷ এনে কৰিলে আঁঠুটোৰ মাজৰ ঠাইখিনি বাঢ়ি যায় যাৰ ফলত হাড়বোৰৰ ঘঁহনি খোৱা কমি যায় আৰু আৰু আঁঠুৰ বিষ কমিবলৈ ধৰে৷ কিমান ওজনৰ বালি ল’ব জানিবলৈ চিকিৎসকৰ পৰামৰ্শ ল’ব৷

অন্তিম ব্যায়াম :

এয়া কোনো কঠিন ব্যায়াম নহয়৷ সদায় এঘণ্টামান খোজ কাঢ়ক৷ আপোনাৰ ভৰিৰ মাংসপেশী সবল হ’ব আৰু আঁঠুযুৰিও সবল হ’ব৷


বিষ হোৱালৈ কিয় অপেক্ষা কৰে? আজিৰ পৰাই ব্যায়াম সমূহ আৰম্ভ কৰক৷ গোটেইবোৰ নোৱাৰিলেও যি কেইটা পাৰে কৰক৷ সুস্থ থাকক৷ সুখী জীৱন কটাওক৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!