আঁহতৰ তলৰ ভূত জনী -(মাধুৰীমা ঘৰফলীয়া)

আঁহতৰ তলৰ ভূত জনী
– (মাধুৰীমা ঘৰফলীয়া)

টেত টেত টেত টেত……ন কৈ ওলোৱা পোৱালী কেইটাক টিউবেলৰ কাষত গোটখোৱা অকণমান পানীতে মাকে চৰাইছে । আটাইতকৈ সৰু পোৱালীটো অলপ আঁতৰি গৈছিল, মাকে তাক ধমক দি কাষলৈ মাতিলে । কৱ নোৱাৰি তো কোন সময়ত আহি ৰাক্ষসী কাউৰীজনীয়ে থপিয়াই নিব ।
∀ধৰ ধৰ নিলে অ’….. বলো ঐঐঐ ….ধৰ ধৰ……..জহনীজাতি কাউৰী, মোৰ হাঁহ পোৱালী কেইটাত হে তোৰ চকু নে?” হঠাতে অকণৰ মাকৰ বাঁহফলা চিঞৰটো শুনি চক খাই কাউৰীজনীয়ে থপিয়াই লোৱা পোৱালীটো এৰি পলালে । হাঁহজনীয়ে গমেই পোৱা নাছিল যে কেতিয়ানো তাইৰ ডাঙৰ পোৱালীটো গৈ কাউৰীৰ মুখত সোমাইছিল গৈ …ভাগ্য অকণৰ মাক ওলালহি । তাই লৰালৰিকৈ পোৱালীকেইটা কাষ চপাই ল’লে ।
−নবৌ….নিলে নেকি …ক’ৰবাৰ বলো নামৰ আদহীয়া মানুহজন ওলালহি ।
−নাই নিবলৈ নাপালে । তই আজিয়ে বাটলু গুটি অলপ বাত বুজিছ | নহ’লে হাঁহ পোৱালী গৈ কাউৰীৰ পেটতহে ডাঙৰ হব গৈ ……
−অ…হব বাৰু । বলোৱে মুৰ দুপিয়ালে । পাকঘৰলৈ যাবলৈ লৈও অকণৰ মাক থমকি ৰল
−অ হেৰি নহয় বলো, ই অকণ কলৈ গল বাৰু….পুৱাই সেই সান্দহ এবাতি খায়ে যি ওলাই গল….তাক বিচাৰি আন গৈ যাচোন….এই লৰাটোৰ পৰা আৰু উপায় নাই……
অকণৰ মাকৰ পাছৰ কথাখিনি ভোৰভোৰনি হিচাপেহে ওলাল । বলোৰো সেইবোৰ শুনিবলৈ সময় নাই । ধেৰ কাম আছে তাৰ । অকণক বিচাৰি সি বড় তলৰ ফালে গুছি গল ।

ৰংপুৰীয়া গাঁৱৰ বেথাৰামে যেতিয়া একেখন গাঁওৰে মাখনীক ভালপাওঁ বুলি মাকৰ আগত কৈছিল, ঘৰখনত এখন ডাঙৰ যুদ্ধই হৈছিল । ধনে−ধানে ভৰা ঘৰখনৰ একমাত্ৰ লৰালৈ কত ঘৰে ছোৱালী দিবলৈ মন কৰি আছে…অথচ সি আনিব খোজে সেই উৰুখা চালৰ তলত ডাঙৰ হোৱা মাখনীক ! পিছে লৰাৰ জেদৰ আগত মাক−পিতাক সৈমান হব লগা হল । মাখনী দিহিঙীয়া পৰিয়ালৰ বোৱাৰী হৈ আহিল । দুবছৰ মান পাছত লৰা এটা জন্ম হল । আইতাকে মৰমতে নামটো অকণ থলে । অকণৰ দহ বছৰ মান বয়স হওতেই আগা−পিছাকৈ শহুৰ−শাহু দয়োজন ঢুকাল । ঘৰখনৰ মানুহৰ সংখ্যা কমি আহিল । বলো নামৰ সৰুতেই দিহিঙীয়া পৰিয়ালত আশ্ৰয় লোৱা ঘাট মাউৰা ডেকা জনকে লগত লৈ বেথাৰামে ঘৰৰ খেতি−খোলা চম্ভালি ল’লে । মাখনীও সলনি হল । পুৰঠ দেহাত বয়সৰ চাপ বহিল । মাখনী জনী হেৰাই সকলোৰে বাবে অকণৰ মাক হৈ পৰিল ।
−হেৰা…..কত গলা হে….
হাতৰ খালৈতো বাৰাণ্ডাতে থৈ বেথাৰাম মাটিতে বহি পৰিল । গাঁৱৰ সিমুৰে থকা জান খনত বান পাতিছিল । তাকে চাবলৈ গৈছিল তেওঁ ।
−উৱা….গা পা নুধুৱাকৈ তেনেকৈ বহিল যে….মাছ পালে নে…
অকণৰ মাকে আহি খালৈটো জুমি চালে । মাছে ভৰি আছিল ।
−চাহপানী এবাতি দিয়াহে….তাৰ পাছত গা ধুম গৈ ।
−অ দিছোঁ ৰৱ, মই পানী বহায়ে থৈছিলোঁ ।
গিৰিয়েকক চাহপানী এবাতি দি তামোল পানৰ বটাতো লৈ অকণৰ মাক কাষতে বহিল । কুমলীয়া তামোল, বাকলি অলপ ৰাখি নাকাটিলে পলকতে শেষ হৈ যাব । গতিকে অকণৰ মাকে খুব মন দি তামোলটো কাটিলে ।
−অকল খেতি খোলাকে চাই থাকিব নে কেতিয়াবা ঘৰলৈও চাব হয় নে…
অকণৰ মাকৰ কথাষাৰ শুনি বেথাৰামে প্ৰশ্নবোধক দৃষ্টিৰে চালে ।
−বোলো আজি কেইবাদিনো হল অকণটো মুজুৰা মাৰি থকা হৈছে । ভাত পানীও ভালকৈ নোখোৱা হল । বলোৱে দুদিন তাক সেই নৈ পাৰৰ আঁহতজোপাৰ তলত দুপৰীয়া বহি থকা দেখিছে বোলে । বাপেকটো হৈ যদি লৰাটোৰ খবৰ এটা নলয় কেনেকৈ হব হয় নে…
অকণৰ মাকে অলপ খঙেৰেই কলেই । সঁচাই যোৱা এমাহ মান অকণৰ ভাব ভংগী বহুত সলনি হল । আন কালৰ দৰে দেউতাকৰ সৈতে কাম কাজতো লগা নাই । মাথো মুজুৰা মাৰি থাকে । মাকে সুধিলেও একো নকয় । এটাই লৰা । একো অভাব অনাটন নোপোৱাকৈ ডেকা কৰিলে | সি তেনেকৈ মন মাৰি থাকিলে কোনজনী মাকৰনো মন ভালে থাকিব ।
বেথাৰামে অলপ সময় কিবা এটা ভাবিলে । মানুহটোৱে এনেও খুব কম কথা কয় । তাৰ পাছত বাৰাণ্ডাৰ ডোল ডালৰ পৰা তিয়নী এখন লৈ গা ধুবলৈ বুলি গুছি গল । যোৱাৰ আগত ঘৈণীয়েকক কৈ থৈ গল− লৰা ডেকা হল বুজিছা । মাজে মাজে এনেকৈ মুজুৰা মাৰিবই । তুমি মিছাতে চিন্তা কৰি মৰিছা । সময়ত চব ঠিক হৈ যাব ।
গিৰিয়েকৰ কথা ষাৰ শুনি অকণৰ মাকৰ খঙটো টিকিচ−বিকিচ কৈ উঠি আহিল । কিবা এটাতো উপায় দিব পাৰিলেহেঁতেন । সেই দেও লগা আঁহতজোপাৰ তলত ভৰ দুপৰীয়া লৰাটো বহি থাকে….সেইটো কথা মনেই নিদিলে । আউ বেলি আঘোণীৰ পুতেকটো সেইজোপা গছৰে দেও লাগি পাছত জ্বৰ হৈ মৰা নাছিলনে । নাই নাই এইদৰে নহ’ব…তাই কালিলৈয়ে কলিমন বেজৰ ওচৰত চোৱাবগৈ । যি বিধি বিধান লাগে চব কৰিব ।

পিছদিনা দুপৰীয়া সকলোকে ভাত পানী দি আজৰি হৈ অকণৰ মাক কলিমন বেজৰ ঘৰলৈ বুলি ওলাল । হাতত তামোল পান এটা আৰু টকা বিশটা ল’লে । গাঁওৰ এটা মুৰে থকা বেজৰ ঘৰ পায়গৈ মানে গোটেই মানুহজনী ঘামেৰে জুৰুলি−জুপুৰি হ’ল । হওক তেওঁ বেজজন ঘৰতে আছিল । অকণৰ দুৰ্দশা শুনি বেজে বহু দেৰি মাটিতে আঁচ টানি কিবা কিবি বকিলে । তাৰ পাছত অকণৰ মাকলৈ চাই কলে− বুজিছা বোৱাৰী, কথা বিষমেই আছিল, ভাগ্যে তুমি মোৰ কাষলৈ আহিলা । লৰাক সেই আঁহতৰ তলৰ জনীয়েই পালে । ঘৰত ভালকৈ নাম এষাৰ পাতিব লাগিব বুজিছা । আৰু সেই গুৰু ভকত দুজনমানক পাৰিলে ভালকৈ এসাজ খুৱাবা । মই লৰাৰ বাবে তাবিজ এটা দিওঁ, তাক কঁকালত পিন্ধি থাকিবলৈ কবা । বৰ বেয়া কথা হল দেই….
বেজৰ কথা শুনি অকণৰ মাকৰ মুখ শুকাই গল । হৰি হৰি …ভালেটিহে ভগৱানে তাইক বেজৰ ওচৰলৈ আহিবলৈ সুমতি দিলে । নহ’লে যে পুতেকৰ কি হ’লহেঁতেন । তাই জানে বাপেক−পুতেকে সেইবোৰ বিশ্বাস নকৰে । আৰু ঘৰত যে নাম এষাৰ পাতিবলৈ টকা−পইচা দিব সেয়াও হৈছে আৰু । তায়ে কিবা এটা কৰিব লাগিব । অকণৰ মাকৰ বেজৰ ঘৰৰ পৰা ঘুৰি আহোতে বাটটো তেনেই চুটি চুটি লাগিল । উৰি অহা দি আহি তাই ঘৰ পালেহি । চোতালৰ পৰাই তাই পুতেকক চিঞৰিলে । তাবিজটো সোনকালে পিন্ধাই দিব লাগিব ।
−অকণ, অ অকণ….
পিছে তাইৰ চিঞৰত অকণ নহয় বলো হে এৰাল দিয়া ছাগলী কেইটা লৈ বাৰীৰ পাছফালৰ পৰা ওলালহি ।
−নবৌ, অকণ নাই নহয় । সেই আপুনি যোৱাৰ পাছতেই ওলাই গ’ল । ৰাতি নাহিবও পাৰে বোলে ।
−নাহিব পাৰে মানে…..সি গ’ল কলৈ…কত থাকিব …..তই বাধা নিদিলি কিয় ।
অকণৰ মাকৰ মূৰতো গৰম হৈ গ’ল ।
বলোৱে ফিচিক কৈ হাঁহি এটা মাৰি কলে−ডেকা লৰা, মোৰ কথা নো ক’ত শুনিব নবৌ । আপুনি মিছাতে মূৰ নঘমাব ।
−মূৰ নঘমাম…হেৰৌ এটাই লৰা তাৰ যদি গা মূৰ ভাল নহয় মই কেনেকৈ সহি থাকিম হয়নে….তই জলদি তাক বিচাৰি যা । এই ছাগলী কেইটা দে, ময়ে গড়ালত ভৰাই থওঁ গৈ ।
বলোৱে হাতৰ এৰাল কেইডাল অকণৰ মাকৰ হাতত দি অকণক বিচাৰি ওলাই গল । এৰাল কেইডাল খামুছি মানুহজনী তাতে ডৰক লাগি ৰল । নামষাৰ সোনকালে পাতিব লাগিব । বাপেকৰটো খবৰেই নাই । তায়ে ক’ৰবাৰ পৰা টকা দুটামান গোটাব লাগিব । তাৰ পাছত তাই ছাগলী কেইটালৈ চালে । অহ…এই পঠাটোকে চোন বিকি নামষাৰ পাতিব পাৰি । কালিলৈ বজাৰৰ বাৰ । বলোৰ হাতত এইটোক বিকিবলৈ পঠাব লাগিব । কথাবোৰ ভাবি অকণৰ মাকৰ মনটো অলপ হলেও পাতল লাগিল । অন্তত গিৰিয়েকৰ ঠাট্টা নসহাকৈয়ে তাই নামষাৰ পাতিব পাৰিব ।
ৰাতি দহটা বাজিল । আমটো নাইয়ে, ফৰ্মুটিও নোলালহি । এইবাৰ বেথাৰামৰো চিন্তা হল । ৰাতি দহ বজা মানে গাঁওত মাজনিশা । ইমান দেৰিলৈকে অকণতো নায়ে বলোও নোলাল হি । চকুপানী, নাকৰ পানীৰে একাকাৰ হৈ অকণৰ মাকে ঘনাই নাক উজাবলৈ ধৰিলে । তাৰ লগে লগে গিৰিয়েকক উদ্দেশ্যি মুখখনো চলি থাকিল । ৰাতি বাৰ বাজিল । জ্বলি থকা চাকিটোৰ তেল শেষ হৈ নুমাওঁ নুমাওঁ হল । তেনেতে পাছফালৰ চোঁতালত অকণৰ মাতষাৰ শুনি মানুহ হাল চকমক খাই উঠিল ।
−মা…ঐ মা…দুৱাৰখন খোলচোন । চেপা মাতেৰে অকণে মাকক মাতিলে ।
অকণৰ মাকৰ খঙটো ভমককৈ জুই জ্বলা দি জ্বলি উঠিল । ইয়াক আজি সুদাই নেৰো ভাবত দৰজাখন খুলি মানুহজনী ৰৈ গল । বাহিৰত তিনিটা মানুহ ঠিয় হৈ আছিল । আন্ধাৰৰ মাজতো মানুহজনীয়ে নিজৰ পুতেক আৰু বলোক চিনি পালে । পিছে সিটো কোন ….অ’ আই…এইজনী দেখোন ছোৱালীহে…তাৰ মানে….
−ককাইদেউ, নবৌ ….এইজনী সিখন গাঁৱৰ মনো শইকীয়াৰ ছোৱালী ৰূপা হে…..ই আজি তাইক পলুৱাই আনিলে ।
বলোৱে বেথাৰাম আৰু অকণৰ মাকক সাঁথৰটো ভাঙি কলে ।
−পলুৱাই আনিলে মানে…….তাইৰতো কোনোবা চাকৰিয়াল এটাৰ লগত বিয়া ঠিক হৈছিল বুলি শুনিছিলোঁ …..
মাকৰ কথাৰ মাজতেই অকণে মাত লগালে
−তই ঠিকেই শুনিছিলি মা….সেইবাবেই এইক পলুৱাই আনিলোঁ….বাপেকে হেনো খেতি কৰা লৰালৈ নিদিয়ে । তহঁতি মোক ভুল নুবুজিবি……
অকণৰ মাকে এবাৰ লৰাৰ মুখলৈ চালে…তাৰ পাছত চাকিটো দাঙি কইনা জনী চালে । ছোৱালীজনী ৰুপে গুণে অতুলনীয় বুলিয়ে শুনি আহিছিল । তাৰ মানে অত দিনৰ আঁহতৰ তলৰ ভূতজনী এইজনীয়ে আছিল …….এইজনীকে লগ কৰিবলৈ বুলি পুতেকে গৈ সেই নদী পাৰত ৰৈ থাকে ! এইজনীৰ বাবে সি জুপুকা মাৰি আছিল ! মানুহজনীয়ে এইবাৰ গিৰিয়েকৰ মুখলৈ চালে । গিৰিয়েকে মিচিক−মাচাক হাঁহি আছিল । অ’….তাইনো বাৰু ইমান পাহৰিব লাগে নে….বিয়াৰ আগতে সিহঁতিওতো সেই আঁহতজোপাৰ তলতেই লগ হৈছিল । মনটো ভাল লাগিল । লৰাই বিয়া পাতিলে…..কালিলৈ ৰাইজক ভোজ এটাও খুৱাব লাগিব …..মাংস অলপো লাগিব নহয়….নামষাৰ পাতিবলৈ বেচিম বুলি ভবা পঠাটো আছে নহয়..হৈ যাব । অকণৰ মাকৰ গাতো সাতখন আঠখন লাগি গ’ল । পুতেক−বোৱাৰীয়েকক নীতি নিয়মেৰে আদৰিবলৈ বুলি তাই ইচাট−বিচাট কৈ ভিতৰলৈ সোমাই গ’ল ।

Subscribe
Notify of
7 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
9 years ago

সকলোকে ধন্যবাদ জনালোঁ ।

Anonymous
9 years ago

খুবেই ভাল লাগিল পঢ়ি ৷

sarangapani bordoloi
9 years ago

Xundar 🙂

পাৰ্শ্বজ্যোতি নেওগ
9 years ago

পঢ়ি ভাল লাগিল…..আগলৈও আপোনাৰ গল্প পঢ়াৰ আশা ৰাখিলো…..

trid
9 years ago

Val lagise….

jitumoni
9 years ago

Khubei bhal lagise.

Anonymous
6 years ago

সুন্দৰ