আঁহত: প্ৰাঞ্জল বৰা

আদিতেই

এজোপা অপতৃণ বুলি ভাৱি

তুমি মোক উঘালি পেলালা।

কিয় জানো মৰহি নগ’লোঁ

তোমাৰ চোতালৰ উপেক্ষিত একোণত

পুনৰবাৰ মই গছ হৈ গজিলোঁ

তুমি মন নকৰিলা

 

কঠিন মাটিত মই প্ৰসাৰিত কৰিব খুজিলোঁ

মোৰ কণ-কণ শিপা

খহি পৰা আকাশ

ভাঙি নিব খোজা উদ্যত শিলাবৰ্ষণ নেওচি

মই বাঢ়িলোঁ এদেও দুদেও কৈ।

তুমি কুঠাৰাঘাত কৰিলা নিস্ফল গছ বুলি

আৰু মই সহি থাকিলোঁ

 

পূজাত লাগক বুলিয়েই তুমি ভাঙি নিলা

মোৰ কুমলিয়া পল্লৱ

মোৰ ৰক্তক্ষৰণ তুমি নেদেখিলা।

কাটি নিয়া বয়স্ক কাণ্ড জ্বলাই তুমি

উমাল কৰিলা শীতৰ ঠেৰেঙা লগা ৰাতি

মোৰ দহনো তুমি অনুভৱ নকৰিলা

 

… তথাপি

তোমাৰ চোতাল গৰকি জীৱন্তে থকা

মই এজোপা আঁহত।

____________________________

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments