আংকল চিপচ্, কাৰ্টুন আৰু সাধু (মনোজ মহন্ত)

“ঘৰত যিকেইদিন দেউতা আছিল, সেইকেইদিন ৰাতি ৯.৩০ মান বজাৰ পিছৰ পৰা আৰু পঢ়াত মন নবহিছিল, মায়ে কেতিয়া ভাত খাবলৈ চিঞৰে তালৈ কাণ উনাই বহি থাকো উচপিচাই। ভাতৰ ভোকত নহয়, ৰাতি খোৱাৰ পিচত চোতালৰ মুকলি আকাশৰ তলত বা জুহালত বহি দেউতাৰ মুখেদি শুনা বিভিন্ন পৌৰাণিক কাহিনী-উপকাহিনীৰ সময়খিনিৰ বাবে। পৰম উৎসুকতাৰে বাট চাই থকা হৈছিল এই বিশেষ সময়খিনিলৈ। কেতিয়াবা দেউতাৰ মুদ ভালে নাথাকিলে, সেইদিনা আশাত চেঁচাপানী। ৰামায়ন-মহাভাৰতৰ কাহিনী-উপকাহিনী, বানৰজা-নৰকাসুৰৰ পৰা ভাস্কৰ বৰ্মন-হৰ্ষবৰ্ধনৰলৈ, কেতিয়াবা সপ্তৰ্ষীমণ্ডলৰ জন্মৰ পৰা ধ্ৰুব তৰাৰ কাহিনীলৈ, হজৰত-আব্ৰাহমৰ পৰা বুদ্ধ-শংকৰদেৱ, স্বামী বিবেকানন্দলৈ…, কি নাছিল তাত! তাৰোপৰি মাজে-মাজে ঘৰলৈ থকাকৈ অহা বিভিন্ন আত্মীয়ৰ সংযোগে উক্ত সময়খিনি কৰি তুলিছিল অধিক আবেদনময়। …বিচনাত পৰি এই কাহিনীবোৰৰ মাজেৰে পৰিভ্ৰমণ কৰি কৰি বিস্ময়-হৰ্ষ-বিষাদ আদি মিশ্ৰিত অনুভৱৰ মাজেৰে কেতিয়া টোপনিৰ কোলাত ঢলি পৰিছিলো ক’ব পৰা নাছিলো…”

শৈশৱকালত বহুতেই ভিন ভিন পৰিবেশত এনে মনোৰম অভিজ্ঞতাৰ মাজেৰে অতিবাহিত কৰি আহিছে। আৰু পৰবৰ্তী জীৱনত কোনোবা কেঁকুৰীত ৰৈ হয়তো সকলোৱেই সেই বিৰল মুহূৰ্তবোৰত ডুব দিছে আপোন পাহৰা হৈ। লগতে অনুভৱ কৰোঁ শৈশৱৰ সেই কাল্পনিক সৰু সৰু নায়ক-নায়িকাবোৰৰ সৈতে ওমলা সেই টুকুৰা-টুকুৰ মুহূৰ্তবোৰৰ স্মৃতিয়ে জীৱনত চটিয়াই থৈ যায় এক নিৰ্মল আনন্দ। কাৰণ যিয়েই নহওঁক কিয়, বৰ্তমান যুগত আজিৰ শিশুহ’ত সাধু বা কাহিনী আদি শুনাৰ পৰা বঞ্চিত হ’ব লগা যে হৈছে, বা তেনেধৰণৰ মুহূৰ্তৰ লগত উমলিবলৈ নোপোৱাকৈ শিশু-কাল পাৰ কৰিছে সেয়া সময়ে সময়ে বিভিন্ন মাধ্যমত আলোচনা কৰা দেখা যায়। তাৰে ওপৰত ইয়াত কিছু কথা নিজা অনুভৱৰে চাবলৈ যত্ন কৰা হৈছে মাথোঁ।

কোৱা হয় শিশুৰ মনোজগতখন অতি বিচিত্ৰ আৰু জটিল। সেয়ে শিশুৰ মনে সাধু বা পৌৰাণিক কাহিনীবোৰ শ্ৰৱণ কৰি তাৰ মাজৰে কল্পনাৰ সাগৰত সাঁতুৰি-নাদুৰি কেনে পৰ্য্যায়ৰ স্তৰৰলৈ গতি কৰে সেই অনন্য অভিজ্ঞতাক লিখি সঠিককৈ প্ৰকাশ কৰিব নোৱাৰি। আৰু হয়তো প্ৰত্যেক শিশুৰ সাপেক্ষে এই অনুভৱৰ মাত্ৰা স্বভাৱ অনুযায়ী ভিন ভিন হয়। যি কি নহওক, শিশুৱে সাধু শুনাৰ সেই সময়খিনিৰ পৰাই কিজানি নিজাকৈ কল্পনাৰ জগত এখনত বিচৰণ কৰিবলৈ শিকে। এইখিনিতে পুনৰ উল্লেখ কৰা ভাল হ’ব যে সাধু বা উপাখ্যান আদিৰ পৰা কি নৈতিক শিক্ষা পোৱা যায় বা জীৱনত সফল হোৱাত ই কেনেদৰে ধণাত্মক বা ঋণাত্মক অৰিহণা যোগাই সেয়া এই লেখাৰ উদ্দেশ্য নহয়। বা এনেবোৰ কাহিনী-উপকাহিনী শুনাৰ ফলত শিশুৰ মনস্তত্বৰ ওপৰত পৰা প্ৰভাৱৰ সুক্ষ্ম বৈজ্ঞানিক ব্যাখ্যাও নহয়। মাত্ৰ আজিৰ পৰিবৰ্তিত সামাজিক পৰিস্থিতিত অনুভূত হোৱা কিছু দিশহে আলোচনা কৰি চাব বিচৰা হৈছে। থোৰতে সাধু শুনা আৰু কমিক বুক বা কাৰ্টুন চলচিত্ৰ চোৱা কাৰবাৰকেইটাৰ মাজত থকা পাৰ্থক্যই শিশুৰমনত তলত দিয়া ধৰণে দোলা দি যায় নেকি তাক বিচাৰ কৰিব চেষ্টা কৰা হৈছে।

শিশুৰ মনোজগতত পৰা প্ৰভাৱ সম্পৰ্কত সাধু শুনা, কমিক বুক পঢ়া বা আৰু কাৰ্টুন চলচিত্ৰ চোৱা – এই তিনিটা মাধ্যমৰ যদি তুলনা কৰা হয়, তেনেহ’লে দেখা যাব সাধু এটা শুনি হোৱা প্ৰক্ৰিয়াটোৱে মানসিক বিকাশ হোৱাত বেচি সক্ৰিয় ভুমিকা লয়। উদাহৰণস্বৰূপে, লক্ষ্মীনাথ বেজবৰুৱাৰ বিখ্যাত সাধুটোক ইয়াত লোৱা হ’ল। সৰলীকৰণ কৰি তেজীমলাৰ সাধুটোৰ আন চৰিত্ৰবোৰক উপেক্ষা কৰি অকল চিলনীজনীয়ে শিশুৰ মনত কেনেদৰে প্ৰভাৱিত কৰে তাক চোৱা যাওঁক। ধৰা হ’ল, সাধুটো শিশু এজনক সুন্দৰ ভাৱে কোৱা হ’ল। স্বাভাৱিকতে আন চৰিত্ৰসমুহ যেনে চিলনীৰ জীয়েক-তেজীমলা বা সদাগৰ আদিত কৈ চিলনীজনীয়েহে প্ৰথম মনোযোগ আকৰ্ষণ কৰিব। এতিয়া সাধুটো শুনি শিশু জনে মনত কাহিনীৰ চিলনী নামৰ ‘চৰাই’ জনীক উকা কল্পনাত সাধু বিৱৰণৰে প্ৰথম থূলমূল এটা ধাৰণাৰে এখন ছৱি আঁকি ল’ব। ক্ৰমে কাহিনীৰ উত্থান-পতনৰ মাজেৰে সেই ছবিখন বিভিন্ন ৰূপৰে চাই চাই চলন্ত চিত্ৰৰ দৰে কল্পনা কৰিবলৈ অৱকাশ পায়। এই ক্ষেত্ৰত সাধু শুনি শুনি তাত থকা চৰিত্ৰবোৰৰ মাজৰে শিশুৱে কল্পনাতে কিছু ছবিৰ জন্ম দিয়ে, য’ত কল্পনাৰ ৰং আৰু তুলিকাৰ সমাহাৰ ঘটি সৃষ্টি কৰে কল্পনিক বিভিন্ন বিচিত্ৰ অৱয়ৱ। আন কথাত ক’ব পাৰি সাধু শুনা শিশুজনে অজানিতে সৃষ্টি কৰে নিজা ধাৰণাৰে কিছু কাৰ্টুন ছবি। গুৰুত্বপূৰ্ণ এই যে, গোটেই প্ৰক্ৰিয়াটোত স্বতঃস্ফুৰ্তভাৱে শিশুজন নিজেই এজন চিত্ৰকৰ হৈ পৰে। আৰু ক্ৰমান্বয়ে সাধুৰ মাজেৰে হোৱা কথোপকথনৰ (শিশুৰ উৎসুক প্ৰশ্ন-উত্তৰ) আৰু তাৰ কল্পনাৰ জগতখনৰ লগত কৰা ৰিজনীয়ে চিত্ৰবোৰৰ গঠন-প্ৰকৰণ আৰু স্বভাৱত লাহে লাহে পুৰঠ হৈ মনত দোলা দি যাব। অলপ দকৈ ভাবি চালে দেখা যাব যে সমবয়সৰ শিশুৰ মনোজগতত আইতাৰ মুখৰে শুনা (ইয়াত কওঁতা এটা মাধ্যম, মাধ্যম-১), উদাহৰণ স্বৰূপে তেজীমলা সাধুটোৰ যি প্ৰভাৱ, তাতকৈ তেজীমলা সাধুটো কমিক বুকত পঢ়ি (আন এটা মাধ্যম, মাধ্যম-২) হোৱা প্ৰভাৱতকৈ পৃথক হ’ব। আকৌ সেইখিনিক (সাধুটোক) কাৰ্টুন চলচিত্ৰ বা এনিমেচনৰ ৰূপত (মাধ্যম-৩) উপভোগ কৰা শিশুৰ মনত পৰা প্ৰভাৱো ওপৰৰ দুটা মাধ্যমতকৈও কিছু বেলেগ হয়। কাৰণ মাধ্যম -২ আৰু মাধ্যম-৩ ত শিশুৰ মনে মাধ্যম -১ ৰ ফলত বৰ্ণনা কৰা পৰিঘটনাটো মাজেৰে যাবলৈ সুবিধা নাপায় বা অৱকাশ নাথাকে। এতিয়া আটাইবোৰ মাধ্যমৰ মাজত মনঃস্তত্বৰ ওপৰত পৰা প্ৰভাৱৰ যদি তুলনা কৰা যায় তেনেহ’লে সাধু বা আখ্যান শুনা ল’ৰা বা ছোৱালীজনীৰ কল্পনাৰ প্ৰৱনতা আনবোৰতকৈ অধিক হ’ব লাগে। এই সাধু বা পৌৰানিক কাহিনী শুনাৰ মজা বা প্ৰক্ৰিয়াটোক কাৰ্টুন চিত্ৰ বা টিভিৰ কাৰ্টুনেৰে কমপেনচেট্ কৰিব বিচাৰিলে, ভুল কৰা হ’ব। সেয়ে কাহিনীৰ আধাৰত অংকিত বা নিৰ্মিত কমিক বুক বা টিভি চিৰেয়েলখনে শিশুজনৰ স্বাভাৱিক কল্পনা শক্তিক কিছুপৰিমাণে হলেও বাধাগ্ৰস্ত কৰে বুলিব পাৰি। আচলতে কাহিনীৰে আধাৰত অংকিত কাৰ্টুন বুক বা টিভি চিৰিয়েলখন যেনেদৰে কোনোবা পাকৈত চিত্ৰকৰৰ দ্বাৰা চৰিত্ৰবোৰ অংকিত কৰা হয়, স্বাভাৱিকতে শিশুৰ মনত কাহিনীৰ চৰিত্ৰবোৰ ঠিক তেনে ৰূপতে ধৰি ল’বলৈ বাধ্য কৰে। ফলস্বৰূপে নিজৰ মতে কল্পনা কৰিব পৰা দিশ এটা যে আছে সেই সম্ভৱনা এটাৰ পৰা শিশুটোক আঁতৰাই অনা হয়। কথাটো বুজিবৰ বাবে আমি আৰু অলপ বহলাই আলোচনা কৰোঁ। ধৰা হ’ল দুভাগ শিশুৰ এভাগক মৌগলীৰ অৱয়বৰ বিৱৰণৰে কাহিনী এটা শুনোৱা হ’ল আৰু আনভাগক মৌগলীৰ কমিকবুকৰ ছবি দেখুৱাই পঢ়াই দিয়া হ’ল। এতিয়া শিশুসকলৰ প্ৰত্যেককে মৌগলীৰ বিষয়ে যেনে মৌগলী দেখিবলৈ কেনেকুৱা হ’ব, এই প্ৰশ্ন কৰা হয় তেন্তে দেখা যাব যে প্ৰথমভাগত থকা শিশুৰ বৰ্ণনাত মৌগলীৰ বিৱৰণ অস্পষ্ট অথচ শিশুৰ নিজা কল্পনাৰ ৰহনৰে বেলেগ বেলেগ ধৰমৰ হ’ব। অৰ্থাৎ মৌগলীৰ বিৱৰণত কাহিনীত নথকা দুই এটা কথা শুনোতাই যোগ দি দিব পাৰে। আনহাতে দ্বিতীয় ভাগত থকা শিশুবোৰৰ সকলোৰে বৰ্ণনাত মৌগলীক প্ৰায় স্পষ্ট ৰূপত কিন্তু কাৰ্টুনত দেখাৰ দৰে একেই হ’ব। দ্বিতীয় ভাগ শিশুৰ উত্তৰত মৌগলীক কাৰ্টুনৰ চিত্ৰৰ বাহিৰত যে হ’ব পাৰে সেই উপলদ্ধি পৰিস্ফূত নহ’ব। ইয়াত ক’ব পাৰি প্ৰথমভাগ শিশুক কাহিনী কোৱাৰ প্ৰক্ৰিয়াৰ জৰিয়তে নিজা কল্পনা শক্তিৰ অনুশীলন কৰিবৰ সুবিধা উলিয়াই দিয়া হৈছে। আনহাতে দ্বিতীয় ভাগ শিশুৰ ক্ষেত্ৰত চমুতে ক’ব পাৰি প্ৰায় কপি-পেষ্ট কাৰবাৰটোৰ দৰেই পৰিঘটনা এটা ক’ব নোৱাৰাকৈ চলাই দিয়া হৈছে! য’ত নিজা চিন্তাক আগুৱাই নিয়াৰ অৱকাশখিনি প্ৰায় নাই। মন কৰিব, গোটেই পৰীক্ষাটোত জটিলতালৈ নগৈ ব্যৱহাৰ হোৱা ভাষাৰ অন্তৰক ফেক্টৰ হিচাপে ধৰা হোৱা নাই।

সেয়ে আজি কেৱল অতি ব্যস্ততাপূৰ্ণ জীৱনশৈলীৰ খাতিৰত সাধুৰ জৰিয়তে অজানিতে হ’ব পৰা শিশুৰ এনে স্বাভাৱিক মানসিক উত্তৰণৰ দিশটোৰ প্ৰতি উলাই কৰা উচিত নহ’ব। অথবা প্ৰতিযোগীতামূলক স্কুলীয়া শিক্ষাৰ দৌৰাত্ম্যত মাত্ৰ এক বা দুই নম্বৰৰ কম-বেচি পোৱাৰ তাগিদাৰ হেঁচাত ভাৰাক্ৰান্ত শিশুটিক নিজৰ স্বাভাৱিক কল্পনাৰ জগতখনত ভুমুকি মাৰিবলৈ আমি কিমান সুবিধা কৰি দিব পাৰিছোঁ তাক চিন্তা কৰা প্ৰয়োজন। শেষত পুনৰ উল্লেখ কৰোঁ তাহানিতে মূলতঃ আমনিৰ পৰা বা দুষ্টামিৰ পৰা হাত সাৰিবলৈ সদায় সাধু বা কাহিনী-উপকাহিনী কোৱাৰ প্ৰথা আছিল। আজি আধুনিক সমাজত শিশুক ব্যস্ত ৰাখিবলৈ ন ন উপায়, আহিলা (কমিকচ, ভিডিঅ’ গেম) উদ্ভাৱন হৈছে যিয়ে সাধুৰ ঠাই দখল কৰি বহি লৈছে। এই কৃত্ৰিম আধুনিক আহিলাবোৰৰ লগতে প্ৰাথমিক স্তৰত শিশুক সাধু শুনাৰ এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ লগত চিনাকী কৰি দিয়াৰো প্ৰয়োজন আছে। তাৰ পৰিবৰ্তে আমনি বা দুষ্টামিৰ পৰা ৰক্ষা পাবলৈ প্ৰায়ে শিশুটোক আজি, কেইটামান আংকল চিপচৰ পেকেট হাতত ধৰাই দি সন্মুখত কাৰ্টুনচিত্ৰ বা চলচিত্ৰ লৈ সময় পাৰ কৰিবলৈ আগুৱাই দিওতে অভিভাৱক সকলে অলপ এনে কথাবোৰো বিবেচনা কৰা দৰকাৰ নেকি, সেয়াই এই লেখাৰ মূল উদ্দেশ্য।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments