আংবাং (ধ্ৰুৱ কাশ্যপ)

১)

“এতিয়াই নহয় মিষ্টাৰ কাশ্যপ”

নাৰীকণ্ঠটোৰ চিৎকাৰৰ পিছতেই অভিজ্ঞান সাৰ পাই যায়৷ একেটা সপোনকে সি বহুবাৰ দেখিছে৷ সি টিলা এটাৰ মূৰলৈ যায়৷ আচলতে তাক লৈ যায় কিবা এটা শক্তিয়ে৷ সিও মন্ত্ৰমুগ্ধৰ দৰে গৈ থাকে৷ টিলাটোৰ তলত একপ্ৰকাৰৰ এখন নৰক৷ মানুহৰ শৰীৰৰ অংগ প্ৰত্যংগ, লাওখোলা জঁকা আদিয়ে তাক মাতি থাকে৷ নাৰীকণ্ঠটোৱে তাক প্ৰকৃতিষ্ঠ অৱস্থালৈ লৈ আনে আৰু টোপনিও ভাগি যায় তাৰ৷ সপোনটো একেৰাহে দেখি থকাৰ কাৰণটো সি ধৰিব পৰা নাই৷ আৰু সপোনটোত ভাঁহি অহা নাৰীকণ্ঠটো? কাৰ? ?

২)

মানুহজনে টিলাটোৰ পৰা জাপ মাৰি দিবলৈ ধৰোতেই অনুসূয়ায়ে চিৎকাৰ কৰি উঠে “এতিয়াই নহয় মিষ্টাৰ কাশ্যপ৷ “ মানুহজন মানে যুৱকজনে থতমত খাই পিছলৈ ঘূৰি চাই, মুখখন দেখা নেদেখাকৈ দেখাৰ পিছত তাই সাৰ পাই উঠে৷ একেটা সপোনকে তাই বহুবাৰ দেখিছে৷ মনোবিজ্ঞানৰ ছাত্ৰী হিচাবে তাই জানে যে এইটো ’নৰ্মেল’ নহয়৷ কিবা মানসিক ৰোগৰ লক্ষণ হ’ব পাৰে৷

……………………

প্ৰিয় পাঠক গল্পটোৰ পিছৰচোৱালৈ যোৱাৰ আগতে মই এইটো ক’ব বিচাৰো যে আগৰ দুটা পেৰাগ্ৰাফ চূড়ান্তই ’instinctive’ আছিল৷ লিখকে লিখকৰ স্বাধীনতা বাৰুকৈয়ে ইউজ অথবা মিছইউজ কৰিছে৷ এইখিনিতে লিখকজনৰ মনৰ অৱস্থাৰো অলপ বুজ লওঁ আহক৷

“এইচব লিখি কি পাবি৷ আংবাং হে লিখ৷ মানুহে কিমান ভাল লিখে৷ দত্ত, মহন্তহঁতলৈ চা৷ আৰু তই!”

“পেগ বনা বে৷ আল বাল বকি নাথাক৷” লিখকজনে বন্ধুজনৰ কথাত গুৰত্ব দিয়া যেন নেদেখুৱালে৷

“আচ্ছা তোৰ বিশিষ্টা কবি বান্ধৱীগৰাকীৰ কি হ’ল৷ আছেনে? নে তোক লাঠ মাৰি গুছি গ’ল?”

“মনে মনে থাকিবিনে? ল বাকীখিনি পঢ়৷”

৩)

সেইদিনা অনুসূয়া আহিছিল প্ৰখ্যাত মনোবিজ্ঞানী তথা তাইৰ শিক্ষাগুৰু ডঃ কুনাল শইকীয়াৰ ওচৰলৈ৷ তাইৰ সপোনটোৰ কথা তেওঁক জনাবলৈ৷ সেইদিনা তেওঁৰ ক্লিনিকলৈ এজন যুৱক আহিছিল৷ এটা সময়ত তেওঁৰ চকুৱে চকুৱে পৰিছিল৷ তেওঁৰ চকুযোৰ যেন তাই ক’ৰবাত দেখিছে৷ কিন্তু ক’ত?

………………

“ইয়াৰ পিছত কি হ’ব? লাভ ষ্টৰি৷ চাকচেছফুল? হাহা ৰিয়েল লাইফততো চাকচেছ নহ’লিয়ে! বিশিষ্টা কবি বান্ধৱীগৰাকীয়েও লাঠ মাৰিলে৷ হাহাহাহা“ (অট্টহাস্যৰ শব্দৰে সৰু কেবিনটো ৰজনজনাই গ’ল)

“তোৰ লগত কেলা খাব নোৱাৰি৷ তই পেগ বনা বে৷”

………

লিখকৰ খং উঠিছে৷ বন্ধুজনে বুজিব পাৰিলে৷

“হ’ব দে ছৰী৷ দে বাকীখিনি পঢ়ো৷”

৪)

অভিজ্ঞানৰ কনটেক্ট নম্বৰ যোগাৰ কৰাত অনুসূয়াৰ বেছি কষ্ট নহ’ল৷ কেইদিনমানৰ পিছত তাই বুজিলে যে সপোনৰ মিষ্টাৰ কাশ্যপেই অভিজ্ঞান কাশ্যপ৷ কিন্তু ই কেনেকৈ সম্ভৱ! দুয়োজনেই এজনে আনজনৰ পৰিপূৰক সপোন এটা দেখাতো কেনেকৈ সম্ভৱ! ! মনোবিজ্ঞানেও ইয়াৰ সঠিক বাখ্যা দিব নোৱাৰে৷ বুজা নুবুজাৰ দোমোজাৰ মাজতেই তেওঁলোকৰ কাহিনীটোৱে গতি ল’বলৈ আৰম্ভ কৰিলে৷ কিছুদিন পিছত দুয়ো অনুভৱ কৰিলে যে দুয়ো এজনে আনজনক এৰি থাকিব নোৱাৰে৷ ফলাফল? দেখাদেখি হোৱাৰ তিনিমাহৰ ভিতৰতে দুয়ো বিবাহপাশত আৱদ্ধ হ’ল৷ বিবাহৰ এবছৰমানৰ পিছত তেওঁলোকৰ সংসাৰত এজন নতুন আলহীও আহিল৷ অভিজ্ঞান-অনুসূয়ায়ে সেই নতুন আলহীৰ নাম থ’লে অভিনৱ৷

…………

“তাৰপাছত? একো নাই? ইমানতে অন্ত? সপোনটোৰ ৰহস্য কি? নে তই এইটো বিচাৰ যে তোৰ ফেণ্টাচীবোৰে গল্পৰ জৰিয়তে পূৰ্ণতা পাওঁক, যিবোৰ তই কেতিয়াও বাস্তৱত ৰূপায়িত কৰিব নোৱাৰিলি বা নোৱাৰিবি?”

বন্ধুৰ প্ৰশ্ন৷

“সেইখিনি পাঠকৰ ওপৰতে থওঁ নেকি? ইয়াৰ পিছত কি হ’ব পাঠকে হয়তো মোটামুটি ধাৰণা কৰিব পাৰিছেই৷ পূৰ্বজন্মৰ কিবা লোচা নাইবা সহজে বুজি নোপোৱা অসম্ভৱ কিবা থিয়ৰী৷ যিহেতু পাঠকসকল মোৰ লেখাৰ লগত পৰিচিতয়ে৷”

লিখকৰ উত্তৰ৷

“মানে মোৰ শংকা অমূলক নহয়৷ বাইদিৱে, এইটো প্ৰকাশ নকৰিবি৷ মানুহে হাঁহিব৷ “

“অ’৷”

 

“আৰু এটা কথা৷”

“ক’৷”

“তোৰ বিশিষ্টা কবি বান্ধৱীগৰাকীয়ে” ……

(সৰু কেবিনটোত বটল এটা ভঙাৰ শব্দ হ’ল৷ বাহিৰত শীতল বতাহ বলি আছিল৷ ৰাতি গভীৰ৷ সপোন দেখাৰ সময় … )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments