আইগি যাম লছ ৱেগ্ৰে ( প্ৰদ্যুতজ্যোতি শইকীয়া )

আইগি যাম লছ ৱেগ্ৰে

প্ৰদ্যুতজ্যোতি শইকীয়া

কা কা কা……. কাউৰীয়ে ৰমলীয়ালে ঢলপুৱাতেই।বাদুলীবোৰো চুঙাত সোমাল। ফেচাঁকেইটাইও নিজৰ ঠাই বিছাৰি ল’লে।লুকুমজানত নিজৰ চিকাৰ বিছাৰি থকা দীঘলটুপীয়া বাকচৰাই কেইটাইও পোহৰ দেখি উৰি গ’ল। ভাটৌ জাক এটাই ইউকেলিপ্টাছ গছজোপাত বহি ৰাতিপুৱাৰ জৰুৰী বৈঠকখন সমাপন কৰি উৰি গ’ল। ঠিক সেই সময়তে আদৰ্শবাদী শিক্ষক দিগন্ত বৰাইও টোপনিৰ পৰা সাৰ পাই চিন্তা কৰিলে বিচনাতে, কি দৰে নিজৰ এই দুখী সংসাৰৰ অৱস্থাৰ স’তে মোকামিলা কৰা যায়। দিগন্ত বৰা, বিষয় শিক্ষক, শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়। আদৰ্শবাদী শিক্ষক। সেইয়াও চৰকাৰী হিচাপত নধৰা এখন অ-প্ৰাদেশীকৃত বিদ্যালয়ৰ। ১৮ বছৰ হ’ল শিক্ষকতাৰ। কিন্তু একো ফল নধৰিল বৰা চাৰৰ জীৱনত। ৮৩’ৰ পদাৰ্থ বিঞ্জানৰ স্নাতক বৰা ছাৰৰ জীৱনত আদৰ্শই মূল হ’ল। সেই বাবেই আগুৱাই নগ’ল বৰা ছাৰৰ আদৰ্শগত জীৱন। সকলো সুবিধাবাদী লগৰ বন্ধুৱে পাৰ্টি কৰি চাকৰি ল’লে। তেওঁ নোৱাৰিলে। ইণ্টাৰভিউৰ ওপৰত ইণ্টাৰভিউ পৰিল। কিন্তু চৰকাৰী চাকৰি হ’লে নিমিলিল বৰা ছাৰৰ। সেইয়াই বৰা ছাৰ। যোৱা ১৮ টা বছৰৰ প্ৰথম পাঁচটা বছৰ বিনা বেতনে আৰু তাৰ পাছৰে পৰা তিনি হাজাৰ টকাত খাটি আছে বৰা ছাৰে। ভাগ্যে দেউতাক প্ৰতাপ বৰাই হাইৱেৰ কাষতে গঢ়ি যোৱা প্ৰকাণ্ড ঘৰটোৰ হাইৱেৰ ফালৰ কোঠালিকেইটা আছিল বুলিহে। সেই কোঠা চাৰিটা ভাৰাত দিয়েই চলি আছে বৰা ছাৰৰ জোৰা টাপলি মৰা সংসাৰ। এটা অৰ্থত বাৰে জোৰা মাৰি আছে বৰা ছাৰে। কানে কান মাৰি খাই আছে। তথাপিও সুখতেই আছিল।

সংসাৰ বুলিবলৈ ছাৰৰ ল’ৰা-ছোৱালী এহাল। ল’ৰা প্ৰনবেশ। অষ্টম শ্ৰেনীত পঢ়ে। ছোৱালীজনী ডাঙৰ। নাম মঙ্গলিমা দেৱী। ঘৰত মৰমতে মাতি থকা নাম হ’ল ৰিয়া। আচলতে বিজ্ঞানৰ শিক্ষক হ’লেও বৰা ছাৰ তামাম ৰোমাণ্টিক আছিল ডেকাকালত। সেই ডেকা বয়সীয়া ৰোমাণ্টিজিমৰ চাইদ এফেক্ট হিচাপেই বৰা ছাৰে বিয়া কৰালে শ্বিলংৰ মণিপুৰী ছোৱালী কিয়াৰাক। মানে ৰিয়াৰ মাকক। এতিয়া ৰিয়া মাকৰ নিচিনাই ধুনীয়া হৈ উঠিছে। ১৬ বছৰীয়া ৰিয়া অপূৰ্ব সুন্দৰী হৈ উঠিছে। চুটি স্কাৰ্টৰ সৈতে যেতিয়া নীলা চাৰ্ট লগাই স্থানীয় জুনিয়ৰ কলেজখনত ক্লাছ কৰিবলৈ যায় , তাইক নোচোৱা ডেকা ল’ৰা নাইয়েই কিজানি। বৰা ছাৰৰ সেইয়াও এক চিন্তা। কিজানি বেলেগ পথে খোজ পেলায় মৰমৰ বৰ জীয়াৰীয়ে। বিশ্বাস আছে ছাৰৰ ৰিয়াৰ ওপৰত। ৰিয়াও খুব নম্ৰ আৰু ভদ্ৰ। মাৰ্জিত ব্যৱহাৰ। দেউতাকৰ আত্মসন্মানত আঘাত লাগিব পৰা কাম তাই এতিয়ালৈকে কৰা নাই। কিন্তু নতুনকৈ নগাওঁ নগৰৰ সীমাৰ ভিতৰত সোমোৱা বৰা ছাৰৰ সৰু ঠাই টুকুৰালৈ এই কেইদিন বগা স্ক’ৰপ্ৰিয় গাড়ী এখন প্ৰায়ে আহিছে । গৰাকী নগাৱঁৰ মেয়ৰৰ পুত্ৰ। গাড়ীখন ৰিয়াই পঢ়া জুনিয়ৰ কলেজখনৰ সন্মুখলৈকে যায়। যেন চিকাৰ বিচাৰি বিচাৰি আকাশত উৰি ফুৰা চিকাৰী শেনহে।

হেম্বা….। পাটী গৰুজনীৰ চিঞৰত উঠি বহিল বৰা ছাৰ। মুখ ধুইয়েই গাখীৰ খীৰুৱা কামত ব্যস্ত হ’ল বৰা ছাৰ। সেই সময়তে হাইৱেদি বিকট শব্দ কৰি পাৰ হৈ গ’ল গাড়ীবোৰৰ মাজত ৰাক্ষসৰূপী বিৰাটকায় গাড়ীখন। মানে JCBখন। বৰ খৰখেদাকৈ নিৰ্মান কৰি আছে ফ’ৰলেন হাইৱেটো।
“গোটেই শব্দ প্ৰদূষণেৰে ভৰ্ত্তি হৈ গৈছে, টকা খোৱাৰ বুদ্ধি”– ভোৰভোৰালে বৰা ছাৰে। আছলতে বৰা ছাৰৰ বিষেদ্বাগাৰ বেলেগত। ফ’ৰ লেন হাইৱেৰ কাৰণে যিধৰণে ৰাস্তাৰ কাষৰ মানুহৰ ঘৰ ভাঙি পেলোৱা হৈছে আৰু যিটো গতিত আগবাঢ়ি আহিছে , দুই এদিনতে বৰা ছাৰৰ ঘৰ পোৱাটো খাটাং। বৰা ছাৰৰ সন্দেহ তেওঁৰ ভাৰাতীয়া থকা কোঠালি চাৰিটাৰ দুটা যাব পাৰে। ভাঙি পেলালে আকৌ পিছুৱাই আনি তৈয়াৰ কৰিবৰ কাৰণে ইমান ধন নাই বৰা ছাৰৰ। মনটো ভাৰাক্ৰান্ত হৈ উঠিল বৰা ছাৰৰ। ইফালে ৰিয়াৰ ডেৰাদুনত পৰিৱেশ অভিযান্ত্ৰিক পঢ়াৰ মন। টকাও যথেষ্ট লাগে। ইতিমধ্যে ৰিয়াৰ উচ্চতৰ মাধ্যমিক বিজ্ঞানশাখাৰ ফাইনেল পৰীক্ষাও সমাগত। পৰীক্ষা ভালকৈ পাছ কৰিব তাই। ডেৰাদুনত চিটও পাব। বৰা ছাৰে জানে। কিন্তু যদি ভাৰা কোঠালি দুটা ফৰ লেন হাইৱেৰ নামত জাহ যায় তেন্তে ঘৰ চলোৱাটোৱেই মস্কিল হ’ব। ৰিয়াক ডেৰাদুন পঠিয়াব পাৰিব কিন্তু ঘৰ নচলিব। কথাবোৰ ভাবি মাথাই কাম নকৰা হয় কেতিয়াবা বৰা ছাৰৰ। সাত পাঁচ নুগুনি কেতিয়াবা পৈত্ৰিক সম্পত্তি বিক্ৰী কৰিবৰ মন যায়। কিন্তু ইচ্ছা কৰিও নোৱাৰে ঘৈনীয়েক কিয়াৰাৰ পৰা। জকজকাই উঠে। কি কৰিব একো উৱাদিহ নোপোৱা হ’ল বৰা ছাৰে।

বৰা ছাৰৰ সন্দেহ সঁচাত পৰিণত কৰি পিছদিনাই জোখমাখ লোৱা মানুহে ভাৰা কোঠালি দুটাৰ সোঁমাজলৈকে দাগ দি গ’ল। লগতে নিজেই ভাঙি আঁতৰাই পেলালে বেচি ভাল হ’ব বুলি অনুৰোধ কৰি গ’ল। ইঞ্জিনিয়াৰজনৰ মুখত অনুৰোধটো ধমকি যেনহে লাগিল বৰা চাৰৰ। ৰাতিটো টোপনি নাহিল বৰা ছাৰৰ। ঘৰৰ গোটেই কেইটা প্ৰাণীৰে মুখৰ মাত নাইকীয়া হ’ল। ৰিয়াইও পঢ়াৰ টেবুলত বঢ়িব নোৱাৰিলে। সেইখিনি সময়তে বাহিৰত কেইবাখনো গাড়ী ৰোৱাৰ শব্দ হ’ল। সকলোৱে আচৰিত হৈ ইটোৱে সিটোৰ মুখলৈ চালে। বৰা ছাৰৰ নিজৰ গাড়ীটো নায়েই, সম্পৰ্কীয় মানুহৰো খুবেই কম আছে। থাকিলেও এখন। গতিকে আচৰিত হোৱাটো স্বাভাৱিক। তেনেতে কলিং বেলত হেঁচা পৰিল। টিং টং, টিং টং। দুৱাৰ খুলি দিলে কিয়াৰাই। হাঁহি এটা মাৰি সোমাই আহিল নগাৱঁৰ মেয়ৰ জগদীশ বৰকাকতি। কপালৰ আগত নমষ্কাৰ এটা লৈ। বৰাই ভাবিলে “আগলৈ নেতা হোৱাৰ লক্ষণ আছে বপুৰাৰ”। বহিবলৈ দি বৰাই আন কথাৰ অৱতাৰণা নকৰি আৰম্ভ কৰিলে — -“কি ভাগ্য আমাৰ। মেয়ৰ চাহাব আমাৰ ঘৰত। কি বা সকামত আহিলে ? ৰিয়াৰ মাক অ, চাহ তাহ অকনমান কৰা”।
মেয়ৰে বাধা দি ক’লে– “নালাগে নালাগে বৰা দেউ। আচলতে ম‍ই আহিছিলো এটা প্ৰস্তাব লৈ। সেইটোৱেই পাতোঁ। আপোনাৰ ছোৱালী ৰিয়াক মোৰ ল’ৰা ইশান্ত‍ই পছন্দ কৰিছে। যদি আপোনালোকে হয়ভৰ দিয়ে, তেন্তে …..
বৰাই মাজতে বাধা দি কৈ উঠিল
-কিন্তু তাই বহুত সৰু হৈ আছে। ইফালে তাইৰ আৰু পঢ়াৰ মন।
মেয়ৰে কৈ উঠিল
-পঢ়ি শুনিনো কি কৰিব ? ইচ্ছা কৰিলে বাৰু পঢ়িব। দৰকাৰ পৰিলে চাৰ্টিফিকেট এখন কিনি আনিম।হাঃ হাঃ হাঃ।
-মেয়ৰ চাহাব পিছে ইশান্ত‍ই হেনো যোৱা বছৰ বিয়া কৰাইছিল। কি হ’ল ? ভাগি গ’ল নেকি ?
-নহয় হে বৰা দেউ, মন নিমিলিল। তাই গুচি গ’ল।
কথা বতৰাবোৰ শুনি থকা ৰিয়াই পৰ্দাৰ ওচৰৰ পৰা নিজৰ ৰুমলৈ গুচি গ’ল। ভাল নালাগিল তাইৰ। নলগাটো স্বাভাৱিক। তাইও মন নকৰা নহয় এইকেইদিন। বগা স্কৰপিঅ’ এখনে তাইৰ ওঅচৰে পাজৰে ঘূৰি ফুৰা। গুৰুত্বহে দিয়া নাছিল তাই।
মেয়ৰ বহাৰ পৰা উঠিল
-যাওঁ বৰা দেউ।কথাটো ভাবিব
গপগপাই দুৱাৰৰ ফালে আগবাঢ়ি দুৱাৰৰ মুখতে হঠাত্‍ ঘূৰি বৰা ছাৰৰ ফালে চাই ক’লে
-আপোনাৰ দুটা কোঠালি গৈছে হাইৱেৰ কামত। আপুনি বিয়াত হয়ভৰ দিলেই হাইৱে আপোনাৰ ঘৰৰ পৰা ১২ ফুট আঁতৰি যাব। ভাবিব কথাষাৰ।

বৰা ছাৰ প্ৰায় মৃতপ্ৰায়েই হ’ল। কিবা এটা দুখবোধে হেঁচি ধৰিলে বৰা ছাৰক। প্ৰনবেশৰ পঢ়াৰ খৰচো বাঢ়িছে। তাৰ মাজতে হাইৱেটোৱে কাঢ়ি নিব বিছাৰিছে দিনটোৰ ভাত সাঁজৰ উত্‍স। ঘৰৰ কাষৰ জৰীগছ জোপাত ফেচাঁ এটাই কুৰুলীয়াই উঠিল। নিওঁ নিওঁ নিওঁ। ঘৰৰ সকলো নিমাত। কোনেও টু এটাও মাত দিয়া নাই।
“সকলো নিলি আৰু কি লাগে?” — ফেচাঁটোক উদ্দেশ্যি ভোৰ ভোৰাই উঠিল বৰা ছাৰ।

দ্বিতীয় দিনা মেয়ৰ চাহাবৰ ফ’ন আহিল। বৰা ছাৰে ইতিমধ্যে এটা সিদ্ধান্ত লৈ পেলাইছিল ৰাতি শুৱা পাটীত পৰাৰ আগতেই। ফ’নৰ উত্তৰত এষাৰেই মাথোঁ কথা ক’লে– “নহ’ব মেয়ৰ চাহাব , ম‍ই ৰাজী নহয়”। কাট খাই গ’ল ফ’নটো। আদৰ্শবাদী বৰা ছাৰ আদৰ্শৰ পৰা পিছ নুহুকিল। এমুঠি নিজৰ সুখৰ বাবে জীয়েকক বলিদান দিব নোৱাৰে বৰা ছাৰে।

পাছৰদিনা জেচিবি এখন আহিল। ভাৰাতীয়া ল’ৰাকেইটাই টোপোলা আগতেই বান্ধি থৈছিল। জেচিবিখনে মহতীয়াই গ’ল দিগন্ত বৰা ঘৰৰ কোঠা দুটা। বৰাৰ মনটো এনেকোৱা লাগিল যেন জেচিবি খনে তেওঁক ঠেলি নি সংসাৰৰ গড় খাৱৈত পেলাই দিলে। আধা ভঙা হওঁতেই হঠাত্‍ ৰৈ গ’ল জেচিবিখন। ৰ’ল মানে গুচিয়েই গ’ল গাড়ীখন। তেনেতে প্ৰনবেশে দৌৰি আহি বাপেকেৰ হাতত কাগজৰ টুকুৰা এটা দি ক’লে — “বাইদেউৰ টেবুলত পালো”। কৈয়েই তলমুৰ কৰিলে সি।
বৰা ছাৰে মুখৰ আগলৈ আনি পঢ়িলে — “ঘৰ ভাঙিব নালাগে, ম‍ই গুচি আহিলো। ইশান্ত ভাল ল’ৰাই হ’ব”। কাগজটুকুৰা কিয়াৰালৈ আগবঢ়াই দি বৰা ছাৰে আকাশৰ ফালে চাই হুমুনিয়াহ এৰিলে। মহিলা প্ৰধান ৰাজ্য মেঘালয়ত জীৱনৰ আগবয়স কটোৱা ৰিয়াৰ মাকে কাগজ টুকুৰা পঢ়ি, আধাভঙা ঘৰটোলৈ চাই মণিপুৰী ভাষাত স্বৰ্গোক্তি কৰিলে “আইগি যাম লছ ৱেগ্ৰে”। তাৰ মানে “আমি বৰ লছ খালো “।

ইতিমধ্যে আকাশত কলীয়া ডাৱৰ এজাক আহি থুপ পাতিছেহি। টুপ টুপকৈ সৰু সৰু বৰষুণৰ টোপাল পৰিবলৈ আৰম্ভ কৰিলে। এজাক ডাঙৰ বৰষুণেই হ’ব যেন লাগিছে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments