আইজলৰ পৰা মই প্ৰাঞ্জলে কৈছোঁ (১১): (– প্ৰাঞ্জল কলিতা)

 

মিজোৰামত ক্ৰুছবিদ্ধ যীশু: ’আপুনি বাৰু কি ধৰ্মত বিশ্বাসী বা আপোনাৰ ধৰ্ম কি’, এনে জাতীয় প্ৰশ্নৰ আপুনি প্ৰায়ে মুখা-মুখি হ’বলগীয়া হয় আইজলত। নতুন কোনো মিজোৰ স’তে চিনাকি হলে এনেকুৱা প্ৰশ্ন যে আপোনাক কৰিব সেয়া ধুৰূপ। মই মিজোৰাম অহাৰ আগলৈকে কেতিয়াও মই কি ধৰ্মৰ মানুহ বা কি ধৰ্মত বিশ্বাসী কোনেও চাগৈ সোধা নাছিলে, কিন্তু আইজল অহাৰ পিছত কিমান বাৰ যে এনেকুৱা প্ৰশ্নৰ মুখা-মুখি হৈছোঁ সেয়া হিচাপ দিব নোৱাৰিম। মিজো ডেকাই হওঁক বা বুঢ়াই হওঁক আপোনাৰ সতে কথা পাতিলে বা প্ৰথম চিনাকি হ’লে আপোনাক সুধিবই ’আপুনি হিন্দু নে মুছলমান? বা খ্ৰীষ্টধৰ্মৰ কথা আপোনাক অলপ ক’বই। এনেবোৰ প্ৰশ্ন প্ৰথমতে আখজা লাগিছিলে, কিন্তু এতিয়া সহজ হৈ পৰিছে। ১৮৯৩-৯৪ মান চনত মিজোৰামত প্ৰথম মিছনেৰী সকল আহি খ্ৰীষ্টধৰ্ম প্ৰৱৰ্ত্তন কৰিছিলে আৰু এতিয়া প্ৰায় ১০০ শতাংশ মিজো খ্ৰীষ্টধৰ্মত দীক্ষিত হৈ পৰিছে। মিছনেৰী সকল আহি মিজোসকলৰ জীৱন-ধাৰণ সলনি কৰি দিলে, সভ্যতাৰ পোহৰ বিলালে, শিক্ষাৰ প্ৰসাৰ কৰিলে সেয়া অৱশ্যে শলাগিবলগীয়া। বাইবেল মিজো ভাষালৈ অনুদিত হোৱাত মিজো সকলৰ ধৰ্মান্তৰকৰণত এক নতুন মাত্ৰা প্ৰদান কৰিলে।

ডাঙৰ-ডাঙৰ ধুনীয়া গীৰ্জাৰে ভৰি পৰিল আইজল চহৰ, য’ত ৰাস্তা পদুলিৰ অৱস্থা তথৈবচ বা স্কুল-কলেজৰ ঘৰবোৰৰ অৱস্থা নাই, বৃত্তিৰ ধন নহ’লে পঢ়া-শুনা কৰিব নোৱাৰে তেনেস্থলত ইমান ডাঙৰ আৰু আটক-ধুনীয়া গীৰ্জা সাজিবলৈ কেতিয়াও টকাৰ অভাৱ হোৱা পৰিলক্ষিত হোৱা নাই। প্ৰত্যেক শনিবাৰে সন্ধিয়া আৰু দেওবাৰৰ দিনাখন কিশোৰ-কিশোৰী, ডেকা-গাভৰু, আৱাল-বৃদ্ধ-বনিতাৰ উপস্থিতিত গীৰ্জাবোৰ প্ৰাণ পাই উঠে, যীশুৰ প্ৰাৰ্থনা কৰি গোৱা গীতবোৰে মন-প্ৰাণ ভৰাই তোলে। গীৰ্জাত যোৱাটো বাধ্যতামূলক কৰি তোলা হৈছে, গীৰ্জাবোৰে মিজোৰামত এখন সমান্তৰাল চৰকাৰ চলাই থাকে, চৰকাৰেও প্ৰায়বোৰ আলোচনাত গীৰ্জাৰ পৰামৰ্শ লোৱা দেখা যায়। কিন্তু পৰীক্ষাৰ সময়ত নিজৰ লৰা-ছোৱালীক পঢ়িব বাদ দি গীৰ্জালৈ পঠোৱা বা গীৰ্জাৰ কামৰ বাবে স্কুল-কলেজ ক্ষতি কৰিবলৈও উৎসাহ জনোৱা কাৰ্য্য ভগৱান যীশুৱে নিশ্চয় সহ্য নকৰে। প্ৰত্যেকটো কথাতে যীশুৰ প্ৰসংগ টানি আনি ভগৱানৰ ওপৰত মানসিক অত্যাচাৰ চলোৱা যেন অনুভৱ হয়। সুবিধা পালেই যীশুৰ বাণী শুনাই, বেয়া নালাগে কিন্তু একবিংশ শতিকাত পখিলা-খেদি ফুৰা বয়সৰ লৰা-ছোৱালীবোৰক গীৰ্জালৈ আনি ধৰ্ম শিক্ষা দি ধৰ্মভীৰু কৰি তোলাটো কিমান ভাল লক্ষণ সেয়া মই বুজি নাপাওঁ। মোক বা আন অনা-মিজোবোৰক স্থানীয় লোকে প্ৰায়ে গীৰ্জালৈ মাতে, ঘৰলৈ আহি বাইবেলৰ বাণী শুনাই, মই বেয়া নাপাওঁ কিন্তু যেতিয়া খ্ৰীষ্টধৰ্মলৈ ধৰ্মান্তৰকৰণৰ কথা কয় বা আন ধৰ্ম সম্পৰ্কে হীন মন্তব্য কৰে তেতিয়া মোৰ সতে তৰ্ক হয়। ধৰ্মই হেনো মানুহৰ মন পৱিত্ৰ কৰি ৰাখে, কিন্তু ধৰ্ম যদি এটা ব্যৱসায়ত পৰিণত হয়, পৱিত্ৰতা কিমানদূৰ থাকে সেয়া সন্দিহান। গীৰ্জালৈ যাবলৈ ডেকা-গাভৰু বোৰক যেনেকৈ গীৰ্জাৰ জ্যেষ্ঠ জনে বা পিতৃ-মাতৃয়ে প্ৰেৰণা দিয়ে, ঠিক তেনেদৰে যদি লৰা-ছোৱালীবোৰৰ পঢ়া-শুনাৰ বাবেও প্ৰেৰণা দিলেহেঁতেন বা গীৰ্জাৰ প্ৰাৰ্থনা কৰি অহাৰ পিছতে গীৰ্জাৰ সন্মুখৰ বেঞ্চত বহি ডেকা বা কিশোৰ চামে চিগাৰেট হুঁপি থকা বা গুটখা খোৱাত বাধা আৰোপ কৰিলেহেঁতেন ভগৱান যীশুই নিশ্চয়কৈ বেছি আনন্দ পালেহেঁতেন। ১০ লাখ জনসংখ্যাৰ ৰাজ্য মিজোৰামত আকৌ খ্ৰীষ্ট-ধৰ্মী সকল বহুধা বিভক্ত। মিজোৰামত অহাৰ আগেয়ে মই অকল বেপ্টিচ আৰু কেথলিক ৰ বিষয়ে জানিছিলোঁ, কিন্তু ইয়াত দেখিলো কেবাটাও গীৰ্জাৰ গোট, যেনে- ’বেপ্টিচ’, ’প্ৰেছব্ৰেটেৰিয়ান’, ’চালভেশ্যন আৰ্মী’, ’ছেভেন ডে এডভেন্টিছ’, ইত্যাদি। আমাৰ স্কুল-কলেজ বোৰত ছাত্ৰ সন্থাৰ শাখা থকাৰ দৰে ইয়াৰ স্কুল-কলেজ বোৰত ধৰ্মীয় ছাত্ৰ সন্থাৰ একোটা শাখা থাকে (Evangelical Student Union)| খ্ৰীষ্টধৰ্মই মিজোসকলক বহু কথাই শিকাই গ’ল, সভ্যতাৰ পোহৰ দেখুৱালে কিন্তু বিনিময়ত লয় গ’ল মিজোসকলৰ বহু থলুৱা সংস্কৃতি। আজি মিজো কইনা এজনীয়ে বিয়াত মিজো ’পুৱান’ নিপিন্ধে- পিন্ধে পাশ্চাত্যৰ কইনা সকলে পিন্ধা শুধ বগা ’গাউন’ বা মিজোসকলৰ থলুৱা উৎসৱ ’চাপচাৰকুট’ বৰদিন উদযাপনৰ ধাম-ধুমত ম্লান হৈ থাকিল। মিজো ডেকা-গাভৰুৱে নিজৰ মিজো নাম ৰখাৰ সলনি ’এন্ড্ৰিউ’, ’হেনৰি’, ’ডেভিদ’, ’এলিজাবেথ’, ইত্যাদি নামৰ প্ৰতি আগ্ৰহী হৈ পৰিল, এয়া নিশ্চয় এটা জাতিৰ কাৰণে শুভলক্ষণ নহয়। ধৰ্মপ্ৰাণ হৈ সমাজ আৰু দেশৰ উন্নতি হলে ভাল কথা, কিন্তু ধৰ্মভীৰু হৈ বাধ্যত পৰি নিজৰ কাম-বন বাদ দি গীৰ্জাত বহি থকাটো কিমান সমৰ্থনযোগ্য সেয়া সময়ে ক’ব। নিজৰ ধৰ্মক শ্ৰদ্ধা কৰি আন ধৰ্মৰ প্ৰতি উদাৰ ভাৱ থকাটো জৰুৰী কিন্তু মিজোৰামত সেয়া দেখা নাযায়, মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে এবাৰ দুৰ্গা-পূজাত অংশগ্ৰহণ কৰাক লৈ তথাকথিত ধৰ্মনিৰপেক্ষ বিৰোধী দলে ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি কৰিলে। দেওবাৰৰ দিনটো গীৰ্জাত যোৱা দিন হেতু দোকান-পোহাৰ বোৰৰ লগতে যাতায়ত সম্পূৰ্ণ ৰূপে বন্ধ থাকে বুলিয়ে মই ভাৱিছিলোঁ, কিন্তু কথাটো হল দেওবাৰে দোকান-পোহাৰ বা গাড়ীৰ কাউন্টাৰ খুলিব নিদিয়ে , ধৰ্মীয় কাৰণতে ’আধাৰ কাৰ্ড’ ৰ বিৰুদ্ধাচৰণ কৰি আহিছে মিজোসকলে। মই কোনো ধৰ্মবিদ্বেষী বা মিজো বিদ্বেষী নহয় অথবা খ্ৰীষ্টধৰ্মৰ বিৰুদ্ধাচৰণ কৰা নাই, কিন্তু মঙ্গল গ্ৰহত ঘৰ সজাৰ সময়ত এনেবোৰ ধৰ্মীয় বাধ্যবাধকতাই জাতিটোক ক্ষতি কৰিব বুলি ভয় হয়।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments