আইজলৰ পৰা মই প্ৰাঞ্জলে কৈছোঁ (১২): (প্ৰাঞ্জল কলিতা)

 

ছিটি বাছ, টেক্সি, পদপথ ইত্যাদি:

অইন অইন চহৰৰ দৰে আইজলতো ৰাজহুৱা পৰিবহনৰ বাবে ছিটি-বাছ আৰু টেক্সি সেৱা উপলব্ধ। বগা ৰঙৰ নীলা পাৰী থকা ছিটি বাছবোৰত ৰঙা ৰঙেৰে ইংৰাজীতে ‘আইজল ছিটি বাছ’ বুলি লিখা থাকে। আইজল যিহেতু সৰু চহৰ, সেয়েহে প্ৰধানত দুটা পথতহে ছিটি বাছ চলে। গতিকে আইজলত বাছ নম্বৰ মনত ৰখাৰ প্ৰয়োজন নহয়। আইজলৰ এটা মূৰৰ ‘ঙাইজেল’ (কুলিক’নৰ ওচৰত) ষ্টপেজৰ পৰা আৰম্ভ কৰি ছিটি বাছবোৰ আইজলৰ আনটো মূৰৰ ‘হাইলেণ্ড’ (জামাব’কৰ কাষৰ ষ্টপেজ)ত যাত্ৰা শেষ কৰে আৰু হাইলেণ্ডৰ পৰা ঙাইজেল ষ্টপেজলৈ উভতি আহে। ইয়াৰে কিছুমান ছিটি বাছৰ সন্মুখত ইংৰাজী ‘আৰ’ আখৰটো লিখা থাকে, ‘আৰ’ লিখা থকা বাছবোৰ কুলিক’নৰ পৰা আহি চানমাৰি ষ্টপেজত ফালৰি কাটি ৰামহ্লুন (য’ৰ পৰা ‘আৰ’ আখৰটো আহিছে) হৈ বঙ্কন আৰু তাৰ পিছত হাইলেণ্ডলৈ যায়। যিবিলাক ছিটি বাছত ‘আৰ’ লিখা নাথাকে সেইবোৰ ছিটি বাছ চানমাৰিৰ পৰা পোনে পোনে চাল্টলাং হৈ বঙ্কন আৰু ‘আৰ’ লিখা থকা ছিটি বাছ বোৰৰ দৰে হাইলেণ্ডলৈ যায়। কিন্তু হাইলেণ্ডৰ পৰা যেতিয়া বাছবোৰ ঙাইজেললৈ উভতে তেতিয়া একেটাই ৰাস্তা, সকলোবোৰ বাছ ৰামহ্লুন হৈয়ে উভতে। এই দুখন ছিটি বাছৰ উপৰিও আইজলত আৰু দুটা ছিটি বাছ লাইন আছে, কিন্তু বহুত পাতলীয়া আৰু দেওবাৰে এই লাইন দুটা বন্ধ থাকে। ইয়াৰে এটা লাইনত ছিটি বাছ বোৰ মূল চহৰৰ পৰা কিছু আতৰৰ ‘ছিফিৰ’ৰ পৰা ‘চানমাৰি’ আৰু আনটো লাইনত ‘টেম্পল স্কোৱেৰ’ ৰ পৰা ‘ৰামৰিক’ন’ (মিজোৰাম বিশ্ববিদ্যালয়ৰ দিশত) ষ্টপেজলৈ যায়। অইন অইন চহৰৰ তুলনাত ছিটি বাছৰ সংখ্যা আৰু যাত্ৰীৰ সংখ্যা কম যদিও ইয়াৰ ছিটি বাছৰ কিছু বিশেষত্ব আছে, বিশেষকৈ আমাৰ গুৱাহাটীৰ তুলনাত। ইয়াৰ ছিটি বাছ বোৰত এজন ড্ৰাইভাৰ আৰু এজন কণ্ডাক্টৰ থাকে, হেন্দিমেনৰ ধাৰণা আইজল ছিটি বাছত নাই। বাছবোৰ এখনৰ পিছত এখনকৈ যায়, প্ৰথমখন যদি ‘আৰ’ লিখা থকা তেন্তে দ্বিতীয় খন ‘আৰ’ লিখা নথকা। আৰম্ভণিৰ ষ্টপেজ দুটাত আৰু যাত্ৰীৰ ভিৰ থকা দুটামান ষ্টপেজত এজনকৈ পৰিচালক থাকে, যিয়ে ছিটি বাছবোৰৰ ক্ৰম নিৰ্ধাৰণ কৰে। প্ৰত্যেকখন বাছ আহি ষ্টপেজত যাত্ৰী উঠোৱা-নমোৱা কৰি পিছৰ গাড়ীখন অহালৈ ৰৈ থাকে। ইয়াতে পিছৰ বাছে আগৰ বাছক চেৰ পেলোৱা নিয়ম নাই, পিছৰ গাড়ীখন আহিলে আগৰ গাড়ীখন ভৰ্ত্তি হওক বা নহওক ষ্টপেজ এৰিবই লাগিব। ট্ৰেফিক পুলিচে হুইচেল বজাবৰ প্ৰয়োজন নহয়, গুৱাহাটীৰ পৰা আহি ছিটি বাছে ইমান নিয়ম মানি চলা দেখি হায়ৰাণ হৈ গৈছিলোঁ। কিন্তু অলপ আমনি লগা কথাটো হ’ল যে পিছৰ গাড়ীখন আহি নোপোৱা পৰ্য্যন্ত আগৰ গাড়ীখনে ষ্টাৰ্ট বন্ধ কৰি ৰখি থাকিব। সপ্তাহৰ দেওবাৰৰ দিনাখন বাছৰ সংখ্যা পাতলীয়া হোৱা হেতুকে প্ৰতিটো ষ্টপেজত অপেক্ষাৰ সময় আপেক্ষিকভাৱে বেছি হয়। এটা মজাৰ কথা যে ইয়াৰ ছিটি বাছবোৰে আমাৰ গুৱাহাটিৰ দৰে ‘আদাবাৰী-খালী গাড়ী’ বা ‘আহক বাইদেউ আহক, খালী ছিট আছে’ অথবা ‘চানমাৰি-চিৰিয়াখানা-গণেশগুৰি’ বুলি চিঞৰি যাত্ৰী নামাতে। ষ্টপেজৰ বাহিৰে আন ঠাইত ছিটি বাছ ৰখোৱা মই দেখা নাই আৰু মই যোৱা পাঁচ বছৰত বাছৰ হৰ্ণ শুনা মনত নপৰে (বাছবোৰত হৰ্ণ আছে নে নাই সেয়াও মই নাজানো)!

আইজলৰ ছিটি বাছত মহিলাৰ বাবে বা বয়োজ্যেষ্ঠজনৰ বাবে সংৰক্ষিত আসনৰ ব্যৱস্থা নাই। কিন্তু বয়োজ্যেষ্ঠ জন বাছত উঠিলে বা কোলাত কেঁচুৱা লৈ কোনো মহিলা অথবা শাৰিৰীকভাৱে বাধাগ্ৰস্থ কোনো যাত্ৰী বাছত উঠিলে বহি থকা যিকোনো এজনে নিজৰ আসনখন এৰি বহিবলৈ দিয়াটো অলিখিত নিয়ম। আপুনি ছিটৰ পৰা উঠি নিদিলে কোনেও একো নকয়, কিন্তু দুদিনমান আইজল ছিটি বাছত যাত্ৰা কৰাৰ পিছত আপুনি নিজে আসন এৰি দিব, নহ’লে নিজৰ পুৰুষত্বত আঘাত হোৱা যেন লাগে। অকল পুৰুষেই নহয় মহিলা বা ছোৱালীবোৰেও বয়োজ্যেষ্ঠ এজনক নিজৰ আসন এৰি বহিব দিয়ে।

আইজলৰ পাহাৰীয়া ঠেক ৰাস্তাবোৰত ট্ৰেফিক নিয়ম মানি চলাৰ গত্যন্তৰ নাই, বৰ্ধিত যান-বাহনৰ সংখ্যাই যান-জঁটৰ সৃষ্টি কৰে যদিও ড্ৰাইভাৰবোৰৰ শৃংখলিত অভ্যাসৰ বাবে ট্ৰেফিক-জাম বহু পৰিমাণে নিয়ন্ত্ৰিত। ছিটি বাছেই হওক বা টেক্সিয়েই হওক অথবা ব্যক্তিগত গাড়ীয়ে হওক কোনোৱে কাকো চেৰ নেপেলাই বা অযথা হৰ্ণ নবজায়। আপুনি যেতিয়া আপোনাৰ গাড়ীখনে আন গাড়ী এখনক পাৰ হৈ যাবলৈ সুবিধা কৰি দিয়ে তেতিয়া গাড়ীৰ ড্ৰাইভাৰ বা সন্মুখৰ ছিটত বহি থকা আৰোহীজনে আপোনাক হাঁহি এটাৰে কৃতজ্ঞতা জনাই থৈ যায়, আপোনাৰ নিশ্চয়কৈ ভাল লাগিব। ৰাতিপুৱা পাঁচ বজাৰ পৰা সন্ধিয়া প্ৰায় ছয় বজা মানলৈ ছিটি বাছ সেৱা থাকে আৰু তাৰ পিছত ৰাস্তাবোৰ খালী হৈ পৰে। অৱশ্যে সন্ধিয়া বা নিশাৰ উদং ৰাজপথত দুই-এজন উদণ্ড যুৱকে তীব্ৰ গতিত প্ৰচণ্ড শব্দ কৰি বাইক চলাই যোৱা উদাহৰণ বহু আছে। ছিটি বাছত ট্ৰেফিক পুলিচে ফাইন কৰা দেখা নাই আৰু ইয়াৰ ট্ৰেফিক পুলিচৰ হাতত লাঠী নাথাকে, বোধহয় আমাৰ গুৱাহাটীৰ ছিটি বাছবোৰত পুলিচে কোবোৱাৰ দৰে ইয়াতে কোবোৱাৰ প্ৰয়োজন নহয়। বগা চোলা আৰু সাগৰ-নীলা লংপেন্ট পিন্ধা ট্ৰেফিক পুলিচ বোৰে ১০ টকা বা ২০ টকাৰ বিনিময়ত কোনো অনিয়মক প্ৰশ্ৰয় নিদিয়ে।

ছিটি বাছৰ উপৰিও ইয়াত ৰাজহুৱা পৰিবহন বুলি কলে টেক্সি সেৱাৰ প্ৰচলন আছে। বগা ৰঙৰ মাৰুতি-৮০০ ম’ডেলৰ গাড়ী বোৰৰ পেটত হালধীয়া পাৰী আকি আইজলৰ জনসাধাৰণৰ সহচৰ এই টিক্সিবোৰে ২৪ ঘন্টাই ৰাইজৰ সেৱাত ব্যস্ত, অৱশ্যে নিশাৰ ভাগত ইয়াৰ চলাচল কম হয়। মাত্ৰ চাৰিজন যাত্ৰী কঢ়িয়াব পৰা আৰু আপুনি ঘোচ দিলেও পাঁচজন যাত্ৰী নিবলৈ মান্তি নোহোৱা টেক্সিবোৰৰ ভাড়া কিন্ত তুলনামূলকভাৱে অধিক। কিন্ত আমাৰ গুৱাহাটীৰ অ’টোবোৰৰ দৰে দাম-দৰ কৰাৰ প্ৰয়োজন নাই, প্ৰত্যেকটো টেক্সি ষ্টেণ্ডত একো একোখন ভাড়া সম্বলিত ডাঙৰ ব’ৰ্ড লগোৱা থাকে। ষ্টেণ্ডত টেক্সি নাথাকিলে বা আপোনাৰ ঘৰৰ কাষত টেক্সি এখনৰ প্ৰয়োজন হলে টেলি-টেক্সিৰ ব্যৱস্থা আছে।

আপুনি আইজলৰ যিকোনো ঠাইৰ পৰা টেলি-টেক্সিত ফোন কৰিলে কেন্দ্ৰীয় ভাৱে পৰিচালিত টেলি-টেক্সিৰ কাৰ্য্যলয়ৰ পৰা আপোনাৰ ওচৰৰ টেক্সি ষ্টেণ্ডৰ পৰা টেক্সি পঠাই দিব আৰু ভাড়া কেন্দ্ৰীয় কাৰ্য্যলয়ে নিৰ্ধাৰণ কৰি দিয়ে। এখন টেক্সি সপ্তাহত দেওবাৰটো বাদ দি তিনি দিনহে চলাব পাৰে, চহৰত যান-জঁটৰ বোজা কম কৰিবলৈ চৰকাৰে দুবছৰ মান আগৰপৰা এই নিয়ম প্ৰৱৰ্তন কৰিছে । আইজলৰ ৰাস্তা-ঘাটবোৰ পকী যদিও ভূমিস্খলন আৰু অধিক বৰষুণৰ বাবে ৰাস্তাবোৰ প্ৰায়ে বেয়া হৈ থাকে। ক্ৰমাগত ভাৱে বৰ্ধিত যান-বাহনে এই সৰু সৰু ঠেক ৰাস্তাৰ পাহাৰীয়া চহৰখনলৈ এক প্ৰত্যাহ্বান আনিছে যদিও সুশৃংখলিত আৰু শব্দ প্ৰদূষণ নথকা আইজলত গাড়ী চলাই এক আনন্দ লাভ কৰিব পাৰি। আইজলৰ ঠেক ৰাস্তাবোৰৰ কাষে কাষে পদপথ আছে যদিও ৰঙা ৰঙৰ পদপথ ৰাস্তাটোৰ অকল এটাপিনে থাকে, পদপথ নথকা ৰাস্তাবোৰতো পথচাৰীয়ে এটা কাষেৰে খোজ কাঢ়ে। পদপথত ‘মেনহ’ল’ নাই যদিও পদপথ কৰবাত বহল কৰবাত ঠেক বা উঠা-নমা গতিকে পদপথত খোজ কাঢ়িলে সাৱধানে খোজ কঢ়া দৰকাৰ। পৰ্য্যটকৰ প্ৰচুৰ সম্ভাৱনা থকা নীলা পাহাৰৰ এই সৰু চহৰখনে আগন্তুক দিনবোৰতো নিজৰ স্বকীয়তা বজাই ৰাখি ৰাজহুৱা পৰিবহন ব্যৱস্থা আৰু অধিক উন্নত কৰিব বুলি আশা ৰাখিলোঁ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক