আইজলৰ পৰা মই প্ৰাঞ্জলে কৈছোঁ (১৩) (প্ৰাঞ্জল কলিতা)

আইজলৰ পৰা মই প্ৰাঞ্জলে কৈছো (১৩)

 

 

মিজোৰামত খাদ্য, খাৱনশৈলী ইত্যাদি: আপুনি বাৰু খাই ভাল পাই নেকি অথবা খোৱাৰ প্ৰতি আপোনাৰ এক দুৰ্বলতা আছে নেকি? তেতিয়াহ’লে হয়তো মিজোৰাম বা আইজল আপোনাৰ বাবে পছন্দৰ ঠাই নহ’ব। মিজোৰামৰ ৰাজধানী আইজলত এতিয়া কেবাখনো ৰেষ্টুৰেণ্ট হৈছে যদিও অধিক দাম আৰু ’গাহৰিৰ মাংস’ আৰু ’গো-মাংস’ই অধিকাংশ মেনু দখল কৰি থকা বাবে সকলোৰে বাবে ৰেষ্টুৰেণ্টত খোৱা সম্ভৱপৰ নহয়। আনকি ৰেষ্টুৰেণ্টবোৰত মিজো জনজাতীয় খাদ্যও সহজে উপলব্ধ নহয়, ভাৰতীয় আৰু চীনদেশীয় খাদ্য অধিক পোৱা যায় আৰু মিজোসকলে চাগে’ মাংস খাই বেছি ভাল পায় বাবে মুৰ্গীৰ মাংসৰ উপৰিও ওপৰত উল্লেখ কৰা মাংস দুবিধ উপলব্ধ।

: ইঙে ডু

: কাপি, ইঙে অ’ম

: চাওঁ লেহ ৰাইচ লেহ পৰাথা

: কাপি, ভেজ চাও প্লেটখাত

: থিংপুই ডুয়েম

: ডুলো কাপি

—- এয়া সাধাৰণ চাহ দোকান বা ৰেষ্টুৰেণ্টত হোৱা গতানুগতি আলাপ। চাওমিন, ফ্ৰাইড ৰাইচ আৰু পৰথা (আচলতে তেলত ভজা ময়দাৰ পিঠাৰ দৰে), এয়া কম’ন মেনু। আপুনি চাওমিন বা ফ্ৰাইড ৰাইচ খাওঁতে কিন্তু অলপ সাৱধান হ’ব, আপুনি যদি ‘ভেজ’ বুলি উল্লেখ নকৰে তেন্তে চাওমিন বা ফ্ৰাইড ৰাইচৰ ওপৰত কেইটুকুৰামান মাংসৰ টুকুৰা নিশ্চয়কৈ থাকিব আৰু সেয়া নিসন্দেহে ’গো-মাংস’। আৰু চাহ, যাক স্থানীয় ভাষাত ’থিংপুই’ বুলি জনা যায়, ইমান পাতলীয়াকে কৰে যে সেয়া মিঠা গৰম পানী খোৱা যেন লাগে, ৰঙা চাহবোৰো ইমান মিঠা আৰু ঠাণ্ডা হৈ থাকে যে আইজল অহাৰ পিছত মই চাহ খাবলৈ বাদ দিছোঁ। পৰথাৰ লগত চবজি নিদিয়ে, বেছিভগে চাহৰ লগত খাই নহ’লে আপুনি অতিৰিক্ত ভাৱে ’ছানা’ (ঘুগুনীৰ দৰে) বা ’আলু দাল’ (আলু সিদ্ধ কৰি তেল-মছালা অলপ দি ৰন্ধা আলুৰ আঞ্জা) ল’ব লাগিব। মিঠাই বা শিঙৰা অথবা নিমকি আদি খাবলৈ মন গ’লে আপুনি অলপ বিচাৰ-খোচাৰ কৰিব লাগিব। আপুনি হয়তো মিলেনিয়াম চেণ্টাৰ অথবা ট্ৰেজাৰী স্কোৱেৰলৈ যাব লাগিব ভাল মিঠাই খাবলৈ, আকৌ শিঙৰা খাওতে সাৱধান- শিঙৰাৰ ভিতৰত সদায় আলু আৰু মটৰ দেখি আহি যেতিয়া শিঙৰাৰ ভিতৰত মাংস দেখিব তেতিয়া নিশ্চয়কৈ আচৰিত হ’ব আৰু মাংস বুলিলে গো-মাংসৰ কথাই কৈছোঁ। আচলতে মিজোসকলৰ মাংসৰ প্ৰতি এক দুৰ্বলতা আছে, সেয়া শাক-পাচলিৰ উৎপাদন কম হোৱা হেতুকে বা মাংসৰ তুলনাত পাচলিৰ দাম অধিক হোৱা বাবেই হয়তো হ’ব পাৰে। অৱশ্যে বিভিন্ন ধৰণৰ শাকে মিজোৰামৰ বজাৰসমূহ ভৰি থাকে, লাই শাক, সৰিয়হ শাক, কচু শাক আৰু নাম নজনা বহু শাক। মাংসৰ ভিতৰত ভ’ক-চা (গাহৰিৰ মাংস) অধিক জনপ্ৰিয় ইয়াৰ উপৰি বঙ-চা (গো-মাংস), উই-চা (কুকুৰৰ মাংস), আৰ-চা (কুকুৰাৰ মাংস), কেল-চা (ছাগলীৰ মাংস) বজাৰত সহজে উপলব্ধ।

 

টেঙা আৰু তিতাৰ প্ৰতি এক অনাবিল আসক্তি আছে মিজোসকলোৰ। তিতাকেৰেলাই হওঁক বা মহানিমৰ পাতেই হওঁক অথবা চামট্ৰ’ক (সৰু কেঁচা বিলাহীৰ দৰে দেখিবলৈ) তেওঁলোকৰ পছন্দ, এবাৰ মই এখন বিয়াৰ নিমন্ত্ৰণী খবলৈ যাওঁতে তিতাকেৰেলা আৰু মহানিমৰ পাতেৰে তৈয়াৰ কৰা ’চুপ’ খাবলৈ দিয়া কথা মই পাহৰিব নোৱাৰোঁ। আৰু কেঁচা তেতেলি খুন্দনাত খুন্দি নিমখ জলকীয়া সানি যেতিয়া বজাৰত বিক্ৰি কৰে মোৰ কিন্তু তেতিয়া জিভাৰ পানী পৰে। ম্যানমাৰৰ পৰা অহা বিভিন্ন ধৰণৰ বগৰী, ছেঙ্কেক (প্লামৰ দৰে দেখিবলৈ ৰঙা আৰু ডাঙৰ কিন্তু অতিপাত টেঙা) মিজো সকলৰ প্ৰিয়।

ডাইল বা আন আঞ্জাত নিমখ কম দিয়ে কিন্তু ভাতৰ লগত কেঁচা নিমখ ল’বলৈ নাপাহৰে। এগৰাহ ভাত আৰু আঙুলিৰে কেঁচা নিমখ লোৱা ধৰণ আপুনি নেদেখিলে কল্পনা কৰিব নোৱাৰিব। ’বাই’ মিজো সকলৰ জনপ্ৰিয় ব্যঞ্জন, ’বাই’ আচলতে পাচলি সিদ্ধ-তেল-মচালা বা হালধি নিদিয়াকৈ তৈয়াৰ কৰা এইবিধ ব্যঞ্জনত কিন্তু জলকীয়া অলপ বেছি দিয়ে আৰু পাচলিৰ ভিতৰত বিশেষকৈ বেঙেনা, চামট্ৰ’ক, ৰঙালাউ, বন্ধাকবি ইত্যাদি থাকে। বাঁহৰ গজালি ইয়াত বহুত পোৱা যায়, মই কুমলীয়া বাঁহৰ গাজৰ প্ৰেমত নপৰিলেও কিন্তু ভাল পাওঁ আৰু ’মিজো চাটনি’- ’আই লাভ ইট’, জলকীয়া, পিয়াজ, আদা, নহৰু, ধনীয়া পাত মিহলাই খুন্দি বা বতি কৰা এই চাটনি আপুনি সকলোতে পাব। ভাতৰ হোটেল অথবা চাওমিনৰ লগত অথবা কোনও দামী ৰেষ্টুৰেন্টৰ বিৰিয়ানিৰ লগত এইবিধ ’মিজো চাটনি’ উপলব্ধ।

মিজোসকলে ৰাতিপুৱা আৰু সন্ধিয়া ভাত খোৱা হেতুকে দিনৰ ভাগত ভাতৰ হোটেল নাথাকেই, সেয়েহে আপোনাৰ ভোক লাগিলে কেৱল ফাষ্ট-ফুডেৰে ভোক গুচাব লাগিব, অৱশ্যে ডাঙৰ ৰেষ্টুৰেন্টবোৰত ‘থালি’ নাপালেও ভাত পোৱা যায়। মিজোসকলে আমি খাই ভালপোৱাৰ দৰে ভাতবোৰ এটা এটা ভাল নাপায়, আঠা লগা ভাতবোৰ কেকৰ দৰে কাটি খাই ভাল পাই। ভাত, দাইল, বাই, লাই শাক সিদ্ধ আৰু এবিধ মাংসৰে মিজোসকলৰ এটা সম্পূৰ্ণ ’লাঞ্চ’ বা ’ডিনাৰ’। এখন টেবুলত আটাইবোৰ একেলগে বহি টেবুলত খোৱা খাদ্যৰ পাত্ৰবোৰ মাজত লৈ লয় আৰু ডাঙৰ চামুচ বা হেতাৰে সকলোৱে নিজে নিজে লৈ লয়, সেয়া হয়তো আপোনাৰ বাবে নতুন নহয়। কিন্তু নতুন নতুন যেন লগা কথাটো হ’ল মিজোবোৰে সোঁহাতেৰে খাই আৰু অতিৰিক্ত খাদ্যৰ প্ৰয়োজন হ’লে খাই থকা হাতখনেৰেই লৈ লয়, বাওঁহাতেৰে ল’ব নোৱাৰে। আনকি কেতিয়াবা সকলো একেলগে খাই থাকিলেও হেতাখনেৰে দাইলখিনি মুখত দিয়ে। সেই কথাবোৰে কেতিয়াবা আমনি দিয়ে, এতিয়া মই য়েতিয়া মোৰ সতীৰ্থবোৰৰ স’তে আহাৰ গ্ৰহণ কৰোঁ, আমি বেয়া পাম বুলি খোৱাৰ মাজতে হাত-ধুই আহি অতিৰিক্ত খাদ্য লয়। হোটেল বা সাধাৰণ ৰেষ্টুৰেণ্টবোৰতো সেই একেই পদ্ধতি, আপুনি হয়তো আপোনাৰ কাষত বহি থকা গ্ৰাহকজনক চিনি নাপাব পাৰে কিন্তু একেখন টেবুলত বহাৰ সূত্ৰে আপুনি ভাত, দাইল বা বাই ’শ্বেয়াৰ’ কৰিব লাগিব আৰু আপোনালোকৰ খোৱা শেষ হোৱাৰ পিছত টেবুলত বাকী থকা খাদ্যখিনি নতুন গ্ৰাহকলৈ উলিয়াই দিয়ে।

 

পাঁচ বছৰ আগতে মাত্ৰ দুখনমান ৰেষ্টুৰেণ্ট থকা আইজলত এতিয়া কেবাখনো ৰেষ্টুৰেণ্ট হৈছে, তাৰ ভিতৰত ’ডেভিড কিটছেন’, ’কাৰি-পট’, ’আইজল মচালা’ উল্লেখযোগ্য। যোৱা ৬ মাহ মানৰ পৰা মন কৰিছোঁ যে বহিৰাগত গ্ৰাহকৰ প্ৰতি লক্ষ্য ৰাখি তথাকথিত দামী ৰেষ্টুৰেণ্টকেইখনৰ মেনুৰ পৰা গো-মাংস আঁতৰাইছে। মই আজি খাদ্য সম্পৰ্কে চাগে’ আলপ ঋণাত্মক ধাৰণা এটা দাঙি ধৰিলোঁ, কিন্তু নীলা পাহাৰৰ সৌন্দৰ্য্য আৰু মিজোসকলৰ স’তে গঢ়ি উঠা আত্মীয়তাই এই অসন্তুষ্টিক বেছি মাত্ৰা নিদিয়ে।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments