আইজলৰ পৰা মই প্ৰাঞ্জলে কৈছোঁ (১৫) (প্ৰাঞ্জল কলিতা)

 

মিজোৰামৰ এখন আইন আৰু এখন আঁচনি: MLTP আইন আৰু NLUP আঁচনি মিজোৰামৰ দুটা বহুচৰ্চিত চৰকাৰী বা বেচৰকাৰী শব্দ৷
MLTP (Mizoram Liquar Total Prohibition Act): ১৯৯৭ চনত কংগ্ৰেছ চৰকাৰে মিজোৰামক এখন সুৰা নিষিদ্ধ ৰাজ্য হিচাপে ঘোষণা কৰিছিলে আৰু তেতিয়াৰে পৰা আজিৰ তাৰিখলৈ মিজোৰামত সুৰা সেৱন অথবা বিক্ৰী অনৈতিক কাৰ্য্য হিচাপে বিবেচিত হৈ আহিছে৷ কিন্তু শুনিবলৈ পোৱা গৈছে যে এই আইনখন অহা বিধান সভাৰ অধিৱেশনৰ সময়ত একেখন কংগ্ৰেছ চৰকাৰে উঠাই ল’ব৷ জনজাতীয় এইখন ৰাজ্যত সুৰাক বা সুৰাপানক নিষিদ্ধ কৰাটো সঁচাই প্ৰত্যাহ্বান স্বৰূপ আছিলে৷ জনজাতীয় লোকসকলৰ সুৰাৰ প্ৰতি থকা আসক্তি আৰু অধিক সুৰাপানে সৃষ্টি কৰা সামাজিক ব্যাঘাতৰ বাবে গীৰ্জা আৰু মিজো জাতীয় সংগঠন ’ৱাই, এম. এ’ ৰ পৃষ্ঠপোষকতাত চৰকাৰে এইখন আইন প্ৰণয়নৰ কৰিবলৈ বাধ্য হৈছিলে, আৰু তেতিয়াৰে পৰা মিজো সকলৰ বাবে সুৰা এক সপোন হৈ পৰিছিলে৷ চৰকাৰে বহু ৰাজহ ক্ষতিৰ সন্মুখীন হোৱা সত্বেও জনসাধাৰণৰ উপকাৰ হওঁক বুলিয়ে এইখন আইন প্ৰণয়ন কৰিছিলে৷ কিন্তু আইন প্ৰণয়নৰ আজি ১৭ বছৰ পিছত চৰকাৰক পুনৰ ভাৱিবলৈ বাধ্য কৰাইছে আইনখনৰ উপকাৰিতা বা ইয়াৰ প্ৰভাৱ সম্পৰ্কে৷ বিভিন্ন অধ্যয়ন বা গৱেষণাত এইখন আইন সম্পূৰ্ণ ভাৱে বিফল হোৱা বুলি কোৱা হৈছে যদিও মিজোৰামত সমান্তৰাল প্ৰশাসন চলোৱা গীৰ্জাই আইনখন সফল বুলি দাবী কৰি আহিছে৷ গীৰ্জাৰ দাবী সুৰা নিষিদ্ধকৰণৰ ফলত দুৰ্ঘটনা, ধৰ্ষণ, হত্যা-হিংসাৰ হাৰ কমি আহিছে৷ আনহাতে চৰকাৰী পক্ষৰ লগতে আইন বিৰোধী সকলৰ মত – বিধিসন্মত সুৰা বিচাৰি নাপাই বহুত মিজোই অবৈধ সুৰাপান কৰি মৃত্যুক সাৱটি লৈছে আৰু ড্ৰাগছ আদিৰ দৰে মাৰাত্মক নিচা গ্ৰহণ কৰিছে৷ আইন বিৰোধী সকলে ক’ব খোজে যে মিজোৰামত বিলাতী সুৰা নিষিদ্ধ যদিও কলা বজাৰত ই উপলব্ধ৷ ইয়াৰ ফলত চৰকাৰে ৰাজহ হেৰাইছে আৰু গ্ৰাহকে অধিক দৰত কিনিব লগীয়া হৈছে, মাজতে মধ্যভোগী আৰু চৰকাৰী বিষয়া কিছুমান লাভৱান হৈছে৷ বহি: ৰাজ্যৰ পৰা মিজোৰামত প্ৰৱেশ কৰা প্ৰতিখন প্ৰৱেশদ্বাৰতে প্ৰতিগৰাকী যাত্ৰীৰ বেগ তন্ন তন্নকৈ পৰীক্ষা কৰা হয়, সুৰাৰ বটল পালে পুলিচে বটল কেইটা ৰাখি থৈ দিয়ে৷ এই বটলবোৰ পিছলৈ কি কৰে সেয়া কোনেও নাজানে৷ কিন্তু আইনে জানো বাধা দি ৰাখিব পাৰে কাৰোবাৰ ইচ্ছাক, গতিকে বেছিভাগ মিজো যাত্ৰীয়ে মিজোৰামত প্ৰৱেশ কৰাৰ আগতে যিমান পাৰে টেটুলৈকে গিলি লয়৷ কিছুমানে মিনাৰেল ৱাটাৰৰ বটলত ভডকা ভৰাই লয়৷ আজিকালি গাড়ীৰ ভিৰ বাঢ়িছে, সেই অনুপাতে পুলিচৰ সংখ্যা কম, সেয়েহে মদৰ বটল লৈ আহিবলৈ বিশেষ অসুবিধা নহয়৷ আনহাতে আইজলত সুৰা বিচাৰি গৈ কেতিয়াও বিফল হোৱা দেখা নাই, প্ৰয়োজন মাথো অলপ বেছি টকা আৰু ভাল সংযোগ৷ গুৱাহাটীত যিটো ভডকাৰ ’কোৱাৰ্টাৰ’ ৬০ টকা সেই একেই ভডকা আইজলৰ কলা বজাৰত আপুনি ৩০০ টকা দি কিনিব লাগে, ১৩০ টকাৰ ’ৰাম’ আইজলত ৬০০ টকা আৰু এক বটল হুইস্কিৰ আইজলৰ মূল্য ১০০০ টকাৰ পৰা ১২০০ টকালৈ৷ গতিকে সুৰাৰ কলা বজাৰ খন সহজে অনুমেয়৷ মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ মদ খাই নোপোৱা মিজো বহুত কমেই আছে সেয়া পুৰুষেই হওক অথবা মহিলাই হওক কিম্বা কিশোৰেই হওক অ্থবা বৃদ্ধয়ে হওক৷ মই প্ৰতিবছৰে আইজলৰ পৰা ছাত্ৰ-ছাত্ৰী লৈ গুৱাহাটীলৈ ভ্ৰমণত যাওঁ, সকলোৰে একেটাই ইচ্ছা পছন্দ মতে মদ খাব পাব, বাধা দি ৰাখিব পাৰি জানোঁ৷ সেয়েহে শিলচৰ পাৰ হোৱাৰ পিছতেই আৰম্ভ হৈ যায় সুৰাপান৷ বজাৰ কৰা বা নতুন ঠাই চোৱাৰ হেপাহতকৈ বেলেগ বেলেগ ব্ৰেন্ডৰ সুৰাপান কৰাটোহে সকলোৰে হেঁপাহ৷ কেইবছৰমান আগতে চৰকাৰে মিজোৰামত থলুৱা ’গ্ৰেপ ৱাইন’ য’ত প্ৰায় ৯ শতাংশ ’এলকহ’ল’ থাকে বজাৰত মুকলি কৰি দিলে৷ আপুনি শুনিলে আচৰিত হ’ব প্ৰথম সপ্তাহত ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে আৱাল-বৃদ্ধ-বনিতাৰ লানি নিচিগা ভিৰ৷ কিন্তু ’গ্ৰেপ ৱাইন’ খোৱাৰ পিছত দুৰ্ঘটনাৰ হাৰ বৃদ্ধিৰ খবৰ মোৰ হাতত নাই৷ প্ৰতিবাৰে এই আইনখনৰ বিফলতা আৰু আইন প্ৰয়োগ কৰি সুৰাপান বন্ধ কৰিব নোৱাৰা সন্দৰ্ভত আলোচনা হয় কিন্ত গীৰ্জাৰ আঁকোৰগোজা স্থিতিৰ বাবে এই নিষিদ্ধকৰণ উঠাই লোৱাটো সম্ভৱ হৈ উঠা নাই৷ আকৌ এটা মজাৰ কথা আপুনি যদি বাছত আহে বা ৰাস্তাৰে আহে তেতিয়াহে আপোনাৰ বেগ পৰীক্ষা হয়, কিন্তু আপুনি যদি বিমানেৰে আহে তেন্তে বেগ পৰীক্ষা কৰাৰ কোনো নিয়ম আজিলৈকে নেদেখিলোঁ৷ গতিকে বিমানত অহা-যোৱা কৰা তথাকথিত উচ্চ শ্ৰেণীৰ লোকসকলৰ ক্ষেত্ৰত এই আইন প্ৰয়োগ কৰা দেখা নাযায়৷ ক্ষতিগ্ৰস্ত কেৱল সাধাৰণ সুৰাপায়ী জনতা৷ মই সুৰাৰ সমৰ্থক নহয়, কিন্তু এনে এখন আইনে কিমান জনসাধাৰণৰ হিত সাধিব পাৰিব সেয়া সন্দিহান৷ যোৱা বছৰ চৰকাৰে এখন অধ্যয়ন সমিতি গঠন কৰি দিছিলে আৰু তাৰ ৰিপ’ৰ্ট ইতিমধ্যে চৰকাৰৰ হাতত আহি পৰিছে৷ এইবাৰ চৰকাৰে গীৰ্জাৰ সতে আলোচনা নকৰাৰ সিদ্ধান্ত লৈছে, চৰকাৰ পক্ষৰ মত- গীৰ্জাই যুক্তি নামানি কেৱল আধ্যাত্মিকতাবাদৰ কথা কৈ নিজৰ স্থিতিত আঁকোৰগোজা হৈ থাকে৷ গীৰ্জাও পিছ পৰি থকা নাই- বিধায়ক সকলক সুবুদ্ধি দিবলৈ আৰু আইনখন বাহাল ৰাখিবলৈ প্ৰভু যীশুৰ ওচৰত প্ৰাৰ্থনা জনাইছে৷ এতিয়া ৰাজপথে-পদপথে-অফিছ-কাছাৰী সকলোতে কেৱল এইখন আইনৰ চৰ্চা৷ দেখা যাওঁক সময়ত কি হয়৷

NLUP (New Land Use Policy): যোৱাটো চৰকাৰৰ পৃষ্ঠপোষকতাত পুন: আৰম্ভ কৰা আৰু কেন্দ্ৰীয় চৰকাৰৰ সাহাৰ্য্যপ্ৰাপ্ত এইখন আঁচনি মিজোৰামৰ এটা শিশুৰ পৰা আৰম্ভ কৰি মৃত্যুৰ অপেক্ষা কৰি থকা বৃদ্ধজনৰ মুখতো এইখন আঁচনিৰ নাম৷ এইখন আঁচনিৰ হাতত ধৰিয়ে কংগ্ৰেছ দলে দ্বিতীয়বাৰৰ বাবে ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছে৷ বিৰোধীৰ মতে এইখন আঁচনিৰ বাবেই মিজোৰামৰ আনবোৰ আঁচনি অৱহেলিত হৈ ৰৈছে আৰু চৰকাৰী পক্ষৰ মতে এইখন আঁচনিয়ে মিজো সকলৰ জীৱন ধাৰণ সলনি কৰি দিছে৷ এইখন আলনিৰ সফলতা বা বিফলতা আজি আলোচনা নকৰো, কিন্তু এইখন আঁচনিয়ে মিজোৰামৰ জনতাৰ বাহিৰেও আন আন সৰু সৰু ৰাজ্যৰ চৰকাৰৰকো আকৰ্ষিত কৰিছে৷ নামটোত উল্লেখ থকাৰ দৰে ইয়াৰ লগত মাটিৰ বিশেষ সম্পৰ্ক নাই৷ এই আঁচনিখনৰ মূল উদ্দ্যেশ্য নিয়োগ সৃষ্টি কৰা আৰু নিবনুৱা সমস্যাৰ সমাধান কৰা৷ এই আঁচনি অনুসৰি দৰিদ্ৰ ৰেখাৰ তলত বসবাস কৰা প্ৰতিটো পৰিয়ালকে জীৱিকাৰ উপাই দিয়া৷ প্ৰতিটো পৰিয়ালক একলাখকৈ টকা এককালীন সাহাৰ্য্য প্ৰদান কৰা হয়৷ চৰকাৰে এই আঁচনিখনৰ অধীনত প্ৰায় ৮ টা মান বিভাগ(Trade) স্থিৰ কৰিছে যেনে- ’গাহৰি পালন’, ’গাই-গৰু’ পালন, ’জোতা-চিলাই’, কৃষি ইত্যাদি৷ প্ৰতিগৰাকী পৰিয়ালে নিজৰ পছন্দ অনুসৰি একো একোটা বিভাগ নিৰ্বাচন কৰিব লাগে৷ নিৰ্বাচিত পৰিয়ালবোৰক প্ৰথমতে পছন্দৰ বিভাগত হাতে কামে প্ৰশিক্ষণ দিয়া হয়৷ প্ৰশিক্ষণৰ সফল সামৰণিত প্ৰত্যেককে প্ৰায় ৪০,০০০ টকা দিয়া হয় কাম আৰম্ভ কৰিবলৈ আৰু চৰকাৰী ভাৱে নিয়োজিত বিশেষ বিষয়াই এই কামৰ তদাৰক কৰে, প্ৰথম অংশৰ কাম খিনিত বিশেষকৈ প্ৰয়োজনীয় সামগ্ৰী গোটোৱা আদিত খৰছ কৰা হয়৷ প্ৰথম পৰ্য্যায়ৰ কিস্তি শেষ হোৱাৰ পিছত কাম আৰম্ভ কৰিবলৈ দ্বিতীয়টো কিস্তি দিয়া হয় আৰু দুয়োটা কিস্তিৰ নিয়মমাফিক খৰছৰ শেষৰটো কিস্তি মোকলাই দিয়া হয় ’ৰানিং কষ্ট’ চলাবৰ বাবে৷ ইয়াৰ উপৰিও উত্পাদিত সামগ্ৰীৰ বিক্ৰীৰ বাবে চৰকাৰে বজাৰৰ ব্যৱস্থা কৰি দিয়ে৷ মিজোৰামৰ জনসংখ্যা কম হেতুকে প্ৰায় খিনি দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালে এই সুবিধা লাভ কৰিছে৷ দৰিদ্ৰজনক স্ব-নিয়োজনৰ সুবিধা কৰি দিয়া এইখন আঁচনিয়ে বহু মিজো পৰিয়ালক লাভান্বিত কৰিছে বুলি অনুভৱ হয় যদিও দুৰ্নীতিয়ে শিপা মেলাৰ খবৰো পোৱা গৈছে৷ মিজো সকলে জুম প্ৰথাৰে কৰা খেতিত প্ৰায়ে নতুন জংঘল কাটি জ্বলাই দিয়ে, সেয়ে চৰকাৰে নতুন মাটি বা জংঘল ব্যৱহাৰ কৰিব নোৱাৰাকৈ এটা বিকল্প জীৱিকা দিয়াৰ ব্যৱস্থা কৰিছে বাবে এইখন আঁচনিৰ নামত ’নিউ লেন্ড’ শব্দ ব্যৱহাৰ হৈছে৷ চৰকাৰী আন আন আঁচনিৰ ধনো এইখন আঁচনিত ব্যৱহাৰ হোৱা বুলি বিৰোধীয়ে প্ৰায়ে সমালোচনা কৰি থাকে৷ এইখন আঁচনি যদি পৰিকল্পিত মতে সফল ৰুপায়ন হয় তেন্তে আগন্তুক দিনবোৰত মিজোৰামত নিবনুৱা সমস্যাৰ এক সুষ্ঠ সমাধান হোৱাৰ আশা কৰিব পাৰি৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক