আইজলৰ পৰা মই প্ৰাঞ্জলে কৈছোঁ (৭) (প্ৰাঞ্জল কলিতা)

প্ৰায় ১১ লাখ জনসংখ্যাৰে ভাৰতবৰ্ষৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত এখন সৰু ৰাজ্য মিজোৰাম। থিয় পাহাৰ আৰু ঘন জংঘলেৰে আৱৰি থকা তাকৰীয়া জনসংখ্যাৰ ৰাজ্যৰ চাৰিসীমাত আছে অসম, মণিপুৰ আৰু ত্ৰিপুৰা ৰাজ্য। তেনেদৰে বাংলাদেশ আৰু ম্যানমাৰৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা চুই আছে। মিজোৰামৰ জনসংখ্যা কম হোৱা হেতুকে বহিৰাগতৰ আগ্ৰাসনৰ পৰা মিজো জনগোষ্ঠীক সুৰক্ষা প্ৰদান কৰিবলৈ মিজোৰামত অনা-মিজো লোকে প্ৰৱেশ কৰিবৰ বাবে পাৰপত্ৰ লোৱাৰ প্ৰয়োজন হয়। জনপ্ৰিয় ভাৱে ’পাছ’ বা ’আই. এল. পি’ (ইনাৰ লাইন পাৰমিট) মিজোৰামত প্ৰৱেশ কৰিব খোজা প্ৰতিজন ভাৰতীয় অনা-মিজোৰ বাবে জৰুৰী। সাধাৰণ পৰ্যটকৰ বাবে ’আই. এল. পি’ ১৫ (পোন্ধৰ) দিনৰ বাবে আৰু কাম কৰিবলৈ দীৰ্ঘম্যাদী ’আই. এল. পি’ ৬ (ছয়) মাহৰ বাবে দিয়া হয়। অৱশ্যে এই ’আই. এল. পি’ নৱীকৰণ কৰাৰ ব্যৱস্থা আছে। মিজোৰামত কৰ্মৰত অনা-মিজো ব্যক্তিৰ বাবে নিয়োগকাৰীৰ পৰিচয় পত্ৰখনেই ’আই. এল. পি’ৰ কাম কৰে। মিজোৰামতো অসমৰ দৰে অনুপ্ৰৱেশৰ সমস্যা আছে, অৱশ্যে বাংলাদেশী নাগৰিক নহয়, ম্যানমাৰী নাগৰিকৰ।

 

মিজোৰামত শ্ৰমিকৰ বৰ অভাৱ। ধোবী, নাপিত, মুচি আদি ব্যক্তিৰ অভাৱ বাৰুকৈয়ে অনুভৱ হয়। ইয়াৰ কাঠ-মিস্ত্ৰি, চিমেণ্ট-মিস্ত্ৰি বা পকী-ৰাস্তাত কাম কৰা শ্ৰমিকবোৰ বাহিৰৰপৰা আমদানি কৰিবলগীয়া হয়। নিবনুৱা সমস্যা মিজোৰামত আছে যদিও স্থানীয় লোকসকলে বেছি পাৰিশ্ৰমিক বিচৰাৰ লগতে এলেহুৱা মনোভাৱৰ বাবে অনা-মিজো শ্ৰমিকবোৰে প্ৰাধান্য পায়। বহিৰাগত শ্ৰমিকৰ বেছিভাগেই অসমৰ বৰাক উপত্যকাৰ (বহুতে তেওঁলোকৰ বেছিখিনি শ্ৰমিকক বাংলাদেশী বুলিও ক’ব খোজে) আৰু কিছুমান বিহাৰ আৰু ঝাৰখণ্ডৰ। বহিৰাগত শ্ৰমিকসকল ’আই. এল. পি’ লৈ প্ৰৱেশ কৰে যদিও নৱীকৰণ কৰিবলৈ পাহৰি যায়। বিনা পাৰপত্ৰত মিজোৰামত প্ৰৱেশ কৰা বা কাম কৰা আইনমতে দণ্ডনীয়। মিজোৰামত এনে বিনা পাৰপত্ৰত কাম কৰি থকা বহু শ্ৰমিক আছে, ইয়াৰ আৰক্ষীয়েও পইচা লৈ বিনা প্ৰৱেশপত্ৰত পাৰ হ’বলৈ দিয়া শুনা যায়। বিনা পাৰপত্ৰত কাম কৰি থকা এনে বহু শ্ৰমিক এতিয়া মিজোৰামত এক আভ্যন্তৰীণ সমস্যা হৈ থিয় দিছে।

 

মিজোৰামৰ বৃহৎ বেচৰকাৰী তথা প্ৰভাৱ্শালী সংগঠন ইয়ং মিজো এছ’চিয়েছন (চমুকৈ ৱাই. এম. এ) আৰু মিজো জিৰলাই পল (মিজো ছাত্ৰ সংস্থা)-এ নিজাববীয়াকৈ পাৰপত্ৰ পৰীক্ষাৰ ব্যৱ্স্থা কৰে। কেতিয়াবা ঘৰে ঘৰে গৈ বা ৰাস্তাই-ঘাটে অনা-মিজো মুখায়ৱৰ মানুহৰ পাৰপত্ৰ বা আই. এল. পি বিচাৰি হাৰাশাস্তি (!) কৰে। ইয়াৰ বলি প্ৰায়ে শ্ৰমিক শ্ৰেণীৰ লোকসকল হোৱা দেখা যায়। পাৰপত্ৰ নাপালে ধৰি বান্ধি থানালৈ লৈ যায় বা অসমৰ সীমামূৰীয়া চহৰ বাইৰেংটিলৈকে ট্ৰাকত উঠাই লৈ যায় আৰু অসমৰ সীমাত থৈ আহে। ’ইয়ং মিজো এছ’চিয়েছন’ বা ’মিজো জিৰলাই পলে’ কৰা পাৰপত্ৰ পৰীক্ষাত অৱশ্যে শ্ৰমিক শ্ৰেণীৰ মানুহখিনিকে লক্ষ্য কৰি লোৱা দেখা যায়। কাপোৰ-কানি বা পিন্ধন উৰণ ফিট-ফাট হ’লে তেওঁলোকে পৰীক্ষা কৰিবলৈ সাহ কৰা দেখা নাযায়। মিজোৰাম আৰক্ষীয়েও এনে অভিযান চলাই যদিও বেছিভাগ সময়তে ’ইয়ং মিজো এছোছ্যিয়েছন’ বা ’মিজো জিৰলাই পলে’ এনে অভিযান চলোৱা দেখা যায়। কিন্তু প্ৰশ্ন উদয় হয়- ’ইয়ং মিজো এছোছ্যিয়েছন’ বা ’মিজো জিৰলাই পলে’ আইনমতে অভিযান চলাব পাৰে জানো! মিজোৰাম চৰকাৰে অৱশ্যে কেতিয়াও এনে বেচৰকাৰী সংগঠনবোৰক আইন হাতত তুলি নল’বলৈ অনুৰোধ জনোৱা বা আহ্বান জনোৱা শুনা নাই, যিটো আমাৰ অসমত নহয়। আমাৰ অসমত বাংলাদেশী সন্দেহত আছুৱে মানুহ ধৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে আইন হাতত তুলি নল’বলৈ জনোৱা নিচিনা আহ্বান ইয়াত কেতিয়াও হোৱা নাই।
কামৰ তাড়নাত মিজোৰামলৈ অহা শ্ৰামিকবোৰক পাৰপত্ৰ বিচাৰি কৰা হাৰাশাস্তি সন্দৰ্ভত কোনোৱে আজিলৈকে মাত মতা দেখা নাই, অসংগঠিত বেছিভাগ শ্ৰমিককে পাৰপত্ৰ নথকাৰ অপৰাধত বা সেইখিনি সময়ত দেখুৱাব নোৱাৰাৰ অপৰাধত ’ইয়ং মিজো এছোছ্যিয়েছন’ বা ’মিজো জিৰলাই পলে’ জোৰ জবৰদস্তি যেতিয়া বান্ধি লৈ যায় তেতিয়া মানৱতাবোধে আমনি কৰে। আনকি মিজোৰাম আৰক্ষীয়েও ইয়াত পূৰ্ণ সহযোগিতা আগবঢ়ায়। একেদাল ৰচীতে কেবাজনো ব্যক্তিক গৰু-ছাগলী বন্ধা দি বান্ধি ৰাস্তাৰে লৈ যোৱা দৃশ্য মই দেখিছোঁ। ভাৰতীয় হৈও নিজৰ দেশতে অঘৰী হোৱাৰ বেদনাই নিশ্চয় শ্ৰমিকখিনিক বৰকৈ আমনি কৰে।
অপৰাধী হ’লে প্ৰশাসনে ব্যৱস্থা লওক, কিন্তু ’ইয়ং মিজো এছোছ্যিয়েছন’ বা ’মিজো জিৰলাই পলে’ আইন হাতত তুলি লোৱা আৰু দুখীয়া শ্ৰমিকখিনিক এনেদৰে কৰা ব্যৱহাৰ কিমান দুৰ বৈধ সেয়া মই নাজানো। সেয়াযে অমানৱীয় মই বুজি পাওঁ। মিজো জাতিৰ সুৰক্ষাৰ কাৰণে আই. এল. পি ৰ প্ৰয়োজনীয়তা কিমান সেয়া সন্দিহান কাৰণ ইয়াত কোনো অনা-মিজো ব্যক্তিয়ে ব্যৱসায় কৰিব বা মাটি কিনিব নোৱাৰে। এটা জাতিৰ সুৰক্ষাৰ নামত আন মানুহক অমানৱীয় দৃষ্টিৰে নিজৰ দেশতে বিদেশীৰ দৰে কৰা ব্যৱহাৰ নিশ্চয়কৈ গ্ৰহণযোগ্য নহয়।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক