আইজলৰ পৰা মই প্ৰাঞ্জলে কৈছোঁ (৮): প্ৰাঞ্জল কলিতা

মিজোৰামৰ অনুপ্ৰৱেশৰ সমস্যা:

অসমত যেনেকৈ বাংলাদেশী অনুপ্ৰৱেশৰ সমস্যা তেনেকৈ মিজোৰামত আকৌ ম্যানমাৰী অনুপ্ৰৱেশৰ সমস্যা। মিজোৰাম-ম্যানমাৰ সীমান্ত উন্মুক্ত আৰু ম্যানমাৰীলোকৰ মুখাবয়ৱ মিজো মানুহৰ সৈতে মিলে বাবে এই অনুপ্ৰৱেশ সমস্যা গুৰুতৰ হৈ আহিছে। প্ৰায়বোৰ অবৈধ কাম (ড্ৰাগছ, সুৰা আৰু বন্দুক) এই অনুপ্ৰৱেশকাৰীসকলৰ দ্বাৰাই হয় বুলি বাৰে বাৰে প্ৰমাণিত হৈ আহিছে। কিন্তু চৰকাৰ নিৰ্বিকাৰ। অসমৰ দৰে একেই ভোট বেংকৰ ৰাজনীতি। আইজল চহৰৰ পৰা অলপ আঁতৰত ‘ৰাঙামুৱাল’ য’ত নাৰীদেহ আৰু ঘৰত প্ৰস্তুত কৰা সুৰাৰ অবৈধ বেহা। প্ৰায় ৯৫ ঘৰ মানুহ আছে। আইজলত অহাৰ পৰাই শুনি আহিছোঁ সেই বাসিন্দা সকল ম্যানমাৰী নাগৰিক। চৰকাৰক উচ্ছেদ কৰিবলৈ বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো কোনো পদক্ষেপ নোলোৱাত মিজোৰামৰ বেচৰকাৰী সংগঠন ‘ৱাই.এম.এ’ (ইয়ং মিজো এছোছিয়েশ্যন) ৰ তৰফৰ পৰা আগভাগ লোৱা হয়। ‘ৱাই.এম.এ’ ম্যানমাৰী লোক সকলক ১৫ (পোন্ধৰ) দিনৰ সময় সীমা বান্ধি দিয়ে আৰু পোন্ধৰ দিনৰ ভিতৰত ‘ৰাঙামুৱাল’ অঞ্চল খালী কৰিবলৈ নিৰ্দেশ জাৰি কৰে। ১৫ মে’ ২০১৩ তাৰিখ শেষ দিন আছিল আৰু সিদিনাখন দেখা গ’ল গোটেই কেইঘৰ মানুহে ‘ৰাঙামুৱাল’ এৰি গৈছে। ‘ৰাঙামুৱাল’ খালী নকৰিলে ‘ৱাই.এম.এ’ ঘৰবোৰ জ্বলাই দিয়াৰ ভাবুকি দিছিল বুলি শুনা যায়। চৰকাৰে অৱশ্যে এইক্ষেত্ৰত কোনো মাত-মতা দেখা নগ’ল। তেনেদৰে কিছুদিন পূৰ্বে মিজোৰাম-ম্যানমাৰ সীমান্তত এখন সন্দেহযুক্ত ম্যানমাৰী নাগৰিকৰ গাঁও, স্থানীয় ৰাইজে জ্বলাই দিয়ে। বহুতে ইয়াৰ প্ৰতিবাদ কৰিছে যদিও স্থানীয় ৰাইজৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা লোৱা হোৱা নাই। মিজোৰামত চাকমা জনগোষ্ঠীৰ বাংলাদেশৰ পৰা অনুপ্ৰৱেশ হৈ আছে বুলি শুনিব পাওঁ, সেয়ে এইবাৰ মিজো ছাত্ৰ সন্থাই মিজোৰামত থকা চাকমা জনগোষ্ঠীৰ লোকৰ নিজাববীয়াকৈ জৰীপ চলাব বুলি জনা গৈছে। ইয়াৰে বেচৰকাৰী সংগঠনবোৰে কথা-কোৱাতকৈ বা সংবাদ-মেল পতাতকৈ হাতে-কামে কৰি দেখুৱায়।
আমি অসমৰ মানুহবোৰে ইয়াৰ পৰা কিবা শিকিবলগীয়া নিশ্চয় আছে বুলি মই অনুভৱ কৰোঁ।

 

মিজোৰামৰ এটা হ্ৰদ আৰু কিছু লোককাহিনী:

ৰিহ-ডিল, মিজোৰামৰ পৰ্য্যটন মানচিত্ৰত মিজোৰামৰ সবাতোকৈ ডাঙৰ হ্ৰদ বুলি উল্লেখ থকা, হৃদপিন্ড আকৃতিৰ এই হ্ৰদটো কিন্তু ভৌগলিক ভাৱে মিজোৰাম বা ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত অৱস্থিত নহয়। ৰিহ-ডিল (বা ৰিহ-হ্ৰদ) ভাৰতৰ সীমামূৰীয়া দেশ ম্যানমাৰ বা ব্ৰহ্মদেশৰ মাটিত অৱস্থিত। মিজোৰামৰ ৰাজধানী চহৰ আইজলৰ পৰা প্ৰায় ১৮৫ কি:মি: আঁতৰত ভাৰত আৰু ম্যানমাৰক দুভাগ কৰি নীৰৱে বৈ আছে ‘তিয়াওঁ’ নদী। এই নদীৰ ভাৰত ভূখণ্ডৰ পিনে আছে সীমামূৰীয়া চহৰ ‘জোকাথাৰ’ আৰু ম্যানমাৰৰ পিনে গঢ় লৈ উঠিছে নদীখনৰ নামেৰেই ‘তিয়াওঁ’ নামৰ ক্ষুদ্ৰ চহৰ। সীমান্তৱৰ্তী এই তিয়াওঁ চহৰৰ পৰা প্ৰায় ৩ কি:মি: নিলগত অৱস্থিত এই হ্ৰদ। ম্যানমাৰৰ ‘চীন’ প্ৰদেশৰ অন্তৰ্গত এই হ্ৰদটোৱে যুগ-যুগ ধৰি ম্যানমাৰী পৰ্য্যটকতকৈ কিন্তু ভাৰতীয়(বিশেষকৈ মিজোৰামৰ) পৰ্য্যটকক বেছিকৈ আকৰ্ষণ কৰি আহিছে। কেইমাহমান আগতে আমিও ফুৰিবলৈ গৈছিলোঁ এই হ্ৰদটোলৈ। ম্যানমাৰ পৰ্য্যটন বিভাগে তদাৰকী কৰা এই হ্ৰদটোলৈ যাবলৈ ভাৰতীয় নাগৰিকৰ বাবে ‘ভিছা’ৰ প্ৰয়োজন নহয়, ভাৰতীয় ১০ টকা বা ম্যানমাৰী ১৫০ কায়াট আৰু ভাৰতীয় পৰিচয় পত্ৰ জমা দিলে আবেলি ৪ বজালৈ তিয়াওঁ নদী পাৰ হৈ ৰিহ-ডিললৈ যাবৰ বাবে অনুমতি দিয়ে। অৱশ্যে ৰিহ-ডিল বাদ দি আন কাষৰীয়া ঠাইলৈ যাবলৈ ভিছাৰ প্ৰয়োজন। কিন্তু প্ৰশ্ন উদয় হয়, ৰিহ-ডিল যাবলৈ কিয় ভিছাৰ প্ৰয়োজন নহয় বা ৰিহ-ডিল কিয় মিজোৰামৰ পৰ্য্যটন মানচিত্ৰত সংযোজন কৰিলে। ইয়াৰ কাৰণ বিচাৰি অলপ অধ্যয়ন কৰাত গম পালোঁ হ্ৰদটোৰ সতে জড়িত কিছু লোককথা বা কাহিনী, যাৰ লগত মিজো সকলৰ এক আত্মিক সম্পৰ্ক আছে।

প্ৰবাদ আছে হেনো মিজোৰামৰ সীমামূৰীয়া চাম্ফাই জিলাৰ এখন গাওঁত ‘ৰিহি’ নামৰ এগৰাকী ছোৱালী আছিল যাৰ মাহীমাক আছিল নিষ্ঠুৰ হৃদয়ৰ। এদিনাখন ৰিহিৰ দেউতাকে অজ্ঞাত কাৰণত ৰিহিৰ ভনীয়েকক জংঘললৈ লৈ গৈ হত্যা কৰিছিল, আৰু ৰিহিয়ে যেতিয়া নিজৰ আপোন ভনীয়েকক জংঘলৰ মাজত মৃত অৱস্থাত দেখা পাইছিল, ৰিহি কান্দোনত ভাগি পৰিছিল। তেনেতে জংঘলৰ মাজৰ পৰা ‘লইচি’ বুলি উল্লেখ থকা এটা ভাল আত্মাই ৰিহিৰ উচুপনি শুনি তাত থকা (জংঘলৰ মাজত থকা) এজোপা জীৱনদায়িনী যাদুকৰী গছৰ কথা কলে। এই গছজোপাৰ পাতেৰেই ৰিহিয়ে নিজৰ ভনীয়েকক জীয়াই তুলিছিল। ভনীয়েকে যেতিয়া জী উঠিল তেতিয়া ভনীয়েকজনী পিয়াহত আতুৰ হৈ আছিল, সেয়ে ৰিহিয়ে যাদুকৰী গছজোপাৰ পাতেৰে নিজকে পানীৰে ভৰি থকা এটা হ্ৰদ বা পুখুৰীলৈ ৰূপান্তৰিত কৰিলে। পিছলৈ ৰিহিয়ে নিজকে এটা বগা ৰঙৰ ‘মিঠুন’ লৈ ৰূপান্তৰিত হ’বলৈ বাধ্য হৈছেলে বুলি প্ৰবাদ আছে। ৰিহিয়ে ‘মিঠুন’ ৰূপ লোৱাৰ পিছত স্থায়ীভাৱে বসবাস কৰিবলৈ নিৰাপদ আশ্ৰয়ৰ সন্ধানত নামিল, নিৰাপদ আশ্ৰয়ৰ সন্ধান কৰি থাকোঁতে যিবিলাক ঠাইত ৰিহিয়ে মূত্ৰ-বিসৰ্জন কৰিছিলে সেই সকলোবোৰ ঠাইতে একো একোটা হ্ৰ্দ সৃষ্টি হোৱা বুলি কোৱা হয়, আৰু এনেকুৱা বহু হ্ৰদ ম্যানমাৰৰ জংঘলত আছে বুলি মিজোসকলে এতিয়াও বিশ্বাস কৰে। এনেকে এদিন তাই ‘ৰুন’ নদীৰ পাৰৰ ‘চানজ’ল’ নামৰ গাঁওখনত বসতি আৰম্ভ কৰে, কিন্তু নদীখনত থকা এটা দুষ্ট আত্মাই সেই ঠাই এৰিবলৈ হুংকাৰ দিলে। সেয়ে ৰিহিয়ে আকৌ নতুন ঠাই বিচাৰি চাম্ফাই উপত্যকা (এতিয়াৰ চাম্ফাই জিলা) চলাথ কৰিলে, কিন্তু সুবিধাজনক ঠাই নোপোৱাত তিয়াওঁ নদী পাৰ হৈ আহিল। অৱশেষত আজিৰ ৰিহ-ডিল, যাক ৰিহিয়ে আপোন অনুভৱ কৰিছিলে আৰু যিয়ে ৰিহিক বহুত মৰম দিছিল তাতেই ৰিহি বিলীন হৈ গ’ল। মিজো বা সমগোষ্ঠীয় লোকসকলে এতিয়াও বিশ্বাস কৰে যে মানুহৰ মৃত্যুৰ পিছত স্বৰ্গলৈ যাবলৈ হলে মৃতকৰ আত্মা এই হ্ৰদটো পাৰ হৈ যাব লাগে। ইয়াৰ উপৰিও ৰিহ-ডিলৰ ওপৰত বহুত অলিখিত মুখৰোচক কাহিনী শুনিবলৈ পোৱা যায়।

(উত্স: ৱিকিপেডিয়া, মিজোৰাম চৰকাৰৰ পৰ্য্যটন বিভাগৰ ৱেবছাইট আৰু মোৰ কেবাজনো মিজো সহকৰ্মী)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments