আইজাকৰ প্ৰিজম: আমাৰ মঞ্চ, আমাৰ দৰ্শক — নিজৰা ৰাজকুমাৰী

ৰবাৰ্ট হুকে পোহৰৰ কথা ইমান ভুলকৈ কিয় কৈ ফুৰিছে বাৰু? হ’ ব পাৰে তেওঁ সেইসময়ৰ বিশিষ্ট বিজ্ঞানী,
সেইবুলিয়েই আইজাক নিউটনেনো কেনেকৈ মানি লয় ইমান ডাঙৰ ভুল কথা এটা। কি কৰা যায়! খিৰিকিখন খুলি
আকাশলৈ চালে তেওঁ। জপৰাচুলি খিনিত আঙুলি সুমুৱাই চুলি আৰু চিন্তা একেলগে যুকিয়াই মেজখনত প্ৰিজম
এটা থ’ লে। বগা পোহৰ এছাটি প্ৰিজমটোৰ মাজেৰে পাৰহৈ ৰামধেনু এখন হৈ পৰিল—নীলা
, ঘননীলা, সেউজীয়া, কমলা ইত্যাদি ৰঙেৰে আইজাকৰ মন আৰু সময়খিনি ৰঙীণ হৈ পৰিল। ইস্ এইখিনি কামটো
হুকেও কৰিছে। তেন্তে মহাকৰ্ষণৰ বাবে জনাজাত মহান বিজ্ঞানী আইজাকৰ পোহৰ পৰীক্ষাৰ নতুনত্ব কি?
সত্য কি? সত্য এয়েই যে তেওঁ প্ৰমাণ কৰি দেখুৱাব পাৰিলে, অন্যই ভবাৰ দৰে পোহৰখিনিক প্ৰিজমটোৱে কিবা
প্ৰকাৰে ৰঙীন কৰি তোলা নাই, বগা বুলি ভবা পোহৰৰ ৰংবোৰ প্ৰিজমে ভাগ ভাগ কৰিহে দেখুৱাইছে। বগা
আচলতে ” বগা” নহয়, ভিন্ন ৰঙৰ সমাহাৰহে। ১৬৬০ বা ১৭০০তেই আইজাকক তেওঁৰ কোঠাত গণিতৰ সৈতে
এৰি আমি তেওঁৰ প্ৰিজমটো আনি আমাৰ নাটকৰ মঞ্চ এখনত বহুৱাই দিও। নাটকবলিয়া এগালৰ
সংস্পৰ্শত প্ৰিজমটোৰ ধৰ্ম একেই থাকিল, মনটোহে অলপ বেলেগ হ’ ল। মানে পোহৰৰ সলনি সি নাট্যকাৰ, নাট
পৰিচালক, শিল্পী-কলা-কুশলীৰ সৃজনীশক্তি, পৰিশ্ৰম, আনকি পণ্ডশ্ৰমকো শুহি লৈ পোহৰৰ গুণৰ দৰে
ভাললগা-বেয়ালগা, সফল-বিফল অনেক ৰঙৰ সমাহাৰ দৰ্শকলৈ এৰি দিব পৰা হ’ ল। আন্ধাৰ প্ৰেক্ষাগৃহত নাটক
চলি থকা মঞ্চখন এটা ডাঙৰ প্ৰিজম–এই চিন্তাই সদায় মোক আমোদ দিয়ে। দৰ্শকৰ আসনত বহি সেই
” মঞ্চ-প্ৰিজম” নিৰ্গত স্পেকট্ৰামত হয় আপ্লুত হওঁ নাইবা বিৰক্ত হওঁ। আপ্লুত বা বিৰক্ত হ’ বলৈ
দৰ্শকৰ পূৰ্ণ স্বাধীনতা থাকে, থাকে কিছু প্ৰস্তুতিও। এই প্ৰস্তুতিযে ভীষণ জৰুৰী। দৰ্শকৰ প্ৰস্তুতি? হয়
দৰ্শকৰ প্ৰস্তুতি।
…আজি বা কাইলৈ সন্ধ্যা নাটক এখন চাবলৈ যাম।
…এইমাত্ৰ প্ৰেক্ষাগৃহত সোমাম।
কিবা বিশেষ প্ৰস্তুতি থাকিব নেকি ” নাটক এখন চাম” বোলা কথাষাৰত? যিদৰে কবিতা -গল্প লিখিবলৈ, ছবি
এখন আঁকিবলৈ, নাইবা বতৰৰ পাচলিৰ খেতি কৰিবলৈ আনকি সান্দহ গুড়িকণ খুন্দিবলৈও আমাৰ একধৰণৰ
প্ৰস্তুতি থাকে সেইদৰে নাটক এখন চাবলৈ লৈও দৰ্শক হিচাপে আমি নিজকে সুধি চাওনে –আমি এতিয়া
প্ৰস্তুত নে? নে আনে অসীম শ্ৰমেৰে আমালৈ আগবঢ়াই দিয়াখিনি গ্ৰহণ কৰিবলৈ আমাক শ্ৰমৰ কোনো
দৰকাৰ নাই? শিল্পই হওক, খাদ্যই হওক, যৌন সঙ্গমেই হওক উপভোগৰ কৌশল /মান বহল অৰ্থত আমাৰ
মগজুৰ পৰিসৰে আগুৰিব পৰা শিক্ষা-অভিজ্ঞতা, জীৱনবোধ, বংশগতিৰ কিছুমান কথাই নিৰ্ণয় কৰি দিয়ে।
অৱশ্যে দৰ্শকৰ এক স্পষ্ট শ্ৰেণীবিভাজন প্ৰায় অসম্ভৱ। বিষয়টো অস্পষ্ট হ’ লেও যেতিয়া কোনো এচাম
দৰ্শকে ভাল নোপোৱা নাটক এখন আন এচামে সানন্দে গ্ৰহণ কৰে তেতিয়া আমি চিন্তাৰ খোৰাক বিচাৰি
পাঁও। গুৱাহাটী, মৰিগাঁও, জাগীৰোড, বিশ্বনাথ চাৰিআলি, ডিব্ৰুগড়, যোৰহাট, বোকাখাত আদি অসমৰ বিভিন্ন
ঠাইৰ প্ৰেক্ষাগৃহত নাটক চাই উঠি এনে বহু ৰসাল অভিজ্ঞতা গোটাইছো–য’ ত একাংশই ভালপোৱা নাটকখন
আন একাংশই বেয়া পাইছে। কিছুসংখ্যকৰ মতে আকৌ ” নাটকৰনো কি ভাল-বেয়া, ইমানগাল মানুহৰ লগত
একেলগেযে সন্ধিয়া এটা এনজয় হ’ ল সেয়েই বহুত” । পিছে শিল্পী-পৰিচালকৰ আগত নাটকখন ” বহুত ভালপালো”

, ” বৰ বেলেগ ষ্টাইলৰ নাটক এখন দেখুৱালা দেই” বুলি কৰা উচ্চ প্ৰশংসাৰ পাছত যেতিয়া কোনো দৰ্শকে
আমাৰ সমুখত স্পষ্ট ভাষাৰে ” কিনো কৰিছে জানো এইখন। নাটকৰ মূৰ খোৱা কাৰবাৰ ” বুলি অসন্তুষ্টি জাহিৰ
কৰি থৈ যায় তেতিয়া আচৰিত হওঁ–কিহে এজন স্বাধীন দৰ্শকক এনেদৰে মিথ্যাচাৰৰ আশ্ৰয় ল’ বলৈ
প্ৰৰোচিত বা বাধ্য কৰে? দৰ্শক, কেৱল দৰ্শকৰ বাবে মঞ্চস্থ কৰা নাটক এখনত দৰ্শকেই যদি নিজৰ
স্থিতিক অনুধাৱন কৰিব নাজানে তেন্তে নাট্যকৰ্মীয়ে বিশ্বাসত ল’ ব কাক?
কলাৰ উচ্চ পৰ্যায়ৰ নিৰপেক্ষ ৰসাস্বাদৰ কথাটো বাদ দি সাধাৰণভাৱে ক’ বলৈ গ’ লে নাটকএখন
ভালপোৱা চামটোৱে নিশ্চয়কৈ নাটকখনত নিজক বা চিনাকি কোনো ঘটনা, পৰিৱেশ বা ব্যক্তিক বিচাৰি পায়
। নিজৰ জীৱনৰ লগত সংপৃক্ত বিষয়ক কলাৰ মাধ্যমত দেখাৰ কৌতূহল, উত্তেজনাৰে আমি নাটক বা অন্য
কোনো কলাৰ মান নিৰ্ণয় কৰিম নে? এইখিনিতে বেকেটৰ ৱেইটিং ফৰ গ’ ডোৰ নামোল্লেখ নকৰাকৈ থাকিব
নোৱাৰিম। বহু উচ্চ শিক্ষিত দৰ্শকে ৱেইটিং ফৰ গডোক নাকচ কৰাৰ পাছত কাৰাবন্দীসকলে কিয় নাটকখন চাই
ইমান আবেগিক হৈ পৰিছিল? ” অপেক্ষা” ৰ জ্বালা অথবা তীব্ৰ উত্তেজনা, যি আচলতে প্ৰতিটো মুহূৰ্ত নিজে
জী থকাৰ কচৰতো, কাৰাবন্দীৰ বাদে কোনে ইমান গভীৰতাৰে ইয়াক কঢ়িয়াব পাৰে।
আকৌ ” দৰ্শকৰ প্ৰস্তুতি” লৈ ঘূৰি যাওঁ। নাটকখনৰ প্ৰতি জাষ্টিচ কৰিব নোৱাৰিলে নাটক চাবলৈ
নোযোৱাই ভাল। নামী অভিনেতা -পৰিচালকৰ নাটক ভাল হ’ বই আৰু নতুনকৈ নাটক কৰিবলৈ লোৱাসকলৰ নাটক
কিনো ভাল হ’ ব বুলি আগতীয়া ভাৱ এটা পুহি ৰাখি দৰ্শকৰ শাৰী পূৰোৱাৰ কোনো অৰ্থ নাই। শিল্প আৰু
শিল্পীৰ সৰু-বৰ, বয়স, সময় অসময় ইত্যাদি নাথাকে। কেতিয়াবা অৱশ্যে অপৰিচিত বিষয়বস্তুৰ নাটক এখন
চাবলৈ গৈয়ো অস্বস্তিত সময় পাৰ কৰিব লগা হয়। কিন্তু ঘৰলৈ আহি বিষয়টো সম্পৰ্কত প্ৰয়োজনীয়
কথাবোৰ পঢ়ি বা আন কাৰোবাৰ পৰা জানি বুজি ল’ লে নাটকখনৰ প্ৰতি আগ্ৰহ জন্মে আৰু পুনৰ বাৰ চোৱাৰ
দুৰ্বাৰ ইচ্ছা হয়। এইক্ষেত্ৰত নাট- সমালোচক সকলৰো এটা বিশেষ ভূমিকা থাকে। অৱশ্যে কথাটো এনেও নহয়
যে নাটকৰ ব্যতিক্ৰম বিষয়বস্তু উপলব্ধিৰ অৰ্থে এগাল পুস্তক-পুস্তিকা মেলি গৱেষণা কৰিহে আমি নাটক
চাবলৈ যাম। এনেবোৰ বিষয়ত মই দৰ্শকৰ বাবে প্ৰয়োজনীয় সম্যক জ্ঞানৰ কথাহে কৈছো। কাৰণ
পৰিচালকজনে প্ৰতিটো নাট্য মুহূৰ্তৰে দৰ্শকজনক নাটকখনৰ বিষয়টোৰে শিক্ষিত কৰি যোৱাটোও বাঞ্ছনীয়।
আপুনি যেতিয়া এখন নাটক কৰিব, লাগিলে আপুনি নাটকখনৰ পৰিচালকেই হওক
, অভিনেতাই হওক বা শব্দ, আলোক সম্পাত ইত্যাদি ইত্যাদিৰ দায়িত্বতেই থাকক, নিশ্চয়কৈ আপুনি
বিচাৰিব এদল নাট্যপ্ৰেমীৰে প্ৰেক্ষাগৃহৰ সমস্ত আসনেই নহয়, অতিৰিক্ত বহা আসনেৰে প্ৰেক্ষাগৃহৰ
চুক-কোন, কৰিডৰ পৰ্যন্ত ভৰি পৰক। প্ৰেক্ষাগৃহ ভৰ্তি দৰ্শকৰ সমুখত নাটক কৰাৰ ” মজা” প্ৰতিজন
নাট্যকৰ্মীয়ে বুজি পায়। কিন্তু এইযে লিখিলো ” নাট্যপ্ৰেমী” বোলা শব্দটো, সেই শব্দটোক লৈ মোৰ অলপ
ক’ বলগীয়া আছে। নাটক চাবলৈ গৈ নাটকখন আৰম্ভৰ আগে আগে প্ৰেক্ষাগৃহটোত চকু ফুৰোৱাৰ পাছত
মনলৈ অহা প্ৰথম ভাৱটো হ’ ল–মঞ্চস্থ হ’ বলগীয়া নাটকখন এই সকলো দৰ্শকৰ বাবে হয়নে? অবান্তৰ
প্ৰশ্ন। মুৰ্খৰ দৰে নিজকে বৌদ্ধিক আৰু সাংস্কৃতিক ভাৱে আগবঢ়া বুলি ভ্ৰম এটা পুহি ৰাখি মই এই
প্ৰশ্নৰ অৱতাৰনা কৰা নাইতো? এইমাত্ৰ মঞ্চত যি চাম সেয়াও দেখোন ভ্ৰমেই। ইল্যুশ্যন অৱ
ৰিয়েলিটি। তেন্তে নিজে বৰ জনা বোলা ভ্ৰমটোক অলপ সময় পুহি ৰাখোৱেইচোন। এৰা, সকলো নাটক সকলো
দৰ্শকৰ বাবে নহয়, কেতিয়াও নহয়। এই কথা বুজিও যেতিয়া মাত্ৰ প্ৰেক্ষাগৃহৰ সকলো আসন পূৰণৰ
চিন্তাইহে আগস্থান পায় তেতিয়া নাটকখনৰ প্ৰতি অন্যায় কৰা হয়, অন্যায় কৰা হয় নাটকখনৰ প্ৰকৃত
দৰ্শকসকলৰ প্ৰতিও। মঞ্চত মনোনিৱেশ কৰিব নোৱাৰি আন ব্যক্তিগত কথা বা নাটকখনৰ বিৰূপ
আলোচনাৰে কাষৰ দৰ্শকক আমনি কৰা লোকক হজম কৰিব লগাৰ বিৰক্তি বহু দৰ্শকৰ তিক্ত

অভিজ্ঞতা। তামোল-চানাচুৰ চোবাই, কথাৰ মহলা মাৰি উপভোগ কৰিবলৈ নাটক এসন্ধ্যাৰ আনন্দমেলা নিশ্চয়
নহয়। অথচ সমূহৰ বাবে মঞ্চৰ আঁৰকাপোৰ আঁতৰাই দিয়া পৰিবেশনা এটিত অমুক অমুকহে নাটকখন চাবলৈ
আহিব পাৰিব বুলি আমি জাননী এখনোতো আঁৰি দিব নোৱাৰো। তদুপৰি নাটক এখন উপভোগ কৰাৰ
আগমুহূৰ্তলৈকে দৰ্শকসকলেও কি মাপকাঠিৰে নিজকে নাটকখন চোৱাৰ উপযুক্ত হোৱা-নোহোৱাৰ কথা
নিৰ্ণয় কৰি ল’ ব? ঘৰলৈ অহা খবৰ কাকতখনতো দেখোন নাটকখন মঞ্চস্থ হৈ যোৱাৰ পাছতহে নাটকখন
সম্পৰ্কীয় কথা পঢ়িবলৈ পোৱা যায়। অসমৰ বিভিন্ন ঠাইত প্ৰতিমাহে মঞ্চস্থ হোৱা কিমানখন নাটকৰ খবৰ
প্ৰচাৰ মাধ্যমৰ মজিয়ালৈ আহে সেয়া অৱশ্যে অন্য বিষয়। গতিকেই চিৰিয়াছ দৰ্শক এজনে প্ৰেক্ষাগৃহত
প্ৰৱেশৰ আগমুহূৰ্তত মানসিক ভাৱে নিজকে প্ৰস্তুত কৰা উচিত — আপোচহীন, নিৰপেক্ষ, নাটকৰ প্ৰতি
শ্ৰদ্ধাশীল মনোভাৱ আৰু তেওঁৰ সমুখত মঞ্চস্থ হ’ বলগীয়া নাটকখন সম্পৰ্কীয় কিছু প্ৰাথমিক জ্ঞান
আহৰণেৰে। এই প্ৰস্তুতিয়ে দৰ্শকজনক এক পৰিছন্ন ৰসাস্বাদনৰ অভিজ্ঞতা দিবলৈ বাধ্য। নাটক সোঁশৰীৰে
উপস্থিত থাকি প্ৰত্যক্ষভাবে উপভোগ কৰিবলগীয়া পৰিৱেশ্য কলা। চলচ্চিত্ৰৰ দৰে ভাললগা দৃশ্য কেইটা
নিজৰ ঘৰত বহি উৰাই-ঘূৰাই চাই থাকিব পৰাৰ স্বাধীনতা নাটকে আমাক নিদিয়ে। চাই উঠি নাটকখনক আমি
প্ৰেক্ষাগৃহতে এৰি ভাল লগা বেয়া লগা অনুভৱ-অভিজ্ঞতাখিনিহে ঘৰলৈ লৈ আহিব পাৰো। নাটকৰ এই চৰিত্ৰই
দায়িত্বশীল দৰ্শক এজনক নাট্যসন্ধ্যাটিৰ বাবে বিশেষভাৱে প্ৰস্তুত হোৱাৰ প্ৰয়োজনীয়তাক
সোঁৱৰায়, নহয়নে?
অলপ আগতে ” সমূহৰ বাবে মঞ্চৰ আঁৰকাপোৰ আঁতৰাই দিয়া পৰিবেশনা” কথাষাৰ উল্লেখ কৰিছো। হয়,
নাটক বন্ধকোঠাত ব্যক্তিগত সন্তুষ্টিৰ অৰ্থে নিৰ্মাণ বা ব্যৱহাৰ কৰা আমোদৰ আহিলামাত্ৰ নহয়। ই
জাতি-ধৰ্ম-বৰ্ণ-বয়স-ভাষা নিৰ্বিশেষে সকলো নাট্যপ্ৰেমীৰ বাবে, বিশ্লেষণ-সাধনা-প্ৰতিভাৰে মানুহৰ বিবেক-
মনক উজ্জীৱিত কৰিবৰ বাবে। আমাৰ ঠাইত নাট্যকৰ্মীয়ে নাটকখন দেখুওৱাৰ বিনিময়ত দৰ্শকৰ পৰা অৰ্থ-
কড়ি নাপায়। দৰ্শকৰ উপস্থিতি আৰু সন্তুষ্টিয়েই তেওঁবিলাকৰ শ্ৰমৰ স্বীকৃতি। এনে পৰিস্থিতিত এটি
নাট্যপ্ৰযোজনাৰ বাবে যোগ্য দৰ্শক আটাইতকৈ মূল্যবান কথা। এনে দৰ্শক আৰু নিৰ্মোহ- নিৰপেক্ষ
সমালোচকে নাটকৰ ইতিহাসক, তথ্য আৰু ৰসক যুগ যুগলৈ শুদ্ধ ৰূপত কঢ়িয়াই নি থাকে। নি: সন্দেহে দৰ্শকৰ
সৈতে মুখামুখিত শিল্পীৰ উত্তেজনা আৰু দায়বদ্ধতাই হাত ধৰাধৰিকৈ আগবাঢ়ে। একেখিনি কথা দৰ্শকৰ
ক্ষেত্ৰতো খাটে। নাট্যকৰ্মীয়ে ” মঞ্চ-প্ৰিজমে” ৰে প্ৰতিসৰিত কৰা সাতোৰঙী পোহৰত আমাৰ হৃদয়
উদ্ভাসিত হয়। দান অথবা গ্ৰহণৰ পূৰ্বে সকলোবোৰ যুকিয়াই লোৱাটো, সাথন লগাই লোৱাটো জানো আমাৰ
অৱশ্য পালনীয় কৰ্তব্য নহয়!
(বি: দ্ৰ: পোহৰ বিজ্ঞানৰ পৰীক্ষা কৰাৰ আগমুহূৰ্তত মহান বিজ্ঞানী চাৰ আইজাক নিউটনে খিৰিকিৰে
আকাশলৈ চাই, জপৰা চুলি আঙুলিৰে সাথন লগাইহে চিন্তাখিনি যুকিয়াই লৈছিল –সেইখিনি মোৰ
কল্পনাহে। নাটকৰ লেখা এটা প্ৰস্তুত কৰোঁতে অলপ নাটকীয়তা লেখকৰ আনন্দময় স্বাধীনতা। )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক