আইতাৰ আঙুলি – জুৰী গোস্বামী

বোৱাৰী পূৱাতে হাতেৰে জুহালৰ বুকু খুচৰি
চোঁচা মাৰি লৈ আহে
এমুঠি ফুটছাই,
বৰ্তমানটো অতীত হোৱাৰ
জীৱন্ত ছবি আমাৰ জুহালখন লিৰিকি চায় ৷
ৰাতিৰ ৰাতিটো
নুমাওঁ নুমাওঁকৈ
জ্বলি থকা অঙঠাত লাগি
আঙুলিৰ আগটো চেৰেককৈ গ’লেই
মনত পৰে
ছাঁই হৈ শুই থকা
ককাহঁতৰ খংবোৰলৈ ৷
গালখন হাতলৈ গ’লে
বয়সৰ ৰেখাবোৰ
নজনাকৈ ক’লা হয়
গাভৰুতে গুলপীয়া গাল এতিয়াৰ মকৰাজাল,
আইতা মানেই
জীৱনৰ সন্ধিয়াৰ
কাণিমুনিপৰ ,
পাৰ যদি কোনোবাই
নদীত ছাঁটো খেদি
বেলিটো ধৰ ৷
জীৱনৰ আধাপোৰা অধৰাৰে
খুচৰি
ফু চুঙাৰে ফুৱাই চাই
জুহাল
কিজানিবা আছেই
আকৌ এটা কেঁচুৱা সপোনে তিৰবিৰাই ৷

সৰুপো ষাঠি বছৰীয়া হ’লেও আইতা ন-ছোৱালী
কাৰণ
সময়ৰ হিচাপত
জাকতকৈ
তামোলৰ জোখেৰে
দু অঁৰা বছৰৰ পিছৰ৷
বটাখন ধোঁৱাবৰণীয়া হয়
ক’লা বৰণীয়া চূণৰ টেমীটোত
কৰাল মাৰে,
ল’ৰালৈ বাট চোৱা
নাতিলৈ বাট চোৱা
ভাতলৈ বাট চোৱা
মাতলৈ বাটচোৱা,
আৰু উশাহলৈ বাট চোৱাৰ হাজাৰটা হুমুনিয়াহ৷

সোঁহাতৰ আঙুলিৰ নখবোৰ মৰা চুৱা গুচাই গুচাই ৰং নোহোৱা হয় ৷
কেতিয়াবা ক’লা হয়
কেতিয়াবা ৰঙা হয়
নহলে কেঁহেৰাজ বৰণ লয়৷
খুন্দনা খুচৰি বিচাৰি ফুৰে এফাঁকি ঘোষা ,
কৃষ্ণ এক দেৱ দুখ হাৰি ….
দুপৰীয়াৰ সাজলৈ খুতুৰা মাটিকাঁদুৰীৰে
খৰাহি ভৰাই বুটলি আনোতেই
আইতা এটা সেউজীয়া কবিতা৷

আইতাৰ আঙুলিটো বাটলৈ টোঁৱালে মিটিৰ চাপে,
আঙুলিটো বুকুলৈ টোঁৱালে
বুকুৰ টোকনি পুখুৰীটোত এৰি অহা দৰিকণা সপোনবোৰে জঁপিয়াই উঠে ৷
আইতাৰ কোটৰত সোমোৱা চকু কেইটাই জলমলাই উঠে ৷
আইতা আঁঠুমূৰীয়া
হাত দুখন খোজৰ ছন্দ মিলাই
পিঠিৰ ফালে দুলি সিঁচি ফুৰে
ষোষাৰে ছন্দ
দুলৰি লেচাৰি জুনা৷
চাদৰৰ আঁচলত গাঠি মাৰি বান্ধি থয় মনুবাদৰ নিঃসাৰ কথকতা,
আইতা কেতিয়াবাৰ কনকলতা,
লাঠিৰে কোবাই কঁকাল ভাঙিব পৰা সাহসী মানুহৰ
অলিখিত বুৰঞ্জী
একোগৰাকী আইতা৷
সাউতকৈ হাতখন পখালি
মোহাৰি আনে ক’লে পিঠাগুৰিৰে গাখীৰ দি সনা
অমৃত লাড়ুটো ৷
সেই অমৃতৰে মৃত্যু হ’ল,
কেইবা বছৰো টং কৰি আছো
আইতাজনী লাহে লাহে নোহোৱা হ’ল ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক