আইতাৰ চোতালৰ দুটি মৌমিঠা সাধু – মৌচুুমী বৰি

(১)

মেকুৰী আৰু নিগনিৰ সাধু

 

এদিন এজনী মেকুৰীয়ে মানুহ এঘৰত গাখীৰ চুৰ কৰি খাই থাকোঁতে গৃহস্থই তাইলৈ বুলি টাঙোন এডাল দলিয়াই পঠালে৷টাঙোন ডাল আহি তাইৰ ঠেঙ এটাত বেয়াকৈ লাগিল৷লেকেচিয়াই লেকেচিয়াই ঘূৰি ফুৰোঁতে এদিন এজনী নিগনি লগ পালে তাই ৷নিগনিজনীয়ে তাইৰ অৱস্থা দেখি তাইক তাইৰ ঘৰলৈ লৈ গৈ আঘাতপ্ৰাপ্ত ঠেঙটো দৰৱ লগাই বেণ্ডেজ কৰি দিলে আৰু ঠেঙটো ভাল নোহোৱালৈকে মেকুৰীজনীক শুশ্ৰুষা কৰি থাকিল৷মেকুৰীজনীয়ে নিগনিজনীৰ শুশ্ৰুষাত মুগ্ধ হ’ল আৰু চিৰজীৱনৰ বাবে বন্ধুত্বৰ প্ৰস্তাৱ আগবঢ়ালে৷এনেকৈ দুয়োজনীয়ে একেলগে থাকিবলৈ ল’লে  আৰু চিকাৰ কৰিবলৈও একেলগে যাবলৈ ধৰিলে৷ এদিন দুয়োজনীৰে দুটাকৈ পোৱালী জগিল৷মেকুৰীজনীয়ে তাইৰ পোৱালী দুটাক ভালকৈ খোৱাই-বোৱাই ডাঙৰ কৰিবৰ নিমিত্তে দূৰ জেগা এটুকুৰালৈ যাবলৈ সিদ্ধান্ত ল’লে কাৰণ তাই খোৱা-বোৱাত অলপ অসুবিধাত পৰা যেন হৈছিল৷নিগনীজনীয়ে অনিচ্ছাসত্বেও পোৱালী দুটাৰ কথা ভাবি মনৰ দুখেৰে মেকুৰী পৰিয়ালটোক বিদায় দিলে৷মেকুৰী পৰিয়ালটো দূৰলৈ গ’ল যদিও নিগনীজনীয়ে সময় পালেই সিহঁতৰ খবৰ লৈ আহে তেনেকৈ মেকুৰীজনীয়েও সিহঁতৰ খবৰ ল’বলৈ যায়৷এনেকৈ মৰম-চেনেহৰ মাজেৰে সিহঁত চলি থাকিল৷

এদিন এটা ক’লা মেকুৰীৰ নিগনী আৰু মেকুৰীৰ বন্ধুত্বত চকু পৰিল৷সি মেকুৰীজনীক নিগনীজনীৰ বিৰুদ্ধে নানা ধৰণৰ কথা শুনাবলৈ ধৰিলে৷সি ক’লে যে – “মেকুৰীৰ নিগনিৰ লগত সম্পৰ্কমানেই গোটেই মেকুৰী জাতিটোক অপমান কৰা বুজায়৷”ক’লা মেকুৰীটোৰ কথা শুনি শুনি মেকুৰীজনীৰ মতিভ্ৰম হ’ল৷নিগনীজনীৰ প্ৰতি বেয়া বেয়া চিন্তা আহিবলৈ ধৰিলে৷ ইফালে নিগনীজনীকো নিগনি এটাই মেকুৰীজনীৰ বিৰুদ্ধে কিবা কিবি কবলৈ ধৰিলে৷নিগনীটোৱে ক’লে যে – “মেকুৰী জাতিটোৱেই একমাত্ৰ প্ৰাণী যাক কেতিয়াও বিশ্বাস কৰিব নোৱাৰি৷” নিগনিজনীয়ে নিগনিটোৰ কথা শুনিল যদিও নিজৰ বিশ্বাসত অলৰ অচৰ হৈ থাকিল৷মেকুৰী বান্ধৱীৰ প্ৰতি বিশ্বাস নেহেৰুৱালে তাই৷

এদিন মেকুৰীজনীয়ে নিগনীজনীৰ পোৱালী দুটাক ফুচুলাই মেলি চল কৰি লৈ গ’ল আৰু নিজৰ পোৱালী দুটাক ক’লে নিগনিদুটাক খাই পেলাবৰ বাবে৷ইফালে নিগনিজনীয়ে নিজৰ পোৱালীদুটাক ঘৰত নাপাই গোটেইখন বিচাৰি চলাথ কৰিলে কিন্তু ক’তো বিচাৰি নেপালে৷শেষত তাই মেকুৰীজনীৰ ওচৰলৈ গৈ কান্দিবলৈ ধৰিলে৷মেকুৰীজনীয়ে পোৱালী দুটা ক’ৰবাত নিশ্চয় আছে বুলি মিছা সান্ত্বনা দিলে৷কিন্তু হঠাতে মেকুৰী পোৱালী দুটাই নিগনি পোৱালী দুটাক মাকৰ সমূখলৈ লৈ আহিল৷মেকুৰী পোৱালী দুটাই ক’লে—“আমি সৰুৰে পৰা একেলগে ডাঙৰ হৈছোঁ৷মায়ে আমাক দুয়োটাকে খাই পেলাবলৈ কৈছিল কিন্তু আমি নাখালোঁ৷সৌ গুহাটোৰ ভিতৰত একেলগে খেলি আছিলোঁ৷” পোৱালী দুটাৰ কথা শুনি মেকুৰীজনীয়ে লাজত তলমূৰ কৰিলে আৰু কান্দিবলৈ ধৰিলে৷মেকুৰীজনীয়ে কান্দি কান্দি নিগনিজনীক ক’লে –“মই আনৰ কথা শুনি তোমাক বেয়া পাবলৈ আৰম্ভ কৰিছিলোঁ কিন্তু মোৰ পোৱালী দুটাই আজি মোৰ চকু মুকলি কৰিলে৷” নিগনিজনীয়ে মেকুৰীজনীৰ কথা শুনি ক’লে –“মইও আনৰ পৰা তোমাৰ বিৰুদ্ধে বেয়াকৈ শুনিছিলোঁ কিন্তু তোমাৰ প্ৰতি মোৰ বিশ্বাস কেতিয়াও কমা নাছিল৷”শেষত মেকুৰীজনীয়ে নিগনিজনীৰ ওচৰত ক্ষমা খুজিলে আৰু দুয়ো আজীৱন বন্ধু হৈ থাকিল৷

 

(২) “মগজ নাইকীয়া গাধ”

এটা সিংহ আছিল৷ বয়স হৈ অহাত সি চিকাৰ কৰিবলৈ যাব নোৱাৰা হ’ল৷ ইফালে কেইবাদিনো খাবলৈ নাপাই ভোকত চাটিফুটি কৰিবলৈ ধৰিলে সিংহটোৱে৷ তেনেতে সি শিয়াল এটা দেখা পাই শিয়ালটোক চিঞৰি মাতিলে৷ শিয়ালটো সিংহটোৰ ওচৰলৈ দৌৰি আহিল আৰু ক’লে–” কওক মহাৰাজ, আপোনাৰ বাবে কি কৰিব পাৰোঁ?” সিংহই ক’লে– “তই মোৰ বাবে চিকাৰ লৈ আহ, মই ভোকত থাকিব পৰা নাই৷” সিংহৰ কথা মতে শিয়ালটোৱে চিকাৰ বিচাৰি ওলাল৷ ৰাষ্টাত এটা গাধ’ লগ পালে শিয়ালটোৱে৷ শিয়ালটোৱে গাধক সুধিলে –” বন্ধু, কি কৰি আছা?” গাধই ক’লে যে মালিকে ইমানেই কামত লগাই যে সি পলাই আহি হাবিত জিৰণী লৈ আছে৷ শিয়ালটোৱে চল কৰি ক’লে –” ব’লা, সিংহ মহাৰাজৰ ওচৰলৈ যাওঁ৷ মই ইতিমধ্যে মন্ত্ৰী পদ পাইছোঁ,তোমাক সেনাপতি পদটো দি দিব পাৰে৷তেতিয়া তুমি আৰু মালিকৰ অধীনত থাকিব নালাগে৷” গাধই সিংহই তাক খাই পেলাব বুলি যাবলৈ অস্বীকাৰ কৰিলে৷ কিন্তু শিয়ালে ইমানেই মিঠা মিঠা কথা ক’লে যে গাধ শিয়ালৰ কথাত ভোল গ’ল আৰু সিংহৰ ওচৰলৈ যাবলৈ ৰাজী হ’ল৷ যেতিয়া গাধই শিয়ালটোৰ স’তে গৈ সিংহৰ ওচৰ পালেগৈ সিংহই লোভত থাকিব নোৱাৰি গাধৰ ওপৰত জপিয়াই পৰিল৷ পিছে গাধই কোনোমতে পলাই সাৰিবলৈ সক্ষম হ’ল৷ গাধটো পলাই যোৱাত সিংহই নিজৰ ভুল স্বীকাৰ কৰি শিয়ালক পুনৰ গাধটো ঘূৰাই আনিবলৈ খাটনি ধৰিলে৷ শিয়াল গাধক বিচাৰি পুনৰ ওলাল আৰু গৈ গৈ গাধক আকৌ লগ পালে৷ শিয়ালটোৱে মিঠা মাতেৰে পুনৰ গাধক ক’লে –” বন্ধু,কিয় পলালা? সিংহ মহাৰাজে তোমাক মৰমতে সাৱটি ধৰিবহে বিচাৰিছিল৷ তোমাক মাতিছে,ব’লা৷ ” শিয়ালৰ মিঠা কথাত ভোল গৈ গাধ পুনৰ সিংহৰ ওচৰলৈ যাব ওলাল৷ যেতিয়া সিহঁত সিংহৰ ওচৰ পালেগৈ সিংহই চল কৰি গাধটোক আক্ৰমণ কৰি মাৰি পেলালে আৰু খাবলৈ বহিল৷ তেনেতে শিয়ালটোৱে সিংহটোক ক’লে –” মহাৰাজ, আপুনি বহুদিন গা ধোৱা নাই৷ গা টো ধুই আহিহে খাবলৈ বহক, মনটো ভাল লাগিব৷” সিংহইও শিয়ালটোৰ কথামতে গা ধুবলৈ গ’ল৷ সেই সুযোগতে শিয়ালে গাধটোৰ মগজটো খাই পেলালে৷ ইফালে সিংহইও গা ধুই আহি খাবলৈ বহি প্ৰথমে গাধৰ মগজটো খাবলৈ বিচাৰিলে কিন্তু মগজটো নেদেখি গৰজি উঠিল আৰু শিয়ালক সুধিলে –” তই ইয়াৰ মগজটো খাই পেলালি নেকি?” শিয়ালে ক’লে–” আপুনি নোখোৱাকৈ মই কিয় আগতে খাম? আপুনি নাজানে নেকি গাধৰ মগজ নাই বুলি? “শিয়ালৰ কথা শুনি সিংহই ভাবিলে সঁচাকৈ গাধৰ মগজ নাই চাগৈ৷ তাকে ভাবি ভাবি সিংহই গাধটো খাবলৈ বহিল৷

(সংগ্ৰহ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক