আইতা: স্নেহবন্ধনৰ অন্য এক নাম — কমলেন্দ্ৰ শৰ্মা

মাক আৰু দেউতাকৰ পিছতে বোধহয় সকলোৰে আটাইতকৈ আপোনজন হ’ল ককা আৰু আইতা৷ মায়া মমতাৰে আৱৰি ৰখাত আইতাকৰ স্থান হয়তো সকলোৰে ওপৰত৷ আইতাকে নাতিয়েকৰ কেতিয়াও দোষ নেদেখে৷ মোৰো সৰুতে আইতাৰ সান্নিধ্য পোৱাৰ কিছু সৌভাগ্য হৈছিল৷ ৰিণিকি ৰিণিকি মনত পৰে, আইতাই সাধু কোৱা কথাবোৰ৷ গৰমৰ দিনত খাওঁতে শুওঁতে, পঢ়ি থাকোঁতে আইতাই বিছনিৰে বিছি আছিল৷ মায়ে কিবা কথাত খং কৰিলে ভয়তে আইতাৰ কোলাত আশ্ৰয় লৈছিলোঁ৷ দোষ মোৰ হলেও আইতাই কিন্তু মাকহে গালি পাৰিছিল৷ সন্ধিয়া নামঘৰলৈ গ’লে আইতাই অনা মাহ প্ৰসাদৰ কাৰণে ৰৈ আছিলোঁ৷ নিজে নাখায়ো আমাৰ কাৰণে লৈ আহিছিল৷ মোৰ বোধেৰে বহুতৰে এনেদৰে আইতাৰ উমাল সান্নিধ্য লাভ কৰাৰ সৌভাগ্য হৈছিল৷
মোৰ আইতা ঢুকোৱাৰ তিনি দশক হৈ গ’ল যদিও এতিয়াও আইতাৰ লগত কটোৱা মধুৰ মুহূৰ্তবোৰ মনত পৰে৷ এতিয়া মোৰ শাহু মাক আমাৰ কণমানি ল’ৰাজনে ওচৰত পাইছে৷ শাহুমা বিভিন্ন অসুখত ভোগি আছে৷ পুৱাৰ পৰা ৰাতিলৈকে প্ৰায় দহটামান টেবলেট আৰু বটলৰ ঔষধ খাব লাগে৷ আন কথাত ক’বলৈ গ’লে একমাত্ৰ ঔষধৰ জোৰতহে তেখেতে কথমপি চলি আছে৷ দিনটোত তেখেতে কেইবাবাৰো যমৰ ঘৰলৈ নিবলৈ ভগৱানক খাটনি ধৰে৷ কিন্তু এতিয়া নাতিয়েকক ওচৰত পাই তেখেতে এনে এক অনাবিল সুখ অনুভৱ কৰিছে যে, নাতিয়েকৰ লগত হাঁহি ধেমালি কৰি থাকোঁতে ঔষধেই খাবলৈ পাহৰি যায়, তথাপিও কিন্তু অসুস্থ অনুভৱ নকৰে৷ এতিয়া যমৰো খবৰ নলয়, মানে নাতিয়েকক এৰি মৰিবলৈ ইচ্ছা নকৰে৷ আমাৰ ল’ৰাইয়ো আইতাকৰ লগত উমলি থাকে৷ প্ৰতি মুহূৰ্ততে আইতা আইতা কৰি থকা ল’ৰাই আইতাকক শুবলৈও নিদিয়ে৷ আইতা আৰু নাতিল’ৰাৰ উমলি থকা মুহূৰ্তবোৰ আমিও সদায় উপভোগ কৰো৷ অনুভৱ কৰিবলৈ চেষ্টা কৰো নিভাঁজ মৰম স্নেহৰ এখন সঁচা ছবি৷
কেইমাহমানৰ আগতে শাহুমাৰ চকু অপাৰেচন কৰা হৈছিল শংকৰদেৱ নেত্ৰালয়ত৷ প্ৰথম দিনা হস্পিতাললৈ যাওঁতে নাতিয়েকে আইতাকক যাবলৈ নিদিয়ে আৰু আইতাকেও এৰি যাব নোখোজে৷ অপাৰেচন কৰোৱাৰ দিনাখন আইতাকে নাতিয়েকক এৰি যাবই নোখোজে৷ কিবাকৈ বুজাই মেলিহে নিব লগা হৈছিল৷ চকু অপাৰেচনত যিহেতু মৃত্যুভয় নাথাকে, সেইটো বাৰে বাৰে শাহুমাক বুজোৱা হৈছিল যদিও তেখেতৰ চকুপানী ওলাইছিল৷ এপ্ৰ’ন পিন্ধাই হুইল চেয়াৰত বহাই লৈ শাহুমাক যেতিয়া অপাৰেচন থিয়েটাৰৰ ফালে লৈ গৈছিল, তেখেতে কান্দিছিল আৰু মোৰ হাতত ধৰি কৈছিল –“ এই বয়সত অপাৰেচন কৰোঁতে মোৰ যদি কিবা এটা হৈ যায়, বাবুই মনত বৰ আঘাত পাব, মোৰ অবিহনে সি কেনেকৈ থাকিব, তাক এবাৰ চাই যাব পৰা হ’লে! “ যিগৰাকী মানুহে দিনটোত কেইবাবাৰো ভগৱানক খাতিছিল মাৰি নিবৰ বাবে, সেই আশী বছৰীয়া বৃদ্ধা গৰাকীয়ে এতিয়া নাতিয়েকে মনত দুখ পোৱাৰ ভয়তে মৰিব নোখোজে৷ তেখেতৰ লগে লগে মোৰো চকুযুৰি সেমেকি উঠিছিল৷ মোৰো মনত পৰিছিল আইতাৰ লগত থকা স্নেহবন্ধনৰ সেই দিনবোৰৰ কথা৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments