আইনষ্টাইনৰ চুলি আৰু চানী : অপূৰ্ব কলিতা

ৰাতিপুৱাই উঠিয়েই এই জহনীডালৰ মাতটোহে শুনিবলৈ পাব লাগে নে? শিৱৰাত্ৰিৰ বন্ধটোত দিনটো শুম বুলিয়েই ভাবিছিলিঁ, কিন্তু এই জহনী জ্যোতিদালে ৰাতিপুৱা ১০ বজাতেই ফোন কৰি জগাই দিলে। ধুৰৰৰৰ…….. হেল্ল’ অ অ অ….
:অ’ই নবীন , মই কৈছোঁ, জ্যোতি , মই গুৱাহাটী আহি পালোঁ আজি, মই গৈ আছোঁ তোৰ তালৈ, ঠিকছে আড্ডা পিটিম দেই …হম্বব্লব্ল .. হম্বব্লব্ল …হম্বব্লব্ল…….

বাপ্‌ৰে ইমান কথা কব পাৰে মানুহে, মই আৰু কি ক’ম? উ আ কৈয়েই ফোনটো সামৰিলোঁ। হাতত ব্ৰাছডাল লৈ বাতৰিকাকতখন পঢ়িবলৈ লৈছোঁহে, সিফালৰ পৰা মই কৰা জীৱনৰ মাৰাত্মক ভুলজনীয়ে কালজিভা লৰাই লৰাই ক’বলৈ ধৰিলে–“বন্ধ হ’ল বুলিয়েই ইমান দেৰিলৈকে শুব লাগে নে? শুই বহি কটাই কটাই সেই টেকেলিটোহে উলিয়াব পাৰিলে। সেই বন্দনাৰ হাবিখন দেখা নাই? মুখখন কেডাৰ খানৰ দৰে হলে কি হ’ল, বডিটো এতিয়াও ডেনি ডেনঝোংপাৰ দৰে হৈ আছে। আজি শিৱৰাত্ৰিৰ বাবে কালিয়েই মই ফলমূল আদি আনিবলৈ কৈছিলোঁ যে মনত নাই? গাখীৰ এতিয়া ক’ত পাব? নাৰিকল এটা চেলাবলৈ ক’বলৈ ভৰিত ধৰিব লাগিব নেকি? এইবোৰ কাম কৰিব নোৱাৰে যদি ঘৰত কামকৰা মানুহ এটাকে ৰাখক, তাক দৰমহা দিবলৈ টকা নুজোৰে যদি ময়েই চাকৰি কৰোঁ…..হম্বব্লব্ল .. হম্বব্লব্ল …হম্বব্লব্ল …….”

নাগাৰা নামৰ বৰতাল দুখন বজাই কাণৰ কাষত লগাই দিলে যেনে লাগে, দিনটোৰ শুভাৰম্ভও মোৰ তেনেই হ’ল। ৰৈ নাথাকি লাহে লাহে ৰাতিপুৱাৰ কামবোৰ কৰিবলৈ ধৰিলোঁ। কিবা এটা খাবলৈ গৈ গম পালোঁ আজি ঘৰত ভাত বন্ধ, মানে তেওঁ নাখায় সেয়ে নিজেই আজি সঞ্জীৱ কাপুৰ হ’ব লাগিব। ঘৰৰ পাৰ্মানেণ্ট ভগৱানজনক ভোকত ৰাখি সমূহীয়া ভগৱানজনাক আজি গাখীৰেৰে গা ধুৱাই ধুৱাই খুওৱা দিন। নিজেই একাপ চাহ কৰি খাই লৈ প্ৰথমে নাৰিকল এটাৰ বাকলি গুছালোঁ। সৰু সৰুকৈ কাটি থৈ বাইকখন লৈ বজাৰলৈ গ’লোঁ। পূজাৰ লাগতীয়াল বস্তুবোৰ কিনি গধূলিৰ বাবে জ্যোতিৰ লগত বহিবলৈ দীঘল কাহৰ দৰৱ এটাও ল’লোঁ।

সেইজনী মন্দিৰলৈ যোৱাৰ পাছত দুপৰীয়া ভোকত ৰব নোৱাৰি নিজেই খিচিৰি ৰন্ধাত লাগি গ’লোঁ। ৰান্ধি থাকোঁতে হঠাৎ বাৰে প্ৰতি মনটো গধূলিৰ বাবে অনা সেই বিশেষ বটলটোলৈ গৈ থাকিল। যিমানেই সময় গৈছে মোৰ লোভটোও সিমানেই বাঢ়ি গৈ আছে। শেষত মনটোক বুজালোঁ, বাচা মাত্ৰ দুই পেগ দেই, তাতকে বেছি নহয়। গ্লাছত ৰঙা চৰ্বত একগিলাচ দুই গিলাচকৈ ৫ গ্লাছ মান গ’ল। খিচিৰিক ঠাণ্ডা হ’বলৈ দি মই অলপ সময় বিচনাতে পৰিলোঁ।

টিং টং…….টিং টং…..টিং টং …..কলিংবেলৰ শব্দত হঠাৎ সাৰ পাই দৌৰ মাৰি দৰ্জা খুলি দেখো জ্যোতি।
: আৰে দোষ্টি , গধূলিলৈ ৰ’ব নোৱাৰিলোঁ, এতিয়াই আহি গলোঁ। বৌজনী কত ?
: নাই মন্দিৰলৈ গৈছে। আহিব ৰহ। খবৰ চবৰ কচোন, কেনে? বিয়া কেতিয়া পাতিবি?
: আৰে দোষ্টি, একদম টিপটপ। বিয়া আৰু কিবা পতা বস্তু নে? ধুৰৰৰৰৰৰ….. কি কামোৰ এইচব। মই এইবোৰৰ পাল্লাত নুসুমাওঁ দেই।
: হমমমম…. ৰহ খিচিৰি খাবি নেকি?
: নাখাওঁ নাখাওঁ, মই এতিয়া বেছি দেৰি কৰিব নোৱাৰোঁ, ৰাতিলৈ আহিম। আজি শিৱপূজা নহয়, ভাবিলোঁ তোৰ লগত পুৰীয়া দুটামান খাই লওঁ এতিয়াই, সেয়ে এতিয়া আহিলোঁ। চা মই চিগাৰেট তৈয়াৰ কৰিয়েই আনিছোঁ।
: এহ মোৰ এইটো খাবলৈ ভয় লাগে। তোৰ লগত খাম বুলি বটল আনি থৈছোঁ। সেইটোকেই খোৱা ভাল হ’ব।
: এহ আজি আৰু সেইটো খাবি নে? বতৰৰ ফল বতৰত সদায় খাব লাগে। ব’ল এতিয়া চাদৰ ওপৰত। জুইশলাটো লৈ আন।

এনেয়ো কাহৰ দৰৱে ভালকৈয়েই মোক কাবু কৰি থৈছে, তথাপি তাৰ কথা ৰাখিবলৈ গ’লোঁ ওপৰলৈ। এটা এটা কৈ ৪ দাল ভাঙৰ চিগাৰেট সমানকৈ খটম আমাৰ। মূৰটো পাতল পাতল লগাত মূৰৰ ওপৰত চুলিখিনি আছে নে নাই এবাৰ খেপিয়াই চালোঁ। লাহে লাহে মোৰ মূৰটো গধুৰ হৈ আহিল। জ্যোতিক ক’লোঁ, তললৈ যাওঁ আহ। জ্যোতিয়ে কলে- দোষ্টি মই এতিয়া গৈ থাকোঁ, জৰুৰী কাম দুটামান আছে। ৰাতিকৈ আহি বটলটো শেষ কৰিম দে। মই ভালেই পালোঁ, অলপ শুব পাৰিম। জ্যোতিক বিদায় দি বিচনাখনত বাগৰি পৰিলোঁ।

টিং টং…….টিং টং…..টিং টং …..কলিংবেলৰ শব্দত হঠাৎ সাৰ পাই দৌৰ মাৰি দৰ্জা খুলি দেখোঁ সন্মুখত চানী লিয়ন। হাৰে কি আচৰিত, কালি অফিচত বহি তাইৰ ফটোবোৰ চাই আছিলোঁহে, আজি মোৰ একদম সন্মুখত। মোৰ ভাগ্য ভাল হৈ আহিছে চাগে। চানীয়েও মোক সাৱটি ধৰি কাণে কাণে কিবা ক’লে, কিন্তু মই ভালকৈ বুজি নাপালোঁ। বেলেগ ভাষাত কৈছে হ’বলা ! অসমীয়ানো বেচেৰীয়ে কেনেকৈ গম পাব? চোফাত বহিব দি চানীৰ লগত বহুত কথা পাতিলোঁ। ক’ত আমাৰ এওঁ, ক’ত চানী, তুলনায়ে নহয়। মনত এটা তথাপিও ভয় ভাব এটা সোমাই আছিল আমাৰ এওঁলৈ, তেওঁ যদি আহি পায় আৰু আমাক তেনেকৈ দেখে !!!!

টিং টং…….টিং টং…..টিং টং
চেহ আমাৰ এওঁ আহি পালেয়েই নেকি? দৰ্জা খুলি দেখো মোৰ সন্মুখত আইনষ্টাইন ঠিয় হৈ আছে। মই অবাক্টেদ।
: কি চাই আছা হে? গুচা; বহিবলৈ দিয়া। বৰ গৰম বাহিৰত।

আইনষ্টাইন চোফাত বহি পৰিল, ঠিক চানীৰ কাষতেই। মোৰ অলপ খঙো উঠিল গাত গা লগাই বহা বাবে। মই নিজেই চানীৰ লগত আইনষ্টাইনক চিনাকি কৰাই দিলোঁ, চানীক মোৰ পুৰণা বান্ধৱী হিচাপে। কিন্তু ই বেটাই ইফালে সিফালে কি চাই আছে?

: ক’ত চানী দেখিলাহে? কোন চানী ?
: আপুনি অন্ধ নেকি? কাষত সেয়া কোন বহি আছে দেখা নাই ?
: কোনো নাই দেখোন পাগল নেকি হে তুমি? কিবা এটা গোন্ধও পাইছো? কিবা খালা নেকি?
: কুকুৰ, ধেমালি কৰিবলৈ আহিছ? চিনি পোৱা নাই? তোৰ চুলি উঘালি পেলাম, গম পাবি।
: হৈছে কি হে তোমাৰ? ইহ এনে মোৰ চুলি উঘলা মতাটো ওলাইছে!

খঙে মোৰ মূৰৰ আগ পালেগৈ। আইনষ্টাইনৰ বুকুৰ ওপৰত বহি তাৰ চুলি টানি টানি উঘালি আছোঁ, আজি বাপ্পেকে ইয়াৰ মগজু বাইপাচ চাৰ্জাৰী কৰিহে এৰিম। চিনি পোৱা নাই মোক!
আইনষ্টাইনৰ আৰ্তনাদলৈ কেৰেপ কৰা নাই মই, তাক পিছমুৱাকৈ চুলিত ধৰি ঘোঁৰা চেকুৰাই আছোঁ। তাৰ কান্দোনকো খাটিৰ নকৰো আজি। চানী মাই লাভক চিনি নাপাওঁ বুলি ক’বলৈ কোন ই।

হঠাৎ কৰপৰা জানো ঘৰৰ ভিতৰত বৰষুণ পৰিল, গোটেই গাটোৱেই তিতি গ’ল। মুখৰ পৰা পানীখিনি হাতেৰে মচি সন্মুখত দেখিলোঁ জ্যোতি দেখোন আকৌ! ক’ৰ পৰা আহিল আকৌ ই? ৰাতিহে অহাৰ কথা আছিল?
: দোষ্টি, কি কৰি আছ ঔ এইবোৰ? ঘৰতে গৈ মনত পৰিল ম’বাইলটো ইয়াতে এৰি থৈ গলোঁ। সেয়ে ৰাতিলৈ অপেক্ষা নকৰি আহিয়েই গ’লোঁ। অহাৰ বাবে ভালেই হ’ল, নহলে তই আজি হত্যাকাৰী হৈ গ’লিহেঁতেন। বৌক এৰি দে। কি কৰিলি, কি কৰিলি বেচেৰীজনীক!!

তাৰ কথা শুনি তললৈ চাই দেখোঁ, আমাৰ এওঁৰ ওপৰত মই বহি আছোঁ। বেচেৰীজনীৰ চুলিখিনি কি হ’ল? মাজে মাজে আধা আধি নাই দেখোন? কান্দি কান্দি তাই লেবেজান হৈ পৰি আছে। আইনষ্টাইন ক’লৈ গ’ল? চানীও নাই দেখোন?

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
KAJURI
8 years ago

HAHAHAHAHAH Val lagil.

KAJURI
8 years ago

Great.. hahahahah

Anonymous
8 years ago

ভাল লাগিল।