আইনষ্টাইনৰ জীৱনাদৰ্শ – সঞ্জীৱ মজুমদাৰ

“আপুনি যদি অতি উত্তপ্ত জ্বলন্ত চৌকা এটাৰ ওচৰত এক মিনিট সময় অতিবাহিত কৰে, আপোনাৰ এই এক মিনিট সময় এঘণ্টা যেন লাগিব৷ আনহাতে আপুনি এঘণ্টা সময় যদি এগৰাকী অপৰূপা যুৱতীৰ সৈতে কটায়, আপোনাৰ এই এঘণ্টা সময় এক মিনিট যেন লাগিব, এইয়াই আপেক্ষিকতাবাদ৷”
এই কথাষাৰ স্বয়ং আইনষ্টাইনে অতি সৰসভাৱে এবাৰ আপেক্ষিকতাবাদৰ অৰ্থ বুজাবলৈ কৈছিল৷ এলবাৰ্ট আইনষ্টাইন আছিল আপেক্ষিকতাবাদ (Theory of Relativity) আৰু মাত্ৰা যান্ত্ৰিকীৰ (Quantum Mechanics) আদিৰ সৈতে জড়িত, এগৰাকী বিশ্ববিশ্ৰুত পদাৰ্থবিজ্ঞানী৷
“আমি সকলোৱে ভাৰতীয় সভ্যতাৰ ওচৰত ঋণী, তেওঁলোকৰ পৰাই আমি গণণা কৰিবলৈ গণিত শিকিছোঁ আৰু গণিতৰ অবিহনে কোনো বৈজ্ঞানিক আৱিষ্কাৰ সম্ভৱ নহয়৷”
এইষাৰো বিংশ শতিকাৰ জনপ্ৰিয় তথা সৰ্বকালৰ শ্ৰেষ্ঠ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰে উক্তি৷
বিজ্ঞানৰ ছাত্ৰ হৈও তেওঁ একাধাৰে এগৰাকী মানৱতাবাদী, দাৰ্শনিক আৰু ৰসবোধ সম্পন্ন ব্যক্তি আছিল৷ সৰুৰে পৰা স্বল্পভাষী এই গৰাকী মহান বিজ্ঞানীয়ে শৈশৱ কালত প্ৰায় চাৰি বছৰ বয়সলৈ কথা কবলৈ শিকা নাছিল৷ কথা কবলৈ শিকাৰ পিছতো তেখেতে ইমানেই কম কথা কৈছিল যে মাক দেউতাকে আইনষ্টাইনৰ মুখৰ মাত এষাৰ শুনিবলৈ অধীৰ হৈ পৰিছিল৷
কালক্ৰমত কম কথা কোৱা এই শিশুটি এদিন জীৱন দৰ্শনৰ প্ৰজ্ঞাৰে পৰিপূৰ্ণ হৈ পৰিছিল আৰু সুন্দৰ আৰু সৰল কথাৰে অগণন জ্ঞানমুগ্ধ শ্ৰোতা আৰু পাঠকক উজ্জীৱিত কৰি তুলিছিল৷
তেখেতৰ আন এষাৰ বৰ সুন্দৰ কথা…
“আপুনি যদি ছবছৰীয়া শিশু এটাক সাৱলীলভাবে, কোনো এটা বিষয়বস্তু বুজাই কব নোৱাৰে, তেতিয়াহ’লে আপোনাৰ সেই বিষয়বস্তুৰ ওপৰত থকা, অগাধ জ্ঞানৰ কোনো মূল্য নাই৷”
আৰু আক্ষৰিক অৰ্থত, তেখেতে পদাৰ্থ বিজ্ঞানৰ বহু জটিল আৰু নীৰস তত্ত্ব, সাধুকথাৰ দৰে মনোগ্ৰাহী আৰু আকৰ্ষণীয় কৰি, ছবছৰীয়া শিশু এটাক সাৱলীলভাৱে বুজোৱাৰ দৰে বুজাই থৈ গৈছে৷
এলবাৰ্ট আইনষ্টাইন, ষ্টীফেন হকিং, মাৰ্ক টোৱেইন, অস্কাৰ ৱাইল্ড আদি বিভিন্ন ক্ষেত্ৰৰ বিখ্যাত লোকসকলৰ মাজত থকা এক সামঞ্জস্য হৈছে, এওঁলোকৰ জীৱনৰ প্ৰতি থকা এক গভীৰ দৰ্শন, অসামান্য উপলব্ধি৷ আইনষ্টাইনে সাফল্যৰ শিখৰ স্পৰ্শ কৰাৰ পিছতো নিজৰ জ্ঞান আৰু গৰিমাক লৈ কেতিয়াও উচ্চবাচ্য নকৰিছিল বাবেই তেখেতে কৈছিল,
“আচলতে ম‌ই যে বৰ বুধিয়ক বা চোকা, এনেকুৱা নহয়৷ হব পাৰে ম‌ই হয়তো অইনতকৈ ’সমস্যা’বোৰৰ সৈতে অকণমান বেছি সময় কটাইছিলো৷”
জীৱন, দৰ্শন, প্ৰেম, শিক্ষা, ধৰ্ম্ম, বিজ্ঞান আদি বিষয়ৰ ওপৰত তেখেতে বহু মনোগ্ৰাহী আৰু আকৰ্ষণীয় টিপ্পণী দি থৈ গৈছেঃ
“বুদ্ধিজীৱীসকলে সমস্যা সমাধান কৰিবলৈ বিচাৰে আনহাতে প্ৰকৃত প্ৰতিভাৱান ব্যক্তিয়ে সমস্যা প্ৰতিৰোধ কৰে৷”
“মহৎ চিন্তাৰ অধিকাৰীসকলে চিৰকাল, নিম্ন চিন্তাধাৰাৰ মানুহৰ পৰা তীব্ৰ প্ৰতিৰোধৰ সন্মুখীন হৈ আহিছে৷”
“জ্ঞানতকৈ কল্পনা শক্তিৰহে প্ৰয়োজনীয়তা বহুত বেছি৷”
“প্ৰকৃতিক বৰ গভীৰভাৱে পৰ্য্যবেক্ষণ কৰক। দেখিব, বাকী সকলোবোৰ সহজ হৈ পৰিছে৷”
“ধৰ্ম্ম অবিহনে বিজ্ঞান খোৰা আৰু বিজ্ঞান অবিহনে ধৰ্ম্ম হৈছে অন্ধ৷”
“ম‌ই এজন ধৰ্ম্মপৰায়ণ নাস্তিক৷ এইটোও এটা নতুন ধৰ্ম্ম৷”
“এনেকুৱাও হব পাৰে যে কাকতালীয় সংযোগৰ আঁৰত ঈশ্বৰে ছদ্মৰূপ ধাৰণ কৰি আছে৷”
“ম‌ই সঁচাকৈয়ে এটা কথা জানিবলৈ ইচ্ছুক যে ঈশ্বৰে এই ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰাৰ সময়ত তেওঁৰ ওচৰত বেলেগ বিকল্প আছিল নে?”
“এজন এলেহুৱা মানুহে ভাগৰ জিৰোৱাৰ কি যে আনন্দ, সেইয়া কেতিয়াও বুজি নাপায়৷”
তেখেত আছিল এক প্ৰজ্ঞাবান ভৱিষৎদ্ৰষ্টা৷ বৰ্তমান সময়ৰ ব্যস্ততা আৰু মোবাইল, ফেচবুক, হোৱাট্ছ‌আপ আদি সংযোগ মাধ্যমে, বাস্তৱ জগতৰ মানুহৰ মাজত বৃদ্ধি কৰা দূৰত্বৰ কথাটো, আইনষ্টাইনে আজিৰ পৰা ৬০ বছৰ আগতেই অনুধাৱন কৰি কৈছিল-
“ম‌ই সেই দিনটোৰ কথা ভাবি ভয় কৰো, যিদিনা কাৰিকৰী আৰু প্ৰযুক্তিবিদ্যাই মানুহৰ মাজত থকা, ভাৱৰ আদান প্ৰদানৰ প্ৰক্ৰিয়াক, স্তব্ধ কৰি পেলাব৷ সঁচাকৈয়ে এনেকুৱা হব লাগিলে, অদূৰ ভৱিষ্যতে এই পৃথিৱীয়ে অপদাৰ্থৰে ভৰা এক প্ৰজন্ম পাবলৈ গৈ আছে৷”
“পৃথিৱীখন কুকৰ্ম্ম কৰা মানুহৰ দ্বাৰা ধ্বংস নহয়, ধ্বংস হব কুকৰ্ম্মবোৰ দেখিও হাত সাৱটি বহি থকা মানুহবোৰৰ পৰা৷”
“ঔদ্যোগিক বিকাশ হৈছে কোনো এক মনোবিকাৰগ্ৰস্ত অপৰাধীৰ হাতত এখন ধাৰাল কুঠাৰ অৰ্পণ কৰাৰ দৰে৷”
“মানসিক উদণ্ডতা, অজ্ঞানতাতকৈয়ো বেছি ভয়াবহ৷”
“দুৰ্বল মানুহে প্ৰতিশোধ লব বিচাৰে, জ্ঞানীজনে ক্ষমা কৰি দিয়ে আৰু বুদ্ধিজীৱীসকলে বিষয়টো এৰাই চলে৷”
“আপুনি যদি আপোনাৰ সন্তানক বুদ্ধিদীপ্ত হোৱাটো বিচাৰে তেনেহলে তেওঁক সৰুৰে পৰা সাধুকথা পঢ়িবলৈ দিয়ক৷ যদি আৰু বেছি বুদ্ধিদীপ্ত হোৱাটো বিচাৰে, তেনেহলে তেওঁক আৰু বেছি সাধুকথা পঢ়িবলৈ দিয়ক৷”
“যুক্তিৰ দ্বাৰা পৰিচালিত হৈ আপুনি A ৰ পৰা B হে পাবগৈ পাৰিব কিন্তু কল্পনাশক্তিয়ে আপোনাক সকলো ঠাইলৈ লৈ যাব পাৰিব৷”
“কালি”ৰ পৰা শিকক, “আজি”ৰ মাজত জীয়াই থাকক আৰু আশাৰে “কাইলৈ”ৰ প্ৰতীক্ষা কৰক৷ কেৱল মনৰ মাজৰ প্ৰশ্নসমূহ মৰহি যাবলৈ নিদিব৷
“কোনোবাই যদি একো ভুল কৰা নাই, তেনেহ’লে বুজি লব লাগিব সেইজনে আজিলৈকে একো নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰা নাই৷”
জ্ঞানৰ একমাত্ৰ উৎস হৈছে অভিজ্ঞতা৷
“যৌৱন কালৰ একাকিত্ব বৰ বেদনাদায়ক অথচ পৰিণত বয়সৰ একাকিত্ব‌ই মন প্ৰাণক পুলকিত‌ও কৰে৷”
“ম‌ই এই কথাটো কেতিয়াও বিশ্বাস নকৰো যে ঈশ্বৰে পৃথিৱীক লৈ জুৱা খেলে৷”
“জীৱনটো কটাবলৈ মাথোঁ দুটা পথ আছে৷ এটা হৈছে যে এই পৃথিৱীত অলৌকিক চমৎকাৰ বুলি একো নাই৷ আনটো পথ হৈছে যে প্ৰত্যেকটো কথাৰ মাজতে ’অলৌকিক চমৎকাৰ’ আছে বুলি বিশ্বাস কৰা৷”
“ম‌ই ভৱিষ্যতৰ কথা বেছি নাভাবো৷ এনেয়েও ই বৰ সোনকালে আহি হাজিৰ হয়হি৷”
“এজন মানুহে জীৱনটো উপভোগ কৰিবলৈ তেতিয়াহে আৰম্ভ কৰে, যেতিয়াৰ পৰা তেওঁ নিজ সত্ত্বাৰ পৰিসীমাৰ বাহিৰলৈ ওলাই, জীয়াই থাকিবলৈ আৰম্ভ কৰে৷”
“ব্যৱহাৰিক জ্ঞান হৈছে ১৮ বছৰ বয়সলৈ অৰ্জন কৰা কিছুমান নিজা স্বাৰ্থজড়িত কথাৰ সংগ্ৰহ৷”
“শিক্ষা কি? স্কুল কলেজত শিকা কথাবোৰ পাহৰি যোৱাৰ পিছত, মনত থকা অৱশিষ্ট কথাখিনিৰ নামেই হৈছে শিক্ষা৷”
“জীৱন কিহৰ দৰে? জীৱনটো এখন বাইচাইকেল চলোৱাৰ দৰেই সৰল৷ ভাৰসাম্য বজাই ৰাখিবলৈ হ’লে আপুনি আগবাঢ়ি গৈ থাকিব‌ই লাগিব৷”
“এবাৰ যদি আমি আমাৰ নিজ পৰিসীমাৰ সীমাৱদ্ধতাক স্বীকাৰ কৰোঁ, তেতিয়াহ’লেহে আমি সীমাৱদ্ধতাৰ পৰিসীমা পাৰ কৰিব পাৰো৷”
“এনেদৰে জীয়াই থাকিবলৈ আৰম্ভ কৰা যেন কাইলৈ তোমাৰ মৃত্যু হ’ব আৰু এনেদৰে শিকিবলৈ চেষ্টা কৰা যেন তুমি আজীৱন জীয়াই থাকিবা৷”
“মূঢ়তা আৰু প্ৰতিভাৰ মাজত থকা পাৰ্থক্য হৈছে যে প্ৰতিভাৰ এক সীমা আছে৷”
“এই পৃথিৱীত দুটা বিষয়ৰ কোনো সীমাৰেখা নাই, ই অসীম৷ এটা হৈছে এই বিশ্বব্ৰহ্মাণ্ড আৰু আনটো হৈছে মানুহৰ মূৰ্খামি৷ অৱশ্যে বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে ম‌ই ন দি কব নোৱাৰিম৷”
“পাগলামি কি? বাৰে বাৰে একেটা কামকে কৰি, প্ৰত্যেকবাৰেই বেলেগ বেলেগ ফলাফল আশা কৰাটোৱেই হৈছে পাগলামি৷”
“এজন মানুহে যদি এগৰাকী ধুনীয়া ছোৱালীক চুমা খাই থকা অৱস্থাত, নিৰাপদভা গাড়ী এখনো চলাই থাকে, তেতিয়াহ’লে এইটো বুজিব লাগিব যে তেখেতে চুমা খোৱা কামটোত যিমান মনোযোগ দিব লাগিছিল, সিমান মনোযোগ নাই দিয়া৷”
“এখন টেবুল, এখন চকী আৰু চকীত এবাটি সুস্বাদু ফল আৰু এখন ভায়োলিন- জীৱনত সুখী হ’বলৈ আৰুনো কি লাগে?”
এনেদৰেই ৰসাল কথাৰ মাজেৰে বিশ্ববিশ্ৰুত বিজ্ঞানীজনে জীৱন সম্পৰ্কে মানুহক অনেক অনুকৰণীয় ধাৰণা দি গৈছে৷

■■

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
বিনয়
1 year ago

গধূৰ লেখা। পঢ়ি ধন্য হ’লো

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক