আইনাৰ সিপাৰে -(নিউটন কোঁৱৰ বসুমতাৰী)

গাত ৰ’দ নপৰা বৰষুণ নপৰা

সেমেকা দেহৰ তেওঁ এগৰাকী নাৰী!

যি আবদ্ধ মোৰ শোৱনী কোঠাৰ আইনাৰ সিপাৰে

যিয়ে কোনোদিন আব্দাৰভৰা কথা কোৱা নাই

যিয়ে কোনোদিন মোৰ কথা শুনা নাই

.

মূৰ ফণিয়াই নিজকে নিজে চায়

বিছনাত বাগৰি মিচিকিয়াই হাঁহে

যেন মোৰ আশে-পাশে উচপিচাই থকা

সাইলাখ এগৰাকী লচপচী নাৰীৰ প্ৰতিবিম্ব!

.

ছবিবোৰ চলচ্চিত্ৰৰ দৰে চলি গৈ থাকে

কেতিয়াবা ময়ো থাকো কাষতে

যিদিনা নাথাকো

তেওঁ শুই থাকে নিচিন্তে!

.

উজাগৰী ৰাতি প্ৰতিটো প্ৰহৰৰ অন্তৰে অন্তৰে

অনুভৱ কৰো তেওঁৰ অস্তিত্ব

আনকি মাজৰাতিও জুমি চাওঁ

আইনাৰ সিপাৰৰ বিছনাখন

যিখন মোৰ বিছনাৰেই প্ৰতিবিম্ব…

.

সিদিনা পুৱা সাৰ পাওঁতে চকামকাকৈ দেখিলোঁ

যখিনীৰ দৰে মেলা চুলিকোছাৰে দাঁত নিকতাই হাঁহি আছিল

একো অজুহাত নোহোৱাকৈ মানসিক ৰোগীৰ দৰে

খঙতে দলিয়াই দিছিলো হাতৰ মোবাইল ফোন

তেওঁ কপাল ফাঁটি বৈ অহা তেজেৰে

পলকতে লুতুৰি-পুতুৰি হৈ পৰিছিল তেওঁৰ দেহ!

.

আজি আকৌ উমান পালো হঠাৎ

আইনাত নোচোৱাকৈ মূৰ ফণিয়ালেওঁ

জঁট ভাঙিব নোৱাৰি মোৰ কেঁকোৰা চুলিকোছা

পামনে কোনোবা বজাৰত এনে এখন আইনা

যিখন আইনাত মুখ চাই পাহৰিব পাৰিম – অতীতৰ সোঁৱৰণীবোৰ

যিখন আইনাত চুই অনুভৱ কৰিব পাৰিম – উজাগৰী ৰাতিবোৰ!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments