আইনা মূলঃ কাৰুকন্দ শ্ৰীকৃষ্ণ চৈতন্য অনুবাদঃ মনালিছা পাঠক নেওঁগ

ৰয়েল ব্লু ৰংৰ বিলাসী গাড়ী এখনৰ পিছৰ ছিটত বহি মাক আৰু জীয়েক গৈ আছে৷ মাকৰ মনটো কিবা বিষণ্ণ যেন দেখা গৈছে৷ কাষতে গৈ থকা জী জনীয়ে মোবাইলত মেছেজ লিখাত ব্যস্ত৷ মাকে হাতত থকা নোটবুকখন মেলি ল’লে৷ পাতবোৰ লুটিয়াই যাওঁতে শেষৰ ফালে এখন ময়ূৰ পঙ্খ ওলাই পৰিল৷ নিমিষতে মাকৰ মুখত এটা মিচিকিয়া হাঁহি বিৰিঙি উঠিল আৰু ময়ূৰ পঙ্খখন হাতত লৈ খুব আলফুলকৈ গালত লগাই দিলে৷ মনটো তেওঁৰ প্ৰফুল্ল হৈ পৰিল৷ তেওঁ কাষত মোবাইলত ব্যস্ত হৈ থকা জীলৈ চাই খুব আগ্ৰহেৰে কৈ গ’ল –

  • মাজনী জানানে এই ময়ূৰ পঙ্খখন মোৰ সৰু কালৰ লগৰী আছিল৷

মোবাইল টিপিয়ে জীয়ৰীয়ে মাত দিয়ে

  • অহ… হয় নেকি!
  • জানা মই এই ময়ূৰ পঙ্খখন বাঢ়ি যোৱা দেখিছোঁ৷ আমি ইয়াক এখন বিশেষ পাত খাবলৈ দিছিলোঁ আৰু এতিয়া চোৱা না কিমান ডাঙৰ হৈ গ’ল৷

মোবাইলৰ পৰা মূৰ নোতোলাকৈ জীয়াৰীয়ে কলে

  • মা বৰ হাঁহি উঠা কথা কোৱা দেই৷ তুমি সঁচাকৈ সেইবোৰ বিশ্বাস কৰা নে?

মাক পুনৰ গহীন হৈ পৰিল আৰু মুখ ঘূৰাই গাড়ীৰ গ্লাছেৰে বাহিৰলৈ চাই কৈ গ’ল-
কেতিয়াবা কেতিয়াবা সঁচা কথাতকৈও বেছি বিশ্বাসে আমাক সদায় সুখ দিয়ে৷

  • কিনো কোৱা মা বুলি মোবাইলত মেছেজ টাইপ কৰি জীয়াৰীয়ে কয়৷

মাকে বাহিৰলৈ চাই কৈ যায় এই যুগৰ ল’ৰা ছোৱালীবোৰে মোবাইলৰ বাহিৰে আন একো কথা ভাবি নাপায়৷ ছোৱালীজনীয়ে মোবাইলটো বেগত সুমুৱাই থৈ হেণ্ডেল থকা আইনা এখন উলিয়াই লয়৷ মাকে অনৰ্গল কৈ যায় আমাৰ দিনৰ কথায়ে বেলেগ আছিল৷ আমাৰ দীঘল চুলি আছিল৷ ডাঙৰ ডাঙৰ ঝুমকা পিন্ধিছিলোঁ আমি আৰু চুলি বান্ধি ৰিবন লগাইছিলোঁ৷ এনেকৈ
সাজি কাঁচি লুকা চুৰি, ঝুলনা আদি নানান খেল খেলিছিলো৷ বহুত ভাল লগা দিন আছিল সেইবোৰ৷ তেনেকৈ কৈ জীয়েকলৈ মূৰ কৰি চাওঁতে দেখে জীয়েকে মাকৰ কথালৈ মন নিদি আইনাখন চাই লিপষ্টিক লগাই আছিল৷ মাকৰ খং উঠিল গাড়ীত উঠাৰ পৰা তেওঁ অনৰ্গল কথা কৈ আছে কিন্তু জীয়েকৰ খবৰ নাই৷ মাথোঁঁ মাকৰ কথাবোৰ উপলুঙা কৰাৰ দৰে কৰি নিজৰ লগত ব্যস্ত হৈ আছিল৷
মাকৰ খং উঠিল আৰু তুমি অকল এইবোৰ হে চিনি পোৱা কেতিয়াবা মোৰ কথাও শুনিবা চোন বুলি কৈ ছোৱালীজনীৰ হাতৰ পৰা আইনাখন থাপ মাৰি লৈ গাড়ীৰ গ্লাছখন তললৈ নমাই আইনাখন বাহিৰলৈ দলিয়াই দিলে৷
জীয়েকে মা মা কৈ চিঞৰি উঠে৷ গাড়ীখন আগবাঢ়ি গুচি যায়৷

* * * * * * * *

দৃশ্যপট সলনি হয়৷ কৃষ্ণাঙ্গী নাৰী এগৰাকীয়ে চোতালত বহি বাচন ঘঁহি আছিল৷ ঠাঁচকৈ হোৱা কিবা শব্দ এটা শুনি তেওঁ বাহিৰলৈ ওলাই যায় আৰু এখন হেণ্ডেল থকা আইনা দেখা পায়৷ ফাটি যোৱা আইনাখন হাতলৈ তুলিলৈ ইফালে সিফালে চাই তেওঁ ভিতৰলৈ সোমাই আহে৷ তেনেতে তেওঁৰ তিনি বছৰীয়া ল’ৰাটোৱে হাতত ফলি এখন লৈ দৌৰি ওলাই আহে আৰু মাকক কয়

  • চোৱা মা মই ঘোঁৰা আঁকিলোঁ৷
  • বৰ ধুনীয়া হৈছে সোণটো৷ তুমি খেলা মই কাম কৰি আজৰি হৈ আহিম হব নে?

উম হ’ব মা বুলি কৈ ল’ৰাটো আঁতৰি যায়৷
আইনাখন চাই চাই নাৰী গৰাকী ভিতৰলৈ সোমাই যায়৷ ভিতৰলৈ গৈ শাৰীৰ আঁচলেৰে আইনাখন মোহাৰি দিয়ে আৰু হাঁহি এটা মাৰি মূৰত থপৰিয়াই বেঁকা হৈ থকা কপালৰ ফোটটো পোনাই লগাই৷ মনৰ ভিতৰতে কৈ উঠে মই শুনিছোঁ ভগা আইনাত মুখ চাব নাপায় হেনো অমংগল হয়৷ হুহ.. অমংগলনো মোৰ বাবে কি নতুন কথা৷ কিমান দিনৰ পৰা যে মই নিজকে দেখা নাই৷ মিচিকিয়া হাঁহি এটা ঢৌ খেলাই তেওঁ মুখখনত হাত ফুৰাই চাই৷ আইনৰ ইপাৰৰ পৰা মাত এটা ভাঁহি আহে৷ — কেনে আছা মিনাক্ষী?

— ঠিকেই আছো দেখিছাই চোন তুমি৷ হাঁহি এটা মাৰি ধেৎ পাগলী বুলি নিজৰ মূৰত টুকুৰিয়াই পাগলী নহয় নহয় ছোৱালী বুলি নিজকে নিজে কয়৷ আইনাৰ পৰা চকু আঁতৰ নকৰাকৈ আগবাঢ়ি যায় তেওঁ আৰু খিৰিকীৰ কাষ পায়গৈ৷
খিৰিকীৰ ৰডত হাত দি আইনাখনত চকু ৰাখি ভাবে কিমান ধুনীয়া আছিলোঁ মই৷ কলেজত পঢ়ি থাকোঁতে সকলোৰে চকু মোৰ ওপৰত আছিল৷
আইনাৰ সিপাৰৰ পৰা মাত ভাঁহি আহে
— কি হ’ল মিনাক্ষী বিয়া, সন্তান আৰু দায়িত্বত মাজত হেৰাই গৈছা তুমি৷ তোমাৰ ওচৰতটো সুখী হ’বলৈও সময় নাই৷ নাৰীৰ আন এটা নাম সুন্দৰতা
নহয় জানো!

— মিনাক্ষীয়ে ভাবে দুটা সন্তানৰ মাক হোৱাৰ আগতে এজনী ছোৱালী আছিলো মই৷ কাষত থকা ৰেকডালৰ পৰা পুৰণা ধূলি জমা হৈ থকা এলবাম এটা নমাই আনি ধূলিবোৰ জোকাৰি আঁতৰাই লুটিয়াই চাই৷ আগতে ভাৰত নাট্যম নচা তেওঁৰ সুন্দৰ ফটোবোৰ ওলাই পৰে৷ ফটোবোৰ লুটিয়াই ভাবি যায় এখন আইনাও নাই এই ঘৰত৷ কিমান দিন হ’ল নিজকে আইনাত চোৱা মনত নাই৷ মানুহে মোৰ জাধলী ৰূপ দেখি হাঁহে চাগৈ৷ বহুত হ’ল এইবাৰ এখন আইনা কিনিব লাগিব৷ কিনো হব খুব বেছি এদিন ভোকত থাকিব লাগিব৷ হাঁহি এটা মাৰি ভাবে আৰে সেই যে কয় ডাইটিং এদিন সেইটো কৰিম আকৌ৷ এলবামটো আঁতৰাই থৈ আইনাখন উঠাই তেওঁ ওঁঠেৰে স্পৰ্শ কৰে৷

*********

মিনাক্ষী বাহিৰলৈ ওলাই গৈ গছৰ পাত এখিলা ছিঙি আনে৷ পাতখিলাত এটোপাল তেল লৈ আঙুলিৰে চৰুৰ পৰা অলপ ছাই আঙুলিত লগাই আনি তেলত লগাই চকুত কাজল আঁকে৷ ঠিক তেনেতে কাপোৰৰ ঝুলনাত থকা কেঁচুৱাটিয়ে কান্দি উঠে৷ মিনাক্ষী উঠি গৈ ঝুলনাখন লৰাই দিয়ে কেঁচুৱাতো শান্ত হৈ পৰে৷ কেঁচুৱাটোৰ পৰা আঁতৰি গৈ আলমিৰাটো খুলি অলংকাৰৰ বাকচবোৰ খুলি চাই৷ বাকচবোৰ আছিল খালি৷ বিপদৰ সময়ত তাইৰ হাতত থকা সকলো অলংকাৰ বিক্ৰী কৰিব লগীয়া হ’ল৷
এটা বাকচত ঝুমকা এযোৰ ওলাই পৰে৷ মিনাক্ষীৰ মুখত প্ৰসন্নতাৰ হাঁহি এটা বিয়পি পৰে৷ ঝুমকা জোৰ পিন্ধি লৈ চুলিখিনি বেণী গাঁঠি লয় আৰু
নটৰাজৰ মূৰ্তিজনাক প্ৰণাম কৰি ভাৰত নাট্যম নাচিবলৈ লয়৷ নাচি থাকোঁতে তেওঁৰ তিনি বছৰীয়া ল’ৰাটো দৌৰি আহি মাকে নাচি থকা দেখি হাত চাপৰি বজাই৷ মিনাক্ষীয়ে তালৈ চাই দুহাত প্ৰসাৰিত কৰি দিয়ে৷ ল’ৰাটো আহি মাকৰ বুকুৰ মাজত সোমাই পৰে৷ মাকে মৰমেৰে আঁকোৱালি লয়৷ ল’ৰাটোৰ লগত মিলি তেওঁ ভঙা পইচা সাঁচি থোৱা মাটিৰ পাত্ৰটো ভাগি পেলাই আৰু পইচাখিনি বুটলি এটা কেঁচুৱাক কোলাত লৈ আৰু আনটোৰ হাতত ধৰি বজাৰলৈ বুলি ওলাই যায়৷ কেইবাটাও গলি খোজ কাঢ়ি গৈ তেওঁ এঠাইত ৰৈ ভঙা পইচাবোৰৰ সলনি গোটা টকা কৰি লয় আৰু আগুৱাই যায়৷ বজাৰ পাওঁতে পাওঁতে ৰাতি হয়৷
এখন দোকানলৈ চাওঁতে দোকানীটোয়ে মোবাইলত গেম খেলি মা কি.. কিমান বাৰ খেলিছো জিকিব পৰা নাই বুলি কৈ থকা দেখি বিৰক্তিত আগুৱাই যায়৷ তেনেতে দোকানীজনে মাত লগাই

— হেল্ল বাইদেউ ক’ত যায়? বজাৰটো বন্ধ হ’ল৷
মোৰ দোকানতকৈ ভাল আৰু সস্তা বস্তু আন কতো নাপাই ইয়ালৈ আহক চোন৷

মিনাক্ষী দোকানীজনৰ কথা শুনি উভতি আহে৷
— কি লাগে কওক বাইদেউ৷
শংখৰ হাৰ, মুকুতাৰ হাৰ, বেৰত লগাবলৈ ফটো, কাণৰ ঝুমকা সকলো পাব৷ আপোনাক কি লাগে কওক মাথোঁঁ আপোনাৰ সন্মুখতে আছে সকলো৷

মিনাক্ষীয়ে দোকানীক উদ্দেশ্যি কয় — এটা কথা কোৱা ভাইটি তোমালোকে কথায়ে প্ৰতি মা কি.. মা কি বুলি কিয় কোৱা৷

— অ’ সেইটো কথা ক্ষমা কৰি দিয়ক বাইদেউ এংৰী বাৰ্ডছ খেলি আছিলোঁ৷ এইটো এনেকুৱা চৰাই যে খেলটো জিকিবলৈ নিজেই মৰি যায়৷ ইমান খেলিছো যদিও জিকিব পৰা নাই৷

  • অ’ এজনী মাকৰ দৰে ন?
    সেইকাৰণে তোমালোকে কোৱা মা কি.. মা কি৷
  • বাইদেউ আপুনিও যে আৰু এংগ্ৰী বাৰ্ডৰ বাবে উদাস হৈছে৷

দোকানিজনে অলপ ৰৈ কয়
— আপুনি ভাইটি বুলিছে মোক৷ বাকী মানুহবোৰেটো ঐ দোকানী, ঐ লম্বো বুলি মাতে৷ বাৰু সেইবোৰ বাদ দিয়ক বুলি কৈ কেঁচুৱাটো মোক দিয়ক বুলি কোলালৈ লৈ কয় মোৰ বাইদেউক কি লাগে কওক চোন?

মিনাক্ষী দোকানৰ ভিতৰলৈ সোমাই যায় আৰু কয় — ভাইটি মোক এখন ভাল আৰু ধুনীয়া আইনা লাগে৷ দোকানখনত বহুতো সাগৰীয় শামুকৰ খোলা লগাই থোৱা বিভিন্ন আকৃতিৰ আইনা ওলোমাই থোৱা আছিল৷ মিনাক্ষী গৈ এখন ডাঙৰ ডিম্বাকৃতিৰ আইনৰ ওচৰত ৰৈ কয়
— ৱাহ কিমান ধুনীয়া আইনা৷

— আইনাখনটো সাধাৰণ হয় বাইদেউ কিন্তু তাত নিজকে চোৱা ছোৱালীজনী সুন্দৰ হয়৷ দোকানীজনে কয়৷

— ময়ো ধুনীয়া নেকি মিনাক্ষীয়ে আইনাখনলৈ চাই প্ৰশ্ন কৰে৷

— অ’তো সকলোতকৈ বেছি ধুনীয়া৷

— সঁচা নে আইনাখন চাই থাকিয়েই হাঁহি সোধে৷

— সঁচা বাইদেউ৷

— কওক বাইদেউ আপোনাৰ কোনখন আইনা পছন্দ হৈছে৷
দোকানত থকা ডাঙৰ আইনাখনলৈ আঙুলিয়াই কিমান দাম সোধে৷

— ছশ টকা বাইদেউ৷

আইনাখনৰ দাম শুনি চকু ডাঙৰ হৈ যায় মিনাক্ষীৰ আৰু কয়:
— ছশ টকা.. ছশ টকাটো বহুত বেছি৷ মোৰ ঘৰটো বহুত সৰু এইখন বৰ ডাঙৰ হব ঘৰটো চাই৷
কাষতে থকা সৰু আইনাখনলৈ আঙুলিয়াই সোধে — এইখন কিমান দাম৷

— আৰে বাইদেউ এটা কাম কৰক আজি ভিনদেউক সুধি লৈ কাইলৈ আহি লৈ যাওক৷

পছন্দ হোৱা আইনাখন হাতেৰে লিৰিকি বিদাৰি কয়
— ভিনদেউৰা নাই নহয় ভাইটি৷ ছোৱালীজনীলৈ গাখীৰ আনিবলৈ গৈছে৷

— কি হ’ল পিছে তেওঁ যেতিয়া আহিব তেতিয়া সুধিব৷

আইনাখনত হাত বুলাই বিষণ্ণ মনেৰে কৈ যায় –
— ছোৱালীজনীৰ যেতিয়া জন্ম হৈছিল তেতিয়াই যোৱা তোমাৰ ভিনীয়েৰা৷

দোকানী লৰাটো আচৰিত হৈ পৰে মিনাক্ষীৰ কথা শুনি আৰু কয়
— আপুনি দুখক চোৱাৰ দৃষ্টিভংগীয়ে সলনি কৰি দিলে বাইদেউ৷ খুব ভাল কথা৷

— তাৰ বাহিৰেনো কি কৰিম!
ল’ৰা ছোৱালী দুটা বৰ সৰু নিজকে চম্ভালিব পৰা হোৱা নাই৷ সেয়ে নিজেই নিৰ্ভীক হব লগীয়া হ’ল৷

— বৰ ভাল কথা বাইদেউ৷ আইনাখন লওক চাৰিশ টকা কৰি দিলোঁ আপোনাৰ বাবে৷

মিনাক্ষীয়ে দোকানিজনৰ কথা শুনি উলটি চায় কয় –
— ভাইটি এনেকৈ চোন তোমাৰ লোকচান হ’ব৷ মোৰ অৱস্থা দেখি মোৰ ওপৰত উপকাৰ কৰিব খুজিছা নেকি?

কোলাত থকা কেঁচুৱাটোলৈ চাই কয়
— নহয় বাইদেউ মইটো ব্যৱসায় কৰোঁ কিন্তু নিজৰ মানুহৰ লগত কিহৰ ব্যৱসায় কৰিম৷ আপোন মানুহৰ লগত মৰমৰ ভাগ বতৰা কৰা হয় বাইদেউ৷

কথাখিনি শুনি মিনাক্ষীয়ে কয়
— কিন্তু মোৰ ওচৰত তিনিশ আশী টকা হে আছে৷

— হ’ব দিয়ক কোনো কথা নাই তিনিশ আশীয়ে হ’ব দিয়ক
আইনাখন পেক কৰি দিওঁ বুলি কেঁচুৱাতো মিনাক্ষীলৈ আগবঢ়াই দিয়ে৷

  • ধন্যবাদ ভাইটি বুলিকৈ ছোৱালীজনীক কোলালৈ তুলি লয়৷

দোকানী লৰাটোৱে আইনাখন পেক কৰিবলৈ আৰম্ভ কৰে৷ বহুত দিনীয়া হেঁপাহ এটা পূৰ্ণ হোৱাত মিনাক্ষী উৎফুল্ল হৈ পৰে৷ ঠিক তেনেতে লৰাটোৰ চকু কাষৰ দোকানত ঝুলি থকা কাঠৰ ঘোঁৰাটোৰ ওপৰত পৰে৷ মাকলৈ চাই কয়

  • মা.. মা
  • কি হল সোণটো?
  • মোক সেই ঘোঁৰাটো লাগে
  • নহব তুমি সদায় বিচাৰিলা বুলিয়েই সকলো পাবা নেকি?
  • মা মোক ঘোঁৰাটো লাগেই বুলি বাৰে বাৰে কৈ লৰাটোৱে কান্দিব ধৰিলে৷
  • তুমি বৰ জেদী হৈ গৈছা৷ এইবাৰ দিব নোৱাৰিম৷
  • মা মোক কিনি দিয়া বুলি ভৰি হাত আচাৰিবলৈ ধৰে৷

মাক বিবুধিত পৰে৷ কোলাত থকা কেঁচুৱাটোৱেও আমনি কৰি উঠে৷ দোকানীজনে আইনাখন পেক কৰি দিয়ে কয় এইখন লওক আপোনাৰ আইনা৷ মিনাক্ষীয়ে ব্লাউজৰ পৰা টকাটো উলিয়াই আনি দোকানীজনলৈ আগবঢ়াই দিয়ে কিন্তু ধৰি থাকে৷
দোকানী ল’ৰাটোৱে অৱশেষত কবলৈ বাধ্য হয় বাইদেউ এৰি দিয়ক নহলে ফাটি যাব৷
মিনাক্ষীয়ে টকাটো টানি লৈ আহে আৰু আইনাখন নালাগে বুলি খোজ লয়৷ দোকানী লৰাটোৱে পিছৰ পৰাই চিঞৰি উঠে কি হ’ল বাইদেউ আৰু কম কৰিব লাগে নেকি? কিন্তু মিনাক্ষীয়ে উভতি নাচায়৷ ঘোঁৰা থকা দোকানখনৰ পৰা ঘোঁৰাটো কিনি তাই ঘৰলৈ ঘূৰি যায়৷ দোকানী ল’ৰাটোৱে মিনাক্ষীলৈ চাই ৰয় আৰু আকৌ এংগ্ৰী বাৰ্ডছ খেলা আৰম্ভ কৰে৷ খেলি থাকোঁতে মুখেৰে ওলাই মা কি তেতিয়া সি কয় নহয় নহয় মা কি হৃদয়৷

ঘৰলৈ ঘূৰি গৈ ছোৱালীজনীক ঝুলাখনত ওলোমাই দিয়ে আৰু লৰাটোৱে ঘোঁৰাটোৰ পিঠিত উঠি ফূৰ্তিত কিৰিলিয়াই উঠে৷ মাকে ল’ৰাটোৰ ফূৰ্তি দেখি গালত হাত দি হাঁহি হাঁহি এপলক চাই ৰয়৷ শাৰীৰ আঁচলটো কঁকালত খোচ মাৰি মুখ হাত ধুবলৈ বুলি আগফালে যায়৷ ঘটিটো লৈ পানী জমা কৰা ড্ৰামটোৰ কাষ পায়গৈ৷ স্বচ্ছ হৈ থকা পানীৰ আইনাত মিনাক্ষীয়ে নিজকে দেখা পাই৷ পানীৰ আইনাখনত নিজকে ধুনীয়াকৈ দেখা পাই হাঁহিটো ঘূৰি আহে মিনাক্ষীৰ মুখলৈ৷ অলপ সময় তেনেকৈয়ে নিজকে চাই ৰয়৷ কেঁচুৱাটোৰ কান্দোনৰ মাত ভাঁহি অহাত হাতৰ ঘটিটো পানীৰ ড্ৰামটোত পেলাই মিনাক্ষী ভিতৰলৈ দৌৰ মাৰে৷
ড্ৰামটোত ঘটিটো পৰি যোৱাত পানীবোৰ কঁপি আইনাখন ভাগি যায়৷

Dedicated to every mother who sacrifice their everything for everything.

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments