আইফেল টাৱাৰৰ শিখৰত ’মিছটেকেন আইডেনটিটি’ – ৰাণা গগৈ

 

বিশ্ববিখ্যাত কীৰ্তিস্তমভ ’আইফেল টাৱাৰ’ৰ (Eiffel Tower) বিষয়ে ক’বলৈ ওলাইছো৷ ফ্ৰান্সৰ ৰাজধানী পেৰিছ মহানগৰীৰ মাজমজিয়াত অৱস্থিত, বিশ্ববিশ্ৰুত এই আইফেল টাৱাৰৰ দৰ্শনাৰ্থে, কিছু বছৰৰ আগতে এদিন উপস্থিত হৈছিলোঁ৷ উপস্থিত হৈ এই টাৱাৰৰ শিখৰ আৰোহণ কৰিছিলো৷ লগতে এই কথাও উল্লেখ কৰি থওঁ যে ধৰাতলৰ পৰা প্ৰায় আঢ়ৈশ মিটাৰমান উচ্চতাত, আইফেল টাৱাৰৰ ওপৰত মই এক ঘটনাৰ সন্মুখীন হওঁ৷ ঘটনাটো তেনেই সৰু যদিও পঢ়ুৱৈসকলে পঢ়ি আমোদ পাব বুলি এই আমোদজনক ঘটনাটোও এই লেখাত সামৰিম বুলি মন মেলিছোঁ৷

জাৰ্মানীৰ সৰু যদিও পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু আটোম-টোকাৰিকৈ ৰখা এখন চহৰ হ’ল হাইডেলবাৰ্গ (Heidelberg)৷ মই কৰ্মৰত ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ বৰ দৰকাৰী আৰু দীঘলীয়া ’প্ৰজেক্ট’ এটা চলি থকা হেতু এই চহৰলৈ মই সঘনাই যাবলগীয়া হৈছিল৷ তেনে এক যাত্ৰাত এবাৰ একেৰাহে তিনিদিনৰ বাবে অফিচ ছুটী পাইছিলোঁ৷ এনে এটা সোণালী সুযোগ নেহেৰুৱাই অফিচ ছুটীৰ পাছত শুক্ৰবাৰে নিশাই পেৰিছ মহানগৰী ভ্ৰমণ কৰাৰ মানসৰে, হাইডেলবাৰ্গৰ পৰা পেৰিছলৈ বুলি আন্তঃৰাষ্ট্ৰীয় ৰে’লত উঠিলোঁ৷

ইউৰোপৰ দেশবোৰৰ মাজত চলাচল কৰা আন্তৰ্জাতিক ৰে’লবোৰৰ বিষয়ে মই আগেও লিখিছিলোঁ৷ তথাপি ন পঢ়ুৱৈসকলৰ উদ্দেশ্যে এই বিষয়ে থোৰতে দুই-এষাৰ কথা কওঁ বাৰু৷ ইউৰোপৰ ৰে’ল সম্বন্ধীয় বিষয়বোৰ আমাৰ দেশৰ তুলনাত সম্পূৰ্ণ সুকীয়া৷ মই যিমানখিনি জানো আৰু বুজোঁ, পৰিষ্কাৰ-পৰিচ্ছন্ন, দেখাত শুৱনি, প্ৰযুক্তিবিদ্যাৰে উন্নত এনে বিলাসী ৰে’লবোৰ একো একোটা ‘মাল্টি বিলিয়ন ইউৰো’ৰ ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠানৰ দ্বাৰা পৰিচালিত৷ সাধাৰণতে আমাৰ মনোভাব এনে যে ৰে’ল মানেই এখন দেশৰ চৰকাৰেহে নিয়ন্ত্ৰণ কৰিব পাৰে, আনে নোৱাৰে৷ এনে মনোভাবৰ কাৰণ হ’ল — ভাৰতীয় ৰে’লৰ এটা সুকীয়া ৰে’ল মন্ত্ৰালয় আছে৷ কেতিয়াবা ক’ৰবাত কেনেবাকৈ ৰে’ল বাগৰিলে, ৰে’ল মন্ত্ৰীয়ে কৈফিয়ৎ দিয়ে৷ আগৰ দিনত মন্ত্ৰীপদৰ পৰা পদত্যাগো কৰিছিল৷ সৌ সিদিনালৈকে ৰে’ল মন্ত্ৰীয়ে পৃথককৈ ৰে’লৰ বাজেট ঘোষণা কৰিছিল৷ এনে সমস্ত বিষয়বোৰে আমাৰ মন আৰু মগজুত এনে এটা ভাবমূৰ্তি গঢ়ি তুলিছে যে ৰে’ল মানেই যেনে এখন চৰকাৰৰ অধীনৰহে কথা৷ যিহেতু যুগ যুগ ধৰি আমি এনেদৰেই দেখি আহিছোঁ, এনেবোৰ কথাৰে ডাঙৰ-দীঘল হৈছোঁ, সেয়ে আমাৰ মনত তেনে এখন প্ৰতিচ্ছবি গঢ়ি উঠাটো তেনেই স্বাভাৱিক৷ পিছে ইউৰোপ মহাদেশৰ ৰে’ল যাতায়তৰ কথাবোৰ আমাৰ দেশৰ ৰে’লৰ সৈতে মিল নাখায়৷ ইউৰোপৰ এখন দেশৰ ৰে’ল নিজ দেশত চলাৰ উপৰিও ওচৰ-চুবুৰীয়া আন আন দেশলৈও যায়৷ তেনেকৈ, আন আন দেশৰ নানান ৰে’ল নিজ দেশতো চলি থাকে৷ জাৰ্মানীৰ ৰে’লবোৰ হলেণ্ডলৈ যায়, বেলজিয়ামলৈও যায়৷ অথচ একেখন জাৰ্মানীৰে ৰে’ল ষ্টেচনবোৰত ইটালীৰ ‘আন্তঃৰাষ্ট্ৰীয়’ ৰে’লবোৰো আহি ৰয়হি, স্পেইনৰ আন্তঃৰাষ্ট্ৰীয় ৰে’লবোৰো আহি ৰয়হি৷ পিছে ই কেনেকৈ সম্ভৱ? ৰে’লেৰে এখন দেশৰ পৰা আন এখন দেশলৈ যাওঁতে যাত্ৰীসকলৰ পাছপোৰ্ট, ভিছা আদিৰ পয়মাল নহয়নে বাৰু?

ইউৰোপ মহাদেশ বুলি ক’লে, মোটামুটি প্ৰায় পঞ্চাছখনমান দেশ আছে৷ এই পঞ্চাছখনৰ, ছাব্বিছখন দেশে মিলিজুলি সমিলমিলেৰে এটা সিদ্ধান্ত ল’লে যে — এইকেইখন দেশত বসবাস কৰা লোকসকল এখন দেশৰ পৰা আন এখন দেশলৈ মুক্তভাৱে বিচৰণ কৰিব পাৰিব (free movement of people)৷ অৰ্থাৎ এখন দেশৰ পৰা আন এখন দেশলৈ যাবলৈ কোনো ধৰণৰ পাছপোৰ্ট বা ভিছাৰ প্ৰয়োজন নাই৷ এইকেইখন দেশক একেলগে “ছেংগেন ক্ষেত্ৰ“ (Schengen Area) বুলি কোৱা হয়৷ এই ছেংগেন ক্ষেত্ৰৰ, যিকোনো লোক নিজ দেশৰ পৰা গৈ ওচৰ-চুবুৰীয়া দেশত শিক্ষা গ্ৰহণ, চাকৰি, বসবাস, বেপাৰ বাণিজ্য বা বাণিজ্যত বিনিয়োগ আদি কৰিব পাৰে৷ ইয়াৰ বাবে গোটেই দেশকেইখনে মিলিজুলি আন্তঃৰাষ্ট্ৰীয় নিয়ম-নীতিবোৰক যথেষ্ট শিথিল কৰি লৈছে৷ এনেদৰে এই ছেংগেন ক্ষেত্ৰ হৈ পৰিছে এখন একক আৰু বৃহৎ বজাৰ৷

যিসকল লোক এই ছেংগেন ক্ষেত্ৰৰ বাসিন্দা নহয় বা বিদেশৰ হয়, যেনে আপুনি মই, তেনে লোক এই অঞ্চলত প্ৰৱেশ কৰিবলৈ হ’লে, ছাবিছখন দেশৰ কোনোবা এখন দেশৰ ভিছা প্ৰাপ্তিৰ বাবে আৱেদন কৰিব লাগিব৷ উদাহৰণ স্বৰূপে, আপুনি জাৰ্মানীলৈ যাবলগীয়া হ’ল, সেয়ে আপুনি জাৰ্মানীৰ বাবে ভিছা আৱেদন কৰিলেই হ’ল৷ ভিছাৰ যাৱতীয় কামবোৰ সমাপন হোৱাৰ পাছত আপুনি যি ভিছা পাব, সেইখনেই হ’ব ‘ছেংগেন ভিছা’৷ অৰ্থাৎ সেইখন কেৱল জাৰ্মানীৰ ভিছা নহয়, বৰং সমস্ত ছাব্বিছখন দেশ ভ্ৰমণৰ উপযোগী এখন ভিছা৷ ইয়াৰ কাৰণ হ’ল জাৰ্মানী দেশখনো ছেংগেন ক্ষেত্ৰৰ সেই ছাব্বিছখন দেশৰ অন্তৰ্গত এখন দেশ৷ এসময়ত আকাশ-মাৰ্গেৰে গৈ যেতিয়া আপুনি জাৰ্মানীৰ কোনোবা এটা বিমানবন্দৰত উপস্থিত হ’ব, সেই বিমানবন্দৰত ’ইম্মিগ্ৰেচন’ (immigration) বিষয়াই আপোনাৰ ভিছা নিৰীক্ষণ কৰিব, পাছপোৰ্টত এটা মোহৰ লগাব৷ মোহৰ লগা মানেই আপুনি জাৰ্মানী দেশখনত প্ৰৱেশ কৰাৰ অনুমতি পালে আৰু ইয়াৰ লগে লগেই হৈ পৰিলে ছেংগেন ক্ষেত্ৰত আপুনি এক মুক্ত পখী৷ যেতিয়াই মন যায়, সময় আৰু সুবিধা অনুযায়ী, এই ছেংগেন ক্ষেত্ৰৰ যিকোনো দেশ ভ্ৰমণ আপুনি কৰিব পাৰে৷ সেই যে বিমানবন্দৰত ভিছাৰ নিৰীক্ষণ হৈছিল, মোহৰ লাগিছিল, সেয়াই শেষ; ইয়াৰ পাছত আৰু কোনো দেশেই আপোনাৰ ভিছা নিৰীক্ষণ নকৰিব৷ ঠিক এনেদৰেই মই জাৰ্মানীৰ পৰা পেৰিছ মহানগৰীত উপস্থিত হৈছিলোঁগৈ আৰু উপস্থিত হৈ আইফেল টাৱাৰত (Eiffel Tower) উঠিছিলোঁ৷

ইউৰোপৰ দেশবোৰৰ মাজত চলাচল কৰা আন্তঃৰাষ্ট্ৰীয় ৰে’লবোৰ সাধাৰণতে তীব্ৰ গতিৰ ৰে’ল (high speed train) হয়৷ এনে একোখন ৰে’লে প্ৰয়োজন হ’লে প্ৰতি ঘণ্টাত তিনিশ (৩০০) কিলোমিটাৰ পৰ্যন্ত গতিত চলিব পাৰে৷ সচৰাচৰ একোখন তীব্ৰ গতিৰ ৰেলৰ ’গতিৰ গড়’ প্ৰতি ঘণ্টাত ২০০ কি.মি. হয়৷ অৰ্থাৎ ৬০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰায় তিনি ঘণ্টামান সময় লাগে, য’ত আমাৰ দেশত অতি কমেও আঠ ঘণ্টামান সময় লাগে৷

এই ৰে’লবোৰৰ অন্তৰ্বিলাসিতাৰ কথা কৈ শেষ কৰিব নোৱাৰি৷ এই ক্ষেত্ৰত আমাৰ দেশৰ অন্তৰ্দেশীয় (domestic) বিমানবোৰৰ লগত হয়তো এই ৰে’লবোৰ তুলনা কৰিব পাৰি৷ আনকি কোনো কোনো ৰে’লৰ অভ্যন্তৰীণ ৰূপাংকণ (interior design) এই বিমানবোৰৰ নিচিনাই৷ এনে বিমানবোৰৰ যি সা-সুবিধা আছে সেই প্ৰায়বোৰ সা-সুবিধা এই ৰে’লবোৰতো পোৱা যায়৷ যেনে — আপুনি বুটাম টিপিলে আৰু লগে লগে ৰে’ল পৰিচাৰক আপোনাৰ ওচৰত হাজিৰ হ’ল৷ আপুনি আপোনাৰ অসুবিধাৰ কথা জনালে অথবা মুখৰোচক কিবা এটা খাদ্যবস্তুৰ ফৰমান দিলে৷ উল্লেখ কৰিব বিচাৰোঁ যে, ৰে’লৰ পৰিচাৰকবোৰ কোট-টাই পিন্ধা, বুকুৰ বাওঁফালে এখন নামৰ ফলক লগোৱা একো একোজন ’শিক্ষিত পেছাদাৰী’ অৰ্থাৎ ’স্মাৰ্ট প্ৰফেছনেল’৷
এই চলন্ত ৰে’লবোৰত এখন বৰ ধুনীয়া ৰেস্তোৰাঁ থাকে৷ ৰেস্তোৰাঁৰ কাউণ্টাৰটো সচৰাচৰ কুন্দত কটা কাঠেৰে নিৰ্মিত আটকধুনীয়া, চকুত লগা৷ কাউণ্টাৰৰ সন্মুখত, হোটেল-ৰেস্তোৰাঁৰ দৰেই সুসজ্জিত টেবুল আৰু আসন থাকে যাতে যাত্ৰীসকলে ইচ্ছা কৰিলে ইয়াতে বহি খাদ্য গ্ৰহণ কৰিব পাৰে৷ এই ৰেস্তোৰাঁখনত সকলো ধৰণৰ আহাৰ পোৱা যায় — চাহ-কফি-বিস্কুট বা বাৰ্গাৰ-ছেণ্ডুইছৰ বাদেও প্ৰয়োজন হ’লে এসাঁজ পেট ভৰাই দিনৰ বা ৰাতিৰ সাঁজ খাব পাৰি৷ ইয়াৰ বাদেও ইউৰোপৰ প্ৰায়বোৰ দেশৰ বিয়েৰ (beer) এই ৰেস্তোৰাঁত পোৱা যায়৷ কোনোবাই যদি সুৰা বা আন ৰাগিয়াল পানীয় (alcoholic beverages) সেৱন কৰিবলৈ ইচ্ছা কৰে, বিভিন্ন ‘ব্ৰেণ্ডৰ’ পানীয় এই চলন্ত ৰে’লৰ ৰেস্তোৰাঁখনত ন্যায়গতভাৱে পৰিৱেশন কৰা হয়৷ ৰে’লৰ দীঘলীয়া যাত্ৰাত সময় সদায় অপৰ্যাপ্ত, গতিকে এনে ‘আনুষংগিক’ খাদ্যসম্ভাৰে যাত্ৰা মধুময় কৰি তুলে৷

তীব্ৰগতিৰ আন্তঃৰাষ্ট্ৰীয় এনে বিলাসী ৰে’ল ধৰি অৱশেষত পেৰিছ মহানগৰীত পুৱাই পুৱাই উপস্থিত হ’লোঁ৷ প্ৰায় ১৩০ বছৰৰ পূৰ্বে নিৰ্মাণ কৰি উলিওৱা আইফেল টাৱাৰৰ উচ্চতা ৩০০ মিটাৰৰো অধিক৷ ১৮৮৯ চনত উন্মোচন হোৱাৰ পাছত এই কীৰ্তিস্তম্ভটোৱে একেৰাহে প্ৰায় ৪০ বছৰ ধৰি মানৱজাতিয়ে প্ৰস্তুত কৰা বিশ্বৰ উচ্চতম গাঁথনি (structure) হিচাপে স্বীকৃতি পাই আহিছিল৷ সম্পূৰ্ণ ’ৰট’ লোৰে (wrought iron) নিৰ্মিত এই বিশাল স্তম্ভটোৰ ধৰাপৃষ্ঠত চাৰিটা খুটাই আৱৰি থকা পৰিসৰ যথেষ্ট বহল যদিও ক্ৰমান্বয়ে আকাশমুখী ওপৰৰ দিশলৈ ঠেক হৈ পৰিছে৷ ঠেক যদিও ফটোত দেখাৰ দৰে অথবা তলৰ পৰা খালী চকুৰে চালে যিমান ঠেক দেখা যায় দৰাচলতে সিমান ঠেক নহয়৷ এই বিস্ময়কৰ স্তম্ভটো একেবাৰে চূড়াত থকা খলপাটোত য’ত পৰ্যটকসকলে ‘লিফ্ট’ যোগে উপস্থিত হৈ আদিগন্ত বিস্তৃত বিশাল চহৰখনৰ নয়নানন্দ দৃশ্য চাই বিস্ময়াভিভূত হৈ পৰে, এনে অমূল্য অভিজ্ঞতা যি জীৱনৰ হাঁচতিত চিৰজীৱনলৈ বুলি গাঁথি লোৱা হয়৷ এই খলপাত একলগে একেসময়ত অতি কমেও ৫০জন মানুহৰ উপস্থিতি দেখিছিলোঁ৷ অতি আচৰিত আৰু আমোদজনক কথা যে এই খলপাৰ ঠিক মাজমজিয়াত এখন সৰু ‘ছেম্পেন বাৰ’ (Champagne Bar) আছে৷ সিমানেই নহয়, ‘বাৰ’ খনৰ উপৰিও আনকি চকী-মেজ, আচবাব-পত্ৰৰে সুসজ্জিত আটকধুনীয়া এটা সৰু কোঠা আছে যিটো গুষ্টাভ্ আইফেল, যাৰ নামত এই কীৰ্তিস্তম্ভটোৰ নাম ৰখা হৈছে, তেখেতে জীৱনকালত এই কোঠাটো সময়ে সময়ে ব্যৱহাৰ কৰিছিল৷ ইয়াৰ পৰা বুজিব পাৰি যে প্ৰায় ২৭৫ মিটাৰ উচ্চতাত অৱস্থিত এই মহলা (তৃতীয় মহলা) দৰাচলতে ইমান ঠেক নহয়৷

টাৱাৰটোৰ একেবাৰে তুংগত থকা খলপাটোত যদি ইমানখিনি ঠাই থাকিব পাৰে তেন্তে মাটিত অৱস্থিত চাৰি খুঁটাকেইটাই আৱৰি ৰখা পৰিসৰ কিমান আহল-বহল হ’ব পাৰে সি সহজে অনুমেয়৷ ভূ-তলত থকা চাৰি খুঁটাৰ, এটা খুঁটাৰ পৰা আনটো খুঁটাৰ দূৰত্ব প্ৰায় ৪১০ ফুট৷ পূৱ-পশ্চিম-উত্তৰ-দক্ষিণ — চাৰিও দিশত থকা চাৰিওটা খুঁটাৰ দূৰত্ব সম্পূৰ্ণ সমান — অৰ্থাৎ ইটো খুঁটাৰ পৰা আনটো খুঁটাৰ দূৰত্ব ৪১০ ফুট৷ মানে গুটেই গাঁথনিটো সমমিত (symmetrical) যিটো কথা নিসন্দেহে উল্লেখযোগ্য৷

তিনিশ মিটাৰ উচ্চ এই টাৱাৰটোত তলৰ পৰা ওপৰলৈ যাবলৈ ’লিফ্ট’ৰ ব্যৱস্থা আছে৷ এই সেৱা অৱশ্যে বিনামূলীয়া নহয়৷ যথাস্থানত থকা টিকট কাউণ্টাৰৰ পৰা টিকট লৈ এই লিফ্টত প্ৰৱেশ কৰিব লাগে৷ মনকৰিবলগীয়া কথা যে, যাত্ৰীবাহী এনে লিফ্টসমূহ ওপৰলৈ দ্ৰুত গতিত যাওঁতে পোনকৈ নগৈ নিৰ্দিষ্ট এটা কোণত গতি কৰে যদিও লিফ্ট ভিতৰত থকা অৱস্থাত এই কথা অনুভৱ একেবাৰেই নকৰিলোঁ৷ এনেধৰণৰ এক ’ইঞ্জিনিয়াৰিং’ পদ্ধতিৰে এই লিফ্টসমূহ তৈয়াৰ কৰা হৈছে৷

সমগ্ৰ আইফেল টাৱাৰটোত মুঠ তিনিটা খলপা আছে৷ লিফ্টসমূহৰ দ্বাৰা পৰিবাহিত পৰ্যটকসকলক সৰ্বপ্ৰথমে প্ৰথম খলপা বা মহলাত সমবেত কৰোৱা হয়৷ মাটিৰ পৰা প্ৰায় ৫৭ মিটাৰ উচ্চতাত অৱস্থিত এই খলপা দ্বিতীয় আৰু তৃতীয় মহলাৰ তুলনাত যথেষ্ট আহল-বহল৷ সেই অনুসৰি এই খলপাত গোট খোৱা পৰ্যটকৰ সংখ্যাও যথেষ্ট বেছি৷ এই খলপাত উপস্থিত হৈ চহৰখনৰ চতুৰ্দিশ বিয়পা মনোৰাম দৃশ্য চাই মন আনন্দত নাচি উঠে৷

প্ৰথম খলপাত কিছু সময় কটাই মনোমোহা দৃশ্য উপভোগ কৰি উঠাৰ পাছত পুনৰ লিফ্ট ধৰি দ্বিতীয় খলপালৈ আৰু ঠিক তেনেদৰেই তৃতীয় খলপালৈ যাব লাগে৷ নক’লেও হয় যে, যিমানেই ওপৰলৈ গৈ থকা হয় সিমানেই বিশাল চহৰখনৰ নয়ন জুৰাই যোৱা মনপৰশা দৃশ্যই মুগ্ধ কৰে৷ অবিস্মৰণীয় এই অভিজ্ঞতাৰ ছবিখন শব্দৰে অঁকা সঁচাকৈ এক দুৰূহ কাম৷

দৰাচলতে এই কীৰ্তিস্তমভৰ দৰ্শনাৰ্থীসকলক খলপা-খলপে গোট খুৱাই দৰ্শন কৰোৱাৰ মূল কাৰণটো হ’ল যে — গড় হিচাপে প্ৰতিদিনে প্ৰায় বিছ হাজাৰ লোকৰ এই স্থানত উপস্থিত হয়৷ আনহাতে স্তম্ভৰ সৰ্বোচ্চ খলপাত (তৃতীয় মহলাত) সীমিত সংখ্যক লোকহে একত্ৰিত হ’ব পাৰে৷ সেয়ে এনে তিনি-তৰপীয়া ব্যৱস্থা কৰা হৈছে৷ লগতে এই কথা জনাই থওঁ যে — কোনোবাই ইচ্ছা কৰিলে লিফ্টেৰে নগৈ খটখটীৰেও ওপৰলৈ উঠিব পাৰে৷ নিসন্দেহে ই বৰ কষ্টকৰ কাম হ’ব৷ কিছুলোক খটখটীৰে ওপৰলৈ উঠি যোৱা মই দেখিছিলোঁ৷ এনে ধৰণৰ অজস্ৰ চিৰি আইফেল টাৱাৰটোৰ মাটিৰ পৰা শিখৰলৈকে আছে যদিও জনসাধাৰণৰ বাবে দ্বিতীয় মহলালৈকেহে চিৰিৰে যোৱাৰ অনুমতি আছে৷ তৃতীয় খলপালৈ চিৰি মানে খটখটীৰে যোৱাৰ অনুমতি নাই; লিফ্টৰ দ্বাৰাই যাব লাগিব৷

বিশ্ববিখ্যাত আইফেল টাৱাৰটো সেই সময়ত নিৰ্মাণ কৰা হৈছিল, প্ৰায় ১৩০ বছৰৰ পূৰ্বে, যি সময়ত প্ৰযুক্তিবিদ্যা আৰু স্থাপত্যবিদ্যা সাম্প্ৰতিক কালৰ দৰে সু-উন্নত নাছিল৷ এটি আমোদজনক কথা যে এই আইফেল টাৱাৰ — যি সম্পূৰ্ণ লোহাৰে নিৰ্মিত এক বৃহৎ গাঁথনি বা সংৰচনা, দৰাচলতে ৰাজহুৱাকৈ প্ৰদৰ্শনৰ উদ্দেশ্যে অস্থায়ীৰূপত নিৰ্মাণ কৰা হৈছিল৷ নিগাজীকৈ অথবা যুগমীয়াকৈ ৰখাৰ আৰম্ভণিতে কোনো পৰিকল্পনা নাছিল৷ ফৰাচী বিপ্লৱৰ এশ বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে সেই সময়ৰ ফৰাচী চৰকাৰে এখন বিশ্ব মেলাৰ (world fair) আয়োজন কৰিছিল৷ এই বিশ্ব মেলাৰ অনুষ্ঠানস্থলীলৈ ৰাইজক আদৰণি জনাবৰ বাবে এখন ’আদৰণি তোৰণ’ হিচাপে এই টাৱাৰটো সাজি উলিওৱা হৈছিল৷ অলিম্পিক অনুষ্ঠানত যেনেকৈ একোটা ’লাকি মাছকেট’ সাজি উলিওৱা হয় — কথাটো যেন ঠিক তেনেকুৱাই৷ এই সংৰচনাটোৰ সাজি উলিওৱাৰ দায়িত্ব দিয়া হৈছিল গুছতাভ্ আইফেল নামৰ এজন ব্য ক্তিক যিজন ইঞ্জিনীয়াৰিং আৰু নিৰ্মাণ কোম্পানীৰ এটাৰ স্বত্বাধিকাৰী আছিল৷ বিশ্ব মেলাত প্ৰদৰ্শনৰ উদ্দেশ্যে অস্থায়ীভাৱে নিৰ্মাণ কৰি উলিওৱা এই উচ্চতম তোৰণ অতি কম সময়ৰ ভিতৰত জনপ্ৰিয় হৈ উঠিল আৰু ইয়াৰ বিস্ময়কৰ বতৰা চৌদিশে বিয়পি পৰিল৷ সেই অনুসৰি দিনকদিনে এই বিস্ময়কৰ সৃষ্টি দৰ্শন কৰিবলৈ অনেক লোকৰ সমাৱেশ হ’বলৈ ধৰিলে৷ এই কথাৰ প্ৰতি লক্ষ্য ৰাখি আইফেল টাৱাৰটো অৱশেষত ২০ বছৰলৈ ৰাখি থোৱাৰ সিদ্ধান্ত লোৱা হ’ল৷ অৰ্থাৎ ২০ বছৰৰ পাছত এই উচ্চতম স্তমভটো ভাঙি খণ্ড-বিখণ্ড কৰা হ’ব৷ কিন্তু এই ২০ বছৰ সময়ছোৱাত ইতিমধ্যে এই আইফেল টাৱাৰটো কেৱল ফৰাচী দেশৰেই নহয় বৰঞ্চ সমগ্ৰ ইউৰোপৰ এক ’আইকণিক মনুম্যেণ্ট’ হিচাপে পৰিগণিত হৈ পৰে৷ সেয়ে খণ্ড-বিখণ্ড কৰা সিদ্ধান্তটো পাছলৈ বাতিল কৰা হয়৷

বিশ্বৰ উচ্চতম কীৰ্তিস্তম্ভসমূহৰ তালিকাত বহু বছৰ ধৰি এই আইফেল টাৱাৰে প্ৰথম স্থান দখল কৰি আহিছিল৷ এই উচ্চতম কীৰ্তিস্তম্ভটোত, ১৮৮৯ চনত উন্মোচন হোৱাৰ দিন ধৰি আজিলৈকে পৃথিৱীৰ নানান ৰজা-মহাৰজা, ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰী আৰু বহুতো প্ৰখ্যাত লোকে এই টাৱাৰৰ শিখৰত আৰোহণ কৰিছে৷ সেই সকলৰ ভিতৰত থোৰতে কেইজনমানৰ নাম ল’বলৈ হ’লে — আমেৰিকাৰ ৰাষ্ট্ৰপতি দুইট (Dwight Eisenhower), ৰাছিয়াৰ ৰাষ্ট্ৰপতি বৰিছ ইয়েল্টছিন (Boris Eltsine), ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী, চীনৰ ৰাষ্ট্ৰপতি হু জীন টাও, হলীউডৰ বিখ্যাত অভিনেতা পিয়াৰ্ছ ব্ৰজনন, বিশ্ববিখ্যাত মাইকেল জেকছন, জাষ্টিন বেইবাৰ, মহাকাশচাৰী ইউৰি গেগাৰিণ আদিৰ নাম ল’ব পাৰি৷ এনে বহু বিখ্যাত লোকসকলে আৰোহণ কৰি কেৱল টাৱাৰটোৰ তুংগত উপস্থিত হোৱাই নহয় বৰং প্ৰথম আৰু দ্বিতীয় খলপাত থকা ৰেস্তোৰাঁ দুখনত খাদ্য গ্ৰহণ কৰাৰ নজিৰ আছে৷

আইফেল টাৱাৰৰ একেবাৰে ওপৰ খলপা (৩য় খলপা), যি মাটিৰ পৰা প্ৰায় ২৭৫ মিটাৰমান উচ্চতাত অৱস্থিত, সেই খলপাত এটা কোঠা আছে আৰু এই কোঠাটো গুছতাভ্ আইফেলে নিজে মাজে-সময়ে ব্যৱহাৰ কৰিছিল৷ এবাৰ আইফেলৰ আমন্ত্ৰণ অনুসৰি বিশ্ববিশ্ৰুত বিজ্ঞানী থমাছ আলভা এডিছন কেইঘণ্টামানৰ বাবে এই কোঠাৰ আলহী হৈছিল৷

যিহেতু মই প্ৰখ্যাত ব্যক্তিসকল আইফেল টাৱাৰত উপস্থিত হোৱা বা আৰোহণ কৰাৰ কথা কৈছোঁ, সেয়ে এইখিনিতে আমোদজনক কথা এটা কওঁ৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত ফৰাচী দেশখন জাৰ্মানীৰ অৰ্থাৎ হিটলাৰৰ অধীনত আছিল৷ সেই সময়ছোৱাৰ কোনো এটা দিনত হিটলাৰ আইফেল টাৱাৰত উপস্থিত হৈছিল, দৰ্শনৰ উদ্দেশ্যে৷ পিছে হিটলাৰৰ শত্ৰুৰ সংখ্যা ইমানেই বেছি আছিল আৰু মৃত্যুৰ বিভীষিকাই অহৰহ এনেদৰে আৱৰি ৰাখিছিল যে হিটলাৰ আইফেল টাৱাৰৰ ওপৰৰ কোনো এটা খলপালৈ যোৱা নাছিল, বৰং তলৰ পৰাই চাই উভতি গৈছিল৷ তেওঁ ওপৰলৈ উঠিবলৈ ভয় কৰিছিল৷ কিছুবছৰৰ পাছত যেতিয়া মিত্ৰশক্তিৰ আক্ৰমণত ফ্ৰান্স দেশ জাৰ্মানীৰ মানে হিটলাৰৰ পৰা মুক্তি পোৱাৰ উপক্ৰম হৈছিল তেতিয়া হিটলাৰে তেওঁৰ সেনাধক্ষ্য এজনক আইফেল টাৱাৰটো ধ্বংস কৰিবলৈ কাঢ়া নিৰ্দেশ দিছিল৷ কিন্তু সেনাধক্ষ্যজনে হিটলাৰৰ এই কাঢ়া নিৰ্দেশ উলংঘা কৰিছিল আৰু জনসমাদৃত এই স্তম্ভটো ধ্বংস কৰাৰ পৰা বিৰত আছিল৷ লগতে উল্লেখ কৰি থওঁ যে, হিটলাৰে ধ্বংস কৰিবলৈ ওলোৱা এই আইফেল টাৱাৰৰ উন্মোচন অৰ্থাৎ জন্ম যি বছৰত হৈছিল (১৮৮৯ চন) সেই একেটা বছৰতেই হিটলাৰৰো জন্ম হৈছিল৷

যিহেতু হিটলাৰৰ কথা উল্লেখ হৈছেই, সেয়ে আৰু এটি আমোদজনক কথা কওঁ বাৰু৷ ফ্ৰান্স দেশখন জাৰ্মানীৰ অধিনত অহাৰ পাছত অনতিপলমে হিটলাৰে নিজৰ বীৰত্ব প্ৰদৰ্শন কৰিবলৈ আইফেল টাৱাৰৰ একেবাৰে শৃংগত ’স্বস্তিক’ খচিত পতাকা এখন উত্তোলন কৰিবলৈ সেনাক নিৰ্দেশ দিছিল৷ নিৰ্দেশ অনুসৰি সেনাৰ জোৱান এজনে খটখটীৰে বগাই গৈ স্বস্তিকৰ পতাকাখন টাৱাৰৰ শৃংগত ওলোমাই দিলে৷ এইখিনিতে মন কৰিবলগীয়া কথা যে, আইফেল টাৱাৰৰ মুঠ খটখটীৰ সংখ্যা এশ-দুশ বা চাৰিশ-পাঁচশ নহয়৷ বৰঞ্চ এক হাজাৰ ছশৰো (১৬০০) অধিক৷ ইমানখিনি খটখটী বগাই ওপৰলৈ যোৱা কামটো কম কাম নহয় কিন্তু৷ পতাকাখন ওলোমাই বেচেৰা জোৱানজন তলত উপস্থিত নৌহওঁতেই, বতাহে পতাকাখন ছিৰাছিৰকৈ ফালি দিয়াত পতাকাখন ঢৌছিৰা দিছিল৷

এই বিশাল টাৱাৰটো লোহাৰে নিৰ্মিত হোৱাৰ বাবে কিছু অসুবিধাও আছে অৱশ্যে৷ যেনে গৰমকালি তাপমান বেছি হ’লে টাৱাৰটো ১৮ ইঞ্চি (ডেৰ ফুট) পৰ্যন্ত সম্প্ৰসাৰণ হয়৷ অৱশ্যে ফ্ৰান্সকে ধৰি ইউৰোপৰ প্ৰায়বোৰ দেশত গৰমৰ প্ৰকোপ বৰ বেছি নহয়৷ ঠিক তেনেকৈ লোৰে নিৰ্মিত হোৱাৰ হেতু টাৱাৰটোত যাতে মামৰে নধৰে তাৰ বাবে গোটেই টাৱাৰটো প্ৰায় সাত বছৰৰ মূৰে মূৰে ৰং কৰি থাকিবলগীয়া হয়৷ কোৱা হয় যে — বিশাল টাৱাৰটোত প্ৰতিবাৰে ব্যৱহাৰ হোৱা বৃহৎ পৰিমাণৰ ৰঙৰ ওজন প্ৰায় দহটা হাতীৰ ওজনৰ সমান৷

আইফেল টাৱাৰৰ উন্মোচনৰ পৰৱৰ্তীকালত, ইয়াৰ গাঁথনিয়ে স্থাপত্যবিদ্যাৰ জগতখনত এনে এক প্ৰভাৱ পেলাইছে যে এতিয়ালৈকে সমগ্ৰ বিশ্বত প্ৰায় পঞ্চাছটামান (৫০) আইফেল টাৱাৰৰ প্ৰতিৰূপ (replica) হিচাপে নিৰ্মাণ কৰা হৈছে৷ সকলোবোৰ প্ৰতিৰূপ দেখিবলৈ আইফেল টাৱাৰৰ নিচিনা নহ’লেও ইয়াৰ আৰ্হিতেই সাজি উলিওৱা হৈছে৷ তাৰে কিছু আকৌ দেখাত সাইলাখ আইফেল টাৱাৰৰ দৰেই কিন্তু উচ্চতা যথেষ্ট কম৷ আমাৰ ওচৰ-চুবুৰীয়া দেশ পাকিস্তানৰ লাহোৰ চহৰতো আইফেল টাৱাৰৰ প্ৰতিৰূপ আছে যাৰ উচ্চতা প্ৰায় ৮০ মিটাৰ, অৰ্থাৎ পেৰিছৰ আচল আইফেল টাৱাৰৰ তুলনাত ইয়াৰ উচ্চতা চাৰিভাগৰ এভাগ৷ ভাৰতবৰ্ষত একমাত্ৰ আইফেল টাৱাৰৰ প্ৰতিৰূপ দেখিবলৈ পোৱা যায় ৰাজস্থানৰ ক’টা নামৰ ঠাইত যাৰ উচ্চতা মুঠেই ১২ মিটাৰ৷

শেষত এটা কথা নক’লে আধৰুৱা হৈ ৰ’ব৷ বৃহৎকায় অতীব ওখ স্তম্ভটোৰ সন্মুখত থিয় হৈ মূৰ তুলি যেতিয়া চূড়ান্ত শিখৰলৈ চাই পঠোৱা হয় তেতিয়া এনে লাগে যেন স্তম্ভটোৰ অগ্ৰাংশ আকাশত বিলীন হৈ গ’ল৷ ইমান ওখ আৰু বিয়াগোম স্তম্ভটো পিছে নিশাৰ সময়ছোৱাত, অন্ধকাৰ আৰু নিস্তব্ধতাই আৱৰি ৰাখে বুলি নাভাবিব৷ বৰঞ্চ তাৰ সম্পূৰ্ণ বিপৰীতটোহে হয়৷ প্ৰত্যেক নিশা গোটেই টাৱাৰটো প্ৰায় বিছ হাজাৰ (২০, ০০০) লাইটেৰে সজাই তোলা হয়৷ হেজাৰ হেজাৰ লাইট পৰিধান কৰি আৰু সাজি-কাচি স্তম্ভটো তৈয়াৰ হৈ পৰে এক নতুন ৰূপত৷ এই বিনন্দীয়া ৰূপ অত্যন্ত মনোমোহা৷ এনে হেজাৰ লাইটৰ উজ্জ্বল আভাত কেৱল জনপ্ৰিয় কীৰ্তিস্তম্ভটোয়েই নহয় বৰং জ্বলমলাই উঠে অবিশ্বাস্য সুন্দৰ প্ৰতিটো সন্ধিয়া, পেৰিছ মহানগৰীৰ একো একোটা নিশা৷ কাহানিও পাহৰিব নোৱাৰা অমৃতময় এনে বিৰল অভিজ্ঞতাই জীৱন মহীয়ান কৰি তোলে, বিচাৰি পোৱা যায় জীয়াই থকাৰ সাৰ্থকতা৷ দুগুণে বঢ়াই তোলে আশা-উদ্যম-প্ৰত্যাশাৰে ভৰা চালিকা শক্তি আৰু এনেদৰেই মনৰ মাজত জগাই তোলে জীয়াই থকাৰ দুৰ্বাৰ হেপাঁহ৷ এনেবোৰ কথাৰ বাবেই চাগে মানুহে ভ্ৰমণ কৰে, ভ্ৰমণ কৰা উচিত৷

আইফেল টাৱাৰৰ একেবাৰে উচ্চতম খলপাত মই গৈ যেতিয়া উপস্থিত হওঁ, চতুৰ্দিশ বিস্তৃত আৰু অদৃষ্ট-পূৰ্ব মনোৰম দৃশ্যই মোৰ মন যেতিয়া অনাবিল আনন্দৰ অবিমিশ্ৰ অনুভৱে মুহুৰ্মুহুঃ ৰঞ্জিত কৰি আছিল ঠিক সেই মুহূৰ্তত মই এক ঘটনাৰ সন্মুখীন হওঁ৷ ঘটনাটো সৰু যদিও অকণমান আমোদজনক৷

মুখত মিচিকিয়া হাঁহি লৈ নৱবিবাহিতা দম্পতী এহাল মোৰ সন্মুখত আহি ৰয়হি৷ দম্পতীহালৰ পুৰুষজনে মোৰ সৈতে পোনচাতেই অসমীয়া ভাষাত কথা পাতিবলৈ আৰম্ভ কৰিলে৷ কেৱল নিজ মাতৃভূমিৰ পৰা কেইবালক্ষ মাইল দূৰৈতেই নহয় বৰঞ্চ ধৰাতলৰ পৰা বহু ওপৰত, এক প্ৰকাৰ আকাশত, মাতৃভাষা অসমীয়া কথা পাতিবলৈ পাই বৰ ভাল লাগিল৷ মানুহজনে পোনচাতেই অসমীয়া ভাষাত কথা পতা দেখি মই বৰ বেছি আচৰিত হোৱা নাছিলোঁ, যিহেতু বিদেশত ভাৰতীয়মূলৰ মানুহখিনিক আন এজন ভাৰতীয়ই সহজে চিনিব পাৰে৷ তাতে আকৌ মোৰ মুখমণ্ডলত উত্তৰ-পূৰ্বাঞ্চলৰ মানচিত্ৰ এখন জন্মলগ্নৰে পৰা নিগাজিকৈ আঁকি থোৱা আছে৷ সেয়ে মোৰ লগত অসমীয়া ভাষাত কথা পতাত মই বৰ আচৰিত হোৱা নাছিলোঁ৷ কিন্তু মই বৰ আচৰিত হৈছিলোঁ তেওঁৰ প্ৰশ্নত৷ তেওঁৰ মুখৰ পৰা সৰি পৰা প্ৰতিটো প্ৰশ্নই মোক বৰ আচৰিত কৰি তুলিছিল৷ তেওঁৰ প্ৰথম প্ৰশ্নটো আছিল –“দাদা আপুনি অকলে যে লগত টীম-মেম্বাৰ নাই নেকি? …..৷” ‘টীম-মেম্বাৰ! ’ — মই বৰ আচৰিত হৈছিলোঁ৷ মই বোলোঁ মোৰ লগত কোনো নাই, মই অকলেই আহিছোঁ৷ আচৰিত কৰি তোলা তেওঁৰ দ্বিতীয় প্ৰশ্নটো আছিল

—-“আপোনাৰ এই কেমেৰাটোৰ দ্বাৰাই ভিডিঅ’ কৰিছে নেকি? …৷ “

মই বোলোঁ হয় মই ভিডিঅ’ও কৰিছোঁ আৰু লগতে স্থিৰ চিত্ৰও লৈছোঁ৷

—- “কিয় প্ৰগ্ৰেম বনোৱা দীঘল কেমেৰাটো নানিলে নেকি? …“ — আৰু আচৰিত কৰি তোলা তেওঁৰ এয়া পৰৱৰ্তী প্ৰশ্ন৷

মই বোলোঁ মোৰ হাতত এই সৰু কেমেৰাটোয়েই আছে৷

—- “আপুনি ৰেকৰ্ডিং কৰি থকা এই কথাবোৰ টিভিৰ বাবে কৰা নাই নেকি? …৷ “

নাই নাই, মই মোৰ নিজৰ বাবে ভিডিঅ’ বনাইছোঁ, টিভিৰ পৰ্দাৰ বাবে নহয়৷

—- “তেন্তে আপুনি এই প্ৰগ্ৰেম টিভিত নেদেখুৱায়? …৷ “

মই বাৰু টিভিত কেনেকৈ দেখুৱাব পাৰোঁ?

—- “কিয় আপুনি ’প্ৰতিদিন টাইম’ৰ নিতুমণি শইকীয়া নহয় জানো? …৷ “

অ’! কঁঠালৰ গুৰি ক’ত তেতিয়াহে বুজি পালোঁ৷ ইমানপৰে তেওঁ মই ’প্ৰতিদিন টাইম’ ছেনেলৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া বুলি ভাবি মোৰ লগত কথা পাতি আছিল৷ মই সেই মানুহজন নহয় বুলি কোৱাত দম্পতীহালে বোধহয় অলপ লাজ পালে অথবা তেওঁলোকৰ ভুল অনুমানৰ বাবে চাগে কিছু সংকোচ জন্মিলে৷ সেয়ে দম্পতীহাল তুৰন্তে নোহোৱা হৈ গ’ল৷ ময়ো সদ্যুহতে ঘটি যোৱা ঘটনাটোৰ কথা ভাবি নীৰৱে হাঁহিলোঁ৷ তেনেতে মনত পৰিল যে মানুহজনৰ উপৰ্যুপৰি প্ৰশ্নত মোৰ দেখোঁ নিজৰ প্ৰশ্ন তেওঁক সোধাই নহ’ল — তেওঁৰ কি নাম, অসমৰ কোন ঠাইৰ ইত্যাদি৷ তদুপৰি তেওঁলোকৰ সৈতে ফটো বা ছেলফি একপিও লোৱা নহ’ল৷ পাছত মই কিছু উৎকণ্ঠাৰে তেওঁলোকক বিচাৰিছিলোঁ যদিও তেওঁলোক মানুহৰ ভিৰৰ মাজত হেৰাই গ’ল৷

সময় যেন বোৱঁতী নৈ, কাৰো বাবে নাথাকে ৰৈ৷ সময় অনুযায়ী মানুহৰ শৰীৰৰ কথাবোৰ সলনি হৈ পৰে৷ সৌ সিদিনালৈকে মোৰ চকু ঠিকেই আছিল৷ বয়সৰ বশৱৰ্তী হৈ অলপতে ক’লা বৰণৰ ডাঠ ফ্ৰেমৰ চছমা এযোৰ ল’বলগীয়া হ’ল৷ এই বিতচকু লগোৱাৰ পৰা মোৰ ’লুক’টো সম্পাদক ডাঙৰীয়াৰ সৈতে কিছু সাদৃশ্য নথকা নহয় অৱশ্যে৷ ■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments