আইফেল টাৱাৰৰ শীৰ্ষত… আকাশ চুব খুজি – প্ৰাঞ্জল মেধি

১৮৮৭ চনত যেতিয়া পেৰিছৰ আইফেল টাৱাৰৰ নিৰ্মাণকাৰ্য আৰম্ভ হয়, সংগীতজ্ঞ চাৰ্লচ গুন’, সাহিত্যিক গাই ডে’ ম’পাছাঁ, পেইণ্টাৰ ৱিলিয়াম ব’ৰগ’ৰ, স্থপতিবিদ চাৰ্লচ গাৰ্ণিয়াৰ আদি পেৰিচৰ বিশিষ্ট ব্যক্তিয়ে এখন গোহাৰিত চহী কৰি কয় যে, “এই টাৱাৰটো এক অৰ্থহীন, ক’লা দৈত্য৷ এক বৃহৎ কাৰখানাৰ চিমনীসদৃশ এই টাৱাৰটোৱে আমাৰ আন সকলো স্থাপত্য-ভাস্কৰ্য্যক লাজত পেলাব”৷ এই গোহাৰিৰ আপত্তি স্বত্বেও ১৮৮৯ চনৰ ৩১ মাৰ্চত মুকলি কৰা হয় দৰ্শকৰ বাবে৷ পৃথিৱীবিখ্যাত এই বৃহৎ টাৱাৰটোৰ নিৰ্মাণকাৰ্য্য মাত্ৰ দুবছৰৰ ভিতৰতে সম্পূৰ্ণ কৰা হয়, সেয়াও আজিৰ পৰা ১২৮ বছৰৰ আগতে, যিসময়ত নিৰ্মাণ প্ৰযুক্তিবিদ্যা ইমান উন্নত নাছিল৷
পৃথিৱীৰ অলেখ স্বনামধন্য কলাকাৰ, চিত্ৰশিল্পী সংগীতজ্ঞ, সাহিত্যিকৰ ৰম্যভূমি পেৰিচত বিখ্যাত প্ৰাসাদ-সংগ্ৰাহালয়ৰ পয়োভৰ৷ অতীৱ সুন্দৰ কলা, কাৰুকাৰ্য আৰু চিত্ৰসমূহ দেখিলে ভাৱ হয়, দেখাত সাধাৰণ লোৰে নিৰ্মিত আইফেল টাৱাৰৰ স্থাপত্য যেন এই প্ৰাসাদৰ কাৰুকাৰ্য্যৰ আগত ম্লান হৈ পৰে৷ উচ্চতা আৰু সামগ্ৰিক বহি কাৰ্য্যৰ বাহিৰে আইফেল টাৱাৰৰ গাত নাই কোনো সুন্দৰ চিত্ৰকলা নতুবা ভাস্কৰ্য্য৷ তথাপিও পেৰিচ বুলিলেই প্ৰথমে মনলৈ আহে আইফেল টাৱাৰৰ ছবি৷ পেৰিচ আৰু আইফেল টাৱাৰ হৈ পৰিছে এক অভিন্ন যুতি৷
ইউৰোপৰ গ্ৰীষ্মকাল… ঠাই বিশেষে বতৰ ভিন্ন৷ দ্বিতীয়বাৰৰ বাবে এই জুন-জুলাই মাহত সহধৰ্মিণী বিনীতাৰ সৈতে ইউৰোপলৈ যোৱা হৈছিল৷ ৰোম, ভেনিচ, প্ৰাগ, বুডাপেষ্ট, ভিয়েনা, ট্ৰিষ্ট আদি অনেক চহৰত এমাহ ধৰি ভ্ৰমণ কৰা হ’ল যদিও আজি পেৰিছৰ আইফেল টাৱাৰৰ কথালৈহে আহোঁ৷ বিশ্বৰ এটা আশ্চৰ্য্য হিচাপে পৰিগণিত হোৱা আইফেল টাৱাৰটো প্ৰথমে পেৰিছ বিশ্ব প্ৰদৰ্শনীৰ (Paris World Exposition) বাবেহে গঢ়ি তোলা হৈছিল৷ পূৰ্বপৰিকল্পনামতে আইফেল টাৱাৰটো এক অস্থায়ী প্ৰৱেশদ্বাৰ আছিল৷ কিন্তু দৰ্শকৰ অভাৱনীয় উপস্থিতি আৰু বিদেশী পৰ্য্যটকৰ ভীৰ দেখি ফ্ৰান্স চৰকাৰে আইফেল টাৱাৰটো এক পৰ্য্যটনৰ আকৰ্ষণ-বিন্দু হিচাপে ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে৷ তিনিশ চৌবিশ মিটাৰ ওখ টাৱাৰটোৰ দৰ্শকৰ সংখ্যাই বহু আগতেই নিউইৰ্য়কৰ এম্পায়াৰ ষ্টেটবিল্ডিঙৰ দৰ্শকৰ সংখ্যাক পিছ পেলাইছে৷ ২০০৩-২০০৮ চনৰ ভিতৰত আইফেল টাৱাৰৰ দৰ্শকৰ সংখ্যা বছৰি ৫.৯ মিলিয়নৰ পৰা ৬.৯ মিলিয়নলৈ বৃদ্ধি পায়৷ সৰ্বপ্ৰথম মৌৰিছ কেকলিনে প্ৰস্তুত কৰা আৰ্হিক লৈ ইঞ্জিনিয়াৰ আলেকজেণ্ডাৰ গুস্তাভ আইফেলে ইয়াৰ নিৰ্মাণকাৰ্য্য আৰম্ভ কৰে৷ বিশ্বাস কৰিবলৈ টান যে আইফেল টাৱাৰটো বিজ্ঞাপনৰ বাবেও ব্যৱহৃত হৈছে৷ ১৯২০-৩০ চনত ইয়াৰ তিনিওফালৰ দেৱালত Citroen গাড়ীৰ বিজ্ঞাপন আঁৰি দিয়া হয়৷ আনকি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মান সৈন্যবাহিনীয়ে পেৰিছ অধিকাৰ কৰাৰ চিনস্বৰুপে আইফেল টাৱাৰত এক বিজয়ধ্বজ্জা উৰুৱায়৷ তাতকৈ আচৰিত কথা হ’ল, ২০০৮ চনত এৰিকা নামৰ এক ছয়ত্ৰিশ বছৰীয়া আমেৰিকান মহিলাই টাৱাৰটোৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু নিজৰ উপাধিও সলনি কৰে৷ আইফেল টাৱাৰৰ শীৰ্ষত উঠি ৩৬০ ডিগ্ৰীত পেৰিছ চহৰৰ মায়াময় সন্ধ্যা এটি উপভোগ কৰাৰ হাবিয়াস এটা বহু দিনৰ পৰাই আছিল৷ গ্ৰীষ্মকালত হোৱা দৰ্শকৰ লানি নিছিগা ভিৰৰ বাবে আমি দুদিন আইফেল টাৱাৰলৈ যাব লগা হ’ল৷ অৰ্থাৎ প্ৰথমদিনা তীব্ৰ ৰ’দত তিনি-চাৰিঘণ্টা শাৰী পাতি টাৱাৰৰ ওপৰলৈ উঠাৰ টিকেট কিনাৰ ধৈৰ্য্য নাছিল৷
সেয়ে সেইদিনা আইফেল টাৱাৰ বাহিৰৰ পৰা চাই অন্য ঠাইলৈ ফুৰিবলৈ গ’লোঁ৷ গধূলি Tour Eiffel ৰ ৱেবচাইটত অনলাইন টিকেট কিনিবলৈ চেষ্টা কৰি দেখো যে, প্ৰায় বিশ দিন মানলৈ অনলাইন টিকেট বুকিং হৈ গৈছিল৷ উপায় নাপাই অলপ খা খবৰ কৰি ঠিক কৰিলোঁ যে এদিন সন্ধ্যা আইফেল টাৱাৰলৈ যাম৷ তেতিয়া দৰ্শকৰ ভিৰ তুলনামূলকভাৱে কম হয়৷ তাতোকৈ আমোদজনক কথা হ’ল যে পেৰিছত গধূলি হওঁতেই চাৰে দহ বাজে৷ মানে অসমৰ প্ৰায় মাজৰাতি৷ প্ৰথম দুদিনমান অলপ আখজা লাগিছিল কিয়নো ইয়াৰ পূৰ্বে আমি কেইদিনমান কটাই অহা ইটালীতো ন বজাতেই গধূলি হয়৷ যিকি নহওঁক, সাত মান বজাত আইফেল টাৱাৰত উপস্থিত হ’লোঁ৷ নৰ্থ গেটত প্ৰথম সুৰক্ষা পৰীক্ষাৰ বাবে প্ৰায় আধা ঘণ্টা শাৰী পাতিব লগা হ’ল৷ বিমান বন্দৰবোৰৰ দৰেই ইয়াতো আগ্নেয়াস্ত্ৰ, চোকা অস্ত্ৰ আদিৰ সৈতে প্ৰৱেশ বৰ্জিত৷ কিন্তু খোৱা বস্তু বা পানী নিয়াত বাধা নাই৷ ইয়াৰ পিছত পুনৰ এবাৰ শাৰী পাতিব লগা হ’ল টিকেট কাটিবৰ বাবে৷ অন্য দিনতকৈ দৰ্শক কম আছিল যদিও প্ৰায় দেৰঘণ্টা সময় অপেক্ষা কৰাৰ অন্তত টিকেট যোগাৰ কৰিব পৰা গ’ল৷ আইফেল টাৱাৰৰ দুটা স্তৰলৈ এলিভেটৰ চলে৷ প্ৰথম এলিভেটৰ ৰয় দ্বিতীয় স্তৰত, য’ৰ পৰা পেৰিছ চহৰখন খুব সুন্দৰকৈ দেখা যায়৷ এই প্ৰথম স্তৰলৈ প্ৰতিটো টিকেটৰ মূল্য ১১ ইউৰো, ভাৰতীয় মুদ্ৰাত প্ৰায় ৮২৫ টকা মাথোঁ৷ তাৰো ওপৰলৈ, অৰ্থাৎ একেবাৰে শীৰ্ষলৈ বেলেগ এখন এলিভেটৰ যায়৷ ৩০০ মিটাৰ উচ্চতাত থকা চমেট বা শীৰ্ষলৈ টিকেটৰ মূল্য হ’ল ১৭ ইউৰো, ভাৰতীয় মুদ্ৰাত প্ৰায় ১২৭৬ টকা৷ আমি টিকট লৈ পুনৰ এবাৰ সুৰক্ষা প্ৰক্ৰিয়াৰ মাজেৰে গৈ এলিভেটৰত উঠিলোঁ৷ এলিভেটৰত প্ৰায় ১৫ জন মানুহ একেলগে যাব পাৰে৷ ইয়াৰ পৰা গৈ প্ৰথমতে দ্বিতীয় স্তৰত সকলোকে নমাই দিয়ে৷ কিয়নো ইয়াৰ পৰা আন এটা এলিভেটৰতহে শীৰ্ষলৈ যাব পাৰি৷ দ্বিতীয় স্তৰৰ পৰাই পেৰিছৰ দৃষ্টিনন্দন পৰিৱেশ উপভোগ কৰিলোঁ৷ অনুভৱ কৰিলোঁ ইয়াৰ উচ্চতা৷ ইয়াৰ পৰা চাইন নদী (seine) আৰু তাৰ ওপৰৰ বহুকেইখন দলং সুন্দৰকৈ দেখা যায়৷ পেৰিছৰ আন বহুকেইটা আকৰ্ষণ যিবোৰ আমাৰ ইতিমধ্যে চোৱা হ’ল, সেইবোৰো আইফেল টাৱাৰৰ পৰা পুনৰাই আৱিষ্কৃত হ’ল৷ লুভ্ৰ মিউজিয়াম (Louvre museum), আৰ্ক দি ট্ৰিয়ম্ফে (Arc de Triomphe), নট্ৰাডেম বেচিলিকা, টিউলেৰিছ গাৰ্ডেন, অৰ্চেই মিউজিয়াম (Musee’ D’Oresay) আদি সকলোবোৰ ওপৰৰ পৰা আকৌ এবাৰ উপভোগ কৰিলোঁ৷ ইয়াৰ পিছত পুনৰ এবাৰ শাৰী পাতি এলিভেটৰত উঠি শীৰ্ষলৈ গতি কৰিলোঁ৷ স্বচ্ছ কাঁচৰ মাজেদি পেৰিছ চহৰ চোৱাৰ অনু্ভৱ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি৷ কেইমিনিটমানৰ ভিতৰতে আমি শীৰ্ষ বা Sommet পালোগৈ৷ চমেটটো সকলোফালে লোৰে আৱৰা এটা চাবমেৰিনৰ কোঠাৰ দৰে৷ গ্লাচৰ মাজেৰে তললৈ চাব পাৰি৷ এলিভেটৰ ইয়াতে ৰৈ যায়৷ কিন্তু ইয়াৰো ওপৰৰ আৰু এটা মহললৈ খটখটিৰে যাব পাৰি৷ এই সৰ্বোচ্চ মহলটো পিছে মুকলি৷ চাৰিওফালে মজবুত তাঁৰেৰে আৱৰা যদিও খোলা খোলা যেন অনুভৱ হয়৷ তিনিশ মিটাৰ উচ্চতাত তেতিয়া বতাহে ফিৰফিৰাইছে৷ গধূলি হ’বলৈ তেতিয়াও অনেক সময় বাকী৷ দৰ্শকৰ ভিৰ তাতো আছিল৷ কোনোবাই চেলফি তুলিছিল, কোনোবাই ভিডিও ৰেকৰ্ডিং কৰিছিল৷ কোনোবাই হাতত ৱাইনৰ গিলাচ লৈ নিজ সংগীৰ সৈতে পেৰিছৰ সৌন্দৰ্য্য উপভোগ কৰিছিল৷ উল্লেখযোগ্য যে টাৱাৰৰ দুয়োটা স্তৰতে ৰেষ্টোৰা, বাৰ আৰু টয়লেটৰ সুব্যৱস্থা আছে৷ দ্বিতীয় স্তৰত আছে এখন উপহাৰৰ দোকানো৷ মনলৈ আহিল আমাৰো ঐতিহ্যময় ৰংঘৰ, কাৰেংঘৰবোৰো এনেকুৱা পৰ্য্যটনথলীলৈ গঢ়ি তুলিব পৰা হ’লে৷ প্ৰায় এঘণ্টাৰ পাছত অৰ্থাৎ দহটা পোন্ধৰমানত পেৰিছৰ বুকুলৈ সন্ধ্যা নামি আহিল৷ আইফেল টাৱাৰৰ জিকমিকাই থকা লাইটবোৰ জ্বলি উঠিল৷ পৃথিৱীবিখ্যাত টাৱাৰটোত ঢিমিক ঢামাক কৰি থকা লাইটবোৰ আমাৰ উপস্থিতিত জ্বলি উঠা দেখি এক বেলেগ আনন্দ অনুভৱ কৰিলোঁ৷ দ্বিতীয় স্তৰলৈ নামি আকৌ ভিডিও ৰেকৰ্ডিং কৰিলোঁ৷ শীৰ্ষত থাকোঁতেই পেৰিছৰ সম্পূৰ্ণ ৩৬০ ডিগ্ৰী দৃশ্য দেখা যায়৷ সমগ্ৰ চহৰখনেই জীৱন্ত হৈ উঠে৷ মোৰ পত্নী বিনীতাও পূৰ্বেও আইফেল টাৱাৰলৈ আহিছে যদিও ওপৰলৈ উঠাৰ অভিজ্ঞতা এইবাৰেই প্ৰথম৷ অৱশেষত প্ৰায় এঘাৰ বজাত নামি আহি তল পালোহি৷ গৰম দিনত আইফেল টাৱাৰ পুৱা ন বজাৰ পৰা নিশা প্ৰায় এক বজালৈকে খোলা থাকে৷ শীতকালত পৰ্য্যটক কম যদিও গ্ৰীষ্ম অহাৰ লগে লগে দেশী বিদেশী পৰ্য্যটকেৰে পেৰিছ ভৰি পৰে৷ সকলোৱে প্ৰথমবাৰৰ বাবে এই আশ্চৰ্য্যটো চাবৰ বাবে ব্যাকুল হৈ পৰে৷ এসপ্তাহ পেৰিছত থাকি বহু স্থাপত্য আৰু ভাস্কৰ্য্য চাই অনুভৱ হ’ল যে, যদিও আনবোৰ ৰাজপ্ৰাসাদ আৰু অন্তৰমহলৰ চালে চকুৰোৱা দৃশ্য আইফেল টাৱাৰৰ ষ্টিলৰ প্লেটবোৰতকৈ বেছি আকৰ্ষণীয়, তথাপিও আইফেল টাৱালৰ এক সুকীয়া গাম্ভীৰ্য্য আছে, যাৰ বাবে অগণন দৰ্শকে আজিও ১২৮ বছৰৰ পাছতো অধীৰ আগ্ৰহেৰে বাট চাই ৰয়, লগতে পেৰিচৰ স্মৃতিচিহ্ন হিচাপে লৈ যায় আইফেল টাৱাৰৰ এটা সৰু প্ৰতিমূৰ্তি৷

প্ৰাঞ্জল মেধি
মাচকাট
অ’মান

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments