আইৰ অসুখ – ধ্ৰুৱজ্যোতি শৰ্মা

অজস্ৰ দানৱৰ বেহু ভাঙি
তই সাজিছিলি শিল্পৰ প্ৰতিমা
তই আছিলি নিপীড়িতৰ গান
কাইটি, আমি ভালেই আছোঁ দে।

তই যে কৈছিলি
আমি আগবাঢ়ি যাওঁ ব’ল,
গ’লোঁ। গৈ গৈ বহুদূৰ পালোঁগৈ।
কাইটি মই এতিয়া ক’ত!
ঘূৰি চাই দেখোন মোৰ আইকেই নেদেখো।

কাইটি, আমি ভালেই আছোঁ দে
যি সম্প্ৰীতিৰ বাবে তই ফেৰেংগাডাও হৈছিলি,
সেই সম্প্ৰীতি এতিয়া মজবুত।
আমি চিনি পাওঁ,
আমি বড়ো নে ৰাভা
কাৰ্বি নে ডিমাচা
আহোম নে কলিতা,
ভৈয়ামৰ নে পাহাৰীয়া।
মোৰ আই হেৰাল অ’ কাইটি।
অসমীয়া বুলিবলৈ আমি এতিয়া এঠেঙীয়া।

জান কাইটি!
তই খালী ভৰিৰে ঘূৰি পোহৰ বিলোৱা ঠাইত
এতিয়া বুটৰ খোজত ৰক্তপাত হয়
আমাৰ মাজতেই।
তই গান গোৱা চোতালবোৰত
এতিয়া চলে জাতিৰ বিৰুদ্ধে অভিসন্ধি।
মোৰ আই নৰিয়াত পৰিল অ’ কাইটি
কেনেকৈনো শুশ্ৰূষা কৰোঁ এতিয়া!

তোৰ শেষ ৰাগিণীলৈ বৰকৈ মনত পৰিছে আজি
আয়ো অকলশৰীয়া হৈ পৰি আছে সভ্যতাৰ বাৰাণ্ডাত
তোৰ দৰে গাইছে,
এয়ে মোৰ শেষ গান
মোৰ জীৱন নাটৰ শেষ ৰাগিনীত
কল্যাণ খৰমান
কি কৰোঁ কচোন!
আইক এনেকৈ চাব পৰা নাই।

তই অহা কথা আছিল
ফুটবল খেলাৰ কথা আছিল সমন্বয়ৰ
জ্যোতি কাইৰ বাণীৰে ভঙা কথা আছিল
কুসংস্কাৰ আৰু মনৰ ভেদভাব।
নালাগে দে আহিব
ভয় লাগে,
তোক যদি পুনৰ সজোৱা হয় বামপন্থী
তোক যদি পুনৰ সজোৱা হয় জাতিদ্ৰোহী
পুনৰ যদি কৰা হয় ক্ৰুছবিদ্ধ!
আই মৰি থাকিব অ’ কাইটি
আপোন পুত্ৰৰ ওপৰত
সতীয়া পুত্ৰৰ এই অত্যাচাৰ
কেনেকৈনো সহিব আয়ে।

নালাগে পুনৰ আহিব
তই তাতেই থাক।
২০ জুন আছে নহয়
সিদিনা তোক চিঞৰি চিঞৰি মাতিম
বিষ্ণুৰাভা এতিয়া কিমান ৰাতি।
তই মাথোঁ আওৰাবি তোৰ সেই প্ৰিয় গান
পৰজনমৰ শুভলগনত
যদিহে হয় আমাৰ দেখা।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments