আইৰ আঘোণী সপোন – অংগনা

হেৰৌ কণবোপা
কিমান টলৌ টলৌকৈ ঘূৰি ফুৰ অ’ চাকৰি বিচাৰি
এইটো ইলেকচনত ইটোৰ পিছত, সেইটোত সিটো
গোটাব পাৰিলিজানো চাকৰি
ভাগৰ নালাগেনে তোৰ
মৰিচীকা খেদি
তাতকৈ পথাৰত সোণগুটি নিসিঁচ কিয়
আঘোণত চপাব পাৰিবি
ঘামেৰ তিতি যোৱা তোৰ উদং দেহ
জিলিকিৱ প্ৰখৰ ৰ’দত
ভাৰ বৈ অনা দাঙৰীবোৰ চোতালত থৈ
তোৰ চকুত জিলিকিব ভৱিষ্যতৰ সপোন
চোতালখন যে কি ধুনীয়া দেখিব
বয়স দেখোন তোৰ ত্ৰিশ পাৰ হ’ল অ’
কিমান আৰু আনৰ ঘৰত কাম কৰি খুৱাম মই
পিতায়েৰা যাবৰটো তেইশ বছৰেই হ’ল
তোৰ বিয়াখনো পাতিব লাগিছিল
বয়স ভাটী দিলে
কোলাত লৈ খেলিবলৈ মোক এটি নাতিপোৱালিও লাগিছিল
পিছে খুৱাবি কি কৰি
ভেটী মাটি বেচি চাকৰিত টকা দিলি, বিজনেচো কৰিলি
সফল জানো হ’লি
আধুনিকতাত মিলিব গৈ নিজক হেৰুৱালি
কণবোপা অ’ তই বাৰু কিয় পাহৰিলি
ল’ৰালিৰ তোৰ সপোনৰ পৃথিৱী
তই যে পিতায়েৰৰ লগত পথাৰলৈ গৈছিলি
থোক চিঙি পৰা ধানবোৰ অবাবত যাব বুলি
তোৰ কোমল কান্ধত তেতিয়া মোনাত ভৰাই আনিছিলি
মই বাধা দিওঁতে কৈছিলি
আই, ঘৰৰ হাঁহ কুকুৰাকেইটাই খাব পাৰিব অ’
সেই সময়বোৰ ক’ত হেৰুৱালি
তোৰ সেই নিশা নে তমশাজনী
তোক এৰি যাবৰটো বহুদিনেই হ’ল
পিছে, তই চিন্তা নকৰিবি
মদনৰ জীয়েক নীলিমাক চাইছো তোৰ বাবে বোপা
বৰ মৰমিয়াল অ’ তাই
তোক বুজিব, সহায়ৰ হাত আগবঢ়াৱ
বোপাই অ’ চপা চোন পথাৰখন
মাঘতে ৰাইজক এসাঁজ খুৱাম বুলি ভাৱিছো
কণবোপা
আমি সাধাৰণ মানুহ, সাধাৰণ সপোন নেদেখ কিয়
বাৰে বাৰে পিছলি তোৰ বাৰু ভাগৰ লগা নাইনে
আৰু কেতিয়ালৈ দৌৰিবি মিছা সপোনৰ পিছত
সৰুৰ দৰেই আঘোণক ভাল পাৱলৈ শিকচোন
নতুনকৈ সপোন সজাৱলৈ ল’
চনপৰি থকা মাটিডৰাত বছৰজোৰা হাঁহিৰ শষ্য ৰু
দেখিবি সময় বাগৰিব, সপোনে ৰং সানিব
চাকনৈয়াত পৰা জীৱন নাওৰ গতি লাগিব
মই বুঢ়ী হ’লো নহয়
তই কিবা কৰিব লাগিব আৰু ঘৰখনৰ বাবে
সেয়ে কৈছো
মাৰৰ কথা মানি সাজি চাচোন এবাৰলৈ এটি
আঘোণৰ সপোন  ■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক