আই এছ এলত এনেকুৱাও হয়নে !! (নীলোৎপল শৰ্মা)

Nilotpal Sharma-ISL
তিনিবছৰৰ ডেঞ্জাৰাছ প্ৰেম। প্ৰেম!! প্ৰেম নহয় যেন সেয়া তিনি বছৰৰ সাংসাৰিক অভিজ্ঞতাহে আছিল। আৰু সেই সময়ত মোতকৈ সুখী আৰু ভাগ্যৱান চাগে এই দুনীয়াতে নোলাব। তেৰাৰ নামটো বাৰু নকওঁৱেই দিয়কচোন… চিনাকি কৰাই দিবলৈ কামবোৰেই যথেষ্ট দেখোন। হৃষ্ট-পুষ্ট মানুহটোক যে তিনিটা বছৰতে একেবাৰে পানী-কেঁচুৱা কৰি পেলাইছিল ভাবকচোন সেইগৰাকীৰ মহিমা তেন্তে কম হ’ব নে।

এই ধৰক গৰমৰ দিনত ৰাতি বিজুলী নাই, সৰু ভাৰাঘৰটোত বতাহ সোমাব পৰা এখনেই খিৰিকী। গুৱাহাটীৰ চোৰ ডকাইতলৈকো কেৰেপ নকৰি খিৰিকী খুলি শুবলৈ চেষ্টা কৰি আছোঁ, পৰা নাই। বিজুলী নাহে হে নাহে। বাৰ বাজি গ’ল, এক বাজি গ’ল, কাৰেণ্ট তথাপিও নাই।শেষত প্ৰায় আঢ়ৈমান বজাত বিজুলী আহিল, ধপকৈ শব্দ এটা কৰি মোৰ পুৰণি ফেনখন লাহে লাহে ঘুৰিব ধৰিছে। মইও উস্, ৰক্ষা বুলি চকুকেইটা মুদি শুবলৈ চেষ্টা কৰিছোঁ, বাজিল নহয় মোবাইল ফোনটো। চাই দেখোঁ, ‘এঞ্জেল কলিং’। আও, এঞ্জেল মানে সেই তাই আকৌ! ক’লোৱে দেখোন সেই সময়ত মোতকৈ সুখী কোনোয়ে নাছিল বুলি। আৰু ইমান সুখী মানুহ এটাই কাৰোবাক যেনিবা এঞ্জেল বুলি মাতিলেই, মাতিছোঁ নো ক’ত… ফোনতহে চেভ কৰিছোঁ! এতিয়া আকৌ বেলেগ অৰ্থ নুলিয়াব দেই। মই একো গালি খাই সেইটো নাম দিয়া নাই। আপোনালোকে চাগে ভাবিছে মই নাম্বাৰ চেভ নকৰাকৈ ৰাখি থোৱা তাই চাগে দেখিলে, দেখিয়ে মুখ ওফন্দাই মোৰ লগত কাজিয়া কৰিলে…আৰু তাইৰ সমুখতে ধুনীয়া নাম এটা দি নাম্বাৰটো চেভ কৰিব দিলে… আৰু তেতিয়াৰ পৰা নাম্বাৰটো এঞ্জেল বুলি চেভ হৈ আছে মোৰ মোবাইলত। হ’ব হ’ব…তেনেকুৱা একো নহয় বুজিলে… আমাৰ তাই তেনেকুৱা নহয় ও….

চেহ তাই কল কৰি আছিল নহয়…. পাহৰিছিলোঁয়ে কথাটো আধৰুৱা হ’ল বুলি…
এই ৰাতি আঢ়ৈ বজাত হঠাৎ আকৌ এঞ্জেলৰ কি হ’ল….

মই বোলো – হেল্ল….

: কি কৰিছা….

মই বোলো- শুব লৈছিলোঁ….

: তোমাৰেই দিন আৰু…

কিয়..? কি হ’ল নো ?

: ইম্মান ধুনীয়াকৈ শুই আছিলোঁ জানানে, হোষ্টেলৰ কাৰেণ্টটো গুচি গ’ল…গৰমত এতিয়া শুব পৰা নাই…প্লিজ….জান… কথা পাতা না অলপ….প্লিজ..তোমাক বহুহুহুতত….মিছ কৰিছোঁ…

উপাই নাই আৰু… গৰমতকৈ ওফন্দা মুখৰ উত্তাপ বহুত বেছি… বুজা সকলে বুজিব… ওপৰত ফেনখন চলি আছে, তলত মোৰ মুখখন….

এয়াই আছিল প্ৰেম.. কথা পতাৰ কোনো নিৰ্দিষ্ট সময় যেনেদৰে নাছিল মিছ কৰাৰো কোনো নিৰ্দিষ্ট সময় নাছিল। আৰু ঠিক তেনেকৈ মৰম কৰাৰ, কেয়াৰ লোৱাৰ, চিন্তা কৰাৰ…

ঠাণ্ডা দিন পৰিল কি নাই আৰম্ভ হৈ যায়… গৰম পানী খাবা, ৰাতিটো নকৰিবাই দিনতো গৰম বেছি লাগিলে কল্ড ড্ৰিংকছ ইউজ নকৰিবা, পাৰিলে ৰাতিপুৱা গৰম পানীৰে গা ধুবা, তুমি কিন্তু বাইক বেছিকৈ চলোৱা দেই..একদম কমোৱা বাইক চলোৱা…

ক’লোৱে নহয় মোতকৈ ভাগ্যৱান সম্ভৱ দ্বিতীয়টো কোনো নাই…
এই যে ডাক্তৰে দৰৱ দিলে কয় দুচামুচ আহাৰৰ আগত…মোৰো অৱস্থা ঠিক তেনেকুৱাই। দুচামুচ কেয়াৰ আহাৰৰ আগত… দুচামুচ চিন্তা বাইক চলোৱাৰ আগত, দুচামুচ মিছ শুই থকাৰ মাজত আৰু দুচামুচ মৰম…. তাইৰ বাৰ্থডেৰ আগত…..

জীৱন জীৱন বৰ অনুপম…. নিৰ্মলপ্ৰভা বাইদেউৰ কিতাপখনৰ শিৰোনামটোৰ সৈতে যেন মোৰ জীৱনটো মিলি গৈছিল সেই সময়ত.. কিতাপখন কিনি আনি পঢ়ি দিবই মন গৈছিল…পিছে প্ৰেমিক মানুহৰ আকৌ সময় ক’ত…তাতে মোৰ নিচিনাবোৰৰতো কথাই বেলেগ…
আজি বোলে এঞ্জেলক চিনেমা দেখুৱাবলৈ নিব লাগে…কাইলৈ আকৌ পেন্টালূনত মহিলালৈ বুলি থোৱা কাপোৰৰ আঁৰে আঁৰে সোমাই তাইক ড্ৰেছ চইচ কৰাত হে’ল্প কৰি দিব লাগে…

এহ…আপোনালোকো কম নহয় দিয়ক… ডেবিট কাৰ্ডখন কাৰ ব্যৱহাৰ কৰিছিলোঁ সেইটোকলৈহে চিন্তা কৰিছে… তাইৰ বা মোৰ এটাৰ হ’লেই হ’ল আৰু… মই ল’ৰা মানুহটো থাকোঁতে ছোৱালীজনীক বাৰু পেইমেণ্ট কৰিব দিব পাৰোঁ নে… ধুৰ.. প্ৰেষ্টিজৰ কথা নাই নেকি কিবা…

চকুচৰহাবোৰতো জ্বলিবই… কেৱল নিগেটিভ চিন্তা…আনৰ ভাল দেখিবই নোৱাৰে… আৰে এঞ্জেলৰ মৰম, চেনেহ, কেয়াৰ এইবোৰৰ ওচৰত মইচোন একোৱে দিবই পৰা নাই…তথাপি তাই কিমান বহল অন্তৰৰ চাওক, মোক লৈ কেতিয়াও একো অৱজেকচন নাই তাইৰ… অ’ অৱশ্যে মই ঘৰৰ পৰা পঠোৱা টকা কেইটাৰে তাইক ইটো সিটো সৰু সুৰা বস্তু কিনি দিবলৈ অসুবিধা হোৱাৰ বাবে ক্ৰেডিট কাৰ্ডখন লওঁতে তাই অলপ অৱজেকশ্যন নকৰা নহয়… সেইদিনা তাই মনটো একেবাৰে মাৰিয়ে পেলাইছিল….
তাই কৈছিল..এতিয়াতো তুমি মোক বহুত ভাবি চিন্তিহে কিবা দিবা চাগে… ক্ৰেডিট কাৰ্ডৰ বিল বুলিতো চাগে মাজে মাজে শুনায়ে থাকিবা আৰু… বাপৰে…কম বুজাইছিলোঁনে তেনেকুৱা একো নহ’ব বুলি….

এতিয়া আকৌ নুসুধিব দেই ক্ৰেডিট কাৰ্ডৰ বিল কিমান আহিছিল বুলি…
সেইবোৰ পুৰণি ফাইল খুচৰিবলৈ মোৰ ওচৰত এতিয়া ক্ৰেডিট কাৰ্ডো নাই বিলো নাই…

মুঠতে মোৰ হিট লাভ ষ্টৰি… চকুচৰহাবোৰে নামানিলে কি হ’ল…

প্ৰথমে মাজ নিশা সাৰ পাই শুনা – অ’ জান মিছ ইউ, ৰাতিপুৱা এলাৰ্ম ক্লকৰ দৰে টোপনিৰ পৰা জগাই দি কোৱা – গুড মৰ্নিং ছুইটহাৰ্ট, ঠাণ্ডা দিনত বাইকলৈ ক’ৰবালৈ যাব ওলালে – অ’ দেহা..ভালকৈ গৰম কাপোৰ পিন্ধি যাবা আদিৰ দৰে বিশেষণবোৰ পিছলৈ অস্তিত্বৰ সংকটত ভুগিছিল… ভুলটো তেনেকুৱা শব্দবোৰ শুনিবলৈ পোৱা নাছিলোঁ…। অৱশ্যে তাৰ ঠাইত বেলেগ কিছুমান শব্দহে সংযোগ হৈছিল। যেনে – তুমি কিন্তু শকত হৈছা… আগতকৈ অলপ ক’লাও পৰিছা… আজি কালি মই কিবা এটা কলেই তুমি উল্টা বুজা… কেতিয়াবা অলপ বেছিকৈ এনেদৰে- হ’ব..যি কৰা কৰি থাকা… তুমি বহুহুহুহুততত চেঞ্জ হ’লা.. মোক অলপো বুজিব ট্ৰাই নকৰা…

এনেকৈয়ে প্ৰব্লেমৰ পিছত প্ৰব্লেম ওলাওঁতে ওলাওঁতে এদিন কোনোবা ৰাৱণে আহি এঞ্জেলক হৰণ কৰি লৈ গৈছিল… নে এঞ্জেল নিজেই পূৰণ হৈছিল ক’ব নোৱাৰোঁ… মইতো আৰু ৰামচন্দ্ৰ নহয় যে শিলৰ সাঁকো বনাই এঞ্জেলক বিচাৰি যাম… মদ খাবলৈও আকৌ দেৱদাস নহয়….
গতিকে পাৰোৰ নামত জগজিৎ সিঙ বা পংকজ উদাসৰ গজল কেইটামানকে শুনিব ল’লো… আৰু ফু বাবাই ফু দি বেমাৰ ভাল কৰাৰ নিচিনাকৈ মই জান, সোণ, ধন, দেহা আদি বিশেষণৰ মায়া মোহৰ পৰা সোনকালেই আৰোগ্য হৈ উঠিলোঁ।

সেইদিনা আই এছ এলত পুনেৰ লগৰ মেচখন চাবলৈ বুলি ষ্টেডিয়ামত বহি আছো.. লগত আৰু দুজন… খেল তেতিয়াও আৰম্ভ হোৱাই নাই… ইফালে আকৌ বন্ধুৰ দৰে দাদা দুজনমানেও একেলগে চাব… গতিকে মই আৰু লগৰ দুটা অলপ সোনকালে ষ্টেডিয়াম পালো কাৰণে সেই দাদা কেইজনলৈও ছিট দুটামান ৰাখি থৈ দিছোঁ… বহুতে আহি ছিট কেইটাৰ কথা সুধিছে, আমিও পানী বটল আনিবলৈ উঠি গৈছে বুলি কিবা প্ৰকাৰে চিট কেইটা ৰাখি আছো যেনেতেনে। ইফালে মানুহে ষ্টেডিয়াম ভৰি পৰিছে… বহুতে লাহে লাহে ছিটৰ আশা বাদ দি থিয় হৈ চাবলৈকে থিৰাং কৰিছে। আমিও দাদা কেইজনক ফোন লগাও হে লগাও… নাই…নেটৱৰ্ক নাই… ফোন নালাগে…চেহ, কি কৰা যায় বাৰু… ইফালে খেলপথাৰত খেলুৱৈবোৰ শাৰী পাতিছে ৰাষ্ট্ৰীয় সংগীত গাবলৈ…. দৰ্শকো থিয় হ’ল…. তথাপি দাদা কেইজনৰ কোনো খবৰ নাই… আৰম্ভ হ’ল….

“জন গণ মন অধিনায়ক জয় হে
ভাৰত ভাগ্য বিধাতা…”

এহ ভাৰতৰ ভাগ্য বাদ দিয়কহে মোৰ ভাগ্যখন চাওঁকচোন…
আমি বহা শাৰীতে কোলাত কেঁচুৱা লৈ থিয় হৈ আছে এঞ্জেল… এফালে গাই আছো ৰাষ্ট্ৰীয় সংগীত আনফালে চকু এবাৰ এঞ্জেললৈ এবাৰ কোলাৰ কেঁচুৱাটোলৈ এবাৰ আকৌ খুৰাকলৈ।

ৰাষ্ট্ৰীয় সংগীত শেষ তাৰ পিছতে আমাৰ মিলন সংগীত বাজি উঠিল….
মই একো ক’বই নাপালোঁ… দেখা লগে লগে অলপো পলম নকৰি তাই চিঞৰি উঠিল—অহ.. হাই…তুমি…. ইয়াত…..???

ইচ্ যেন মই ভনীয়েকৰ বিয়াত হে আছো…তাইৰ ৰিয়েকশ্যনটো দেখি তেনেকুৱাই লাগিল….

মই বোলো—অ…হাই….এই খেল চাব আহিলোঁ…

: অ’ অ’ … আমিও… পিছে ছিটেই পোৱা নাই জানানে…
এইকেইটা ছিট দেখিহে লৰালৰিকৈ আহিছোঁ…কোনোবা আছে নেকি এইকেইটাত…??

মই বোলো—লগৰ দুজনমান আহি আছে…

: এহ হ’ব দিয়া.. আহিলে বাৰু এৰি দিম..এতিয়া বহি থাকো… কৈয়ে নিজেতো বহিলেই খুৰাককো হাতত ধৰি বহাই দিলে…

: অহ পাহৰিছিলোঁ… অই শুনাচোন,… এয়া মোৰ হাজবেণ্ড অনিৰ্বান… আৰু অনিৰ্বান, এয়া মোৰ ক্লাছ ফ্ৰেণ্ড……..অমুক……

ধেইত তেৰি…. খুৰাক নহয়…পতিহে সেইজন….

আৰু মই…!!! মোতকৈ বয়সত চাৰিবছৰৰ সৰু ছোৱালীজনী হ’লগৈ মোৰ ক্লাছ ফ্ৰেণ্ড…

মইও সৌজন্যতাৰ খাতিৰত হেল্ল’ জাতীয় কিবা এটা দিলোঁ… শুনিলেনে নাই নাজানো… প্ৰত্যুত্তৰ হিচাপে তেওঁ হাঁহিটো মাৰি হেল্ল’ বুলিয়ে ক’লে যেন পাওঁ… মই তেওঁনো কি কয় ইমান আগ্ৰহেৰে অপেক্ষা কৰা নাছিলোঁ।

খেল ইতিমধ্যে আৰম্ভ হৈ গৈছে… দাদা কেইজনৰ কোনো খবৰ নাই…

বাংলাদেশীয়ে চাগে এনেকৈয়ে অলপ বহিম বুলিয়ে নিগাজিকৈ অসমত বহি গৈছিল… মোৰ প্ৰাক্তন প্ৰেমিকাই পতি আৰু পুত্ৰৰ সৈতে ডেৰ ঘন্টা ধৰি নানা ফাঁকি-ফুকা, কষ্টৰে ৰাখি থোৱা ছিটকেইটাত নিগাজিকৈ খোপনি পুতিছিল।

কোলাৰ কেঁচুৱাটোৱে সম্ভৱ মানুহৰ ভিৰত অশান্তি কৰিছিল নেকি… এঞ্জেলে এগৰাকী দায়িত্বশীল মাতৃৰ দৰে নিচুকাবলৈ যত্ন কৰিছিল… মই খেল চাই থকাৰ মাজতে মাজে মাজে এঞ্জেললৈ চাও… এবাৰ চকুৱে চকুৱে পৰিল… ডাঙৰ স্ক্ৰীণখনত তেতিয়া সাত মিনিটৰ খেল হৈ গৈছে…

চকুৱে চকুৱে পৰাত..তাই ক’লে… ভিৰ যে..অলপ আমনি কৰিছে।
কিন্তু মগজ…বেয়া হ’ল তেতিয়া যেতিয়া কেঁচুৱাটোৱে মোক দেখি হাঁহিব খোজোঁতে তাই কৈ উঠিল…

কিনো… কিনো…. মামাৰ ওচৰলৈ যাবা…

মামা….!!!!

কোন…?? কোনো মামা ওলাল ইয়াত…??

কথাটো কৈ কেঁচুৱাটো মোৰ ফালে আগবঢ়াই দিয়াত হে বুজিলোঁ…মামাটো চোন মইয়ে….

এতিয়া দৃশ্যপট মন কৰক…. মানুহে গিজগিজাই থকা সৰুসজাই ষ্টেডিয়াম… সমুখত কোকে, এলেন, কেপডাভিয়াই বল লৈ দৌৰি আছে… মই গেলেৰীত বহি আছো, কাষত হাজবেণ্ডৰ সৈতে আছে মোৰ প্ৰাক্তন প্ৰেয়সী…আৰু মই প্ৰথমতে প্ৰেয়সীৰ ক্লাছ ফ্ৰেণ্ড আৰু পিছলৈ মামা ৰূপ ধাৰণ কৰি প্ৰেয়সীৰ সন্তান মানে ভাগিনক কোলাত লৈ নিচুকাই আছো।

নব্বৈ মিনিটৰ খেল চাই শেষ হ’বৰ হ’ল… তেতিয়াও মামা ভাগিনৰ যুগলবন্দী শেষ হোৱাৰ কোনো আশা নাই… মাজে মাজে এঞ্জেলে মোকে শুনাবলৈকে কেচুৱাটোক কয়… “ইছ…মামা পাই মোক পাহৰি গল আউ…নহ্…নহ্ ধুনু… হয়নে…অ বুলু হয়নে…??”

লগে লগে কেঁচুৱাটোৰ এটা মিচিকিয়া হাঁহি…
সেই হাঁহিটোৰ কথাকে আকৌ হাজবেণ্ডক কয়….হাজবেণ্ডে মোলৈ চাই কয়—
‘আপুনি বাৰু আমনি পাইছে নেকি’?

ক’বলৈ মন যায়… সেই মাজ ৰাতি শুব নিদি “কথা পাতা না জান” বুলি কোৱা ভুক্তভোগীজনেই হয় মই… মন আৰু ছাল এক্কেবাৰে ডাঠ কৰি থৈছে আপোনাৰ পত্নীয়ে ডাঙৰীয়া…এইবোৰ তেনেই সাধাৰণ কথা…নকওঁ… মিচিকিয়াই হাঁহি এটা মাৰি একো নাই বুলি কৈ থওঁ…

খেলৰ অতিৰিক্ত সময়তহে এঞ্জেলে মোৰ পৰা এই অতিৰিক্ত দায়িত্বটো কমালে…

খেল শেষ হোৱাৰ পাছত ক’লে…
নাই নাই এনেকে খেল চাব দিগদাৰ জানানে… ইয়াকলৈ খেল চাব আহিব নোৱাৰি… মানুহ বেছি যে বৰ আমনি কৰে পাই…

ঘৰলৈ বুলি আহি থাকোঁতে ভাবিলোঁ… নব্বৈ মিনিট কোলাত প্ৰাক্তন প্ৰেয়সীৰ কেঁচুৱা লৈ আই এছ এল চোৱা মানুহ চাগে মইয়ে প্ৰথম নেকি…!

এঞ্জেলৰ কথাবোৰকে ভাবি ভাবি আহি কেতিয়ানো ঘৰৰ গেটৰ ওচৰ পালোঁহি গমেই নাপালোঁ… ব্ৰেকডাল মাৰিহে মনত পৰিল…দাদা কেইজন বা আহিছিল নে নাই খেল চাবলৈ…

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments