আই.এছ.এল – চৈয়দ হান্নান আহমেদ

হে: হে: – বতহুকাই হাঁহিলে ৰঙা দাঁত কেইটা গোটেই ওলাই পৰে৷ মুখখন বহুপৰ মেল খায়েই থাকে৷ তাকে দেখি ল’ৰাজাকে কয় – “বতহু কা, মাখি সোমাব মুখত৷“

বতহুকাৰ বাহিৰৰ হাঁহিটো কিন্তু ঘৰত দেখা পোৱা নাযায়৷ বেছিকৈ হাঁহিলে বৌৱে হেনো লাই পাই যাব৷ তিৰোতা মানুহ এবাৰ মূৰত উঠিলে নমোৱা মুস্কিল৷ পিচত কেয়াৰে নকৰা হ’ব৷ বতহুকাৰ কথাষাৰ অৱশ্যে সঁচা বুলি দুই এজনে কয়৷

আই.এছ.এলৰ সময়ত এবাৰ বৌৰ লগত বতহু কাই খেল চাই আছিল৷ খেলৰ ৰাপতে একো একোবাৰ বৌকে লাঠি মাৰি দিয়ে৷ বৌৱে মাজে মাজে চিৰিয়েলত দিব খোজে যদিও বতহু কা জকজকাই উঠে৷

“তঁহত লেডিজমখাই কন্দা কটা বোৰ চোৱাত বাহিৰে আৰু বেলেগ কি বুজি পাৱ৷ নৰ্থ ইষ্টৰ খেল নোচোৱা কিয়৷ কি মজা খেলিছে!”

নৰ্থ ইষ্ট জিকা কাৰণে বতহুকাৰ মুখত হাঁহি৷ বাহিৰৰ চাঙখনত তাকে খবৰটো দিও বুলি ওলাই আহিল দৌৰা দৌৰি কৰি৷ দূৰৰ পৰাই বতহু কাই চিঞৰি আহিছে “নৰ্থ ইষ্টৰ খেল দেখিলি ?“৷

চাঙত আহিহে পিচে গম পালে আজি বোলে দিল্লীহে জিকিলে৷ অতপৰে এনেয়ে নৰ্থ ইষ্ট নৰ্থ ইষ্ট বুলি মাতটো ফতালে৷ বতহুকাৰ কি দোষ, ইহঁতে বাৰু বগা ড্ৰেছযোৰ কিয় সলনা সলনি কৰিলে!■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments