আই তোক কিহেৰে পূজিম মই (নিতুল বৰা)

আই তোক কিহেৰে পূজিম মই

নিতুল বৰা

 

জনমে জনমে যেন তোমাকেই পাওঁ মোৰ জন্মদাত্ৰী। সেইগৰাকীয়েই হৈছে আই, মোৰ আই। যি দহ মাহ দহ দিন গৰ্ভত ধাৰণ কৰি পৃথিৱীৰ সমস্ত ভৰৰ সমান যন্ত্ৰনাকো সহি জন্ম দিছে মোক, আপোনাক, আপোনালোকক। ভূমিস্থ হোৱাৰ পাছত চকু মেলি চাওঁতেই প্ৰথমেই আইক কাষত পালোঁ, অমৃত সদৃশ আইৰ দুগ্ধ পান কৰিয়েই প্ৰথম আহাৰ পান কৰিছিলোঁ। সেইগৰাকীয়েই মোৰ আই। শৈশৱতো আইৰ স্নেহ, কৈশোৰতো আইৰ স্নেহ, যৌৱনতো আইৰ স্নেহ, আৰু সাংসাৰিক হোৱাৰ পাছতো আইৰ স্নেহৰ কোনো তুলনা নাপালোঁ।…..হয় সেইগৰাকীয়েই আমাৰ আই মাতৃ, যি জীৱনৰ সমস্ত সুখ নেওচি নিজ সন্তানৰ বেলিকা সকলো উৎসৰ্গ কৰিব পাৰে। যি নিজে নাখাই সন্তানৰ ক্ষুধা নিবাৰণ কৰে।

‘আই’ বা ‘মা’ শব্দটিৰ মাদকতাই সুকীয়া। এই সম্বন্ধৰ ওপৰত কোনো সম্বন্ধই হ’ব নোৱাৰে। জন্ম দিয়াৰ যি ঋণ সেই ঋণ বোলে কোনো কালেই কোনেও পৰিশোধ কৰিব নোৱাৰে। এই সকলোবোৰ জানিও কিয় পৰশুৰামৰ হাতত মাতৃ-হত্যাৰ দৰে কাৰ্য্য হৈছিল? এই সকলো জানিও কিয় আমি পাহৰি যাওঁ সেই গৰাকী মোৰ আই বুলি? এই সকলো জানিও কিয় পুত্ৰৰ হাতত আজিও মাতৃ-হত্যাৰ দৰে ঘটনা ঘটিয়েই আছে। মোৰ আই যাক এবাৰ হেৰুৱালে জীৱনত দুনাই কেতিয়াওঁ পোৱা নাযায়।

সেয়ে কওঁ এগৰাকী নাৰী সন্তান সম্ভৱা হোৱাৰ পিছৰে পৰা, এটি দেহ নিজৰ শৰীৰত কঢ়িয়ায় আৰু সুস্থ-সৱল ৰূপত জন্ম দি একক সংগ্ৰামেৰে গৌৰৱাম্বিত হয়। জীৱন মৰণৰ ই কি যে এক অধ্যায় তাক ভুক্তভোগীয়েহে উপলদ্ধি কৰিব পাৰে। সন্তান লালন-পালনৰ এটি দীৰ্ঘদিনীয়া কষ্টকৰ ঢাপ ৰাতিক দিন আৰু দিনক ৰাতি কৰি কেনেদৰে অতিবাহিত কৰে, সেয়া হৈছে নাৰী জাতিৰ অনন্য শক্তি স্বৰূপ।

বৈবাহিক বান্ধোনত সোমাই পৰাৰ আগলৈকে এগৰাকী নাৰী বেলেগ এখন ঘৰৰ বেলেগ পৰিবেশত ডাঙৰ দীঘল হয়। আৰু বিয়াৰ পিছত এখন সম্পূৰ্ণ নতুন ঘৰলৈ আহি নিজকে সেই নতুন পৰিবেশৰ লগত খাপখুৱাই ল’বলৈ কিছু সময়ৰ প্ৰয়োজন হয়। নিজৰ ঘৰখনৰ তুলনাত নতুন ঘৰখনত ষোল্ল অনা কেতিয়াও নাপায়। তথাপিও গোটেই জীৱন নতুন ঘৰখনতে থাকিব লাগিব বুলি ভাবিয়েই সকলো কথা বাদ দি নতুন ঘৰখনক আপোন কৰিবলৈ ব্যস্ত হৈ পৰে। সেই বাবেই কিছু ত্যাগ কৰি হলেও হাঁহিৰে উজলাবলৈহে চেষ্টা কৰে। কোনো নাৰীয়েই নতুন ঘৰখনত অশান্তিৰ পৰিবেশ সৃষ্টি কৰাৰ মানসেৰে কেতিয়াও নাহে। নতুন ঘৰখনত প্ৰথমেই নানান সমস্যাৰ মুখামুখি হ’বলগীয়া হয়। স্বামী, শহুৰ-শাহুৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ সকলোকে সন্তুষ্ট কৰিবলৈ বহুতো কামেই ইচ্ছা নাথাকিলেও কৰিবলৈ বাধ্য হয়। নাৰীৰ সহ্য গুণ যে অতুলনীয় এই কথা আখৰে আখৰে তেতিয়াহে প্ৰতিফলিত হৈ পৰে। কেতিয়াবা দেখা যায় এই সকলোবোৰ ত্যাগ স্বীকাৰ কৰাৰ পাছতো যেতিয়া সন্তুষ্টি দিব নোৱাৰে তেতিয়াই জেদ ভাৱৰ জন্ম হয়। এটা সময়ত মাকৰ ঘৰত জীয়াৰী অৱস্থাত অমুক কৰিছিল তমুক কৰিছিল, এতিয়া সেইবোৰ মাকৰ ঘৰতে এৰি আহিছে। নতুন ঘৰখনত নতুন পৰিবেশত পুৰণি দিনৰ সেই আশা-আকাঙ্খাৰ বাবে সময়ো নাই, সুবিধাও নাই আৰু কাৰো যেন ন-বোৱাৰী গৰাকীৰ প্ৰতি আগ্ৰহো নাই। এনে পৰিস্থিতিৰো সন্মুখীন হ’ব লগা হয়, তথাপিও তাত আক্ষেপ নাই। সংসাৰখন সুন্দৰকৈ চলাব পাৰিলে সেইবোৰ পিছতো হৈ থাকিব বুলি নিজকে নিজে সান্তনা দিয়া নাৰীৰো অভাৱ নাই।

সেইদৰে শিক্ষিতা নাৰীৰ ক্ষেত্ৰত কোনো কোনো স্বামীয়ে পত্নীক পূৰ্ণ স্বাধীনতা দিয়াত হেমাহি কৰে। নাৰী গৰাকীৰো যে স্বাধীনতা, আশা-আকাংক্ষা থাকিব পাৰে তাক বুজি পায়ো আওকাণ কৰে। তথাপিও শিক্ষা-দীক্ষাৰে পৰিপূৰ্ণ নিজ স্বামীৰ স্খলিত চৰিত্ৰৰ কথা জানিও তেওঁৰ সন্মান বচাবলৈকে কেতিয়াবা কেতিয়াবা একো গৰাকী নাৰীয়ে মুখত কৃত্ৰিম হাঁহি বিৰিঙাই, সকলোবোৰ দুখ নেওচি বুকুত তেতিয়াও সযতনে সাঁচি ৰাখে স্বামীৰ প্ৰতি অকৃত্ৰিম মৰম আৰু ভালপোৱা। এনেদৰেই জীৱনত ত্যাগ স্বীকাৰ কৰি হলেও নাৰীয়ে নিজৰ সংসাৰখনক ধৰি ৰাখিবলৈ সক্ষম হয়।

কেতিয়াবা কেতিয়াবা নাৰীয়েও পুৰুষৰ ওপৰত আধিপত্য খটোৱা দেখা যায়। বৈবাহিক সূত্ৰে পুৰুষ এজন নাৰীৰ সম্পূৰ্ণ ৰূপে নিজৰ হৈ পৰে আৰু পুৰুষজনৰ সৰ্বত্ৰ অধিকাৰ কৰি পেলোৱাও দেখা যায়। আৰু এই অধিকাৰ প্ৰয়োগ কৰিবলৈ যাওঁতে কেতিয়াবা সীমা চেৰাই যাবলৈও কুণ্ঠাবোধ নকৰা পৰিলক্ষিত হয়। তাৰেই ফলশ্ৰুতিত স্বামীয়ে পত্নীৰ আজ্ঞা পালন কৰিবলৈ বাধ্য হৈ পৰে। আৰু যদি কেতিয়াবা সকলো আজ্ঞা পালনত আবাধ্য হয়, তেতিয়াই নাৰীৰ মুখ অভিমানত ওফন্দি উঠে। পত্নীৰ থেন্‌থেননী শুনি শুনি অৱশেষত দাবী মানি লবলৈ বাধ্য হৈ পৰিলেই পত্নীয়ে অঘোষিত যুদ্ধ জয়ৰ দৰে আনন্দত উল্লাসিত হৈ পৰাও দেখা যায়। পৰিণামত কোনো কোনো স্বামীয়ে মুখ ফুটাই স্বীকাৰ নকৰিলেও মনৰ মাজতে ভোৰভোৰাই উঠে যে “ওন্দোলা মুখ দেখুৱাই যুদ্ধ জয় কৰা এই মাইকী মানুহবোৰৰ নাক খজুৱালেই বুদ্ধি ওলায়।”

ঠিক সেইদৰে পুৰুষ সকলো জানো কম? তেওঁলোকো এখোপ ওপৰত। যেতিয়াই এগৰাকী মহিলাই সদায় লগ পোৱা পুৰুষজনক তেওঁৰ পত্নীৰে বজাৰে-সমাৰে বা বাটে-পথে দেখা পাই একেই ব্যৱহাৰ কৰিবলৈ বা আচৰণ প্ৰদৰ্শন কৰিবলৈ বিচাৰে তেতিয়াই পুৰুষজনে সেইদিনা আকৌ নিজকে অলপ গহীন হৈ দেখুৱাবলৈ বিচাৰে। ইয়াৰ অৰ্থ এয়ে যে তেওঁৰ পত্নীয়ে যাতে বুজক যে তেওঁৰ স্বামী আন কোনো মহিলাৰ লগত কোনো বিশেষ সম্পৰ্ক নাই। অথচ আনদিনা অকলে লগ পোৱা হলে সেই মহিলা গৰাকীৰ লগত বহু কথা পাতিলেহেঁতেন। এই কথাখিনিকেই যেন তেওঁৰ ব্যৱহাৰৰ মাজেৰে পত্নীক বুজাই দিব খোজে সন্তৰ্পণে।

আগৰ দিনতো স্বামী-স্ত্ৰীৰ মাজত, বা নতুন ঘৰখনৰ মাজত আউল লগা দেখা যায়, কিছুমান পৰিয়ালত হোৱা হাই-কাজিয়াক চবুৰীয়া সকলোৱে জানিছিল। শাহু-বোৱাৰীৰ কাজিয়াক লৈ গাঁৱত বু বু বা বাও চলিছিল, কেতিয়াবা মিমাংসা নহলে মেল বহুৱাব লগীয়াও হৈছিল। এতিয়া আৰু সেই দিন নাই, নাৰী আজি বহুদূৰ আগুৱাই গৈছে, পুৰুষৰ লগত সমানে খোজত খোজ মিলাইছে। সময়ৰ পৰিবৰ্তন হ’ল, সময়ৰ লগত সকলো মিলি যোৱাটোৱেই সকলোৰে কাম্য। কিন্তু আজিৰ দিনত যৌতুকৰ বলি হৈ বা নাৰী নিৰ্য্যাতনৰ বশৱৰ্তী হৈ স্বামী গৃহত সঘনাই অগ্নিদগ্ধ হৈ মৃত্যুক আকোৱালি লোৱাটো নিত্য-নৈম্যত্তিক ঘটনাত পৰিণত হৈছে। খবৰ কাগজত বা দূৰদৰ্শনত ঘটনাটো ওলোৱাৰ পাছতহে কাষৰ ঘৰৰ মানুহে গম পায়। একেবাৰে বেৰৰ কাষৰ মানুহেও ভূ-কে নাপায়। তাৰোপৰি শুনিলেও কোনো আগুৱাই আহি বাধা দিয়াৰ পৰা বিৰত থাকে। জানি বুজি সেইবোৰ সমস্যাৰ মাজত কোনেও সোমাব নিবিচাৰে।

অনাদিকালৰে পৰা মানৱ সমাজেই সৃষ্টিৰ অভিন্ন শক্তি নাৰীক বিভিন্ন ৰূপত পূজি আহিছে, ইয়াক নুই কৰিব নোৱাৰি। সেয়ে যেতিয়াই সৃষ্টিৰ মহিমাক অপমান, লাঞ্ছনা আৰু নিৰ্য্যাতন কৰা হয় তেতিয়াই নিজৰ স্থিতিক নিজেই বিনাশ কৰাৰ সমতুল্য হয়। নাৰী সমাজৰ অৰ্দ্ধ আকাশ হিচাপে পৰিগণিত হলেও আজিও নাৰী যেন যৌন নিৰ্যাতনৰ জাল ফালি ওলাই আহিব পৰা নাই। বৰ্তমানৰ কাৰিকৰী যুগত মহিলাসকল আৰ্থিক স্বাৱলম্বী হৈ পুৰুষ প্ৰধান সমাজত নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিছে যদিও বহুক্ষেত্ৰত নিৰ্যাতনৰ বলি হোৱা দেখা যায়। মূলত: আৰ্থিক ভাৱে নাৰী কিছু স্বাৱলম্বী হলেও সামাজিকভাবে নাৰীৰ মৰ্য্যদা আৰু নিৰাপত্তা এতিয়াও সুনিশ্চিত হোৱা নাই।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক