আই পি এল, মূক বধিৰ সংবাদ আৰু তাই: (অমিতাভ মহন্ত)


ক্ৰিকেটৰ প্ৰতি সৰুৰে পৰা এক বিৰাট দুৰ্বলতা আছিল মোৰ। খেল থকাৰ দিনা ৰাতিপুৱাৰ পৰা দেউতাক সেই মাৰফি ৰেডিঅ’টোৰ লগত ব্যস্ত থকা দেখিছিলো। বুজা নুবুজাৰ মাজতে কেতিয়াবা ময়ো ৰেডিঅ’টো লৈ খেল শুনা মনত পৰে। ৰিণি ৰিণিকৈ মনত পৰে নৰোত্তম পুৰীৰ কন্ঠৰ, ‘ ইন কামচ ৱাছিম, লেফ্ট আৰ্ম অ’ভাৰ দ্যা উইকেট। ৱাছিম ব’লচ, স্লাইটলি অ’ভাৰ পিটচ্ অন দ্য অফ এণ্ড মিডিল। আজহাৰ দ্ৰাইভচ ষ্ট্ৰেইট এণ্ড দ্যা ব’ল গৌজ ষ্ট্ৰেইট পাষ্ট দ্যা ব’লাৰ অল এলঙ দ্যা গ্ৰাউণ্ড ফৰ য়েট এনাদাৰ ফ’ৰ’৷ শিহৰিত হৈ পৰিছিলো, ভালকৈ একো বুজি নোপোৱা স্বত্বেও।
তাৰ পিছত ঘৰলৈ আহিল টিভি। খেলপথাৰৰ পৰা পোনপতীয়া সম্প্ৰচাৰণ। নিজৰ প্ৰিয় খেলুৱৈসকলক দেখি ৰোমাঞ্চিত হোৱাৰ বয়স। জিলমিলাই থকা ক’লা-বগা স্ক্ৰীণত কোনে বেট ধৰিছে, কোনে বলিং কৰিছে সেয়া বহুসময়ত অনুমান কৰি ল’ব লগাত পৰিছিল। অদম্য উৎসাহত আমি এন্টেনা ঘূৰাইছিলো, অলপ ভাল ছবি আহিলেই ভিতৰৰ পৰা ৰাতুলৰ চিঞৰ, ‘অই হৈছে হৈছে, অলপ সোঁফালে ঘূৰা, আৰু অলপ, না না বেছি হ’ল। অলপ উল্টা মাৰ, হৈছে হৈছে’’।টিভিত খেলা চোৱাৰ লগে লগে মাৰফি ৰেডিঅ’টো ঘৰৰ এচুকত পৰি থকা হ’ল। বিছাৰিলে আজিও চাগে’ ওলাব। ৰবিবাৰে খেল থাকিলে আৰু কোনে পায়। ৰাতিপুৱাৰে পৰা টিভিৰ আগত। উঠিলেই যেন টেণ্ডুলকাৰ আউট হ’ব। গতিকে দিনটো টিভিৰ আগত। খোৱা-বোৱা, গা ধোৱা দ্ৰুত গতিত সমাপ্ত হয়। দুটা বাজিলেই খেল বন্ধ। এইবাৰ খেল দেখোৱা হ’ব দুই নম্বৰ চেনেলত। কাৰণ ডি ডি-১ ত এইবাৰ দিব মূক বধিৰ বাতৰি। এজন গোফ থকা সুদৰ্শন পুৰুষে গম্ভীৰ মাতেৰে লাহে লাহে বাতৰি পঢ়িব আৰু এক যুৱতীয়ে হাতৰ বিভিন্ন মুদ্ৰাত সেয়া প্ৰকাশ কৰিব। হাজাৰ ইচ্ছা, খং ৰাগ কৰিলেও কেতিয়াও দুই নম্বৰ চেনেলত খেল চোৱা নহৈছিল, কাৰণ তেতিয়ালৈ চুবুৰীয়া শৰ্মা খুৰাৰ ছোৱালী অনন্যা আহি টিভিৰ আগত বহি লৈছিল, দেশৰ খবৰ ল’বলৈ।
অনন্যাহঁতৰ ঘৰত টিভি নাছিল। খুব জোৰেৰে মাতিলেও তাই একোৱেই নুশুনিছিল, সকলো কথা কৈছিল তাইৰ মায়াময় চকু দুটাৰে। ডাঙৰ ডাঙৰ,টনা টনা চকুকেইটা বাতৰি চাই থাকোতে মাজে মাজে উজলি উঠিছিল,মাজতে কৰুণ আৰু কেতিয়াবা ভাৱশূণ্য৷ হাতৰ অংগী-ভংগীৰে তাই বুজোৱাটো হয়তো মই বুজি পাবলৈ অসমৰ্থ আছিলো।বুজাব খোজা ভাৱবোৰ বুজিব পৰাকৈ হয়তো মই অপৰিপক্ক৷ হিন্দী, ইংৰাজী একোৱেই নাজনিছিল তাই। শৰ্মা খুৰাৰ সীমিত উপাৰ্জনেৰে হয়তো সেয়া সম্ভৱো নাছিল। দুপৰীয়াৰ সেই দুই বজাৰ বাতৰিটোৱেই চাগে তাইৰ বাবে একমাত্ৰ শিক্ষা আছিল।তাই কি বুজিছিল নাজানো, কেৱল দেখিছিলো এঘন্টা ধৰি একান্ত মনোযোগেৰে বাতৰি চাইছিল আৰু শেষ হ’লেই চুপচাপ উঠি গুছি গৈছিল। এটা ৰুম,এটা টিভি আৰু আমি দুয়ো৷ কোলাহলৰ পৰা আঁতৰি মইও চাগৈ বোবা হৈ পৰিছিলো সেই সময় খিনিৰ বাবে৷ টিভিৰ পৰ্দাত অংগী-ভংগী, সুদৰ্শন পুৰুষজনৰ কথা কেতিয়াবা মাথোঁ প্ৰতিকী হৈ পৰিছিল মোৰ বাবে৷ লাহে লাহে যেন ময়ো তাইৰ লগতে সেই বাতৰি উপভোগ কৰিবলৈ লৈছিলো, প্ৰতিকী অৰ্থত হ’লেওঁ! অপেক্ষা কৰা হৈছিলো ভাললগা সেই সময়খিনিলৈ৷ আমাৰ মা-দেউতা, ওচৰ চুবুৰীয়া সকলোৱে তাইক খুব মৰম কৰিছিল। সৰু অঞ্চল, সাধাৰণ লেখা পঢ়াৰ বাবেই ভাল স্কুলৰ অভাৱ, বোবা-কলাসকলৰ বাবেনো ক’ত স্কুল থাকিব। গতিকেই অনন্যাৰ পঢ়া শুনা নহ’ল। কিয় নাজানো স্কুলৰ পৰা অহা বাটত তাইক দেখিলে অপ্ৰস্তুত অনুভৱ কৰিছিলো৷ কেতিয়াবা ভাব হৈছিল তাইৰ চকুজুৰিয়ে যেন কিবা ক’ব বিছাৰিছিল৷ কিন্তু সেই কিবাৰ উত্তৰ যেন জানি বুজিও জানিবলৈ বিছৰা নাছিলো৷ কিয়, তাৰ কোনো উত্তৰ আজিও নাই ৷হয়তো সেই ‘কিবা’টো মানি ল’ব পৰাকৈ মই প্ৰস্তুত নাছিলো৷ জানিও নজনাৰ ভাঁও টো মই কিন্তু সুন্দৰকৈ দিব পাৰিছিলো ৷ সময় কাৰো বাবে ৰৈ নাথাকে। তাইৰ বাবেও নৰ’ল। প্ৰকৃতিৰ নিয়ম অনুযায়ী বসন্ত আহিল তাইৰ শৰীৰলৈও। ফ্ৰক,স্কাৰ্ট গৈ চুৰিদাৰ হ’ল, কেতিয়াবা শাৰী। ফাকুৱাৰ দিনা সুবিধা বুজি ল’ৰাবোৰে তাইৰ সৈতে যি কৰিছিল সেয়া কোনোমতে সভ্য সমাজৰ আচৰণ নাছিল। অনন্যাই হয়তো নাজানিছিল সেয়া কি হৈছে। জানিলেও প্ৰতিবাদ কৰিবলৈ যে কন্ঠটোৱেই নাছিল তাইৰ। কিন্তু তাৰ প্ৰতিবাদ কৰিবলৈও যেন মোৰো সাহসৰ অভাৱ, কোনোবাই যদি কিবা সোধে৷ শান্ত , সমাহিত অনন্যাক কেতিয়াবা মোৰ দেৱী যেন লাগিছিল। ভগৱান কিয় তাইৰ প্ৰতি ইমান নিৰ্দয়, কিয় তাই সমাজত থাকিও সমাজৰ অঙ্গ নহয়? কিয় মই তাইক লৈ সপোন দেখিব নোৱাৰো? এক সুন্দৰ ভৱিষ্যতৰ সপোন…! উত্তৰ……….. শূণ্য!! হয়তো উত্তৰ জানিবও খোজা নাছিলো । সময় বাগৰাৰ লগে লগে মইও যোগ দিলো সময়ৰ গতিত৷ কলেজৰ বান্ধৱী নীৰাক মাহঁতৰ লগত আমাৰ ঘৰতে চিনাকী কৰাই দিয়াৰ দিনা তাই এদ’ম কাপোৰৰ চৰিয়াটো কঁকালত লৈ আমাৰ চোতালেদি পাছফালৰ খাললৈ গৈছিল৷ মুখামুখি হোৱাৰ লগে লগে স্কুলীয়া দিনৰ দৰেই মই অপ্ৰস্তুত হৈ পৰিছিলো আকৌ এবাৰ৷ মাঁহতৰ অংগী ভংগী আৰু নীৰাক দেখি তাই কিজানি বুজিছিল কিবা৷ এটা অদ্ভুত খোলা হাঁহি মাৰি তাই মোক মুখৰ ভংগী আৰু হাতৰ তৰ্জনী আঙুলিৰ লগত বুঢ়া আঙুলিটো গোলাকৃতি কৰি দেখাইছিল ৷ সেইদিনা ঠিকেই বুজিছিলো তাই ক’ব খোজাখিনি- “ধুনীয়া”!! তাইৰ চকুদুটালৈ নোচোৱাকৈয়ে তলমুৱা হাঁহি এটিৰে প্ৰত্যুত্তৰ দি মই গুছি আহিছিলো তাইৰ সন্মুখৰ পৰা| (পলাইছিলো)??? হয়তো পৃথিৱীৰ সমস্ত দুখ তাইৰ ভাগ্যতেই লিখা আছিল। শৰ্মা খুৰা হঠাৎ ষ্ট্ৰ’ক হৈ ঢুকাই থাকিল। সেইদিনা মাজৰাতি আমাৰ ঘৰৰ দুৱাৰত কোনোবাই জোৰে জোৰে ঢকিওৱা শব্দত উঠি আহিছিলো আমি। অন্ধকাৰ ৰাতি, অনন্যাক ৰাতি সন্মুখত দেখি একোৱেই বুজা নাছিলো। মুখেৰে অদ্ভুত শব্দ কিছুমান কৰি কিবা বুজাবলৈ আপ্ৰাণ চেষ্টা কৰিছিল তাই। চকুদুটাত যেন পৃথিৱীৰ সমস্ত ভয় থূপ খাইছিল৷ শেষত উপায়ন্তৰ হৈ তাইৰ স্বভাৱগত লাজ মান কাটি কৰি মোৰ হাতত ধৰি টানি নিছিল সিঁহতৰ ঘৰলৈ।
সেয়াই প্ৰথম আৰু শেষ তাইৰ হাতত ধৰা…….
আমি গৈ পোৱালৈ খুৰা জীয়াই থকা নাছিল। অন্ধকাৰ নামি আহিছিল অনন্যাহঁতৰ জীৱনলৈ। পূজা-পাতল কৰি পৰিয়ালটোক পোহ্পাল দিছিল খুৰাই। উপাৰ্জনৰ কোনো পথ নেদেখি খুৰী আৰু অনন্যা গাঁৱৰ পুৰণি ঘৰলৈ ঘূৰি যাবলৈ বাধ্য হৈছিল। ত্ৰন্দনৰত চকুজুৰিৰে অনন্যাই বিদায় ল’লে আমাৰ পৰা….. মোৰ পৰা৷সেইদিনাও মই বোবা হৈ ৰ’লো৷ ‘ভালকৈ থাকিবা’ বুলি ক’ব খোজা কথাষাৰ ডিঙিটোৰ পৰা কিহৰ হেঁচাত ওলাই নাহিল নুবুজিলো ৷
খুৰীয়ে টুকটাক চিলাইৰ কাম কৰিছিল৷ লগতে গাঁৱৰ ঘৰত সৰু সুৰা কাম কৰি দুজনীয়া সংসাৰখন কোনোমতে চলাই নিয়া বুলি কিছুবছৰলৈ খবৰ পাইছিলো৷ দুবাৰমান বজাৰলৈ বুলি আহোতে খুৰী আমাৰ ঘৰত সোমাইছিল, তেতিয়াই খবৰবোৰ পোৱা৷ অনন্যাৰ খবৰ পিছে আৰু কেতিয়াও নাপালো৷ সময়ৰ লগে লগে স্মৃতি ধুসৰ হৈ আহিল আৰু এদিন তাইৰ খবৰ লোৱাৰ প্ৰয়োজনবোধ নকৰা হৈ পৰিলো ।
 
বছৰ বাগৰিল, পৰিৱৰ্তন সকলোতে আহিল৷ ঘৰলৈ কেতিয়াবাই ৰঙীন টিভি আহিল, গাড়ী, সংসাৰ, ঘৰ আদিৰে এক নতুন জীৱন ৷
 
আজি ৰবিবাৰ৷ দুপৰীয়া ভাত পানী খাই টিভিটো লগাই এনেই চেনেলবোৰ বদলি কৰি কিবা কিবি চাই আছিলো৷ এটা চেনেলত ‘আই পি এল’ৰ হাইলাইট চলি আছিল৷ বহুদিন ক্ৰিকেট চোৱা নাই, গতিকে তাকেই চাবলৈ ধৰিলো৷ তেনেতে ঘড়ীটোৱে টং টংকৈ দুই বজাৰ সংকেত দিলে৷
দুই বাজিল!!! হঠাৎ সময় যেন ৰৈ গ’ল৷ ডিঙিটো যেন সোপা লাগি ধৰিছে ৷ উশাহবোৰ কিহবাই চেপি ধৰা যেন ভাৱ হ’ল৷ ৰিম’টটো হাতত লৈ অধৈৰ্য হৈ চেনেল সলাব ধৰিলো৷ আছে নেকি ক’ৰবাত দুই বজাৰ ভাললগা খিনি?? ওঁহো…শব্দবিহীন কথাবোৰ ক’তো নাপালো৷
জীৱন আগুৱাই গৈছে৷ কাৰো বাবে ৰ’বলৈ সময় নাই৷ পুৰণি স্মৃতিবোৰ পাহৰণিৰ গৰ্ভত৷ এতিয়া আৰু মূক বধিৰ বাতৰি দেখা নাপাওঁ, ক’ৰবাত দিয়ে যদিও শ শ চেনেলৰ মাজত সেয়া হেৰাই গৈছে৷ বহুদিন দেখা নাই- ‘ৰুকাৱট কে লিয়ে খেদ হ্যায়’৷ ক’ৰবাত হেৰাই গৈছে ক্ৰিকেটৰ সেই উন্মাদনা, ব্লেক এণ্ড হোৱাইট টিভি, দেউতাৰ মাৰফি ৰেডিঅ’ …..
আৰু হেৰাই গৈছে তাই……
(অমিতাভ প্ৰামাণিকৰ এটা আপডেটৰ আধাৰত)
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments