আই (বন্দিতা গগৈ বৰা)

– “আইতা, আজি বেলেগ এটা সাধু কবা দেই, সদায় বাঘ, শিয়াল আদিৰ সাধু ভাল নালাগে৷’’

– “কি সাধু শুনিবি অ’ মোৰ জীউটো?’’-

আইতাকে মৰমেৰে নাতিনীয়েকৰ চুলিত হাত বুলাই কৈ উঠিল৷

– “আইতা তেজীমলাৰ সাধুটো জানানে?’’ – আইতাক নিমাতে থকা দেখি, থুতৰিত হাতেৰে জোকাৰি আকৌ কৈ উঠিল,

– “সেই যে, মাহীমাকে কিহবাৰে ছোৱালীজনীক খুন্দিছিল, সেই সাধুটো ক’বানে?’’

আইতাকৰ নাকেৰে এটি গধুৰ হুমুনিয়াহ বাগৰি কোঠাটোৰ বায়ুত মিহলি হৈ গ’ল৷ “তেজীমলাৰ সাধু’’, তেওঁৰ বাবে এটি বৰ দুখলগা সাধু৷ এই সাধুটোৱে সমগ্ৰ পৃথিৱীৰ মাহীমাকবোৰক প্ৰতিনিধিত্ব কৰে নে নাই তেওঁ নাজানে, কিন্তু তেওঁৰ বাবে এই সাধুটো কবলৈ যেন বৰ কষ্ট হয়৷কোঠালৈ সোমাই অহা সৰু পুতেকক কৈ উঠিল,

– “জীউক লৈ যাচোন সৰুপোনা, মোৰ টোপনি ধৰিছে!’’

– “কি হ’ল মা আজি অসময়ত শুব খুজিছা? ভাত খালা জানো, গা বেয়া নেকি? ৰ’বা নুশুবা, ভাত খাইহে শুবা৷’’

-“ভাত খায়ে শুম দে, তই এইক লৈ যাচোন, অলপ কাতি হওঁ, চিন্তা কৰিব নালাগে যা৷’’ – আচলতে সৰুপোণাই নাজানে মাকে তেজীমলাৰ সাধুটোৰ পৰা পলাব খুজিছে৷ জীউক ফুচুলাই দেউতাকে লৈ গ’ল৷

☆☆

প্ৰস্তাৱটো যেতিয়া আহিছিল, মাককে ধৰি ঘৰৰ আটাইখিনি মানুহ জিকাৰ খাই উঠিছিল৷ তাইক বাদ দি আলেঙে আলেঙে সকলোৱে কথাটো আলোচনা কৰিছিল৷ তাইৰ কাণতো দুই এষাৰ কথা সোমোৱা নাছিল এনে নহয়৷ গাঁৱৰ তাইৰ লগৰ সকলো ছোৱালী বিয়া হৈ শেষ হ’লগৈ৷ দুই এজনীৰ জীয়েকহঁতৰ তোলনী বিয়াই খাব পৰা হ’লগৈ৷

– “আমি মাক বাপেক দুটা জীয়াই আছোঁ মানে খুৱাম, পিছত তাইক ককায়েক বৌৱেকহঁতে খুৱাবনে?’’

– “ছোৱালী জনীক এঘৰলৈ উলিয়াই থৈ নগ’লে মৰিলেও শান্তি নেপাম ৷’’

মাক দেউতাক খুৰাকহঁতৰ কথাবোৰ চেগা -চোৰোকাকৈ তাইৰ কাণত পৰিছিল৷ তাইৰ বিয়াৰ বিষয়ে যে কিবা আলোচনা এটা হৈছে তাই বুজিছিল, কিন্তু এইবোৰ লুকাই চুৰকৈ কিয় হৈছে তাই বুজিবলৈ অসুবিধা পাইছে৷ আগে পিছে বহুবাৰ তাইক চাবলৈ ল’ৰা আহিছে  বা প্ৰস্তাৱ আহিছে। তেতিয়াচোন কথাবোৰ তাই জনাকৈ খোলা-খুলিকৈ আলোচনা হৈছে৷ আনকি তাইক চাই গৈ প্ৰতিবাৰেই অপচন্দ হোৱাৰ খবৰোবোৰো তাইৰ কাণত লগে লগেই পৰিছে৷ তেন্তে এইবাৰ ইমান গোপনীয়তা কিয়?

শেষত খুৰাকৰ ল’ৰা যদু দাৰ বৌৰ পৰা ৰেৱতীয়ে আটাইখিনি কথা শুনিলে৷ তাইলৈ এইবাৰ বিয়াৰ প্ৰস্তাৱ অহা মানুহজনৰ আগৰফালৰ দুটা এমা-ডিমা ল’ৰা আছে৷ আগৰজনী মানুহ সৰু কেচুৱাটোৱে পিয়াহ নেৰোতেই ঢুকাল৷ এতিয়া বেমাৰী মাক আৰু ল’ৰা দুটি গাঁৱৰ ঘৰত থৈ বেলেগ এখন চহৰত থাকি চাকৰি কৰা মানুহজনৰ বৰ আহুকাল হৈছে বাবে বিয়া পাতিব৷ ৰেৱতীয়ে প্ৰথমবাৰলৈ কথাখিনি শুনি এবাৰৰ বাবে হ’লেও চেঁচা পৰি গৈছিল৷ ভৰিৰ তলৰ মাটিখিনি যেন কৰবাত খহি পৰিছে৷ বিয়াৰ খবৰ আহিলে মনলৈ অহা ৰঙীন সপোনটোৰ ঠাইত যেন কিবা ধুৱলি-কুৱঁলী এসোপাহে তাইৰ মন মগজুত ঠাই লৈছিল৷ তাতে যদু দাৰ বৌৰ গা বেজ বেজাই যোৱা কথাষাৰে তাইৰ গাভৰু মনটোক বৰ বেয়াকৈ বিন্ধিছিল,

– “হ’ল বুলিনো ঘৰৰ ছোৱালীজনীক সতিনীৰ পুতেকহঁতৰ মাহীমাক হৈ আলপৈচান ধৰিবলৈ দিব পাৰিনে! তাতকৈ তই ঘৰ-বুঢ়ী হৈয়ে থাক অ’ আই!’’ –’মাহীমাক’, ‘ঘৰবুঢ়ী’, শব্দ দুটি ৰেৱতীৰ কাণত থলৰ থলৰ কৈ বাজি থাকিল ৷ পানী আনিবলৈ যোৱাৰ চলেৰে পুখুৰী পাৰলৈ লৰালৰিকৈ গৈ তাই চকুপানী টুকিলেগৈ৷ তাই পুখুৰীৰ পাৰতে কলহটো লৈ বহুপৰ বহি থাকিল৷ থৰ হৈ থকা পানীত তাইৰ প্ৰতিবিম্বটো ফুটো নুফোটোকৈ ভাঁহি থাকিল৷ তাইনো ইমান কুৎসিত নে? আজিলৈকে ইমানবোৰ ল’ৰাই চাই গৈ এটায়ো পচন্দ নকৰিলে৷ যদু দাৰ বৌৱে কোৱামতে এইবাৰৰটোৱে ঘৰৰ মানুহে হা কলেই পিচদিনাই বিয়া পাতি নিবহি, অৱস্থা পাতিও ভাল, ঘৰে দুৱাৰে নদন বদন৷ চৰকাৰী চাকৰিও কৰে৷ সোনকালে খবৰ নিদিলে বেলেগত ছোৱালী বিচাৰিব হেনো, ৰবলৈ সময় নাই, ল’ৰা দুটা চাবলৈ ঘৰত মানুহৰ অভাৱ৷ মাকো বেমাৰী৷ ইত্যাদি৷

যদু দাৰ বৌৰ মতে সকলো ভালেই খালি এই যে তাই ‘মাহীমাক’ হ’বগৈ লাগিব, এই কথাটোতে ঘৰৰ মানুহবোৰে হেহো নেহো কৰিছে৷ বৌৱেকৰ কথাবোৰকে পাগুলি বহি আছে পুখুৰীৰ পানীবোৰলৈ চাই, জপংকৈ ভেকুলী এটা জঁপিয়াই স্থিৰ হৈ থকা পানীখিনিত পৰি সৰু সৰু ঢৌ তুলিলে, ৰেৱতীৰ প্ৰতিবিম্বটোও হেৰাই গ’ল৷

☆☆

ৰাতি তাইৰ বহু দেৰিলৈ টোপনি নাহিল, বিছনাখনতে ইকাটি সিকাটি কৰি ৰ’ল৷ কাষৰ বিছনাখনত মাকৰো যে টোপনি নাই তাই বুজিব পাৰিছে৷ ককায়েক দুটাৰ মুখদুখন বাৰে বাৰে অহা যোৱা কৰিছে৷ কাণসমনীয়া খুৰাকৰ পুতেকে বিয়া পাতিলে৷ সিহঁতৰো জানো মন নাযায় বিয়া পাতিবলৈ৷ ইফালে দেউতাকে কৈ থৈছে তাইৰ বিয়া নোহোৱালৈকে এটাইও যাতে বিয়াৰ চিন্তা মনলৈ নানে৷ দেউতাক-মাকৰ বয়স হৈ আহিছে, কিন্তু দুয়োকে তাইৰ বিয়াৰ চিন্তাইহে যেন বেছি বুঢ়া কৰিছে ৷ মাকেতো গাঁৱৰ বিয়া বাৰু বোৰলৈ যাবলৈ ঠেৰো-গেৰোৱেই কৰে, সকলোৰে একেটাই প্ৰশ্ন “প্ৰস্তাৱ আহিছেনে, কিবা ঠিক হৈছেগৈনে?” ভাবিবলৈ গ’লে মানুহবোৰৰনো তাইৰ বিয়াখন নোহোৱাত ইমান চিন্তা কিহৰ? কিন্তু মাক দেউতাকৰ মুখদুখন পোহৰাবলৈ, ককায়েক দুটাক সুখী কৰিবলৈ তাইৰোতো কিবা এটা কৰা উচিত৷ তাই বিছনাত উঠি বহিল,

– “বৌটি, শুলি নেকি?’’

– “হো ৷ নাই শোৱা, বাহিৰলৈ যাবি নেকি?’’

– “বাহিৰলৈ নাযাওঁ, তোক কথা এটা কম বুলি ভাবিছো৷’’

– “এই ৰাতিখন কি কথা কবলৈ আছে?’’ – ৰেৱতী লাহেকৈ বিছনাৰ পৰা নামি মাকৰ বিছনাৰ কাষলৈ গ’ল৷

☆☆

দুদিনমান ৰেৱতীহঁতৰ ঘৰখনত এটা থমথমীয়া পৰিৱেশ দেখা গ’ল৷ তাৰপাছত কিবাকিবি জা-যোগাৰ কৰিবলৈ আটাইবোৰ মানুহ ব্যস্ত হ’ল, অৱশ্যে তাই এইবোৰৰ পৰা বাদ পৰি গ’ল৷ তাইৰ একো বিশেষ কাম নাছিল, মাকৰ গধুৰ মনটোক মাজে মাজে সকাহ দিবলৈকে তাই এনেই ইটো সিটো কৰি দেখুৱালে৷ তাই নিজকে নিজে প্ৰস্তুত কৰি লৈছে৷ দৰাৰ ইচ্ছামতেই বিয়াখনো অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে৷ মাকে সমাজে দেখাকৈ সঁচাকৈয়ে কান্দিছিল, দেউতাকেও নিৰলে চকুপানী টুকিছিল৷ তায়ো ঘৰখন, মাক দেউতাকহঁতক এৰি থৈ যোৱাৰ দুখত কান্দিছিল৷ কিন্তু বিয়া হম বুলি সিদ্ধান্ত তাই নিজেই লৈছিল, কোনেও জোৰ কৰা নাছিল, এইবাবেই হয়তো মাক-দেউতাক, ককায়েকহঁতৰ মনত কোনোবাখিনিত দোষী দোষী ভাবটো নাছিল৷

বিয়া হৈ আহি তাই ভবাৰ দৰেই সকলো পাইছিল, সেই সন্দেহৰ চাৱনি, ফুচফুচনিও পাইছিল ৷ মানুহজনো বিয়া কৰাই আনিয়েই ছুটী শেষ হোৱাৰ অজুহাতত চহৰলৈ যাবলৈ যো-জা চলাইছিল৷ থকা দিনকেইটাত তাইৰ পৰা এটা দূৰত্ব বচাই চলিছিল, ৰাতি শাহুৱেকৰ ৰুমত পুতেকহঁতৰ লগত শুইছিল৷ তাই উজাগৰী নিশাবোৰ পাৰ কৰিছিল, কান্দিবলৈ একো নাছিল, তাইতো নিজেই নিজৰ ভাগ্যখন বাছি লৈছিল৷ কেতিয়াবা মনটো বেছি বেয়া লাগিলে বা চকুপানী টুকিবলৈ মন গলে ঘৰত থকাৰ দৰেই এইখন ঘৰতো পুখুৰীৰ পাৰ এটা আছিল৷

মানুহজন চহৰলৈ গ’লগৈ৷ ঘৰখনত সৰু ল’ৰা দুটা আৰু বেমাৰী শাহুৱেকক লৈ তাই অকলে৷ মানুহজনে যাবৰ সময়ত ল’ৰা দুটা আৰু মাকৰ যত্ন লবলৈ দঢ়াই দঢ়াই কৈ গৈছিল৷ তাইৰ প্ৰতি যেন কোনো ভ্ৰূক্ষেপ নাছিল৷ তাই এখন ভৰা ঘৰৰ পৰা অহা ছোৱালী, কোন সময়ত মুখ খুলিব লাগে আৰু কোন সময়ত জপাই থব লাগে জানিছিল৷ ওচৰ পাজৰৰ মানুহজনৰ পৰিয়ালৰ মানুহ আৰু গাঁৱৰ মানুহবোৰে যেন তাই ল’ৰা দুটাক কেনে ধৰণে আকোঁৱালি ল’ব তাকেই আলেঙে আলেঙে চাই ৰৈছিল৷ কাৰণ তাই মাহীমাকহে, মাক নাছিল৷ সকলো দুখ অৱজ্ঞা পিছলৈ ঠেলি ৰেৱতী ব্ৰতী হ’ল অন্তৰ জিকা সাধনাত৷ যৌথ পৰিয়ালৰ অভিজ্ঞতাই তাইক বুজন কৰিয়েই ডাঙৰ কৰিছিল৷ প্ৰথমে তাই শাহুৱেকৰ মন জয় কৰাত উঠি পৰি লাগিল৷ মানুহজন চহৰলৈ যোৱাৰ পাছত অকলে শুবলৈ ভাল নলগাৰ অজুহাত দেখুৱাই সৰু ল’ৰাটোক তাই বুকুৰ মাজত লৈ শুবলৈ অভ্যাস কৰিলে৷ লাহে লাহে ল’ৰা দুটা তাইৰ আপোন হৈ পৰিল৷ সিহঁতৰ হাঁহি কান্দোন তাইৰ জীৱনৰ অংগ হৈ পৰিল৷

প্ৰথম অৱস্থাত মাহেকত এবাৰকৈ ঘৰলৈ অহা মানুহজন সপ্তাহত অহা হ’ল৷ তাই আৰু সন্তান দুটিৰ মাজৰ স্নেহ দেখি অভিভূত হ’ল, মাকৰ মুখতো তাইৰ ভূয়সী প্ৰশংসা শুনিলে তেওঁ৷ ৰেৱতী আৰু তাইৰ গিৰিহঁত দুয়ো তেজ মঙহৰে মানুহ৷ লাহে লাহে তাইৰ পৰা দূৰে দূৰে থকা মানুহজন ৰেৱতীৰ সৈতে সুখৰ দুখৰ কথা পাতিবলৈ লোৱা হ’ল৷ ধৈৰ্য্যৰ ফল মিঠা হয় বুলি এষাৰ কথা আছে, ঠিক সেইদৰেই তায়ো কোনো জেদ নধৰাকৈ সকলোৰে মৰম আয়ত্ত কৰিবলৈ সক্ষম হ’ল৷ তায়ো মানুহজনৰ মৰম, ভৰসা লাভ কৰিলে, এজনী ধুনীয়া ছোৱালীৰ মাকো হ’ল৷

সৰুপোনা, বৰপোনাৰ বাবে মাক মানে তায়ে হৈ পৰিল, তাইক সিহঁতেতো জন্মদাত্ৰী মাকৰ স্থানতেই ৰাখিছে এতিয়াও৷ তেজীমলাৰ সাধুৰ মাহীমাক জনীৰ ছবিখন গাঁৱৰ মানুহৰ মনতো ধূসৰ হৈছিল, তাইৰ আৰু ল’ৰা দুটাৰ স্নেহ দেখি৷ সেয়ে কোনোবাখিনিত তেজীমলাৰ সাধুটো কবলৈ শুনিবলৈ তাইৰ এটা অভিমান জাগে৷ কেনেকৈনো মাক এজনীয়ে জীয়েক এজনীক ঢেঁকীৰে খুন্দি থেতেলিয়াই পেলাব পাৰিছিল, আস্, সতিনীৰ জীয়েক হ’ল বুলিয়েই ইমান নিষ্ঠুৰনো কেনেকৈ হৈছিল মাকজনী? ৰেৱতীয়ে সেইবোৰ কথা ভাবিলেই শিয়ঁৰি উঠে ৷

☆☆

“মা, উঠক ভাত খাই লওক৷’’ –

সৰুপোনাৰ ঘৈণীয়েক মানে সৰুবোৱাৰীৰ মাতত, ৰেৱতী বুঢ়ী খকমককৈ সাৰ পাই উঠিল৷ সন্মুখত বোৱাৰীয়েকে ভাতৰ কাঁহী লৈ থিয় হৈ আছে৷ পাছফালে পানীৰ গিলাচ আৰু হাত ধুবলৈ যতন এটি লৈ সৰুপোনা৷

– “তহঁতি ভাত খালি নেকি?’’

– “নাই খোৱা মা৷’’

– “ব’ল পাকঘৰতে খাওগৈ৷’’ – কথাষাৰ কৈয়ে ৰেৱতীয়ে উঠিলে৷

– “সৰুপোনা, ই বৰপোনা ঘৰ পালেগৈনে? ফোন কৰিছিল নেকি?’’

– “অ মা, তুমি শুই আছিলা বাবে নজগালো। দাদা ঘৰ পালেগৈ৷’’

আজি বৰপোনা-সৰুপোনাৰ দেউতাকৰ বছেৰেকীয়া শ্ৰাদ্ধ আছিল, অফিচৰ কামৰ হেঁচাৰ বাবে ডাঙৰ পোনা নাম শেষ হোৱাৰ পাছতেই চহৰলৈ উভতিল৷ ৰেৱতী এতিয়া এই ঘৰখনৰ মুখিয়াল, শাহুৱেক কেতিয়াবাই ঢুকাল, বৰপোনাই চহৰতে থাকি চাকৰি কৰে৷ সৰুপোনা আৰু বোৱাৰী গাঁৱত তাইৰ লগতে থাকে, দুয়ো গাঁৱৰ স্কুলতে চাকৰি কৰে, ৰেৱতীৰ ছোৱালী জেউতিৰো ওচৰতে বিয়া হৈ গৈছে৷ ৰেৱতীৰ বৰ্তমান এক জটিলতাবিহীন জীৱন৷ স্বামীৰ মৃত্যুৰ পাছত তায়েই এই ঘৰখনৰ প্ৰাণকেন্দ্ৰ স্বৰূপ৷ তেজীমলাৰ মাহীমাকৰ দৰে নহৈ তাই সৰুপোনা-বৰপোনাৰ মাক হৈ ঠিয় দিলে বাবেই আজি লাভ কৰিলে এটি জটিলতাবিহীন সুন্দৰ জীৱন৷ বৰপোনা-সৰুপোনাৰ দৰে দুটি বাধ্য সন্তান, জীউৰ দৰে নাতিনী লাভ কৰিলে৷ এতিয়া পুখুৰীৰ পাৰত বহি নিৰৱে প্ৰতিবিম্ব চাই দুখবোৰ পাহৰিবলৈ নালাগে, এতিয়া তাই নিজেই ঘৰখনৰ প্ৰতিবিম্ব হৈ পৰিছে, সকলোৰে মৰমৰ ’আই’হৈ৷

☆★☆

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments