আই মোৰ বুকু কুটেকুটাই – স্বাগতা শইকীয়া

ট্ৰাংকটো খুলি চাৰি চুকলৈ চাৰিটা পইচা দলিয়াই চাৰিওজনী তিৰোতাই উৰুলি এজাউৰি দিলে৷

:ভৰাই দে! বোৱা গামোচা গোটেইকেইখন দি দে! নহ’লে আকৌ মানুহবোৰে ক’ব নহয় মাহী মাকজনীৰ মোহে ধৰিলে বুলি৷

দুৱাৰখনতে ভেঁজা দি ৰৈ থকা ৰুনুমীৰ গালত তপত জুলীয়া দুধাৰিয়ে চুই গ’ল অজানিতে৷ এইখিনি সময় এজনী ছোৱালীৰ কাৰণে সকলোতকৈ মধুৰ! কিন্তু নাই, ৰুনুমীৰ সেই উৎসাহ সেই হেঁপাহ নাই৷ অৱশ্যে অকল তাইৰে নহয় ঘৰখনতো সেই আনন্দ-উল্লাস নাই৷ অগত্যা সমাজৰ আগত দায় সৰাৰ খাতিৰত কিম্বা মুক্তিৰ স্বাৰ্থতে সকলোৱে দায়িত্ব পালন কৰি গৈছে৷ পাঁচ দিনৰ পিছত ৰুণুমীৰ বিয়া! চোতালত গাঁৱৰ ডেকাকেইটাই ৰভা খুটা পুতি আছে৷ খুটা পুতিবলৈ মাটিত পৰা কোৰৰ প্ৰতিটো চাব যেন তাইৰ বুকুতে পৰিছে৷ অসহায় হৈ পৰিছে তাই! বুকুত বাৰিষাৰ ঢল এটা কঢ়িয়াই কামবোৰ কৰি গৈছে৷ ক’বলৈ, শুনিবলৈ বুকুৰ কাষৰ এজনো নাই, যাৰ মৰমৰ হেঁচাত ভেটা ভাঙি দুখবোৰ বুকুৰপৰা ওলাই যাব! মাকজনীলৈ ৰুণুমীৰ ঘনে ঘনে মনত পৰিছে৷ তাইৰ হাতৰ তলুৱাত সনা জেতুকাৰ ফুৰফুৰিয়া গোন্ধটোৱে মাকৰ মুখখনিলৈ বাৰে বাৰে মনত পেলাই দিছে৷ মাকৰ হাতৰ আঙুলিৰ নখত সদায় জেতুকাৰ অৰ্দ্ধচন্দ্ৰ এটা অঁকা আছিল৷ শোকটো উজাই আহে তাইৰ! তেতিয়াই ঘৰৰ পিছফালৰ গেজেপনি হাবিৰ মাজৰ মাকৰ মৰিশালিটোৰ ওচৰলৈ দৌৰ মাৰে৷ লেপেটা কাঢ়ি বহি এসোঁতা কান্দে, অভিমান কৰে, খং কৰে মাকক-

“কিয় মোকো লগতে লৈ নগ’লি আই? পেটৰ পোৱালিৰ চকুপানী দেখি বুকুখন নকঁপেনে তোৰ? সহিব পাৰেনে হিয়াই? মোৰ বুকু কুটেকুটাই আই৷ “

ৰুণুমী গাভৰু হোৱাৰ আগতেই মাকজনী অকালতে ঢুকাইছিল৷ আহাৰ মহীয়া দুপৰীয়া এটাত ভূঁই ৰুবলৈ গৈ নিথৰ দেহ এটা হৈ মাক ঘৰলৈ ঘূৰি আনিছিল৷ তাই প্ৰায়ে মাকৰ লগত পথাৰলৈ গৈছিল৷ তাইক আলিতে বহুৱাই মাকে কঠীয়া তুলিছিল৷ নিজে খাওঁ খাওঁ কৈ থকা বেলিটো মুৰত লৈ নিজৰ মুৰৰ গামোচাখনেৰে ৰুণুমীৰ মুৰটো ঢাকি দিছিল৷ সেইদিনা তাই দেউতাকৰ লগত মোমায়েকৰ ঘৰলৈ গৈছিল৷ পিছত তাইৰ কাণসমনীয়া মুনুকণে ক’লে তাইৰ মাকক হেনো ভৰ দুপৰীয়া পথাৰত অকলে পাই মুৰ নথকা বাহিৰা এবিধে পালে৷ তাই কান্দিছিল, সেইদিনা যদি মোমায়েকৰ ঘৰলৈ নগৈ মাকৰ লগতে পথাৰলৈ গ’লহেতেন তেতিয়া মাকজনীক তাই নেহেৰুৱালেহেঁতেন৷

মাক নোহোৱা হোৱাৰ এবছৰৰ পিছতেই দেউতাকে মাহীমাকক বিয়া কৰাই আনিলে৷ সতিনীৰ জীয়েক চকুৰ কুটা দাঁতৰ শাল! দেউতাকৰ মৰমবোৰৰো ভাগ বতৰা হ’ল৷ মাহীমাকৰ যমজ ল’ৰাহাল হোৱাৰপৰা তাইৰ ভাগৰকণো কাঢ়ি নিলে৷ তাই যেন নিজৰ ঘৰখনতেই অনাহুত! মাকীমাকৰ চৰ-ভুকু-ককৰ্থনা, দেউতাকৰ অৱহেলাত পেন্দুকণা ৰুণুমীজনী হঠাৎ গহীন হৈ পৰিল৷

ৰুণুমীৰ কাৰণে ল’ৰা মাহীমাকেই ঠিক কৰিছে৷ কোনেও এবাৰো তাইৰ অনুমতি লোৱাৰ প্ৰয়োজনবোধ নকৰিলে৷ তাই মৰসাহ কৰি দেউতাকক কৈছিল বিয়াত বহিবলৈ মন নাই বুলি৷ দুৱাৰৰ চুকত কাণ উনাই থকা মাহীমাকে তাইৰ কথা শুনি চোঁচা মাৰি আহি তীব্ৰ ভাষাৰে ভৰ্ৎসনা কৰিছিল তাইক-

“আৰু কিমান বাপেৰটোৰ বুকুত বহি খাৱ? দুটাকৈ ল’ৰা তুলিবলৈকে ইমান কষ্ট আকৌ সতিনীৰ জীয়েকৰ পেট পুহিবলৈ ধনৰ বৰপেৰা আছে বুলি ভাৱিছ?“

মাহীমাকৰ কথাবোৰ কোঁটকোৰা কাঁইটে বিন্ধাৰ দৰে লাগিছিল৷ সেইদিনাও তাই মাকৰ মৰিশালিটোলৈ দৌৰ মাৰিছিল৷

ৰুণুমীহঁতৰ আগখন গাঁৱৰ ল’ৰা “প্ৰশান্ত“ মাহীমাকৰ দূৰসৰ্ম্পকীয় ভাগিনীয়েক৷ প্ৰশান্তহঁতৰ ঘৰখন তাই সৰুৰেপৰা চিনি পাই৷ প্ৰায়ে সিহঁতৰ গাঁৱৰ তিনিআলিত আড্ডা দিয়া দেখে তাক৷ মাক আৰু বিয়া দি উলিয়াই দিয়া বায়েকজনীৰ বাহিৰে ঘৰখনত আৰু মানুহ নাই৷ আগতে মাহীমাকৰ মুখত প্ৰশান্তৰ মাকৰ কথা প্ৰায়ে শুনে ৰুণুমীয়ে-

“সেইজনী মানুহৰ লগত বোৱাৰীয়েকে এসাজো খাব নোৱাৰে৷“

নিকৰুণ মানসিক যাতনাবোৰ বুকুতে সংগোপনে সামৰি নতুন ঘৰখনলৈ যাবলৈ ওলাল ৰুণুমী৷ মাহীমাকৰ চকুত এক সকাহৰ চিকমিকনি দেখিছিল৷ দেউতাকক, ঘৰখনক এৰি যোৱাৰ দুখত মৰ্মাহত হোৱা নাই তাই৷ তিলতিলকৈ অন্তৰখন অনামী ভয়ে দহি হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিল মাথোঁ৷ তাইৰ আগে আগে ঘৰৰ দুৱাৰদলি পাৰ হোৱা প্ৰশান্তক তাতেই এৰি বাৰীৰ পিছফালৰ গেজেপনি হাবিলৈ দৌৰ মাৰিছিল, মাকৰ ওচৰলৈ-

“মই যাবলৈ ওলালো আই৷ বিষবোৰ মাথোঁ সলনি হ’ব, কণ্ঠ একেটাই থাকিব৷ আই মোৰ বুকু কুটেকুটাই৷“

অচিনাকি পৰিবেশ, শাহুআইৰ গুৰুগম্ভীৰ মাত-কথাত বুকুখন দুৰু দুৰু কঁপি আছে ৰুণুমীৰ৷ মাহীমাকে কৈছিল নহয় এইজনী মানুহৰ বোৱাৰীয়ে চকুপানী টুকি ভাত খাব বুলি! চকুপানীবোৰে দুগাল শুকাবলৈ দিয়া নাই৷ ৰুণুমী কোঠাটোৰ বিছনাখনৰ এচুকতে বহি থাকিল৷ তেনেতে কোঠাৰ দুৱাৰখন “ধাম“ কৈ শব্দ কৰি খুলি প্ৰশান্ত সোমাই আহে৷ বুকুখন চিৰিংকৈ উঠে তাইৰ৷ প্ৰশান্ত বহো নবহোকৈ তাইৰ কাষতে বহে-

“তিনিআলিত আড্ডা মাৰি থকা ল’ৰা এটালৈ বিয়া হৈ তোমাৰ মনত কিমান সংশয় জন্ম হৈছে ময়ো নুবুজাকৈ থকা নাই৷ এতিয়াই বিয়া পাতিবলৈ মোৰো মন নাছিল, কিন্তু মাৰ কথা পেলাবলৈ সাহস নহ’ল৷ আড্ডাৰ লগৰীয়াকেইটা মিলি নতুনকৈ ব্যৱসায় এটা আৰম্ভ কৰিছো৷ আগতে ঘৰখনলৈ ঘূৰি আহোঁতে মোৰ হাতলৈ মুখলৈ চাবলৈ মানুহ নাছিল, এতিয়া আছে৷ কথা দিলো সুখী ৰাখিম তোমাক৷“

প্ৰশান্তৰ কথাবোৰে কপৌলতা-কুঁৱৈলতাৰ দৰে মেৰিয়াই ধৰিলে ৰুণুমীৰ হিয়াখন৷

বায়েক “কল্পনা“ আৰু বিয়াঘৰৰ বাকী মহিলাসকলে কইনাই মান ধৰা কাপোৰ চাইছে৷ চুচুক-চামাককৈ তাই সিহঁতৰ কোঠাটোলৈ সোমাই গ’ল৷

“এইবোৰ কাপোৰ মই তিয়নিও নকৰো৷ হ’ব পাৰে ভাই বোৱাৰীয়ে দিয়া সেইবুলি লেন ধৰিব নোৱাৰো৷ নহ’লে মুৰৰ ওপৰত উঠি নাচিব৷“

দুৱাৰ মুখ পাইয়ে কল্পনাৰ কথাকেইষাৰ শুনি দুখোজ পিছুৱাই আহিল ৰুণুমী৷ নিজৰ ওপৰতেই প্ৰচণ্ড ঘৃণা উপজিল৷ কাৰো আপোন হ’ব নোৱাৰিলে তাই, নোৱাৰে কেতিয়াও কাৰো মৰম বুটলিব! তেনেতে শাহুয়েকৰ শীতল কিন্তু কঠিন কণ্ঠস্বৰ ৰুণুমীৰ কাণত পৰিল-

“কল্পনা বিয়া দিয়া ছোৱালী বেছি দিন মাকৰ ঘৰত আলহী হ’ব নাপায়৷ তোৰো নিজৰ এখন ঘৰ আছে৷ মই জোঁৱাইক কৈছো কাইলৈ দুয়ো যাবিগৈ৷ মাহেকে-পষেকে দেখা দিবিহি৷ এতিয়া তই এইখন ঘৰৰ আলহী, নতুনজনীহে গৃহস্থ৷ তাইৰ কথা বেয়াকৈ কোৱাৰ আগতে দহবাৰ ভাৱিবি৷ নহ’লে মাৰৰ ঘৰৰ পদূলি পাহৰিবি৷“

গিৰগিৰকৈ সকলো কোঠাৰপৰা ওলাই গ’ল৷ ৰুণুমীয়ে মনত হাজাৰ শংকা আৰু বিস্ময়লৈ শাহুয়েক বহি থকা কোঠাটোলৈ সোমাই গ’ল-

“মা…….! “

“আহ সোমাই আহ! তই এইবোৰ কথা বুকুত নল’বি৷ নিজৰ পৰিয়াল, নিজৰ মানুহৰ লগত এৰা-ধৰাকৈ নচলিলে সংসাৰ কেনেকৈ কৰিবি৷ এইখন ঘৰত ভৰি দিয়াৰ পিছৰপৰা তই মোৰ ছোৱালী, ঘৰখন ঘৰ কৰি ৰাখ জীৱনটো সহজ হ’ব৷ মই নমৰালৈকে তোৰ ঢাল হৈ থাকিম তই চিন্তা নকৰিবি৷“

ৰুণুমীৰ বুকুখনত ভয়-বিস্ময়, প্ৰশান্তিৰ আৱেগ এইসকলোবোৰ অনুভূতিয়ে আহি ক্ষন্তেকতে থিতাপি ল’লেহি৷ হৰহৰাই চকুলো নিগৰি আহিল৷

“আহ সোণজনি মোৰ বুকুতে এসোঁতা কান্দ৷“

ৰুণুমীৰ ধৈৰ্য্যৰ বান্ধ হেৰাই গ’ল৷ অতবছৰে তাইৰ দুখৰ ভেটা ভাঙিবলৈ হাবাথুৰি খাই বিচাৰি ফুৰা বুকুখন অৱশেষত তাই যেন বিচাৰি পালে! দৌৰিগৈ শাহুয়েকৰ বুকুত সোমালেগৈ তাই৷ উচুপি উচুপি কান্দি ৰুণুমীয়ে কৈ থাকিল-

“আই, আই মোৰ বুকু কুটেকুটাই!“

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
KB33
9 months ago

ভাল লাগিল পঢ়ি।

জোন
5 months ago

বঢ়িয়া

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক