আকাশী গঙ্গা বিচৰা নাই ( জোনা নায়ক )

ৰাতিপুৱা সোনকালে শুই উঠাটো তাইৰ এটা পুৰণি অভ্যাস। আৰু সেয়ে এলাৰ্ম নোহোৱাকৈয়ে সদায় সেই নিৰ্দ্দিষ্ট সময়খিনিত তাইৰ টোপনি ভাঙি যায়৷ সেইদিনাও কোনো ব্যতিক্ৰম নহ’ল। দেওবাৰ হেতুকে বাগৰটো সলাই বিচনাখনৰ ইটো ফালে মুখ কৰি তাই আকৌ শুই পৰিল৷ বোধকৰো তাই সপোন দেখিছিল, সেউজীয়া ঘাঁহনি এডৰাত বহি বৰ মনোযোগেৰে ছবি আঁকি আছিল৷ কোন সময়ত জানো ছবিখন সলনি হৈ এটা কবিতা হৈ পৰিল!

হয়তো তোমাৰো এনে হৈছিল এদিন –
ঠিক যেন এনেকুৱা এটা মূহুৰ্ত কৰবাৰ পৰা উফৰি আহিছিল
জীৱনৰ সকলো সিদ্ধান্তই ভুল যেন লাগিছিল
সীমাবদ্ধতাৰ দেৱালখনে হেঁচুকি থৈ গৈছিল আকৌ এবাৰ
উপায়বিহীনতাত জঠৰ হৈ পৰিছিল ব্যস্ততাৰ প্ৰতিটো আঙুলি
জঁকাটোৰ কৰিডৰত নিৰৱে অহা যোৱা কৰিছিল মাথো উশাহ আৰু নিশাহৰ ছাঁ, সময়ৰ একান্ত বাধ্য ছাত্ৰৰ দৰে
ভুল শুদ্ধৰ মাপকাঠিত আঁচবোৰ উৱলিব ধৰিছিল
কুঁৱলীয়ে আৱৰা ডাঠ অৰণ্যত লাহে লাহে ৰাস্তাটো হেৰাইছিল
আৰু হেৰাইছিল উভটি যাবলৈ প্ৰয়োজন হোৱা সকলো শক্তি…

আৰু ঠিক তেনে এটি মূহুৰ্ততেই তাই অনুভৱ কৰিছিল সপোনৰ হাতখনত কাৰোবাৰ এক মৃদু স্পৰ্শ। মধুৰ কণ্ঠ এটাই যেন কাণে কাণে কৈছিল- চিত্ৰলেখা, ছবি আঁকি আঁকি ভাগৰি পৰিছা তুমি? ইজেলৰ পৰা মুৰ তুলি চাইছিল তাই। ভাৱিছিল, আৰু কিমান দিন! নেপথ্যত বাজি ৰৈছিল ভুপেনদাৰ সেই গীতটি-  আকাশী গংগা বিচৰা নাই …

চিলমিল টোপনিৰ পৰা খকমককৈ সাৰ পাইছিল তাই৷

আজি বহুত দিনৰ মূৰত … এনে নহয় যে মই সকলো পাহৰি গৈছোঁ৷ কিন্তু সময়ে যেন আঁতৰাই লৈ গৈছে মোৰ পৰা মোক৷ পখীৰ কাকলিৰ সতে কৰা ৰাতিপুৱাৰ ৰেৱাজবোৰ… সৰাপাত গচকি বাঁহনিৰ মাজৰ কেঁচা আলিটোৰে দিয়া দৌৰবোৰ… পুখুৰীৰ পাৰত বহি দুভৰিৰে পানীৰ সতে খেলা খেলবোৰ … বিচ্ছুৰিত বৰ্ণালীৰ ৰঙত প্ৰাণ পাই উঠা ডাৱৰৰ ছবিবোৰ আৰু আবেলিৰ নীলা কেনভাচখনত তাকে চাই চাই মগ্ন হোৱা মূহুৰ্তবোৰ…

জীৱনৰ কেঁকুৰিত হেৰাই গৈছে সপোন আৰু নিজৰ সতে আলাপ কৰি কৰি বিচনাত ওপৰমুৱাকৈ শুই চিলিং ফেনখনত চকু থৈ ক’ৰবাত হেৰাই গৈছে তাই৷ দৃষ্টিৰ সীমাৰ ভিতৰত ফেনখনৰ বাঁওফালেৰে চিলিঙৰ সতে বেৰ দুখনৰ সংযোগস্থলৰ চুকটোত মকৰা এটাই বাৰে বাৰে সূতাডাল ইখন বেৰৰ পৰা নি সিখন বেৰত লগোৱাৰ চেষ্টা কৰিছে৷ এনেয়ে সদায় তাই ৰাতিপুৱা সোনকালে শুই উঠে৷ আজি কিন্তু খুব ভাগৰ লাগিছে৷ যোৱা নিশাৰ পাৰ্টিটোত ইমান দেৰীলৈকে থাকিব নালাগিছিল৷এনে নহয় যে তাই অকলে থাকি ভাল নাপায়৷ বেছ কিছুদিনলৈ চলি যায়৷ কিন্তু লাহে লাহে যেন কিবা এটাৰ অভাৱ অনুভৱ কৰে৷ নিজৰ ওচৰত নিজকে হেৰুওৱাৰ ভয়ত আনৰ সতে সময় ভগাবলৈ পলায়ন কৰে তাই৷ কিমান ওচৰলৈ গ’লে উমান লব পাৰি মানুহ হোৱাৰ সীমাবদ্ধতা? তাৰ উত্তৰ বিচাৰিয়েই যেন তাইৰ এই যাত্ৰা৷

ডাঙৰ কাপটোৰে জোখা আধাকাপ পানীৰে চাহৰ চচপেনটো গেছত বহাই দি দাঁত ঘঁহা কামটো শেষ কৰি আহিল তাই৷ আদা অকণ কটাৰীখনৰ নালটোৰে দুবাৰমান থেকেচি চচপেনটোত পেলাই দিলে৷ আদাৰ ৰসকণ পানীৰ সতে মিহলি হোৱাৰ পিচত গাখীৰ আধাকাপ দি এক উতল অহাত চাহপাত এচামুচ দি দিলে৷ চাহ উতলাৰ পিচত জুই কমাই দি চাহৰ ৰঙটো তাইৰ পচন্দৰ হোৱালৈকে ৰৈ গেছটো বন্ধ কৰি দিলে৷ ছাকনিখন পুৰণি হৈছে, এতিয়াহে তাইৰ চকুত পৰিল৷ তাই বাৰু চেনি অলপ সৰহকৈ খায় নেকি, চামুচখনেৰে চাহখিনি লৰাই থাকোতে ভাৱে তাই৷ উপায় নাই৷ কেতিয়াবা যদি ডায়বেটিচত ভুগি চেনি এৰিব লগা হয়, চাহ খাবলৈকে এৰি দিব৷ চেনি নোহোৱাকৈ চাহ খোৱাৰ কথা ভাবিব নোৱাৰি৷

প্লেট এখনত চাহকাপ আৰু খাস্তা বিস্কুটকেইখন লৈ তাই খিৰিকিখনৰ কাষৰ চ’ফাখনত বহি ল’লে৷ দেওবৰীয়া ৰাতিপুৱাটোৰ গাখীৰ দি বনোৱা চাহকাপৰ অবিচ্ছিন্ন সংগী হ’ল এই খাস্তা বিস্কুট৷ সেই দুটাৰ এটাও নাথাকিলে দিনটোৰ বাবে তাইৰ মুড বেয়া হৈ যায়৷ মুৰটোত কিবা খিংখিঙিয়া ধৰণৰ ফিলিং এটা হৈ থাকে৷ গৰম চাহত বিস্কুটখন ডুবাই খোৱাৰ জুতিটো এবাৰ যি লাগিল আজিলৈকে যোৱা নাই৷ কি যে আমেজ, মাত্ৰ মাজে মাজে উঠি গৈ ঠাণ্ডা হৈ যোৱা চাহকাপ গৰম কৰি আনিবগৈ লাগে৷ মাইক্ৰৱেভ ওভেনটো অকল এইটো কাৰণতেই তাইৰ ভাল লাগে৷

… ৱিকএণ্ডৰ পাৰ্টি এটাতে লগ পাইছিল তেওঁক৷ এজন দুজনকৈ মানুহবোৰ আহি উপস্থিত হৈছিল৷ আলহীবোৰৰ মাজত কাৰো কোনো চা-চিনাকি নাছিল৷ গৃহস্থই তেওঁলোকক ইজনে সিজনৰ লগত সহজ হবলৈ সহায় কৰিছিল৷ পাৰ্টিলৈ অহা বহুতৰে লগত তাইৰ চিনাকি পৰ্ব্ব বৰ উৎসাহেৰে আৰম্ভ হৈছিল৷ খুব উপভোগ কৰিছিল তাই সকলোৰে লগত কথা পাতি, তেওঁলোকৰ কেইটামান মূহুৰ্তৰ ৰঙেৰে তাইৰ উকা কাগজখন আঁকি৷ আৰু তেনেকৈয়ে চিনাকি হৈছিল তেওঁৰ সতে৷ আকৌ এবাৰ ঘুৰি চাব মন যোৱা চেহেৰাটোৱে নহয়, গভীৰ কণ্ঠটোৱেহে তাইক আকৰ্ষণ কৰিছিল৷ ক’লা কেঁকোৰা চুলিখিনি কান্ধত পৰাকৈ কটা আছিল৷ সকলো ধৰণৰ মুখাবয়বত এই হেয়াৰকাট ভাল নালাগে; পিছে তেওঁৰ তিৰবিৰাই থকা চকু দুটাৰে সৈতে দুগালৰ হনু দুটাই গঢ় দিয়া আকৃতিৰ সতে বেয়া লগা নাছিল৷ মুঠতে সকলো মিলি এক ধৰণৰ আৰ্টিষ্টিক লুক এটা আছিল৷ ৰেড ৱাইনৰ আকৰ্ষণীয় গ্লাচটো সোঁহাতৰ পৰা বাওহাতলৈ নি দীঘল চিল্কি চুলিকোচা পিছলৈ পেলাই দি সোঁহাতখন আগবঢ়াই নিজৰ নামটো উচ্ছাৰণ কৰিছিল তাই৷

ষ্ট্ৰং কুইক শ্বেক এটা দি তেওঁ কৈছিল,
: অনিৰুদ্ধ শইকীয়া ৷
:: নাইচ টু মিট ইউ ৷
: চেম হিয়্যৰ ৷

লাহে লাহে দুয়ো কথাৰ সাগৰখনত ডুব মাৰিছিল৷ সৰু সৰু কথা৷ ছবি আৰু গানৰ কথা৷ তুলিকা আৰু গীটাৰৰ কথা৷ ভাল লগা ছবি, ভাল লগা গান ইত্যাদি ইত্যাদি৷ আকৌ লগ হোৱাৰ প্ৰতিশ্ৰুতিৰে ইজনে সিজনৰ ফোন নম্বৰ বিনিময় কৰিছিল …

চাহকাপ খাই উঠি চ’ফাখনত অলসভাৱে গাটো এৰি দি তাই খিৰিকিৰ বাহিৰৰ দৃশ্যটো উপভোগ কৰি আছিল৷ কাউৰীৰ জাক এটাই একান্তমনে বাগিছাৰ মাটিত ৰাতিপুৱাৰ আহাৰ বিচাৰি আছিল৷

… দহটা সংখ্যাৰ নম্বৰ এটা লাহে লাহে মনত থকা হৈছিল৷ ভাল লগা ৰিংটোন এটাই মোবাইলটোত সেই নম্বৰটো আন সকলো নম্বৰৰ পৰা পৃথক কৰিছিল৷ মগজুত তেওঁৰ নাম লিখা ভাৱবোৰে অগা-দেৱা কৰিলে তাইৰ ক্লান্তিবোৰ কম হোৱা যেন লাগিছিল৷ তেওঁৰ উপস্থিতিয়ে দেওবৰীয়া আবেলিৰ চাহকাপৰ তৃপ্তি বঢ়াইছিল৷ কবিৰ সুমনৰ ’তোমাকে চাই’ গানটো তেওঁ খুব সুন্দৰকৈ গাইছিল ৷ বাওঁহাতেৰে গীটাৰ বজোৱা কাৰোবাক তাই প্ৰথমবাৰৰ বাবে ওচৰৰ পৰা পাইছিল ৷ গীটাৰখনেৰেই যেন তেওঁ নিজকে বিচাৰিছিল! সময়ৰ আলিবাটটোৰে কিছু দূৰ গৈ ইজনে সিজনৰ নামবোৰ চুটি কৰি পেলাইছিল৷ অনিৰুদ্ধ হৈ পৰিছিল ৰুদ্ধ্ আৰু চিত্ৰলেখা বৰুৱা হৈ পৰিছিল লেখা৷ নিসঙ্গতাৰ সাগৰখনত ওপঙি থকা দুটা দ্বীপৰ মাজৰ দূৰত্ব ক্ৰমান্বয়ে কমি যোৱা যেন ভাৱ হৈছিল৷ আৰু এদিন কোঠাটোৰ নৈঃশব্দখিনি উঠি গৈ দুৱাৰখনৰ সিটো ফালে জিৰাইছিল৷ মানুহ নামৰ প্ৰজাতিটোৰ দুই প্ৰতিনিধিয়ে পৰস্পৰে পৰস্পৰক জনাৰ প্ৰয়াস কৰিছিল৷

জানিব পাৰিছিল জানো কোনোৱে কাকো?

:: কাইলৈ দেওবাৰ৷ সোনকালে আহিবা, পেপাৰ দোচা খাবলৈ যাম৷
এপাৰ্টমেণ্টটোৰ বাৰাণ্ডাৰ ৰেলিঙত আউজি, খটখটীৰে তললৈ নামি গৈ থকা অনিৰুদ্ধৰ ফালে চাই কয় তাই৷
: সেয়া তোমাৰ প্ৰিয় মই জানো৷ আৰু কি খাবা?
অনিৰুদ্ধই চকুত হাঁহি এটা বিৰিঙাই মুৰটো ঘুৰাই তাইৰ ফালে চায়৷
:: আৰু কি কি জানা?
ঈষৎ হাঁহিৰে তাই সোধে৷
: ৰং৷
:: আৰু?
: অকল তুমি ভগোৱাখিনিহে, চকুৰ হাঁহিটো ওঁঠলৈ বিয়পাই সি কয়৷ চিন্তা নকৰিবা, তাৰ ভিত্তিত মই তোমাক কেতিয়াও জ্যাজ নকৰোঁ৷
:: কোৱা সহজ ৰূদ্ধ্৷ এজাম্পশ্বন, জ্যাজমেণ্ট এইবোৰ আনক নকৰিবলৈ উপদেশ দিয়া যিমান সহজ নিজে এৰাই চলিবলৈ সিমানেই কঠিন৷
: চেষ্টা কৰো যিমান দূৰ পাৰো ৷
:: আই ৰিয়েলি এপ্ৰিশ্বিয়েট ইওৰ এটেম্পট; থেংক ইউ ৷

নাছিল৷ বহু চেষ্টা কৰিও এজাম্পশ্বন, জ্যাজমেণ্টৰ পৰা কোনো আঁতৰি থাকিব পৰা নাছিল৷ সেউজীয়া সুন্দৰ ঘাঁহনিখনত ভূমিকম্প নহাকৈয়ে ফাঁট মেলিছিল৷ জিজ্ঞাসাৰ ধামখুমীয়াত মুখ থেকেচা খাই লাহে লাহে ইজনে সিজনৰ পৰা আঁতৰি আহিছিল৷ অকস্মাৎ হাত লাগি টেবুলত থকা গিলাচটোৰ পানীবোৰ পৰি গৈছিল৷ টেবুলখনৰ ওপৰত শুকাবলৈ দি থোৱা ৱাটাৰকালাৰ পেইণ্টিংখনৰ ৰঙবোৰ মচ খাই গৈছিল৷

… … …

আজি আৰু কলৈকো ওলাই নাযায় বুলি ভাবি থৈছে তাই৷ দুপৰীয়াৰ সাজ খাই উঠি আবেলিটো আধা পঢ়া কিতাপখনৰ লগতেই কটাব৷ কিতাপৰ সঙ্গই ভাল; নো এজাম্পশ্বনচ, নো জ্যাজমেণ্ট!

**************************

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments