আকাশৰ ৰামধেনু- "স্বচ্ছ ভাৰত অভিযান"!! (আবিদ আজাদ)

মহাত্মা গান্ধীক এদিনাখন শৌচাগাৰ চাফা কৰি থকা দেখি পত্নী কস্তুৰবাই অতি আচৰিত হৈ (নাক কোঁচাই) ক’লে- “চিঃ চিঃ! আপুনি এয়া কি কৰিছে! এয়া দেখোন ‘মেতৰ’ৰ কাম!”

গান্ধীজীয়ে উত্তৰ দিলে- “মই যদি মই নিজে কৰা লেতেৰাখিনিকে পৰিষ্কাৰ নকৰোঁ, দেশৰ লেতেৰা পৰিষ্কাৰ কৰিম কেনেকৈ?”

এয়া সৰু কথা; কিন্তু অৰ্থ গভীৰ। গান্ধীজীৰ ধ্যান-ধাৰণাক ঘৃণা কৰি তেওঁৰ হত্যাক সমৰ্থন কৰা আদৰ্শৰ সৰোবৰত লালিত পালিত হৈ জাতিষ্কাৰ হৈ ওলাই অহা পদুম ফুল পাহিয়ে পুনৰ গান্ধীজীৰ আদৰ্শকে সাৰোগত কৰি দেশ চাফাইৰ বাবে হাতত ঝাড়ু লোৱা অভিযানটো দেশৰ বাবে এক উল্লেখযোগ্য শুভ ঘটনা। এই কথা সমগ্ৰ দেশবাসীৰ লগতে সৰোবৰৰ অন্যান্য ফুল, পোক- পতংগ, মাছ-কেঁকোৰা, মেটেকা বা আন পদুম বোৰেও মন কৰা উচিত!

মোদীজীৰ এনে অভিনৱ অভিযানে দেশৰ চুকে-কোনে চুম্বকীয় লহৰ তুলিছে। কোনো দিনেও ঝাড়ু ধৰি নোপোৱা মানুহেও এদিনৰ বাবে হ’লেও হাতত ঝাড়ু লৈ বাট চাফা কৰিছে। ফটো তুলি সেই বিৰল মুহূৰ্ত যুগমীয়া কৰাৰ অন্তৰ্নিহিত বাসনাক খন্তেকৰ বাবে এৰাই চলিও সেই কথা ক’ব পাৰি। মোদীজীৰ এটাৰ পিছত এটা এনে ‘অভিনৱ’ কাৰুকাৰ্যৰ বাবে তেওঁক তেওঁৰ অনুগামী সকলে নিজা নিজা হৃদয়ৰ ‘টাব’ত তুলসীৰ দৰে স্থাপন কৰিব লৈছে। শব্দৰ ঝংকাৰ তুলিব জনা দেশৰ মূৰব্বীগৰাকীয়ে শব্দৰ অগতানুগতিক ব্যৱহাৰেৰে পুৰণি ‘ৰাজনৈতিক খণ্ড বাক্য’বোৰক নতুন ৰূপ দি নতুনত্ব আনিবলৈ প্ৰয়াস কৰিছে। সৰ্বসাধাৰণে ভালো পাইছে। অনুগামীসকলৰ উপৰিও তেওঁৰ সমালোচক, বিৰোধীসকলেও সেয়ে মোদীয়ে নিজৰ পৰৱৰ্তী ভাষণত কিনো নতুন ‘টেগ লাইন” আবিষ্কাৰ কৰে বুলি কান পাতি ৰৈ থাকে।

ঘুৰি আহোঁ “স্বচ্ছ ভাৰত অভিযান”লৈ। এই অভিযানৰ প্ৰধান আসোঁৱাহ হৈছে ই মানুহক গান্ধীজীৰ ওপৰত উল্লেখিত মৰ্মাৰ্থই অকণো আলোড়িত কৰিব পৰা নাই। অভিযানৰ ‘ল’গো’ হিচাপে- দেশবাসীক নজৰ দি থকা গান্ধীৰ চছমাযোৰক লোৱা হৈছে যদিও গান্ধীৰ দেশৰ মানুহে গান্ধীক সদায় ঠগি অহাৰ দৰে এইবাৰো ঠগিব যেনেই লাগিছে। অপেক্ষা মাথো কেইটিমান দিনৰ। গান্ধীক (আদৰ্শক) ঠগা মানে যে আচলতে নিজকে (দেশক) ঠগা সেয়া বাখ্যা কৰাৰ নিশ্চয় প্ৰয়োজন নাই।

“স্বচ্ছ অভিযান” এক সুন্দৰ প্ৰচেষ্টা বুলি জানিও ইও সফল হোৱাৰ আশা ক্ষীণ*। (*চৰ্ত প্ৰযোজ্য)। এই ধাৰণা কেৱল মোৰেই হ’লে ভালেই লাগিলহেঁতেন। কিন্তু প্ৰধান মন্ত্ৰীক হৃদয়ত স্থাপন কৰা অনুগামী সকলোৰো তেনে এটা ধাৰণা একেখন হৃদয়তে বিৰাজমান। (এইবোৰ কথাৰ প্ৰমাণ দিব নোৱাৰোঁ। সেয়ে যিয়ে প্ৰমাণ বিচাৰিব খোজে- তেওঁলোকে মোৰ ধাৰণা অশুদ্ধ বুলিয়েই ধৰি লয় যেন।)

আশা ক্ষীণ বোলাৰ কাৰণ কি তেন্তে?_____ নিশ্চয় ইয়াৰ বাবে আমাৰ সামাজিক গাঁথনিয়েই জগৰীয়া। আমাৰ দেশত চাফা কৰা কামটো হাজাৰ বছৰৰ পৰা ‘বেলেগ’ৰ কাম হিচাপে– প্ৰথমে সৃষ্টি কৰা হৈছে তাৰপিছত– বিনা বাক্যে ধাৰণ কৰি অহা হৈছে। অতীজৰে পৰা ৰজাৰ তেল মৰা মানুহ (পঢ়ক- জাতি বুলি) বেলেগ, ৰজাৰ হৈ যুদ্ধ কৰা মানুহ (জাতি) বেলেগ, ৰজাৰ হৈ ব্যৱসায় কৰা, খেতি কৰা মানুহ (জাতি) বেলেগ আৰু ৰাজাৰ ‘গু’ পেলোৱা মানুহ (জাতি) বেলেগ। এই মতাদৰ্শত বিশ্বাসী লোক এতিয়াও আছে- সেয়া বেলেগ প্ৰসংগ।

ৰজাৰ দিন গ’ল, কাগজে-পাতিয়ে সামন্তবাদো গ’ল– আৰু ক’ৰবাৰ পৰা ধুপুচকৈ আহি গ’ল গণতন্ত্ৰ। সময় বাগৰিল। নতুন গণতান্ত্ৰিক দেশত নতুন ‘ৰজা’ৰ হৈ তেল মৰা, যুদ্ধ কৰা, ব্যৱসায় কৰা, খেতি কৰা মানুহ বোৰে বিভিন্ন উত্থান-পতনৰ অন্তত নিজৰ পুৰণি কাম-কাজ বোৰ পৰস্পৰ ভগাই ল’লে হয়; কিন্তু সেই হাজাৰ বছৰৰ পৰা ‘গু’ পেলোৱা কাম কৰি অহা মানুহবোৰ যে আছিল, তেওঁলোকৰ কাম হ’লে কোনেও ভগাই নল’লে। …. এয়া সত্য যে ‘গু’ পেলোৱা কাম কোনেও ভগাই ল’ব নিবিচাৰে। কিন্তু সেই মানুহখিনিক সেই কামৰ পৰা মুক্তি দিয়াবলৈও কোনো বাস্তৱ প্ৰয়াস কৰা নহ’ল। ওপৰত যদিও ‘গু’ পেলোৱা বুলি কোৱা হৈছে– ইয়াৰ দ্বাৰা আচলতে চাফাই কামকে বুজাব বিচৰা হৈছে। গতিকে চাফাই কৰা কামটো সদায় “বেলেগ”ৰে হৈ থাকিল।

এইবোৰ কথা ক’লে কোনোবাই অমুক বাদী- তমুক বাদী বুলি আঙুলি নোটোঁৱালেই ভাল। এইবোৰ সঁচা আৰু বাস্তৱ কাহিনী– ভাৰতবৰ্ষৰ ইতিহাসৰ। “বেলেগ”ৰ কথালৈ নাযাওঁৱেই- ঘৰ খনতেই চাওক- চাফা কৰা মানুহ গৰাকী সদায় ঘৰৰ মহিলা গৰাকী। অৰ্থাৎ মাতৃ, পত্নী, পুত্ৰী, ভগ্নী ইত্যাদি। দৈনিক ঘৰ চাফা কৰা কাম যেন পুৰুষৰ নহয়- এয়াই আমাৰ প্ৰাচীন সামাজিক ধ্যান-ধাৰণা। (এই দোষৰ দোষী মই নিজেও; কিন্তু সমস্যাৰ গুৰি ক’ত বুজিবলৈয়ে উল্লেখ কৰিছোঁ)। ঘৰত ঝাড়ু এদিনো দি নোপোৱা সেই পুৰুষেই গৈ যেতিয়া হাতত ঝাড়ু লৈ ৰাস্তা চাফা কৰে- সেয়া দেশ চাফা কৰাৰ নামত ভেকো-ভাওনা নহয় আৰু কি! গান্ধীৰ চছমা, দেশ আৰু প্ৰধান মন্ত্ৰী মোদীজীৰ “স্বচ্ছ অভিযান”ক কৰা এয়া এক নিলাজ প্ৰহসন। এক মস্ত ড্ৰামা। পুৰুষক আঙুলিয়াই কথাখিনি কোৱা হৈছে যদিও এক শ্ৰেণী নাৰীও ইয়াৰ পৰা মুক্ত নহয়। ঝাড়ু দিয়াতো বাদেই, ফণীত লাগি থকা নিজৰ চিগা চুলিখিনিও চাফা কৰি নোপোৱা মহিলাও গৈ ৰাস্তাত জঁপিয়াই পৰিছে। হাতত ঝাড়ু লৈ ‘ছেলফি’ তুলিছে!

ৰাস্তা, ঘৰ, চৰকাৰী কাৰ্যালয়… সকলোতে এইকেইদিন এই ভেকোভাওনা চলি আছে। ভাৰতবৰ্ষৰ মানুহে যেতিয়ালৈকে মহাত্মা গান্ধীৰ — “মই যদি মই নিজে কৰা লেতেৰা খিনিয়ে পৰিষ্কাৰ নকৰোঁ, দেশৰ লেতেৰা পৰিষ্কাৰ কৰিম কেনেকৈ?”– এই অত্যন্ত সৰল আৰু গভীৰ অৰ্থবহ কথাষাৰ হৃদয়ংগম কৰিবলৈ নিশিকে, এনে সুন্দৰ অভিযানতো সোনকালেই বন গজিব। যিদৰে পূৰ্বৰ চৰকাৰৰ অনেক ভাল অভিযানবোৰ আজি নাপাত্তা। মানুহৰ শুদ্ধি যিদৰে হৃদয় বা আত্মাৰ পৰা হয়; তেনেদৰে দেশৰো শুদ্ধি ঘৰখনৰ পৰাই হোৱা সম্ভৱ। অন্যথা প্ৰধান-মন্ত্ৰীয়ে হাজাৰ প্ৰয়াস কৰিলেও এনে প্ৰচেষ্টা পৃথিৱী পৃষ্ঠৰ ওপৰত ৰামধেনুৰ দৰে মাজে মাজে জিলিকি উঠিব আৰু মাজে মাজে বেছিভাগ সময় নাইকিয়া হৈ থাকিব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments