আকাশ আৰু বুকুৱেদি বৈ থকা নদীখন (নিবেদিতা হাজৰিকা)

বুকুৱেদি বৈ থকা নদীখনত
এখনি সোণ হালধীয়া পানচৈ
মৌনতাৰ আঁচলত শব্দৰ সুগন্ধি সিঁচি
উৰি আছে এজাক চঞ্চল পছোৱা !
তমসাত ডুবি থকা ৰাতিটোৰ বুকু জীপাল কৰি
ক’ৰ পৰা জানো নামি আহে ৰিমঝিম স্বৰলিপি
বৰষুণৰ গান!
এবাৰ যদি মূৰ তুলি চাব বিচাৰোঁ
পৰম প্ৰত্যাশিত সেই আকাশ!
আকাশে অকাতৰে আলিংগন কৰিব খোজে ধুমুহাক!
আকাশেতো নাজানে
এতিয়া কেনেকৈ বাটে-ঘাটে নিলাম হয়
মসৃণ ছাল, গোলাপী ওঁঠ ;
আকাশে মাথোঁ জানে
ভালপোৱাৰ ৰঙ ৰঙা
জানে মাথোঁ হৃদয়ৰ ঠিকনা ।
সেয়ে নদীৰ বুকুলৈ
হেঁপাহেৰে নামি আহে আকাশ
আবেলিৰ হেঙুলীয়া গান এটি হৈ ,
শীতৰ একাজঁলি কোমল ৰ’দালিৰ উম্ হৈ
ঋতুৰ এজাক চিপ্ চিপ্ বৰষুণৰ সজীৱতা লৈ !
আকাশে আকুল কৰে বাৰে বাৰে
আকৌ এবাৰ নিজক বিচাৰি চাবলৈ নিজৰ মাজতে!
এনেকৈয়ে পাৰ হৈ যাওক জীৱনৰ হাজাৰটা বসন্ত!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments