আকৌ এবাৰ — নূপুৰ হাজৰিকা

আভুৱা ভৰা কথাবোৰ শুনি থাকিলে
হেঁপাহ নপলায় অ’ তৰামাই
তাকে শুনিবলৈকে ঢপলিয়াই আহোঁ
ট্ৰাকে ট্ৰাকে আহোঁ
দৌৰি দৌৰি আহোঁ
দহো-বন কাটি কৰি
খচ্চৰৰ পিঠিত উঠোঁ
টোপোলা বান্ধি লওঁ
কৰ্কৰা -চিৰা-মুড়ি।
বিৰ দি বাট নোপোৱা ৰাইজ
প্ৰভু ঈশ্বৰৰ জয়ধ্বনি৷
হাত চপৰিয়াই চপৰিয়াই
ভাগৰ নালাগে অ’ মনেশ্বৰ,
এই বছৰেই শেষ হেনো
আৰুবেলি নালাগে
এইখনেই লঘোণৰ শেষ ৰণ৷
আভুৱা ভৰা কথাবোৰ শুনিবলৈকে
কিমান যে বাটকুৰি বাই আহিলোঁ!
গাঁঠিৰ ধন ভাঙি চাৰ্কাচৰ চকৰীত উঠিলোঁ,
মূৰ ঘূৰাই যায় অ’
মূৰ ঘূৰাই যায়।
সেই মাত্ৰ তিনিটা বস্তু
যুগে যুগে দাবী তিনিটাই
এডোখৰ ভূমি
এখন চালি
দিনে তিনিসাজ —-বচ্!
হেতা-ওপৰাকৈ ধৰোঁ
উৰি অহা ৰঙীণ ইস্তাহাৰ
ছেঃ পঢ়িব নাজানো ভাই-
কথাকে শুনো মাইকত
বাঃ কি মোহনীয়
প্ৰজাৰ মুখলৈকে বিয়পা ৰজাৰ হাঁহি!
পাই যাব পাই যাব
হৈ যাব হৈ যাব
গান
শ্ল’গান
জাপ জাপ জাপ
নাচ নাচ নাচ
ৰাইজ,
আকৌ এবাৰ আকৌ এবাৰ৷
নাচ অ’ তৰামাই
পেটত টোপোলাৰ কৰ্কৰা
এঢোক চেঁচাপানীৰ বল-
দেখা নাই ৰজাই, নাচ।
হেৰ’ মন দি শুন মনেশ্বৰ,
আমাৰ কৌটি কৌটি দেৱতাই
কৌটি কৌটি টকা পাব,
ঈশ্বৰ ভালে থাকিলেহে আমি-
প্ৰভু, তোমাৰ কৃপা আৰু
আশীৰ্বাদ কৰা!
সভা শেষ
ভোকৰ শেষ ৰণ এইখন
শোকৰ শেষ সমদল৷
হাঁহিটো পিন্ধি ল এবাৰ
হাত তালি দে
জাপ জাপ জাপ
জাউৰিয়ে জাউৰিয়ে হাততালি-
“ৰাইজ,
এইবাৰ তেন্তে কি?
চিঞৰি কওক,
অকল চাউল নহয় দালি
নিমখ নহয় চেনি
দমকলৰ আৰ্চেনিক নহয়
বাবাজীৰ গো মূত্ৰ৷”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments